নাই, নোৱাৰিলোঁ...

নাই, নোৱাৰিলোঁ...

মৃদুল কুমাৰ সন্দিকৈ

দেশৰ সাধাৰণ লোকসভা নিৰ্বাচনৰ ফলাফল ওলাল। এইবাৰো মোডী চৰকাৰ, এন ডি এৰ আসন হ’ব ৪০০ৰ পাৰ, এই সপোন দেখিছিল শাসকীয় বিজেপিয়ে। সাধাৰণ জনতাক জি এছ টি মাধমাৰ দিয়াৰ দৰে বিজেপিকো ভোটাৰে একেই মাধমাক যেন শোধালে! ৪০০ আসন নাপালে। ভোটাৰেও ২৮শতাংশ জি এছ টি কাটি বাকী আসন এন ডি এক দি কোনোমতে তেঁওলোকক দিল্লীৰ শাসন গটালে।

দেশৰ সামগ্ৰিক ৰাজনৈতিক প্ৰেক্ষাপট এই নিৰ্বাচনে সলাই পেলালে। একনায়কত্ববাদত বিশ্বাসী হৈ অহংকাৰী হৈ উঠা ৰাজনৈতিক দলৰ নেতৃত্বক বুজাই দিলে ৰাইজে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে।

ৰাম মন্দিৰ নিৰ্মাণ কৰি উত্তৰপ্ৰদেশত এইবাৰ ক্লিন শ্বুইপ কৰিম বুলি ভবা বিজেপিয়ে ইমান বেয়াকৈ ৰাজ্যখনত উজুটি খালে যে ভবা নাছিল এনে দশা হ’ব তেঁওলোকৰ। এইবাৰ নিৰ্বাচন বিভিন্ন দিশত ব্যতিক্ৰম আছিল।

২০১৯ চনত ৩০৩খন আসন অকলেই লাভ কৰা বিজেপিয়ে এইবাৰ ২৭২ মেজিক সংখ্যা বহু দূৰৈত ৰৈ গ’ল। ৰাহুল গান্ধীক পাপ্পু আখ্যাৰে ইতিকিং কৰাত ব্যস্ত থকা স্মৃতি ইৰাণী নামৰ শক্তিশালী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ সংসদীয় ৰাজনীতি স্মৃতি হৈ পৰিল।

অসমৰ প্ৰেক্ষাপটতো এই নিৰ্বাচনে ক্ষমতাশালীসকলক বহু শিক্ষা দিলে। কেৱল ধন আৰু বাহু বলেৰে যে নিৰ্বাচনত জয়ী হ’ব নোৱাৰি সেই প্ৰমাণ দিলে যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰে। বহু চেষ্টা কৰিও অসমত ১৪খন আসনৰ ১১খনতে জয়লাভ কৰিও যেন তেঁওলোক পৰাজয় হ’ল এই নিৰ্বাচনত।

দৰ্পচূৰ্ণ হ’ল তেঁওলোকৰ অহংকাৰ। পানীত পৰিল শ শ কোটি টকা। নিৰ্বাচনৰ আগত বা ভোটগ্ৰহণৰ সময়ত তেঁওলোকে যি আস্থাৰে জয়ী হ’মেই বুলি দম্ভালি মাৰিছিল, সেই দম্ভালি ভোগদৈৰ পানীত উটি গ’ল।  

মতা মাছ,মাইকী মাছ মন্তব্যৰ বাবে এদিন খুব সমালোচিত হৈছিল এজন যুৱক। যুৱকজনৰ নিজা পৰিচয় নাছিল যদিও; তেওঁৰ পিতৃৰ পৰিচয়ৰে মানুহে এই যুৱকজনক চিনিবলৈ অসুবিধা নহৈছিল। কাৰণ তেওঁ আছিল তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ একমাত্ৰ পুত্ৰ।

উচ্চ শিক্ষিত এই যুৱকজনে ৰাজনীতিত প্ৰৱেশ কৰাতো সেই সময়ৰ বহু প্ৰভাৱশালী লোকে বিচৰা নাছিল। কিন্তু পিতৃয়ে তেওঁক ৰাজনীতিলৈ অনাত সেয়া এক দলীয় অন্তঃকন্দলৰো বিষয় হৈ পৰিছিল।

বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰে ৰাজনৈতিক সংঘাতৰ এয়া এক প্ৰধান কাৰণ আছিল। যিকোনো প্ৰকাৰে পৰৱৰ্তী সময়ত এই যুৱকজনক ৰাজনৈতিকভাৱে নিশকতীয়া কৰিবলৈ সকলো ধৰণৰ অভিসন্ধি ৰচা হৈছিল।

অসমৰ সমাজ জীৱনৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নথকা বুলি তেওঁক নস্যাৎ কৰি দিব বিচৰা হৈছিল। পিতৃয়ে ঘৰত ‘ধাম্পা’ বুলি মতা মেধাৱী এই যুৱকজনে ৰাজনীতিত প্ৰৱেশ কৰি সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছিল নিজৰ প্ৰতিভাৰে।

তেওঁ দেশৰে এজন আগশাৰীৰ সাংসদ হৈ পৰিছিল। সদনত সততে সৰৱ হৈছিল এই সাংসদগৰাকী। অসমৰ এজন যোগ্য প্ৰতিনিধি হিচাপে তেঁওক শাসক-বিৰোধী সকলোৱে স্বীকাৰ কৰিছিল। তেওঁৰ বাকপটুতা আৰু সৰলতাই মানুহৰ মন জয় কৰিছিল। পিতৃ তৰুণ গগৈৰ যোগ্য ৰাজনীতিক উত্তৰাসূৰী যে তেঁও সেয়া প্ৰমাণ কৰিছিল।

তেওঁ ২০১৯ চনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। সপ্তাদশ লোকসভা গঠন হৈছিল ২০১৯ৰ ২৩মে’ত। এই ৫বছৰত সদনত তেঁওৰ উপস্থিতিৰ হাৰ আছিল ৭৬শতাংশ।

উক্ত সময়চোৱাত তেঁও সদনত মুঠ ৭৮টা বিৰ্তকত অংশ লৈছিল। সদনৰ শেষৰটো বিৰ্তকত তেঁও অংশ লৈছিল ১০ফেব্ৰুৱাৰী ২০২৪ত। ৰাম মন্দিৰ সন্দৰ্ভত তেঁও এই বিৰ্তকত অংশ লৈ মন্তব্য আগবঢ়াইছিল।

ইয়াৰ উপৰিও সদনত তেঁও অংশ লোৱা উল্লেখযোগ্য বিৰ্তকসমূহ আছিল- ২০২৪ৰ ৮ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত হোৱা বিৰ্তক, ২০২৩ৰ ৩আগষ্টত ডিজিটেল পাৰ্চনেল ডাটা পটেকশ্যন এক্টক লৈ হোৱা বিৰ্তক, ২০২২ৰ ৩১মাৰ্চত জলবায়ু পৰিৱৰ্তন শীৰ্ষক আলোচনা আদি।

২০২২ত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ২৫মাৰ্চত আন এক বিৰ্তকত সবল বক্তব্য আগবঢ়াইছিল তেঁও। সদনত অসমৰ নিবনুৱা সমস্যা আৰু ৰাজ্যখনৰ বহু যুৱকে আলফা স্বাধীনত যোগদান কৰা প্ৰসংগত তেঁও ২০২২ৰ ২৩মাৰ্চত বক্তব্য দাঙি ধৰিছিল। বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদন, ‘কা’ আন্দোলনত মৃত্যু হোৱা সকলৰ ন্যায়িক তদন্তৰ দাবী, অসমৰ বান সমস্যা আদি প্ৰসংগটো সদনত সৰৱ হৈছিল এইগৰাকী সাংসদ।

২০১৯ৰ ১১ডিচেম্বৰত তেঁও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদনত উদাত্ত ভাষণ আগবঢ়াইছিল। একেদৰে সদনত ২৪৫টা প্ৰশ্ন কৰিছিল সাংসদগৰাকীয়ে। মুঠ ৫খন প্ৰাইভেট মেম্বাৰ বিল সদনত উত্থাপন কৰিছিল।

তেঁও সদনত প্ৰদান কৰা বক্তব্য দেশবাসীয়ে শুনিছিল মনোযোগেৰে। ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ভাৰতৰ অৰ্থনীতি, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিৰ সন্দৰ্ভত তেঁওৰ যুক্তিনিষ্ঠ বক্তব্যই ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

এনে এজন সাংসদ বিৰোধী পক্ষত থকাতো শাসকীয় পক্ষই কেতিয়াও নিবিচৰাতোৱেই স্বাভাৱিক। তাতে মুখ্যমন্ত্ৰীগৰাকী যদি ৰাজনৈতিক শত্ৰু হয় তেন্তে তেঁওক পৰাজয় কৰিবলৈ কি পৰ্যায়ৰ চেষ্টা চলিব পাৰে সেয়া অনুমান কৰক।

যোৰহাটৰ সচেতন ভোটাৰে পুনৰ সদনত তেঁওৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰিছিল। অসমৰ ৰাইজে দিল্লীলৈ তেঁও আকৌ এবাৰ যোৱাতো বিচাৰিছিল। তাৰ বিপৰীতে শাসকীয় বিজেপি নেতা মন্ত্ৰীয়ে তেঁওক পৰাজয়ৰ চক্ৰবেহু ৰচিছিল।

যিজন মন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে যোৰহাট সমষ্টিত তেঁওক পৰাজয় কৰাৰ দায়িত্ব দিছিল সেই দায়িত্বশীল মন্ত্ৰীয়ে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই ঘোষণা কৰিছিল- তেঁও জয়ী হ’লে ৰাজনীতিয়েই ত্যাগ কৰিব। আন এগৰাকী বহুবল্কী মন্ত্ৰীয়ে পিতৃৰ নামত তেঁও জয়ী হোৱা বুলি উল্লেখ কৰি এইবাৰ নিজৰ নামত জয়ী হৈ দেখুৱাবলৈ প্ৰত্যাহ্বান জনাইছিল।

এজন বিধায়কে বাঁও হাতেৰে লিখি দিম বুলি কৈছিল এইবাৰ নিৰ্বাচনত তেঁও হাৰিব বুলি। নগাঁও সমষ্টিত প্ৰথমে তেঁও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি খবৰ ওলাইছিল। এই সমষ্টিটোত ৬২শতাংশ মুছলমান ভোট থকাৰ বাবে তেঁও মিঞা ভোটেৰে জয়ী হ’বলৈ চেষ্টা কৰা বুলি অপপ্ৰচাৰ চলিছিল।

যোৰহাটত তেঁও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাতো নিশ্চিত হোৱাত মুখ্যমন্ত্ৰীৰ সেনাপতি ৰূপত অৱতীৰ্ণ হোৱা মন্ত্ৰীগৰাকীয়ে তেওঁ য’তেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তাতেই তেঁওক হৰুৱাব বুলি দাংকোপ মাৰিছিল।

৪জুন ২০২৪ আহিল। পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছিল ভোটগণনা। মানুহৰ বিশেষ দৃষ্টি আছিল যোৰহাট সমষ্টি। দিল্লীয়েও খবৰ ৰাখিছিল সমষ্টিটোৰ। ভোটগণনা পৰ্ব আগবাঢ়িছিল। এবাৰো তেঁও পিছ নপৰিল। প্ৰতিটো ৰাউণ্ডতে অগ্ৰগতিৰ ধাৰাবাহিকতা তেঁও ৰক্ষা কৰিলে। ৭৫১৭৭১টা ভোটেৰে তেঁও প্ৰথম স্থানত থাকিল শেষলৈকে।

মুখ্যমন্ত্ৰীয়ে যিগৰাকী প্ৰাৰ্থীক জয়ী কৰাব বিচাৰিছিল তেঁও পৰাজয় হ’ল। ১লাখ ৪০হাজাৰৰো অধিক ভোটত তেঁও জিকি গ’ল। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে এক্স হেণ্ডেলত টুইট কৰিলে।  তেঁওক অভিনন্দন জনাই কংগ্ৰেছ নেতাজনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ ইংগিত এই নিৰ্বাচনৰ জৰিয়তে অসমৰ ভোটাৰে তেঁওৰ দ্বাৰাই দিয়া বুলি উল্লেখ কৰিলে।

১১খন আসনত এন ডি এ জয়ী হ’লেও অসমত বিজেপিয়ে লাভ কৰা ভোটৰ শতকৰা হাৰ ৩৭.৫৬ শতাংশ। ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিলে ৩৭.৩৯ শতাংশ ভোট। বিজেপিয়ে ৰাজ্যখনৰ ১২টা লোকসভা সমষ্টিত ৭৪২৯৮১৩টা লাভ কৰিলে এইবাৰ। কংগ্ৰেছে অসমত লাভ কৰা ভোটৰ সংখ্যা ৭৩৯৫৫৬৩টা।

অনাগত নিৰ্বাচনসমূহৰ বাবে এই ভোটৰ সংখ্যা দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ হ’ব। যোৰহাট সমষ্টিত অৱশ্যে দিল্লী-দিশপুৰৰ তাত বাতিয়েও তেঁওক পৰাস্ত কৰিব নোৱাৰাৰ কাৰণ কংগ্ৰেছৰ প্ৰতি সমৰ্থন নহয়। এয়া এজন উপযুক্ত প্ৰাৰ্থীৰ প্ৰতি ৰাইজৰ মৰম।

সন্ধিয়া ৮-০০বজাত সামাজিক মাধ্যমত পোষ্ট দিয়াৰ বাবে বিখ্যাত হৈ পৰা শাসকীয় দলৰ খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়েও তেঁওক এই অসাধাৰণ বিজয়ৰ বাবে মুকলিকৈ অভিনন্দন আৰু শুভেচ্ছা জনালে। বিজেপি বিধায়কগৰাকীয়ে ক’লে- এই ফলাফল কেইবাটাও দিশত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়ে প্ৰমাণ কৰে যে - ধন, ডাঙৰ প্ৰচাৰ অভিযান, অতিমাত্ৰাত নেতৃত্ব আৰু দৰ্পী ভাষণে নিৰ্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে।

এনে স্বীকাৰোক্তিৰ পাছত আৰু ক’বলৈ বাকী থাকিল কি? বাকী আছে কেৱল সেই ক্ষমতাশালী মানুহজনে ক’বলৈ- সকলো চেষ্টা কৰিও মই হাৰি গ’লে, জিকি গ’ল গৌৰৱ গগৈ

নাই, নোৱাৰিলোঁ...
এগজিত প’ল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in