নীলাচল : উত্তৰ-পূবৰ আটাইতকৈ দীঘল উৰণীয়া সেতু

নীলাচল : উত্তৰ-পূবৰ আটাইতকৈ দীঘল উৰণীয়া সেতু

ভাস্কৰ শৰ্মা

ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লোৱাৰ পিছৰে পৰা বিশেষকৈ গুৱাহাটী মহানগৰীত উৰণসেতু নিৰ্মাণত গুৰুত্ব দিয়া দেখা গৈছে। মহানগৰীত ক্ৰমান্বয়ে বাঢ়ি অহা যান-জঁটৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে তেওঁ গ্ৰহণ কৰিছে এই পদক্ষেপ।

অৱশ্যে ইয়াৰ লগত অৰ্থনৈতিক দিশটোৰো আছে এক সম্পৰ্ক। যিয়ে নিৱনুৱা যুৱকসকলক উৰণসেতুৰ তলত ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ বাবে পথ মুকলি কৰিব। সেই সম্ভাৱনা সন্দৰ্ভত পিছলৈ উল্লেখ কৰা হৈছে।

ইতিমধ্যে উল্লেখ কৰা হৈছে যে, ড০ শৰ্মাই গুৱাহাটী মহানগৰীকে ধৰি নলবাৰী,যোৰহাট তথা অসমৰ বিভিন্ন প্ৰান্তত ইখনৰ পিছত সিখন উৰণসেতু নিৰ্মাণ কৰি একো একোটা বিশেষ দিনত ৰাজ্যবাসীৰ বাবে উপহাৰ দি গৈছে উৰণসেতু।

কিন্তু সকলো উৰণসেতুই আলোচ্যৰ বিষয়বস্তু হিচাপে বৰ বেছি গুৰুত্ব নাপালেও মালিগাঁও উৰণসেতুক লৈ সৰু-বৰ সকলোৱে জ্ঞাত। ২০২০-২১ বিত্তীয় বৰ্ষত পৰিকল্পনা কৰা এই সেতুখন বিশেষভাৱে চৰ্চাত থকাৰ প্ৰধান কাৰণ হ'ল- যিমানবোৰ উৰণসেতু আছে, তাৰ তুলনাত এইখন হ'ব দীৰ্ঘতম উৰণসেতু। লগতে যান-জঁটৰ কথা প্ৰসংগও নুই কৰিব নোৱাৰি।

প্ৰায় তিনি বছৰৰো বেছি দিন সৰ্বসাধাৰণ জনতাক জলা-কলা খুৱাইছে মালিগাঁও উৰণসেতুই। কি অফিছ-কাছাৰীলৈ অহা বিষয়া-কৰ্মচাৰী,কি ছাত্ৰ-ছাত্ৰী অথবা দিন হাজিৰা কৰা জনৰ পৰা বলিউদৰ মোহময়ী অভিনেত্ৰী কংকনা ৰাণাৱাটলৈকে কোনে পোৱা নাই মালিগাওঁৰ যান-জটৰ তিক্ত অভিজ্ঞতা।

নৰক যন্ত্ৰণাৰ পৰা সামান্য সকাহ পোৱাৰ বাবে এচামে সৃষ্টি কৰিছিল ব্যাংগ। নিৰ্মীয়মাণ অৱস্থাত মালিগাঁও উৰণসেতুকলৈ ফেচবুক,ইনষ্টাগ্ৰাম আদি মাধ্যমত সৃষ্টি হৈছিল আলোচনা-সমালোচনা।

'জীৱনত আগুৱাই যাব লগা হ'লে অন্ততঃ মালিগাঁও হৈ নাযাব' এইধৰণৰ হাস্য-ব্যাংগৰে উপহাস কৰা হৈছিল সেতুখনক। সেইখন মালিগাঁও উৰণসেতুৰ অৱশেষত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল। নামাকৰণ কৰা হ'ল নীলাচল উৰণীয়া সেতু নামেৰে।

কিয়নো সুদীৰ্ঘ চাৰে তিনি বছৰৰ অন্তত ৩০ আগষ্ট বুধবাৰে বিয়লি প্ৰায় ৪-৩৭ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে 'নীলাচল উৰণসেতু'। ৰামধেনু আকৃতিৰে আটকধুনীয়াকৈ নিৰ্মিত দীৰ্ঘতম উৰণসেতুখন নিৰ্মাণত ব্যয় হৈছিল প্ৰায় ৪২০ কোটি টকা।

এই সেতুখন নিৰ্মাণৰ সৈতে বিশেষভাৱে জড়িত হৈ আছে লোক নিৰ্মাণ (পথ)বিভাগ অসম। নিৰ্মাণৰ দায়িত্বত আছিল এছ জি চি চি এল,এ এন পি এল। ড্ৰয়িং আৰু ডিজাইনৰ দিশটো তদাৰক কৰিছিল এম এছ ডিজাইন এছোচিয়েট,আই এন চিয়ে।

আনহাতে নিৰ্মাণ কাৰ্যৰ গুণগত মান পৰীক্ষণৰ দায়িত্বত আছিল মেচাৰ্ছ প্ৰেছট্ৰেট প্ৰজেক্ট লগতে আই আই টি গুৱাহাটীৰ অধ্যাপক ড০ অঞ্জন দত্ত এই সেতুখনৰ এই দিশটোৰ সৈতে বিশেষভাৱে জড়িত হৈ আছিল।

প্ৰায় ৪২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সেতুখন নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে ৩৭২ টা পাইল,৫৫ টা পাইল কেপ আৰু ১৩ টা অ'পেন ফাউণ্ডেচন। ইয়াৰোপৰি ১৮ হাজাৰ মেট্ৰিক টন চিমেণ্ট,২০ হাজাৰ কিউবিক মিটাৰ বালি,৩১ হাজাৰ ২শ কিউবিক মিটাৰ অন্য়ান্য সামগ্ৰী,৭ হাজাৰ ৫শ ৩০ মেট্ৰিক টন ষ্টীল আৰু ৯ হাজাৰ ৯শ ৩০ মেট্ৰিক টন ষ্ট্ৰাকচাৰেল ষ্টীল ব্যৱহাৰ কৰা হৈছিল। উল্লেখযোগ্য যে,মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি এই আটাইবোৰ কামত জড়িত হৈ থকা ব্যক্তিসকল অসমৰ মাটিত জন্মগ্ৰহণ কৰা একোজন লোক।

২.৬ কিলো মিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত এই উৰণসেতুখনত অংকিত কৰা হৈছে অসমৰ কৃষ্টি -সংস্কৃতিৰ ছবি। অংকিত কৰা হৈছে অসমৰ হাবিত উপলৱ্ধ বন্যপ্ৰাণীৰ নয়নাভিৰাম দৃশ্য।

অসমীয়া,বড়ো,ৰাভা আদি জাতি-উপজাতিৰ সাজপাৰৰ ছবি অংকিত কৰা হৈছে সেতুখন। এইখিনিতে উল্লেখ কৰিব পাৰি যে,এই আটইবোৰ ছবি অংকন কৰিছে অসমৰ চিত্ৰ-কলা বিদ্যালয়,মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। নিশাৰ ভাগত শিক্ষাৰ্থীসকলে ভাগে-ভাগে এইসমূহ চিত্ৰ অংকন কৰিছিল।

এইসমূহ দিশৰ উপৰি পূৰ্বে উল্লেখ কৰা অনুসৰি উৰণসেতুৰ সৈতে এচাম খাটিখোৱাৰ আছে নিবিড় সম্পৰ্ক। অৰ্থনৈতিক দিশত বিশেষকৈ মহানগৰীৰ উৰণসেতুৰ আছে বিশেষ ভূমিকা। উৰণসেতুসমূহৰ তলত বহা হোটেল,ৰেষ্টুৰেণ্ট,পাণ-তামোলৰ দোকান,ফটোষ্টেট ইত্যাদিৰ দৰে দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ যোগেদি এচাম মানুহৰ পাকঘৰত জুই জলে।

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে, গুৱাহাটী ক্লাৱৰ পৰা বামুণীমৈদামলৈ হ'ব লগা উৰণসেতুখনৰ তলত যান-বাহন পাৰ্কিঙকে ধৰি আন আন ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে সুবিধা কৰি দিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে। এই ক্ষেত্ৰত যুৱকসকলৰ মাজত সংস্থাপনকলৈ বাঢ়ি অহা হতাশাই কিছু পৰিমাণে হ'লে উপশম ঘটোৱাত সহায় কৰিব।

নীলাচল : উত্তৰ-পূবৰ আটাইতকৈ দীঘল উৰণীয়া সেতু
বহু গান গোৱা হ'ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in