এগজিত প’ল

এগজিত প’ল

আৰু কেইটামান ঘণ্টা আমি অপেক্ষা কৰিব নোৱাৰো। আচলতে আমাক অপেক্ষা কৰিব নিদিয়ে। সেই অপেক্ষাৰ অন্ত পেলাই একপ্ৰকাৰ অনুমানৰ ভিত্তিত কিছু ফলাফল ৰাজহুৱা কৰে কিছু সন্থাই।

সেই ফলাফলবোৰক লৈ আমি ব্যস্ত হৈ পৰোঁ। আমাৰ জীৱনত এনেধৰণৰ আগতীয়া ফলাফলৰ বাবে আমাৰ আগ্ৰহ নতুন কথা নহয়। মেট্ৰিক পৰীক্ষাৰ দিয়াৰ পাছত ফলাফল ঘোষণাৰ বাবে কিছুদিন থাকে।

সেই দিনকেইটা অভিভাৱক-পৰীক্ষাৰ্থীৰ যেন নাযায়-নুপুৱায়। কিছু অভিভাৱক বা পৰীক্ষাৰ্থীয়ে হাতত তামোল-পাণ এযোৰা আৰু কিছু টকা মাননি লৈ অঞ্চলটোত এনে আগতীয়া গণনা কৰিব পৰা বুলি পৰিচিত থকা বিশেষ লোকৰ কাষ চাপে।

সাধাৰণতে গাঁৱত এই লোকসকলে মঙল চাই আপদ-বিপদৰ পৰা পৰিত্ৰাণ পোৱা বিধান দিয়ে। পৰীক্ষা কেনে হৈছে সুধি এনে বিশেষ মঙল চোৱা লোকজনে মাটি বা ফলিত আঁক-বাক কৰি আগতীয়াকৈ ফলাফল ঘোষণা কৰে।

কেতিয়াবা সেই ফলাফল মিলে, কেতিয়াবা সেই ফলাফল নিমিলে। ফলাফল গণনা কৰি এইধৰণৰ লোকসকলে এনে কিছু উত্তৰ দিয়ে যিবোৰ উত্তৰত পৰিচিত ল’ৰাটোৰ ফলাফলৰ সন্দৰ্ভত এক সম্ভাৱনা ব্যক্ত কৰিব পৰা থল থাকে।

দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত এইধৰণৰ গণনাৰে এগজিত প’ল নাম দি নিৰ্বাচনৰ ফলাফলক লৈ সম্ভাৱ্য সংখ্যা দাঙি ধৰে কিছু বাতৰি চেনেল বা সংস্থাই। সকলো সাধাৰণ মানুহে অনুমান কৰাৰ ধৰণেই এই সংখ্যাবোৰে কেতিয়াবা কাৰোবাক সুখী কৰে আৰু কেতিয়াবা কাৰোবাক দুখী কৰে।

ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু নিৰ্বাচনত ই এক এৰিব নোৱাৰা অংগ হৈ পৰিছে। ইয়াক লৈ আমি ইমান ব্যস্ত হৈ পৰো যে সেয়া এক ব্যৱসায়ও হ’বলৈ ধৰিছে।

ৰাজনৈতিক দলবোৰে নিৰ্বাচনৰ পূৰ্বে অপেনিয়ন প’লৰ পৃষ্ঠপোষকতা কৰে। সেই পৃষ্ঠপোষকতাই ৰাজনৈতিক দলটোৰ প্ৰতি এক নিৰ্বাচনী হাৱা মানুহৰ মাজত সৃষ্টি কৰে। অৱশ্যে ইয়াক বাস্তৱত ফলাফলৈ ৰূপান্তৰ কৰাত বহু কাৰকে প্ৰভাৱ পেলায়।

এজন ভোটাৰে এইধৰণৰ সমীক্ষা চলোৱা সংস্থাবোৰক সঁচা কথা নক’বও পাৰে  ! সেয়ে হ’লে ইয়াৰ বাস্তৱিক শুদ্ধতাৰ শতাংশ হ্ৰাস পায়। কোটি কোটি ভোটাৰৰ মাজৰ পৰা ৰেণ্ডম চেম্পলৰ জৰিয়তে এইধৰণৰ সমীক্ষা কৰোতে সঠিক চেম্পল সংগ্ৰহৰো এক প্ৰত্যাহ্বান থাকে।

যাৰ পক্ষত এই ফলাফলবোৰ হয় তেঁওলোকে এই এগজিত প’লবোৰক সমৰ্থন কৰে আৰু বাকীবোৰে তাক গুৰুত্বহীন আখ্যা দিয়ে। ২০২৪ৰ লোকসভা নিৰ্বাচনত এন ডি এ পুনৰ চৰকাৰ গঠন কৰিব আৰু এই এগজিত প’লবোৰৰ দাবী- ৩৫০ৰো অধিক আসন লাভ কৰিব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে।

২০১৯ আৰু ২০১৪ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছত প্ৰকাশ কৰা এগজিত প’লবোৰৰ ফলাফল লক্ষ্য কৰিলে দেখা যায় বহু কেইটা সংস্থাই সঠিকভাৱে সেই অনুমান কৰিব পাৰিছিল। কিন্তু আন কেইবাটাও সংস্থাৰ এগজিত প’লৰ ফলাফল মিছা প্ৰমাণিত হৈছে।

২০১৪ চনত আটাইবোৰ এগজিত প’লৰ ফলাফলৰ গড় উলিয়ালে এন ডি এ সৰ্বাধিক ২৮৩খন আসন লাভ কৰিব বুলি কোৱা হৈছিল। সেইবাৰ এন ডি এয়ে ৩৩৬খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

বিজেপিয়ে অকলেই ২৮২খন আসন পাইছিল। এতিয়া এই এগজিত প’লবোৰক আমি সঁচা বুলি ধৰিম  নে মিছা বুলি ধৰিম? কিয়নো সেইবাৰ এনে এগজিত প’লো প্ৰকাশ পাইছিল যে কোনো দলেই চৰকাৰ গঠন কৰিব পৰাকৈ মেজিক নম্বৰ লাভ নকৰে।

ৰাজনৈতিক বাতাৱৰণে ভোটাৰক প্ৰভাৱম্বিত কৰে। বহু ভোটাৰে কাক ভোট দিছে ক’বলৈ ইচ্ছা নকৰে। তেনে ভোটাৰক চেম্পল হিচাপে কোনো এগজিত প’লৰ সমীক্ষকে গ্ৰহন কৰিলে ইয়াৰ শুদ্ধতা হ্ৰাস পোৱাটোৱেই স্বাভাৱিক।

ই এক প্ৰত্যাহ্বানমূলক ব্যৱস্থা। মিলি যাবও পাৰে, নিমিলিবও পাৰে। এগজিত প’লৰ এই চৰ্চাৰ মাজতে ২জুন ২০২৪ত লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অনুষ্ঠিত হোৱা ২ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ওলাল।

অৰুণাচলত বিজেপিয়ে আৰু ছিকিমত ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ এছ কে এমে চৰকাৰ গঠন কৰাৰ ৰায় ভোটাৰে দিলে। বিশেষকৈ ছিকিমত ৩২খন আসনৰ বাবে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ৩২খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰি এছ কে এমে ৩১খন আসমত জয়লাভ কৰিলে।

শাসনলৈ অহা দলটোৱে মুঠ ৫৩.৩৮ শতাংশ ভোট পালে এইবাৰ। কেৱল এখন আসনতে সন্তুষ্ট থকা এছ ডি এফে ২৭.৩৭শতাংশ ভোটহে লাভ কৰিলে। বিজেপিয়ে এখনো আসন লাভ নকৰিলে যদিও ৫.১৮ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হ’ল।

কংগ্ৰেছে এখনো আসন লাভ নকৰিলে এই নিৰ্বাচনত। ১২খন আসনত দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও মাত্ৰ ০.৩২শতাংশ ভোটহে লাভ কৰিলে। লক্ষ্যণীয়ভাৱে এই নিৰ্বাচনত ০.৯৯ শতাংশ ভোট পৰিল ন’টাত।

এয়া এক উল্লেখযোগ্য দিশ। ন’টাৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কোনো ৰাজনৈতিক দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থী যদি ভোটাৰৰ পচন্দ নহয় তেনেহ’লে বিকল্পৰূপে ভোটাৰে ন’টাৰ বুটাম টিপিছে।

এনে ধৰাবাহিকতা অৱ্যাহত থাকিলে এনে দিনো আহিব পাৰে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলবোৰতকৈ ন’টাতহে বেছি ভোট পৰিছে। এয়া নিৰ্বাচনী বাস্তৱতা।

নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা হ’ব। ই ভি এমত বন্দী হোৱা সেই ফলাফলৰ ভোটগণনা হ’লে জনতা জনাৰ্দনে দিয়া ৰায় ওলাই পৰিব।

কেইটামান ঘণ্টাৰ অপেক্ষা নকৰি এগজিত প’লকে এগজেক প’ল বুলি গন্য কৰা সকলৰ বাবে সেয়া সত্যও প্ৰমাণিত হ’ব পাৰে, নতুবা এনে এগজিত প’ল এগজেক প’ল নহোৱাৰো বহু উদাহৰণ আছে।   

এগজিত প’ল
সময়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in