আপোনাৰ ৰাম ৰাজ্যত 'মৃত্যু' ইমান সুলভ...

শাসনত থকা বিজেপিৰে এগৰাকী জিলা পৰ্যায়ৰ নেত্ৰী জোনালী নাথৰ ৰহস্যজনক মৃত্যুয়ে ৰাজ্যবাসীৰ মনতেই নানা প্ৰশ্নৰ অৱতৰণ কৰিছে। নেতা, মন্ত্ৰী সকল নিৰাপদে আছে।

author-image
Asomiya Pratidin
New Update
আপোনাৰ ৰাম ৰাজ্যত 'মৃত্যু' ইমান সুলভ...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

সুলভ হৈছে ৰাজ্যত মৃত্যু।শাসনত থকা বিজেপিৰে এগৰাকী জিলা পৰ্যায়ৰ নেত্ৰী জোনালী নাথৰ ৰহস্যজনক মৃত্যুয়ে ৰাজ্যবাসীৰ মনতেই নানা প্ৰশ্নৰ অৱতৰণ কৰিছে। নেতা, মন্ত্ৰী সকল নিৰাপদে আছে। নিৰাপদে নাই কেৱল সাধাৰণলোক।

এইখন ৰাজ্যত গাঁতত পৰি মানুহ মৰে,পানীৰ পাইপ ফুটি প্ৰাণ হেৰুৱাই, ৰহস্যজনকভাৱে মৃত্যু হয় মহিলা আৰক্ষী বিষয়াৰ। এইবোৰ কেইটামান দিনৰ ঘটনা। তাৰপাছত শান্তি অসমৰ বাতাবৰণে বিৰাজ কৰিছে বুলি কোনোবাই ক'লে কাণ জোকাৰি মানি ল'ব পাৰিনে?

বিৰোধীয়ে ৰাজনৈতিক কাৰণত চৰকাৰক বিৰোধ কৰে। আমাৰ দৰে সাধাৰণলোক চৰকাৰক বিৰোধ কৰিব লগাও একো নাই। চৰকাৰৰ ভালটোক ভাল বুলি যেনেকৈ ক'ব পাৰি, বেয়াটোক বেয়া বুলি কোৱাতো ভয় নাই।

চূড়ান্ত অৰাজকতাই বিৰাজ কৰিছে অসমত। কোনো, কাৰো সৈতে যোগসূত্ৰ নথকা কেৱল এজন মানুহৰ ওপৰত নিৰ্ভৰশীল প্ৰশাসনৰ সোপাঢিলা আচৰণৰ ফল এয়া। এতিয়া কেৱল সেয়েহে এইবোৰ ঘটনাৰ সংঘটিত হোৱাৰ পাছত তেওঁলৈকেয়ে আঙুলি উঠিব- আপুনি আচলতে কৰি আছে কি?

গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা আছিল জোনালী নাথ নামৰ জনপ্ৰিয় নেত্ৰী গৰাকী। দেওবাৰ অৰ্থাৎ ১১জুন ২০২৩ ত আগবেলা তেওঁ ওলাই গৈছিল বিজেপিৰ এখন সভাত। দুপৰীয়া আঢ়ৈ মান বজাত ঘৰলৈ ঘূৰি আহিছিল এইগৰাকী নেত্ৰী।

মাটিয়া গাঁও পঞ্চায়তৰো সদস্য জোনালী নাথ। দেওবাৰৰ আৱেলি ৪.৩০ মান বজাত পুনৰ ঘৰৰ পৰা ওলাই গৈছিল তেওঁ। দুই কন্যা সন্তান আৰু স্বামীক কৈ থৈ গৈছিল কিবা জৰুৰী কামত বাহিৰলৈ যাব লগা হোৱা বুলি।

পাৰ্টি আৰু সমাজসেৱাৰ নামত এনেদৰে দৌৰি ফুৰাটোৱেই জোনালী নাথৰ অভ্যাস। আত্মসহায়ক গোটৰ সৈতেও তেওঁ জড়়িত। পৰিয়ালৰ সূত্ৰই কোৱা মতে আৱেলি ওলাই যোৱাৰ পূৰ্বে জোনালী নাথলৈ এটা ফোন আহিছিল।

ঘৰলৈ আহিব বুলি পৰিয়ালৰ সদস্য সকল ৰৈ আছিল। সন্ধিয়া ৭ বাজি গৈছিল তেতিয়া। জোনালী নাথৰ স্বামীয়ে তেওঁলৈ ফোন কৰিছিল। আনকালে ফোন ধৰিব নোৱাৰিলেও আজৰি হৈ কল বেক কৰা জোনালী নাথে সেয়াও নকৰিলে।

পৰিয়ালৰ আন সদস্যৰ জৰিয়তেও ফোন কৰা হ'ল। জোনালী নাথৰ সৈতে কোনো সংযোগ স্থাপনৰ সম্ভৱ নহ'ল। ঘৰলৈ বিজেপিৰ এই নেত্ৰী গৰাকী ঘূৰি অহাৰ বিপৰীতে এটা দুখবৰহে আহিল।

কৃষ্ণাই থানাৰ অন্তৰ্গত শালপাৰাত এটা মৃতদেহ উদ্ধাৰ হৈছে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এগৰাকী মহিলাৰ মৃতদেহ কোনোবাই পেলাই থৈ গৈছে। আৰক্ষীৰ অনুসন্ধানত সেই মৃতদেহ জোনালী নাথৰ বুলি প্ৰাথমিকভাৱে গ'ম পোৱা গ'ল। তাৰপাছত পৰিয়ালৰলোকে নিশ্চিত কৰিলে সেই মৃতদেহ জোনালীৰে।

কোনে হত্যা কৰিব পাৰে জোনালীক? কিহৰ বাবে জোনালীক হত্যা কৰা হল' সেই প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে কাৰো হাতত নাই। অনুসন্ধান চলাই গৈছে আৰক্ষীয়ে। কোনো কোনোৱে দাবী কৰিছে জোনালীক হত্যা কৰাৰ পূৰ্বে বলাৎকাৰ কৰা হৈছিল।

সেই সম্ভাৱণাবোৰ সন্দেহ হৈ মানুহৰ মনত বিয়পিছে। পৰিয়ালৰলোকৰ দাবী এয়া ৰাজনৈতিক ষড়যন্ত্ৰও হ'ব পাৰে। সংবাদ মাধ্য়মৰ সৈতে হোৱা কথা বতৰাত দুখৰ মাজতেই জোনালী নাথৰ স্বামীয়ে ক'ব নোৱাৰাকৈয় তেনে ইংগিত দি গৈছে।

এই হত্যাকাণ্ডৰ ৰহস্য এতিয়া আঁৰ কাপোৰত। কোনো কোনোৰ মতে আৱেলি ঘৰৰ পৰা ওলাই জোনালী গৈছিল কৃষ্ণাই ইছলামপুৰৰ এখন গাৰো বজাৰলৈ। সেই বজাৰখনত থকা এখন হোটেলত জোনালীয়ে কাৰোবাৰ সৈতে চাহো খাইছিল। কিন্তু কোন আছিল সেয়া আৰক্ষীৰ তদন্ততহে গ'ম পাব।

জোনালীয়ে যিখন হোটেলত চাহ খাইছে বুলি কোৱা হৈছে সেই হোটেলৰ মালিক মকবুল হুচেইনক আৰক্ষীয়ে আটক কৰি জেৰা কৰিছে। আনুষ্ঠানিকভাৱে কোনো তথ্যই আৰক্ষী বা প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰা হোৱা নাই।

জোনালী নাথৰ হত্যাৰ ৰহস্য মেৰপাক খোল খাব। আৰক্ষীয়ে বিজেপিৰ এগৰাকী নেত্ৰীক হত্যা কৰা অপৰাধীক নিশ্চয় ধৰিব। যি স্থানত জোনালীৰ মৃতদেহ উদ্ধাৰ হৈছিল সেই স্থানত পূৰ্বতেও বহু অপৰাধ সংঘটিত হোৱাৰ নজিৰ আছে।

কিছুদিনৰ পূৰ্বে সেই অঞ্চলতেই হত্যাৰ বলি হৈছিল ৰাজভি আহমেদ নামৰ বনকৰ্মী গৰাকী। অপৰাধীয়ে সেই স্থান পূৰ্বৰ পৰা হয়তো নিৰ্বাচন কৰি থৈছিল। আৰক্ষীয়ে উলিয়াব লাগে জোনালী নাথৰ মোবাইলত কাৰ কাৰ সৈতে যোগাযোগ হৈছিল। কোনে, কিয় জোনালী নাথক লগ কৰিছিল।

বিজেপিৰ জিলা সভাপতিৰ দৌৰতো আছিল জোনালী নাথ। গোৱালপাৰ জিলা বিজেপিত জোনালী নাথৰ প্ৰভাৱ আছিল। সেই জনপ্ৰিয়তা কেনেবাকে কাল হ'ল নেকি? এইবোৰ দৃষ্টিভংগীও তদন্তই সামৰি ল'ব লাগিব।

জোনালী নাথৰ মৃত্যুৰ পাছত প্ৰশ্ন উঠিছে চৰকাৰলৈ। প্ৰশ্ন উঠিছে গৃহ বিভাগ নিজৰ হাতত ৰাখি থোৱা মুখ্যমন্ত্ৰীলৈ। এয়া বিফলতা নহয় এখন চৰকাৰৰ বাবে সফলতা কেনেকৈ হ'ব বুলি সাধাৰণ মানুহে প্ৰশ্ন কৰিছে।

পৰিয়ালে এই ঘটনাৰ চিবিআইৰ তদন্তৰ দাবী জনাইছে। সামাজিক মাধ্যমত জোনালী নাথৰ মৃত্যুৱে কঁপনিৰ সৃষ্টি কৰিছে। এইবোৰ ঘটনাৰ সৈতে বিভিন্ন দিশ উন্মেষ হোৱাৰ সম্ভাৱণা থাকে। বিজেপিৰ এগৰাকী নেত্ৰীৰ মৃত্যু কেৱল দলটোৰ বাবে নহয়, সাধাৰণলোকৰ বাবেও অস্বস্তিকৰ আৰু বেদনাদায়ক।

ক্ষমতাত থকা এটা দলৰ এগৰাকী নেত্ৰীক কোনোবাই হত্যা কৰি ৰাস্তাত পেলাই থৈ যোৱা দিনবোৰক কেনেদৰে মানি ল'ব পাৰো ভাল দিন বুলি? মুঠৰ ওপৰত যি হৈছে, যি ঘটি গৈছে সেইবোৰ ৰাইজৰ বাবেও, ৰজাৰ বাবেও সুখকৰ হৈ থকা নাই।

আনবোৰ দিশো পৰ্যালোচনা কৰি ক্ষমতাৰ একত্ৰিকৰণৰ কৌশলগত সিদ্ধান্ত সমূহৰ বিপৰীতে প্ৰশাসনিক বিকেন্দ্ৰীকৰণেৰে সিদ্ধান্ত ল'ব নিদিয়াৰ ফল নেকি এইবোৰ? এই প্ৰশ্নও এতিয়া পুনৰ মানুহৰ মনত জাগ্ৰত হৈছে। এজন মানুহৰ নেতৃত্বত এখন চৰকাৰ চলে কিন্তু এজন মানুহেই সকলোখিনি কৰিম বুলি ভাবিলেই এনেদৰে কৰবাত নহয়, কৰবাত খেলি-মেলিবোৰ লাগি যায়।

যিবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ, এক সুশাসনৰ পৰিৱেশ ৰচনা কৰিবলৈ মই সলনি আমি ৰ অনুভৱ কৰিব পাৰিব লাগিব সকলোৱে। নহ'লে কেৱল এজন ব্যক্তি কেন্দ্ৰিক হৈ পৰা চৰকাৰ নামৰ প্ৰশাসনিক যন্ত্ৰটোৱে কোনো সমস্যাই সঠিক সমাধান কৰিব নোৱাৰিব। জোনালী নাথৰ মৃত্যুৰ সঠিক তদন্ত হ'ব লাগে। এই হত্যা চৰকাৰৰ বাবে এক চৰম আঘাত আৰু বিফলতাৰ চূড়ান্ত প্ৰদৰ্শন।

Also Read: আছে নেকি গাঁত, দিয়ক এবাৰ মাত...

Assam police crime bjp