/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b93bd0c7-ebeb-49d2-abff-2155a501a445/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
মৃদুল কুমাৰ সন্দিকৈ
নায়কেই নায়ক। শ কোটি ভাৰতীয়ক বিমুখ নকৰা মহানায়ক এইসকল। বিশ্ব ক্ৰিকেটৰ নতুন শাসক। কাৰো সন্দেহ নাই এতিয়া তেওঁলোকেই ক্ৰিকেটৰ নতুন বাদশ্বাহ হোৱাৰ যোগ্য।
১০ টা উইকেটৰ ৭টাই যেতিয়া এজন বলাৰৰে হয়, কোন তিষ্টি থাকিব পাৰে তেওঁৰ সন্মুখত। খেলপথাৰত কেৱল এটাই চিঞৰ- ছামি ছামি ছামি...। শতকৰ অৰ্ধ শতকৰে এদিনীয়াত অভিলেখ গঢ়া কোহলীতো ৰাণৰ মেছিন!
ক্ৰিকেটৰ ভগৱানৰ আসনত বহি থকা শচীন তেণ্ডুলকাৰ আজি সুখী। তেওঁৱো জানে ভাঙিবলৈকে গঢ়া হয় অভিলেখ। সেই অভিলেখ গঢ়া আৰু ভঙা দুয়োজনেইতো আমাৰ মধ্যমণি।
ইমান দমন এতিয়ালৈকে ক্ৰিকেটত কোনোৱে কৰা নাছিল কিজানি। ৰোহিত শৰ্মাৰ বেট ইমান বিস্ফোৰক হৈ উঠিব বুলি কোনে ভাবিছিল। শ্ৰেয়াছৰ শতৰাণ থ্ৰীলাৰৰ কাহিনীতকৈ কম নাছিল।
তাণ্ডৱ চলাইছে এতিয়া ২২ গজৰ যুঁজত ভাৰতীয় বলাৰ- বেটচমেনে। আৰু এটা খোজ বাকী ক্ৰিকেটৰ মহা সিংহাসনলৈ। নিউজিলেণ্ডক বুজাই দিছে তোমালোক শ্ৰেষ্ঠ হ'ব পৰা,আমি মহা শ্ৰেষ্ঠ।
৪৭ ৰাণৰ ৰোহিতৰ ইনিংছতোৱেই জয়ৰ প্ৰথমটো আধাৰশিলা। যত আছিল ৪ টা চিক্সাৰ। বিশ্বকাপত বেছি চিক্স মৰাৰ অভিলেখ আছিল ক্ৰিছ গেইলৰ । গৃহ চহৰত সেই অভিলেখো গেইলৰ পৰা কাঢ়ি আনিলে। ৫১ টা চিক্সৰে এই অভিলেখ নিজৰ নামত লিখিলে।
৪ বছৰ আগৰ কথা। বিশ্বকাপৰ এই মঞ্চতেই নিউজিলেণ্ডৰ হাতত ছেমিফাইনেলত আত্মসমৰ্পন কৰিছিল ভাৰতে। ষ্টেডিয়ামত উচুপি উঠিছিল ভাৰতীয় দলৰ ক্ৰিকেটাৰ আৰু সমৰ্থক সকল। সেই পৰাজয়ৰ পোতক ইমান মধুৰভাৱে লৈ লোৱা হ'ল বাংখেড়ত ২০২৩ ত।
টচত জিকি বেটিঙৰ সিদ্ধান্ত লৈছিল ৰোহিত শৰ্মাই। জানিছিলি এই বেটিং লাইনআপৰ মহাবিক্ৰম। প্ৰথমে সেই কাম হিটমেনেই কৰিলে। ২৯ টা বলত ৪৭ ৰাণ সংগ্ৰহৰে যি কৰিব লাগে কৰি দিলে। সেয়াই তেওঁৰ ষ্টাইল।
আঘাতৰ বাবে পেভেলিয়ানলৈ উভতাৰ আগতে গিলেও দেখুৱালে পৰাক্ৰম। গিলৰ ৮০, কিং কোহলীৰ ১১৭ ৰাণ, শ্ৰেয়াচ আয়ৰৰ ৰাণৰ ধুমুহাত তচ-নচ হৈ গ'ল নিউজিলেণ্ডৰ সপোন। শ্ৰেয়াচৰ ৭০বলত ১০৫।
কিৱিৰ দ্বিগজ বলাৰসকলে ত্ৰাহি মধুসূদন দেখিলে। শেষত কে এল ৰাহুলে ২০ টা বলত ৩৯ ৰাণৰ ফিনিচিং ইনিংছ খেলিলে। কোনোৱে নোৱাৰিলে ভাৰতীয় বেটছমেনক ৰোধিব।
অভিজ্ঞ টিম চাইডিৰ সকলো অস্ত্ৰই বিফল হ'ল। গড়ে প্ৰতি অভাৰত ১০ ৰাণকৈ তেওঁৱো দিব লগা হ'ল ১০০ ৰাণ। নিৰাশ বল্ট! ১০ অভাৰত তেওঁ পৰা ভাৰতীয় বেটচমেনে কাঢ়িলে ৮৬ ৰাণ।
ৰাণৰ পাহাৰ। লক্ষ্য আছিল ৩৯৮। যুঁজ দিছিল নিউজিলেণ্ডেও। উভতি ধৰিছিল ভাৰতক। অপেনাৰ কনৱে, ৰচিন ৰবীন্দ্ৰক সোনকালেই বাট দেখুৱাই দিছিল পেভেলিয়ানলৈ। হঠাৎ এনে লাগিছিল আকৌ এবাৰ হয় নেকি অঘটন।
ডৰিল মিছেল, কেন উইলিয়ামছনতো কম নহয়। আৰম্ভ কৰি দিছিল ভাৰতীয় বলাৰৰ ওপৰত আক্ৰমণ। বন্ধ হৈ গৈছিল কিছু সময়ৰ বাবে হলেও ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ উশাহ। আকৌ বল ছামিৰ হাতত তুলি দিয়া হ'ল।
ছামিৰ ওপৰত সেই বিশ্বাস আছিল ৰোহিতৰ। ১৩৫ ৰাণৰ মিছেলৰ ইনিংছ অন্ত পৰিল। তাৰ পাছত ছন্দপতন। অন্ত পৰিছিল পৰাজয়ৰ দুচিন্তা। বুমৰাহ, ছিৰাজ, কুলদ্বীপৰ নামত এটাকৈ উইকেট। অৱশ্যে আন দিনা ভাল খেল প্ৰদৰ্শন কৰা ৰবীন্দ্ৰ জাদেজাৰ ভাগত উইকেট নপৰিল। বাউণ্ডাৰিৰ কাষত ৰৈ সেই সময়ত প্ৰয়োজনীয় উইকেটতো লোৱাত ১০০ শতাংশই সপি দিলে।
৪৮.৫ অভাৰত আনুষ্ঠানিকভাৱে লিখা হৈ গ'ল ভাৰতৰ জয়ৰ কাহিনী। ৩২৭ ৰাণত অল আউট হৈ বিশ্বকাপ সামৰিলে নিউজিলেণ্ডে। বাংখেড়েত শ্ৰেষ্ঠ হল ছামি। ১২ বছৰৰ মূৰত আকৌ এবাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত ভাৰত।
সন্মুখত থাকিব আন এক শক্তিশালী পক্ষ। পৰাজয়বিহীন ভাৱে বিশ্বকাপৰ এই দৌৰ সামৰিব পাৰিলে ভাৰত হৈ পৰিব আকৌ এবাৰ ক্ৰিকেটত বিশ্বৰ শ্ৰেষ্ঠ। দেশবাসী বিশ্বাসী- এইবাৰ বিশ্বকাপ আমাৰ, ভাৰতৰ...