সিংঘালে ঠিকেই কৈছে - দায়ী মুখ্যমন্ত্ৰী !
সিংঘালে ঠিকেই কৈছে - দায়ী মুখ্যমন্ত্ৰী !

সিংঘালে ঠিকেই কৈছে - দায়ী মুখ্যমন্ত্ৰী !

মৃদুল কুমাৰ সন্দিকৈ

মহানগৰীৰ খাৰঘূলিৰ পাছত ৰাজগড়ত ১২ জুন, ২০২৩ ত ৰাজ্য চৰকাৰৰ পানী যোগান প্ৰকল্পৰ পাইপ ফাটি আন এক জল প্ৰলয়ৰ সৃষ্টি হ'ল। পানী দিয়াৰ নামত প্ৰাণ কাঢ়ি নিয়াৰ যেন প্ৰতিযোগিতা চলিছে এতিয়া মহানগৰীত।

ক্ষোভিত ৰাইজে বিভাগীয় মন্ত্ৰী অশোক সিংহালক জবাবদিহি কৰিছিল যে কিয় বাৰে বাৰে এইদৰে পানী ফুটিছে? আনকি ৰাইজে ক'বলৈ বাধ্য হৈছিল- আমাক পানীয়েই নালাগে। কিন্তু প্ৰাণটো কাঢ়ি নিনিব। দক্ষিণ কেন্দ্ৰীয় গুৱাহাটী পানী যোগান আঁচনিৰ জৰিয়তে জুৰোড, ৰাজগড়, চানমাৰি, গীতানগৰ আদি অঞ্চলত স্থাপন কৰা এই পাইপবোৰ কেইবা বছৰ পূৰ্বেই বহুৱাইছিল বুলি মন্ত্ৰী অশোক সিংহালে গা এৰিব খোজিছে।

প্ৰায় ১৩ বছৰ পূৰ্বে এই প্ৰকল্পৰ পাইপ পোতা হৈছিল আৰু সেই কামত কোন ঠিকাদাৰ অভিযন্তা জড়িত আছিল সেয়া এক প্ৰকাৰৰ নাজানো বুলিয়েই পাল সৰা মন্তব্য কৰিছিল মন্ত্ৰী অশোক সিংহালে। ২০১২ চনৰ ২২ জুন। তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ মন্ত্ৰীসভাৰ কিছু সালসলনি কৰিছিল।

সেই সময়ত এই খবৰে বিশেষ কাৰণত চৰ্চা লাভ কৰিছিল। সেয়া আছিল গুৱাহাটীৰ উন্নয়ন দপ্তৰটো তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ পৰা কাঢ়ি আনি তেতিয়াৰ গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওগৰ হাতত অৰ্পণ কৰিছিল। অৱশ্যে শিক্ষা আৰু স্বাস্থ্য বিভাগটো তেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ হাততেই আছিল।

সেই খবৰটোৰ আধাৰত যদি হিচাপ কৰা যায় আজিৰ পৰা ১২ বা ১৩ বছৰৰ পূৰ্বে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান মুখ্যমন্ত্ৰী জন সেই সময়ত গুৱাহাটী উন্নয়নৰ সকলো কাম-কাজৰ বাবে দায়বদ্ধ আছিল।

ৰাজগড়ত পোতা সেই পানীৰ পাইপবোৰ হায়দৰাবাদৰ আই ভি চি আৰ এল নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে পুতিছিল। যদি পানী ট্ৰায়েল দিয়া সময়ত ঢাকনী ফাটি যাব পৰাকৈ পানীৰ পাইপবোৰ পোতা হৈছিল তেনেহ'লে ঠিকাদাৰ, বিষয়াৰ সমানেই সেই সময়ত এই বিভাগৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীও দায়ী হ'ব।

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে প্ৰত্যক্ষ ভাৱে নহলেও পৰোক্ষ ভাৱে এই পাল মৰা কামৰ বাবে বাবে মুখ্যমন্ত্ৰীকেই জগৰীয়া কৰিলে। গুৱাহাটীবাসীক পানী যোগানৰ প্ৰতিশ্ৰুতি বা পৰিকল্পনা আজিৰ নহয়।

জাইকাৰ সহযোগত এই কাম সম্পাদন কৰিবৰ বাবে লোৱা প্ৰকল্পটো আছিল গুৱাহাটী ৱাটাৰ চাপ্লাই প্ৰজেক্ট। ২০০৯ ৰ ৩১ মাৰ্চত অসম চৰকাৰৰ সৈতে জাইকাৰ এই প্ৰকল্পৰ বাবে Loan Agreement স্বাক্ষৰিত হৈছিল। সেই ঋণৰ পৰিমাণ আছিল ২৯,৪৫৩ মিলিয়ন।

ভাৰতীয় টকাৰ হিচাপত ১৯৬৪ কোটি টকা গুৱাহাটীবাসীক পানী দিয়াৰ বাবে ব্যয় কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। সেই সময়ত জাইকাৰ এই প্ৰকল্পৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ কথাও চৰ্চালৈ আহিছিল। ৰাজ্যৰ হাইপ্ৰফাইল নেতাৰ নাম সাঙোৰ খাইছিল লুই বাৰ্জাৰ কেলেংকাৰীৰ সৈতে।

গুৱাহাটী মহানগৰীৰ খোৱা পানীৰ প্ৰকল্পৰ নামত সংঘটিত এই কেলেংকাৰীৰ চি বি আইৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়টো ২০১৫ চনতে এখন চি আই এল দাখিল কৰা হৈছিল। সেই আৱেদনৰ আধাৰত পি আই এল নম্বৰ ৮৫/২০১৫ শুনানিৰ অন্তত ২০১৭ ৰ ১ অক্টোবৰত চি বি আই তদন্তৰ নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু মনজিৎ ভূঞাৰ আদালতে।

চি বি আইটো ২০১৭ ৰ ২৭ অক্টোবৰত এণ্টি ক'ৰাপচন চেলে ৰুজু কৰিছিল এটা গোচৰ। চি বি আইৰ এফ আইৰ নং RC AC12017A0006 নম্বৰৰ গোচৰ। এই গোচৰৰ আধাৰতে জি এম ডি এৰ কেইবাগৰাকীও অভিযন্তা, আমোলা, বিষয়াক চি বি আইৰ অধীক্ষক ৰাজীৱ ৰঞ্জনৰ নেতৃত্বত অহা এটা দলে ২০১৮ ৰ ছেপ্টেম্বৰত জেৰা কৰিছিল।

পানী যোগানৰ নামত পূৰ্বতে সংঘটিত কিছু কৰ্মকাণ্ডৰ আভাস এয়া। অথচ গুৱাহাটীবাসীক পানী যোগান দিম বুলি বাৰে বাৰে প্ৰতিশ্ৰুতি দি অহাৰ পাছতো সেয়া সম্ভৱপৰ হোৱা নাছিল চৰকাৰৰ বাবে। ২০২৩ ৰ ২০ মাৰ্চত অসম বিধানসভাত অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এক প্ৰশ্ন উত্থাপন কৰিছিল।

তেওঁৰ প্ৰশ্ন আছিল, মহানগৰবাসীয়ে কেতিয়া পানী পাব? এই প্ৰশ্নৰ উত্তৰচ বিভাগীয় মন্ত্ৰী অশোক সিংহালে জনাইছিল যে, বিভিন্ন কাৰণত পানী যোগানত বিলম্ব হৈছে। ২০২৩ ৰ জুলাইৰ পৰা মহানগৰবাসীয়ে নিয়মীয়াকৈ পানী যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে লক্ষ্য লৈছে।

সেই প্ৰশ্নৰ উত্তৰতো সিংঘালে কোৱা আন কেইটামান কথা আছিল যে, JNNURM প্ৰকল্পৰ পৰা গেমন ইণ্ডিয়াক আঁতৰোৱা হৈছে। জি এম ডি এয়ে অনলাইন যোগে এই কাম কৰিবৰ বাবে নতুনকৈ নিবিদা আহ্বান কৰিছে। ছাউথ-ৱেষ্ট গুৱাহাটী ৱাটাৰ চাপ্লাই প্ৰজেক্টৰ বাকীথকা কামখিনি কৰিবৰ বাবে জি এম ডি এয়ে নতুনকৈ ২৭৭.৮৪ কোটি টকা ব্য়য়ৰ লক্ষ্য লৈছিল।

সেই সময়ত এই কথাবোৰ মন্ত্ৰীজনে কোৱাৰ বাবে মহানগৰবাসীয়েও ভাবি লৈছিল যে অতি শীঘ্ৰেই খোৱা পানী লাভ কৰিব। কিন্তু ভিতৰি যে ইমান নিম্নমানৰ কাম হৈ আছে সেয়া কল্পনাৰো অতিত আছিল। গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত ফুলজাৰি ভাষণ মাৰে। হেলিকপ্টাৰেৰে উঠি গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ প্ৰয়াস কৰা এইগৰাকী মন্ত্ৰী এতিয়া কেৱল কথা চহকী মন্ত্ৰীৰূপে পৰিগণিত হৈছে।

নিজৰ ব্যৱসায় ঠিকেই ৰাখি, গুৱাহাটীক নতুন ৰূপত সঁজাই তুলিবলৈ তেওঁ কৰা প্ৰয়াসবোৰ কেৱল সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত কেইটামান মুহূৰ্তৰ বাবে কৰা নাটক সদৃশ হৈ পৰিছে। গুৱাহাটী মহানগৰীত জাৱৰ-জোথৰ নিষ্কাশনৰ যি কদৰ্য ৰূপ সেয়া পূৰ্বতকৈ জটিল ৰূপ ধাৰণ কৰিছে।

পানীৰ পাইপ পুতিবলৈ বা সংযোগ দিবলৈ খন্দা গাঁতবোৰ, বাট-পথবোৰৰ অৱস্থাৰ বাবে এইগৰাকী মন্ত্ৰীয়েই দায়ী। কিয়নো গুৱাহাটীৰ উন্নয়নৰ দায়িত্ব লৈ বিভাগীয় মন্ত্ৰীজনে নিৰ্বাচিত কিছু স্থানত চাদেন ভিজিট দিয়েই দায়িত্ব সামৰি গৈছিল।

আনকি তেওঁৰ বিভাগ এতিয়া এনেদৰে পৰিচালিত হয় যে, ৰাজগড়ৰ কাণ্ড সংঘটিত হোৱাৰ পাছতো জাইকাৰ পানী প্ৰকল্পস্থলী লৈ গৈ পিছদিনাই তেওঁ কেমেৰাৰ সন্মুখত নিজৰ তৎপৰতা প্ৰদৰ্শন কৰিবলৈ গৈ বাস্তৱটোকেই নিজেই উদঙাই দিলে।

গুৱাহাটীৰ জল ব'ৰ্ডো ইয়াৰ বাবে দায়ী। পানীৰ পাইপ সংযোগৰ বাবে জল ব'ৰ্ডে ঠিকেই ৱেবচাইট আৰু মোবাইল এপ মুকলি কৰিলে। কিন্তু সেই পানী যোগান ধৰিবলগীয়া পানীৰ পাইপসমূহ কিমান সুৰক্ষিত সেয়াহে পৰীক্ষা নকৰিলে।

প্ৰাথমিক পৰ্যায়ত গুৱাহাটীত মাত্ৰ ৩ হাজাৰ পৰিয়ালক পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু এই আঁচনিৰ অধীনত ১.৮ লাখ পৰিয়ালক পানী যোগান ধৰাৰ কথা আছিল। ইমান সংখ্যক বৃহৎ পৰিয়ালক পানী যোগান ধৰাৰ কাম স্বাভাৱিক ভাৱে আৰম্ভ হ'লে ইয়াৰ পৰিণতি কি হ'ব পাৰে সেয়া ৰাইজে ইতিমধ্যে অনুমান কৰিছে।

গুৱাহাটীত এফালে খোৱা পানীৰ অভাৱ আনফালে কৃত্ৰিম বানপানীৰ সমস্যা। কোনো এটা সমস্যাই এতিয়ালৈকে সমাধান কৰাত সফল হোৱা নাই চৰকাৰ তথা বিভাগীয় মন্ত্ৰী। কিন্তু তেওঁলোকৰ দম্ভ, অহংকাৰ কমা নাই।

সেয়েহে মুখ্যমন্ত্ৰীয়ে যোগ্য বুলি ভাবিলেও এনে মন্ত্ৰীক ৰাইজে যোগ্য বুলি ভবা নাই। দাবী উঠিছে বেপাৰত বেছি মন দিয়া এনে জনপ্ৰতিনিধিয়ে দায়িত্ব চম্ভালি নোৱাৰে যদি সেই দায়িত্ব এৰক। গুৱাহাটী মহানগৰীত পূৰ্বতে পুতি থোৱা সেই পাইপসমূহৰ অৱস্থা যে, ৰাজগড়ৰ দৰে নহ'ব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰিব।

সেই সকলোবোৰ পাইপৰ পুনৰ নিৰীক্ষণ কৰাটো এতিয়া অতিকৈ প্ৰয়োজন। নহ'লে আকৌ এইধৰণেই ক'ৰবাত পানীৰ পাইপ ফুটিলে ইয়াৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰীকেই জগৰীয়া কৰি সিংঘালেই ক'ব লাগিব- এইবোৰ পাইপ পোতাৰ কথা মই নাজানো বা মোৰ দিনত এই কাম হোৱা নাই।

কোনো এটা ঘটনা সংঘটিত হৈ যোৱাৰ পাছত তদন্ত কমিটী গঠন কৰে। ৰাইজক অভয়বাণী দিয়ে। খাৰঘূলিত সংঘটিত জলবিস্ফোৰণৰ ঘটনাৰ পাছতো এখন তিনিজনীয়া কমিটী গঠন কৰা হৈছিল। হাউচিং এণ্ড আৰবান এফেয়াৰছৰ সচিব পবিত্ৰ ৰাম খাউণ্ডৰ নেতৃত্বত গঠিত সেই কমিটীখনে ইয়াৰ কাৰণ তদন্ত কৰি ৩ দিনৰ ভিতৰত প্ৰতিবেদন দিয়াৰ কথা আছিল।

সেই প্ৰতিবেদন জমা দিয়া হ'লনে? কি আছিল সেই প্ৰতিবেদনত? সেই কথা অশোক সিংঘালে ৰাজহুৱা কৰিব পাৰিবনে? যদি প্ৰতিবেদনত ইয়াৰ প্ৰকৃত কাৰণ উদঘাটন হৈছিল তেনেহ'লে কিয় প্ৰতিবেদনত থকাৰ প্ৰতিকাৰৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰা নহ'ল?

২৫ মে'ত সংঘটিত খাৰঘূলিৰ ঘটনাৰ পাছত ২৬ মে', ২০২৩ ত এই কমিটী গঠন কৰা হৈছিল।এই পাইপলাইনসমূহৰ হাইড্ৰ' টেষ্টিং কেতিয়া কৰা হৈছিল? সেয়াও এক বিচাৰ্য বিষয়। অশোক সিংঘালে এই বিফলতাৰ নৈতিক দায়িত্ব স্বাকীৰ কৰি ল'ব নে নাই এতিয়া? নে তেওঁ ১৩ বছৰ আগতে পোতা পাইপ বুলি কৈয়েই নিজক ৰক্ষা কৰি যাব?

হয়তো এনে অদক্ষ মন্ত্ৰীকেই বিভিন্ন কাৰণত মুখ্যমন্ত্ৰীয়েও ইটোৰ পাছত সিটো দায়িত্ব অৰ্পণ কৰিব। প্ৰয়োজনত তেওঁলোকক মন্ত্ৰীসভাত আন গুৰুত্বপূৰ্ণ পদবী দি পদোন্নতি দিব ! গুৱাহাটীৰ কৃত্ৰিম বান চাবলৈ আকৌ হেলিকপ্টাৰত উঠাব। ৰাইজে তোলা অভিযোগ, পদত্যাগৰ দাবী গৌণ হৈয়েই ৰ'ব। কাৰণ ৰাইজতকৈ দল, চৰকাৰৰ বাবে এইসকল কোটিপতি ব্যৱসায়ীৰ হে প্ৰয়োজন বেছি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in