হঠাৎ এনে কি পৰিস্থিতিৰ সৃষ্টি হ'ল যে অশান্ত মণিপুৰ জ্বলি উঠিছিল। সেই জুই এতিয়াও নিৰ্বাপিত হোৱা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী, সেনা প্ৰধান, চোৰাং চোৱা মুৰব্বী সকলোৱে বাহৰপাতি পৰিস্থিতি চম্ভালিব লগা হৈছে চুবুৰীয়া ৰাজ্যখনত। মূলত এই সংঘাত জনগোষ্ঠীয়মূলক।
মণিপুৰৰ অশান্ত পৰিস্থিতিৰ আঁৰত কেৱল এটা কাৰক নাই। ৰাজনৈতিক, ধৰ্মীয়, সামাজিক আদিৰ উপৰিও অনুপ্ৰৱেশো ইয়াৰ এক অন্যতম কাৰণ। ২০২৩ ৰ ১১ এপ্ৰিলত মণিপুৰৰ চৰকাৰে চৰকাৰী বনভূমিত অভিযান চলাইছিল। সেই বনভূমি দখল কৰি থকা কেইবাখনো গাঁৱক উচ্ছেদ কৰাৰ লগতে অবৈধভাৱে নিৰ্মাণ কৰি থকা তিনিটা গীৰ্জা উচ্ছেদ কৰিছিল।
মণিপুৰত মেইটে সম্প্ৰদায়ৰ লোকৰ সংখ্যা বেছি। ইম্ফল উপত্যকাৰ অঞ্চলত মূলত বাস কৰে এই সম্প্ৰদায়ৰ লোকসকলে। ৰাজ্যখনত ৫৭.২ শতাংশলোক এই সম্প্ৰদায়ৰ। কিন্তু ভৌগলিকভাৱে ৰাজ্যখনৰ মুঠ মাটিকালি ২২৩২৭ বৰ্গকিলোমিটাৰৰ মাত্ৰ ১০ শতাংশ ইম্ফল উপত্যাকাত এই লোকসকল বাস কৰে।
ইয়াৰ বিপৰীতে ৰাজ্য়খনৰ নাগা আৰু কুকী জনগোষ্ঠীয়লোকে পাহাৰীয়া বিস্তৃত অঞ্চলত ভূমি অধিকাৰ সাৱ্যস্ত কৰি আহিছে। নাগা আৰু কুকিৰ জনসংখ্যা মণিপুৰত প্ৰায় ৪০ শতাংশ।
১৯০১ চনৰ লোকপিয়ল অনুসৰি মণিপুৰত ৬০ শতাংশ লোকেই আছিল হিন্দু। সেই সময়ত মাত্ৰ ৮ শতাংশলোকহে খ্ৰীষ্টান আছিল। ব্ৰিটিছ সকলৰ পৃষ্ঠপোষকতাত মিছনাৰী সকলে শিক্ষা আৰু স্বাস্থ্যত সুবিধা দিয়াৰ নামত কুকি আৰু নাগা জনগোষ্ঠীৰ লোকসকলক ধৰ্মান্তৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।
পৰ্যায়ক্ৰমে মণিপুৰত খ্ৰীষ্টানলোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। ১৯৯১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনত ৩৪.২২ শতাংশ খ্ৰীষ্টান। ২০২১ চনলৈ সেই হাৰ ৪৫ শতাংশলৈ বৃদ্ধি পাইছে। মণিপুৰত মেইটে সকল গৰিষ্ঠ জনসংখ্য থকা জনগোষ্ঠী যদিও তেওঁলোকক জনগোষ্ঠীৰ মৰ্যদা নিদিয়াত অন্যান্য পিছপৰা জাতি হিচাপে বহু সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে বুলি এক আন্দোলন চলিছিল।
সেয়েহে মেইটে সকলে জনজাতিৰ মৰ্যদা বিচাৰি আন্দোলনৰ লগতে আইনী যুঁজতো নামিছিল। মণিপুৰ উচ্চ ন্যায়ালয়ৰ এজনীয়া সংবিধানিক বিচাৰপীঠে মেইটে সকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ পক্ষে ৰাজ্যখনৰ চৰকাৰলৈ এক পৰামৰ্শমূলক ৰায় প্ৰদান কৰাৰ পাছতে এই সংঘাত তীব্ৰতৰ হৈ উঠে।
২৮ এপ্ৰিল ২০২৩ ত কুকি সকলৰ প্ৰভাৱ থকা চুৰাচন্দপুৰ জিলাত এটা ব্যায়মগাৰৰ দ্বাৰ মুকলি কৰিবলৈ যোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী এন বীৰেণ সিং। মুখ্যমন্ত্ৰী অনুষ্ঠানৰ আগদিনা কূটাঘাতকাৰীয়ে সেই জিমটো জ্বলাই দিয়ে।
ইফালে মণিপুৰ উচ্চ ন্যায়ালয়ৰ ৰায় বিৰোধিতা কৰি কুকি, নাগা আদি জনগোষ্ঠীয় জাতিয় সংগঠনে এক ৰেলী আহ্বান কৰিছিল। ট্ৰাইবেল চলিদাৰিটি মাৰ্চ শীৰ্ষক এই ৰেলী উলিওৱাৰ সময়তে হঠাৎ খবৰ আহিছিল কেইবাখনো কুকি গাঁও জ্বলাই দিয়া হৈছে।
লক্ষণীয় কথাতো এয়াই যে সেই খবৰৰ পাছতেই মেইটে সকলৰ ওপৰতো হাতত মুকলিকৈ মাৰনাস্ত্ৰ লৈ কূটাঘাতকাৰীয়ে আক্ৰমণ সংঘটিত কৰে। মেইটে জনগোষ্ঠী আৰু কুকি, নাগা সকলৰ মাজৰ এই সংঘাত ক্ৰমশ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছিল।
হাতত মাৰনাস্ত্ৰ লৈ এই অশান্তিকৰ পৰিৱেশত ঘিউ ঢলা সেই কূটাঘাতকাৰী যে কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য আছিল তাত সন্দেহ নাই। কিন্তু প্ৰশ্ন হয়, তেওঁলোকে এনেদৰে মুকলি আক্ৰমণ চলাবলৈ সুযোগ আৰু সুবিধা কেনেকৈ লাভ কৰিলে?
এইদৰে ইটোৰ পাছত সিটো হিংসাত্মক ঘটনা সংঘটিত হৈ গ'ল। ৬০ জনীয়া মণিপুৰ বিধানসভাত ৰাজনৈতিক দৃষ্টিকোনেৰে মেইটে সকলৰ প্ৰভাৱেই বেছি। কিন্তু লেণ্ড ৰিফৰ্ম এক্ট অনুসৰি পাহাৰীয়া অঞ্চলত মেইটে সকলে ভূমি ক্ৰয় কৰাৰ অধিকাৰ নাই।
জনসংখ্যা বেছি হ'লেও কেৱল ইম্ফল উপত্যকাত তেওঁলোকৰ বাসভূমি সীমাবদ্ধ হৈ থকাত যিকোনো সময়ত খ্ৰীষ্টান অগ্ৰাসনৰ বাবে তেওঁলোকৰ অধিকাৰ বিপন্ন হৈ পৰা ভয়ত শংকিত মেইটে সকল। আনহাতে মেইটে সকলৰ সকলো ৰাজনৈতিক অধিকাৰ থকাৰ পাছতো এই বৃহৎ জনগোষ্ঠীটোক জনজাতিৰ মৰ্যদা দিলে কুকি আৰু নাগাৰ প্ৰতি সেয়া চৰম অন্যায় হ'ব বুলি দাবী কৰে কুকি সকলে।
এনেবোৰ প্ৰেক্ষাপটতেই পাহাৰীয়া জিলাখনত হিংসাৰ জুই দপদপাই জ্বলিছিল।উল্লেখ্য যে, ১৮৯১ চনতেই ব্ৰিটিছে মণিপুৰ দখল কৰিছিল যদিও মণিপুৰৰ ৰাজপৰিয়ালক ব্ৰিটিছে ৰাজ্যখন শাসন কৰিবলৈ দিছিল।
১৮৯৪ চনৰ পৰা মণিপুৰত খ্ৰীষ্টান ধৰ্মান্তৰণৰ কাম আৰম্ভ হৈছিল। সেই ৰাজনৈতিক আৰু ধৰ্মীয় পৰিৱৰ্তনে মণিপুৰলৈ সংঘাত কঢ়িয়াই অনা অন্যতম কাৰণ। মেইটে সকলৰ দাবী ম্যানমাৰ সীমান্তৱৰ্তী ৰাজ্যখনলৈ ম্যানমাৰৰ পৰা বহু অনুপ্ৰৱেশকাৰী আহি প্ৰৱেশ কৰি সেই পাহাৰীয়া জিলাসমূহত স্থিতাপী লৈছে।
ইয়াৰ ফলত ৰাজ্যখনৰ জন বিন্যাসেই সলনি হৈ পৰিছে। এনে পৰিস্থিতি অব্যাহত থাকিলে মেইটে সকল নিজ ৰাজ্যতেই গৃহহীন আৰু ভূমিহীন হৈ পৰিব বুলি মেইটে জাতীয় সংগঠন সমূহে দাবী কৰিব খোজে।
পৰিস্থিতি লাহে লাহে মণিপুৰত উন্নত হৈছে। কিন্তু সমস্যাৰ সমাধান এতিয়াও হোৱা নাই। এই সমস্যা কেৱল ৰাজনৈতিকভাৱে সমাধান কৰাতো সম্ভৱ নহয়। ধৰ্মীয় অগ্ৰাসন এতিয়া বিশ্বৰ বহু প্ৰান্তত এক ডাঙৰ সমস্যা হৈ পৰিছে।
অসমতো এই সমস্যা আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। ৰাজ্যৰ প্ৰতিজিলাৰ উপাযুক্তলৈ তেওঁলোকৰ জিলাসমূহত থকা গীৰ্জা সমূহৰ তালিকা আৰু তাৰ সৈতে জড়িত লোক তথা সেই গীৰ্জা সমূহ বৈধ নে অবৈধ ভূমিত আছে তাকো পৰীক্ষা কৰিবলৈ কোৱা হৈছে।
হয়তো অসম চৰকাৰে আগতীয়াকৈ মণিপুৰৰ পৰা শিক্ষা লৈ কিছু সাৱধানতা অৱলম্বন কৰিছে। ইমানদিনে মণিপুৰত এইবোৰ বিষয় ৰাজনৈতিক নেতৃত্বই অৱজ্ঞা কৰি আহিছিল। তাৰ পৰিণতিতেই সেই সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিলে।
মণিপুৰলৈ শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ লগতে সকলো জাতি-জনগোষ্ঠী তথা খিলঞ্জীয়া সকলৰ অধিকাৰ সুৰক্ষিত হৈ থকাতো প্ৰয়োজন। অবৈধ প্ৰব্ৰজনৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যসমূহত এতিয়া এইধৰণৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছতো কেন্দ্ৰই বিষয়টো সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাতো আচৰিত।