'কিতাপ' ফেৰিৱালাৰ মাল নহয়...

'কিতাপ' ফেৰিৱালাৰ মাল নহয়...

FOMO ৱে আমাক যেন গ্ৰাস কৰি পেলাইছে। সম্ভৱতঃ সামাজিক মাধ্যমত ২০০৪ চনত ইয়াৰ ব্যৱহাৰ হৈছিল। যাৰ সম্পূৰ্ণ অৰ্থ  Fear of Missing Out চমুকৈ ফ'ম'।

কোনোবাই কিবা এটা কৰিছে, সামাজিক মাধ্যমত সেয়া চৰ্চা চলিছে । আন কোনোবাই সেইটোকে অনুকৰণ কৰিবলৈ গৈছে। নহ'লে যেন কিবা এটা হেৰুৱাৰ ভয়ে তেওঁক ছানি ধৰিছে।

ইয়াক এটা ফেনমেনন বুলি ধৰিলে তাৰ বাখ্যা হব- A phenomenon observed on social networking sites. FoMO includes two processes; firstly, perception of missing out, followed up with a compulsive behavior to maintain these social connections.

ইয়াৰ ভাল-বেয়া দুয়োটাৰে প্ৰভাৱ আছে। গ্ৰন্থমেলাৰ বতৰ এয়া। এখন গ্ৰন্থ হাতত লৈ মানুহে যদি সেই গ্ৰন্থখন ক্ৰয় আৰু তাৰ ফটো সামাজিক মাধ্যমত আপলোড কৰে তেন্তে সেই গ্ৰন্থখনৰ বিক্ৰী প্ৰচাৰ দুয়োটায়ে বাঢ়ে।

একেদৰে এখন বেয়া গ্ৰন্থক যদি ভাল বুলি প্ৰচাৰৰ বলত বা সামাজিক মাধ্যমৰ জোৰত পাঠকৰ মাজলৈ লৈ যোৱা হয় তেন্তে সেই কাৰ্যই এজন পাঠকক হতাশ কৰিব। সামাজিক মাধ্যমৰ প্ৰভাৱ গ্ৰন্থমেলাতো ভালদৰে পৰিছে। সেয়েহে কোনো এজন পাঠকে গ্ৰন্থমেলালৈ অহা পূৰ্বে প্ৰায়েই এক প্ৰশ্ন কৰে এইবাৰ কোনখন কিতাপ চলিছে।

কিতাপৰ বিষয় বস্তু ভিন্ন। সেইদৰে পাঠকৰ পচন্দো ভিন্ন হয়। সেই ভিন্নতাৰ বাবেই প্ৰিয় লেখক, সাহিত্যিক, কবি এজন পাঠকৰ লগত আনজনৰ নিমিলিব পাৰে। একেই দৃষ্টিকোনেৰে এখন কিতাপ সকলোৰে বাবে ভাল বা প্ৰিয় নহ'বও পাৰে।

এতিয়া পপুলাৰ কালছাৰে কিতাপৰ বজাৰখন নিয়ন্ত্ৰণ কৰিছে। নিজৰ কিতাপখন কি কৌশলেৰে পপুলাৰ কৰিব পাৰিছে তাৰ ওপৰতে বিক্ৰী নিৰ্ভৰ কৰে। কিন্তু এনে এখন কিতাপে ভাল কিতাপৰ সংজ্ঞাৰ ভিতৰত নপৰিবও পাৰে।

কিতাপ এখন নিৰ্বাচন কৰোতে ভাল পাঠক এজন সদায় সচেতন হয়। আনহাতে কিতাপ এখন ক্ৰয় কৰোতে এতিয়া কোনখন কিতাপ বিক্ৰী হৈছে সেই খবৰেও পাঠকক কিতাপ এখন ক্ৰয় কৰিবলৈ আগ্ৰহী কৰি তোলে।

গ্ৰন্থমেলাৰ আয়োজকসকলে গ্ৰন্থ কিমান বিক্ৰী হৈছে তাৰ এক হিচাপ সংবাদ মাধ্যমক যোগান ধৰে। সেই হিচাপ বিশ্বাস কৰিলে অসমীয়া গ্ৰন্থৰ ভৱিষ্যতৰ প্ৰতি সন্ধিহান হ'ব লগা বিশেষ কাৰণ নাথাকে। বৰঞ্চ উৎসাহিত হ'ব পাৰি যে ইমান বৃহৎ পৰিমাণৰ কিতাপ বিক্ৰী হোৱাতো কম গৌৰৱৰ কথানে অসমীয়া ভাষাৰ বাবে।

গ্ৰন্থমেলাৰ বাকৰিত সৰু-ডাঙৰ বহু প্ৰকাশকে বিপনী দিয়ে। তাৰেই কেইটামান বিপনী বা প্ৰকাশকৰ সন্তুষ্টিৰ বিপৰীতে বেছি সংখ্যকৰে হুমুনিয়াহ আকৌ মন কৰিবলগীয়া। দৈনিক লাখ, কেতিয়াবা কোটিত কিতাপ বিক্ৰী হোৱাৰ পাছতো তেওঁলোকৰ অভিযোগ বিপনীৰ বাবদ দিয়া টকা কেইটাও ঘূৰি নাহিব এইবাৰ।

দুটা বিপৰীতধৰ্মী খবৰে কিমান টকাৰ কিতাপ আচলতে বিক্ৰী হয় তাৰ এক সঠিক ধাৰণা লোৱাতেই খেলি-মেলিৰ সৃষ্টি হয়। এখন জনপ্ৰিয় কিতাপৰ খুব বেছি কিমান কপি কিতাপ একোখন গ্ৰন্থমেলাত বিক্ৰী হয়? সেই হিচাপো পোৱাতো কঠিন।

মানুহৰ ভিৰ যথেষ্ঠ হয় গ্ৰন্থমেলাত। সকলো মানুহেই কিতাপ কিনিবলৈকে হয়তো গ্ৰন্থমেলালৈ নাহে। সেই সংখ্যা শতকৰা হাৰত বৰ তাকৰ নহ'ব। এনে মানুহো আছে ভাবিব নোৱাৰাৰ ধৰণে কিতাপৰ ভাৰ লৈ গ্ৰন্থমেলা এৰে।

বহু লিখকৰ গ্ৰন্থমেলাৰ বতৰতে জীৱনৰ প্ৰথমখন কিতাপ প্ৰকাশ পায়। এই পৰিৱেশৰ মাজত নিজৰ কিতাপখন আনৰ হাতত দেখা পাই কি মানসিক তৃপ্তি পোৱা যায় সেয়া ভাষাৰেই বৰ্ণনা কৰিব নোৱাৰি।

এইবোৰ ভাললগা সময় আৰু অভিজ্ঞতা। এনে লিখকো আছে প্ৰয়োজন নোহোৱাৰ স্বত্বেও তেওঁৰ কিতাপখন কিনিবলৈ বাঘে ধৰা দি ধৰে। ভদ্ৰতাৰ খাতিৰত কিতাপখন ক্ৰয় কৰিলেও তেনে লিখকৰ প্ৰতি সৃষ্টি হোৱা ধাৰণাই এই শ্ৰেণীৰ লিখকৰ প্ৰতি পাঠকৰ মনত চৰম বিতৃষ্ণাৰ সৃষ্টি কৰে।

কিতাপ এখনৰ খবৰ, বিষয়বস্তু আৰু ইয়াৰ সৱিশেষ সামাজিক মাধ্যমক প্ৰচাৰ হোৱাতো ইতিবাছক কথা। তাৰ বাবে মাৰ্জিত ভাষাত, ৰুচিশীলভাৱে লেখা-মেলা হব লাগে। কিন্তু সামাজিক মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা লবীবাদে বহু সময়ত সেই পৰিৱেশ বিনষ্ট কৰে।

কোনো এখন কিতাপৰ সঠিক সমালোচনা নোহোৱাকৈয়ে থাকি যায়। আনহাতে বহু কিতাপৰ অযথা চৰ্চাই কিতাপখনক পাঠকমুখী কৰে। অসমীয়া কিতাপৰ সমালোচনাৰ ক্ষেত্ৰখন বৰ মজবুত নহয়। ভাল-বেয়া সকলোখিনি মুক্তভাৱে উদঙাই সামাজিক মাধ্যমত কিতাপৰ বিষয়ে আলোচনা কৰিলে ভালতকৈ বেয়া ফল পোৱাৰ সম্ভাৱণাও নথকা নহয়।

সামাজিক মাধ্যমত এনে আলোচনা কৰি লিখকৰ অনুগামীৰ হাতত লাঞ্চনা হোৱা সমালোচকো আছে। এই অভিজ্ঞতাৰ পাছত তেওঁ কাণত ধৰিছিল কিতাপৰ আলোচনা সামাজিক মাধ্যমত কোনো দিনে নকৰে।

কিতাপ পঢ়ক, কিতাপৰ প্ৰচাৰ চলাক, কিতাপ লৈ লেখকৰ সৈতে ফটো উঠক। এইবোৰ কিতাপৰ বাবে ভাল কথা। এনে আগ্ৰহ জাতিটোৰ বাবে শুভ লক্ষণ। কিন্তু ফ'ম'ত আক্ৰান্ত হৈ এই বোৰ কৰা জনতকৈ এজন ভাল পাঠক, সঁচা অৰ্থত এখন ভাল কিতাপহে সদায় আমাক প্ৰয়োজন।

'কিতাপ' ফেৰিৱালাৰ মাল নহয়...
নিৰ্দেশনাৰ ভিৰত হেৰাই নিৰ্দেশনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in