
কি হ'ব ধৰিছে সমাজখনত। যিবোৰ ঘটনা এৰিব বা ধৰিব নোৱাৰি। চকুৰ সন্মুখত ঘটি যোৱা আৰু সমাজলৈ এক অশুভ বাৰ্তা প্ৰেৰণ কৰা এই কথাবোৰ আলোচনা কৰাতো শুদ্ধ নে ভুল সেয়াও এক ডাঙৰ প্ৰশ্ন নিজৰ বাবে।
গুৱাহাটী মহানগৰী চিকিৎসক দম্পত্তীৰ শিশু নিৰ্যাতনৰ ঘটনা আমাৰ তথাকথিত সমাজখনৰ বাবে অতি পৰিতাপৰ কথা। কোনোবাই জানো তোলনীয়া পুত্ৰ-কন্যা হ'লেও এনে ব্যৱহাৰ, এনে আচৰণ কৰিব পাৰেনে?
এয়া তেওঁলোকৰ বিকৃত মানসিকতাৰ চূড়ান্ত উদাহৰণ। সেই সকল ভব্য-গব্য চিকিৎসক বা বিশিষ্ট বুলি ভৱা লোকে চাৰিবেৰৰ ভিতৰত এই ধৰণৰ কামবোৰ কৰি এক চেডিষ্টিক আনন্দ লাভ কৰে। যি গৰাকী ৪ বছৰীয়া কন্যাক ঘৰৰ ছাদত দুই হাত-দুই ভৰি বান্ধি ৰ'দত ৰখাই থৈছিল সেই দেৱ শিশুটোৱেও নিজৰ দুৰ্দশাৰ বৰ্ণানা কৰি উচুপি উঠিছে।
আনক মানসিক ৰোগৰ চিকিৎসা কৰা এনে তথাকথিত চিকিৎসক সকলেই চোন ব্যৱহাৰিক দৃষ্টিত একো একোজন মানসিক ৰোগীতকৈ কম নহয়। তেওঁলোকৰ অভিজাত্য জীৱনত মৰম আৰু মাতৃস্নেহ বোলা কোনো শব্দৰ স্থান নাই।
তেওঁলোক নিজক লৈ ব্যস্ত। জীৱনটোক উপভোগ কৰাতোৱেই তেওঁঁলোকৰ বাবে চৰম সত্য। কেৱল নিজক লৈ ব্যস্ত এই সকল মুখা পিন্ধা অভিজাতলোকৰ কাম-কাজ কিন্তু অসুৰৰ তুল্য।
কিহৰ বাবে তেওঁলোকে এইবোৰ অপৰাধ সংঘটিত কৰে সেই কাৰণ তেওঁলোকক কাউন্সিলিং কৰি বাহিৰ কৰিব নোৱাৰিলে ই এক সাধাৰণ অপৰাধ হৈয়ে ৰৈ যাব। এনে সন্দেহ হয় আইৰ দৃষ্টিৰ পৰা সাৰি যাবলৈ তেওঁলোকে কিছু শিশুক এডপ্ট কৰাৰ এখন নাটকেৰে এফালে শিশু শ্ৰমিক ঘৰত ৰাখে আনফালে এই শিশু সকলৰ ওপৰত যৌন নিৰ্যাতনৰ দৰে ঘটনাও সংঘটিত কৰে।
যি গৰাকী শিশু কন্যাক আৰক্ষীয়ে স্থানীয়লোকৰ তথ্যৰ ভিত্তিত উলুবাৰী ৰমা এনক্লাভৰ পৰা উদ্ধাৰ কৰিলে সেই শিশুটিয়ে চাঞ্চল্যকৰ ভাষ্য দিছে। কেয়াৰ টেকাৰ হিচাপে থকা মহিলাগৰাকীয়ে বাইদেউয়ে এনে কৰিব কোৱাত এই কাম কৰা বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে।
তাৰপাছত আৰু বাকী থাকিল কি? শিশুগৰাকীৰ দেহত যি আঘাতৰ চিন পোৱা গৈছে । সেই আঘাতেও বহু কথাৰ সংকেত দিয়ে। ইমান নীচ মানসিকতাৰ এই চিকিৎসক দম্পত্তী? তেওঁলোকক গৰিহনা দিবলৈ ভাষাৰ অভাৱ।
ক্ষমতাবান লোকৰ সৈতে উঠা-বহা, ঘূৰা-ফুৰা কৰা এইচাম লোক সাৰি যাবলৈ হয়তো দহটা বাট খোলা আছে। আইনৰ দৃষ্টিত তেওঁলোক সাৰি গ'লেও সৰ্বসাধাৰণৰ দৃষ্টিত তেওঁলোকৰ স্থান এতিয়া কি সেয়া কাকো বুজাই ক'ব নালাগে।
এনে চিকিৎসকৰ ওচৰলৈ মানসিক ৰোগৰ চিকিৎসা কৰিবলৈ এতিয়া কোনোবা কাষ চাপিবনে? এনে গুৰুতৰ অভিযোগত অভিযুক্ত হৈও নিজক ৰক্ষা কৰিবলৈ আৱেগৰ সেই নাটকৰ বচন আওৰোৱা সকলে মুগা কাপোৰ পিন্ধি গানেই গাওক বা নাচিয়েই থাকক তাক লৈ এইবোৰ ঘটনাৰ কোনো সম্পৰ্ক নাই।
সেয়া তেওঁলোকৰ ব্যক্তিগত বিষয়। কিন্তু কোনোবা তুলি লোৱা শিশুক এইধৰণ বৰ্বৰ নিৰ্যাতন চলোৱা কাৰ্যক কোন স'তে চাই থাকে ওচৰ-চুবুৰীয়াই? ক্ষমতাবান লোকক লৈ কান্দি কান্দি জনোৱা আহ্বানত নাই এই ঘটনাক লৈ আত্মশোচনাৰ কোনো সুৰ।
ৰুজু কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে ১৯৩/২৩ নম্বৰৰ গোচৰ। ভাইৰেল হৈছে কন্যা শিশুটিক চলোৱা বৰ্বৰতাৰ সেই দৃশ্য। ভাৰতীয় দণ্ডবিধি ৩০৭/৩২৫/৩৪১/৩৪ ধাৰাত তেওঁলোকৰ বিৰুদ্ধে পল্টনবজাৰ থানাত ৰুজু হোৱা গোচৰৰ উপযুক্ত তদন্ত হ'ব লাগে।
এয়া ক্ষমাৰ অযোগ্য। কোনো ক্ষমতাবান লোকে যদি তেওঁলোকক ৰক্ষা কৰাৰ চেষ্টা কৰে তেনে ই সমাজৰ বাবে এক অভিশাপ হৈ ৰ'ব। বেপেৰুৱা আচৰণেৰে সংসাৰৰ মায়া-মোহ বুজি নোপোৱা সকলে বাৰে বাৰে কিয় সাংসাৰিক বান্দোনত আৱদ্ধ হৈ এইবোৰ নাটকৰ পুনৰাবৃত্তি কৰিব লাগে?
ধিক্কাৰ এনে মানসিকতা। তেওঁলোকৰ ওখ দেৱালৰ ভিতৰত সংঘটিত ঘটনাৰ খবৰ আৰু ছবি কেনেকৈ পোহৰলৈ আহিলে বুলি প্ৰশ্ন কৰি ইয়াক ষড়যন্ত্ৰৰ আখ্যা দিয়া সকলে অস্বীকাৰ কৰিব পৰা নাই সেইবোৰ দৃশ্য। নিজক ৰক্ষা কৰিবলৈ যিমানেই যুক্তি প্ৰদৰ্শন নকৰক কিয় কিছুমান কথাৰ সত্য়তা মানুহৰ ধৰণ-কৰণৰ পৰাই ওলাই পৰে।
এই বৰ্বৰ কাণ্ডৰ সমন্তৰালকৈ আন এক কাণ্ডক লৈ এতিয়া ব্যাপক চৰ্চা। এগৰাকী কলেজীয়া ছাত্ৰীৰ কৰ্মই কেৱল যোৰহাটতেই চাঞ্চল্যৰ সৃষ্টি কৰা নাই। মেধাৱী সেই ছাত্ৰী গৰাকীয়ে আন কিছু যুৱকৰ সহযোগত যি কৰিলে সেয়া বাখ্যাৰ অযোগ্য।
৭২ বছৰীয়া এজন বৃদ্ধক সেই দুষ্কৰ্মৰ সংগী কৰি তেওঁক আত্মহননৰ পথ বাছি ল'বলৈ বাধ্য কৰালে । যৌনতা এতিয়া বেপাৰ। সেই বেপাৰত নামি অসমীয়া সমাজৰ স্ব-নিয়ন্ত্ৰিত পাৰিকাঠামোতেই আঘাত হানিলে এই চক্ৰই।
বাহিৰৰ এনে অশ্লীল ভিডিঅ' আপলোড কৰা ৱেবচাইটত ধনৰ বাবে নিয়মীয়াকৈ নিজৰ সৰ্বস্ব ত্যাগ কৰিবলৈ মানসিকভাৱে তেওঁ কেনেকৈ সাজু হ'ব পাৰিলে সেয়াও এক কম ডাঙৰ প্ৰশ্ন নহয়।
এইগৰাকী যুৱতীয়ে ৬ দিনৰ পূৰ্বে এখন এজাহাৰ দিছিল। আৰক্ষীক দিয়া এজাহাৰত অভিযোগ কৰিছিল তেওঁৰ কিছু অশ্লীল ভিডিঅ' এজন যুৱকে ৱেবচাইটত আপলোড কৰি ভাইৰেল কৰিছে।
সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিলেখ নামৰ যুৱকজনক কৰায়ত্ব কৰি গ'ম পাইছিল সেয়া আছিল নিজক ৰক্ষা কৰাৰহে কৌশল। দুদিনৰ পূৰ্বে কিশলয় শৰ্মা নামৰ যুৱকজনক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তদন্তত নামিছিল আৰক্ষী।
এই চক্ৰটোৱে বিদেশীৰ ৱেবচাইটৰ হাতত যৌন কেন্দ্ৰিক ভিডিঅ' যোগান ধৰি ধন ঘটাৰ সমান্তৰালকৈ নিজাকৈও তেনে এটা ৱেবচাইট খোলাৰ পৰিকল্পনাৰে কাম কৰি গৈছিল। আৰক্ষী সূত্ৰৰ মতে ৭টাকৈ এই ধৰণৰ ভিডিঅ' তেওঁলোকে ভিউজৰ আশাত আপলোড কৰিছিল।
আৰক্ষীৰ তদন্ত সঠিক ৰূপত আগবাঢ়িলে এক বিশাল চক্ৰ উৎখাত হ'ব। এয়া কেৱল যোৰহাটৰে কাহিনী নহয়। অসমৰ ঠায়ে ঠায়ে, গাৱে-ভূঞে এনে চক্ৰ সক্ৰিয় হৈ আছে। ভিতৰি ভিতৰি সেই যৌনতাৰ বজাৰে আমাৰ চিনাকীৰে বহুজনক ছানি ধৰিছে।
পুনৰ উল্লেখ কৰাৰ প্ৰয়োজন এইবোৰ কথা অনুধাৱন কৰি ইয়াক প্ৰতিৰোধৰ বাবে এক সচেতনতাৰ সৃষ্টিৰ কাৰণে সামাজিক জাগৰণৰ প্ৰয়োজন হৈছে। নহলে এনেবোৰ কাম সংঘটিত হৈয়ে থাকিব। নতুন নতুন ৰূপত সংঘটিত এই অপৰাধবোৰে আমাৰ সামাজিক জীৱনলৈ এদিন স্থবিৰতা নমাই আনিব।