হিমন্ত,পীয়ুষেই জিকাব গৌৰৱক...

হিমন্ত,পীয়ুষেই জিকাব গৌৰৱক...

নিৰ্বাচনৰ বতৰত কিছুমান দল-সংগঠনৰ চটফটনি বেছি হয়। পাহৰি যায় তেওঁলোকে তেওঁলোক যে অৰাজনৈতিক সংগঠন। বৰ কৌশলেৰে নিৰ্বাচনী বাতাৱৰণৰ মাজতেই এনে একাংশ অৰাজনৈতিক তথাকথিত জাতীয় সংগঠনৰ ভূমিকা আৰু স্থিতিক লৈ সন্দেহৰ অৱকাশ ৰৈ যায়।

উজনি অসমত এক শক্তিশালী অৱস্থান আছে আহোম জনগোষ্ঠীৰ। ৰাজ্যখনত ৫৫লাখ আহোম জনগোষ্ঠীৰ লোক আছে বুলি কোৱা হয় যদিও সেই সংখ্যা ৪০-৪৫লাখৰ অধিক নহ'ব বুলিয়ে ধৰা হয়। আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা একাংশ সংগঠনৰ যোৱা কিছুদিনৰ নিৰ্বাচনীক ততপৰতা পৰোক্ষ বা প্ৰত্যক্ষভাৱে মনকৰিবলগা হৈছে।

তেওঁলোকৰ জনসমৰ্থন আৰু এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰা সক্ষমতা কিমান আছে তাক লৈ মাজে মাজে প্ৰশ্ন উঠে। সেই প্ৰশ্নৰ মাজতেই এই সংগঠনসমূহৰ নেতৃত্বই ৰাজনৈতিক হাৱা সলনি কৰিব পৰা কিছু হুংকাৰে নিজস্বতাক জাহিৰ কৰিব খোজে।

আনক জবাবদিহি কৰিব খোজা এই ধৰণৰ সংগঠনৰ স্থিতিয়ে ৰাইজৰ মাজতেই বিভ্ৰান্তিৰ সৃষ্টি কৰে। তেওঁলোকক এনে ঠিকা কোনে দিলে বুলি সাধাৰণ লোকে প্ৰশ্ন কৰিলে সেই উত্তৰ তেওঁলোকৰ হাতত নাই। শাসনত থকা শাসকীয় দলৰ বৰমূৰীয়াসকলক জবাবদিহি কৰিব নোৱাৰা এইচাম লোকে কোনো নিৰ্দিষ্ট বিষয়কলৈ যি হুংকাৰ দিয়ে সেই হুংকাৰক ক্ষমতাশালী দলৰ স্বাৰ্থসিদ্ধি কৰাৰ মহাকৌশলে অনুঘটকৰ ভূমিকা পালন কৰে।

অসমত কিমান আহোম লোকৰ সংগঠন আছে। সেই সংখ্যা ১০-১২ৰ অধিক হ'ব। যিসকলে অতি আন্তৰিকতাৰে এই জনগোষ্ঠী স্বাৰ্থ আৰু অধিকাৰৰ হকে কাম কৰি আছে তেওঁলোকক একাষত থৈ বাকীসকলৰ ক্ষেত্ৰত প্ৰশ্ন কৰাৰ অৱকাশ আহি পৰিছে। কিয় লাগে ইমান আহোম সংগঠন! কাৰোবাক নেতা হ'বলৈ, নে আহোম লোকক বন্ধকত থৈ কাৰোবাৰ সৈতে কোনোবাই দৰ-দাম কৰিবলৈ।

ছয় জনগোষ্ঠীৰ প্ৰসংগত আহোম লোকক প্ৰতিনিধিত্ব কৰা এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীক স্থিতি স্পষ্ট কৰিবলৈ জনোৱা আহ্বানত জানো আন্তৰিকতা লুকাই আছে। বহু উদাহৰণে কয়- এয়া একা ৰাজনৈতিক অদৃশ্য মহাঅস্ত্ৰ। যালৈ সেই অস্ত্ৰ নিক্ষেপ কৰা হৈছে তেওঁৰ ক্ষতি হ'লে বিপক্ষজনৰ লাভ হয়।

কিন্তু সাংসদ হৈও সদনত নীৰৱ ভূমিকা পালন কৰা, ছয় জনগোষ্ঠী জনজাতিকৰণক লৈ কোনো দিনেই মাত নমতা সকল শাসকীয় পক্ষৰ হোৱাৰ বাবেই এই ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰা হৈছে নেকি!

ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে, ৬০০বছৰ ৰাজত্ব কৰা আহোমসকলক আজি তাৰিখত সবল প্ৰতিনিধিত্ব কৰিব পৰা গ্ৰহণযোগ্য ব্যক্তি তথা নেতৃত্ব দিব পৰা লোকৰ অভাৱ। কোনোবা জনে আহোম জাতীয় সংগঠনৰ নেতৃত্ব লৈ ডাঙৰ ঠিকাদাৰ হৈছে, কোনোবা জনে ব্যৱসায় চম্ভালিছে, কোনোবাজনে শাসকীয় পক্ষই সংস্থাপন কৰা আসনত বহি নিজৰ স্বাৰ্থ সিদ্ধি কৰি গৈছে।

কাৰেংঘৰ গাখীৰে ধুই চুৱা মুক্ত কৰা নেতাও গেৰুৱা হৈ পৰাৰ উদাহৰণ আছে। ভাইৰেল হৈছিল মুখ্যমন্ত্ৰীৰ কাষলৈ কাৰোবাক নিম বুলি প্ৰলোভন দি জাতিটোৰ নামত ৰাজনৈতিক ব্যৱসায় কৰা লোকৰ কথোপকথন। এইবোৰ নেতাক লৈ কেনেকৈ সপোন দেখিব পাৰে আহোম সকলে!

গৰিষ্ঠ সংখ্যকেই নিজস্বতা হেৰুৱাই সংগ্ৰামী ধাৰাটোৰ পৰা আঁতৰি শাসকীয় পক্ষৰ ভেড়া ছাগলী হৈ পৰিছে। তেওঁলোকৰ কোনো নিৰপেক্ষ দৃষ্টিভংগীয়েই নাই। আহোমসকলক টানি আনি সংগঠন কৰাৰ নামত আঁৰত থাকি বিজেপি হৈ পৰা ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ীক স্বাৰ্থত দৰ-দাম চলাই চৰকাৰৰ হৈ।

পুৰোধা বুলি ভবাসকলে জাতিটোৰ প্ৰতি দয়া নকৰি মহা আনন্দৰে ইটো দলৰ পৰা সিটো দলৰ মজিয়া বগাই আহোম সংগঠনৰ একাংশ নেতাক বজাৰৰ ঘোঁৰা সজাই পেলাইছে। কথা তেওঁলোকে ঠিকেই কয় যদিও নৈতিকতাত জাতীয় আন্তৰিকতাৰ সলনি নিজাকেন্দ্ৰিক সমীকৰণবোৰে ক্ৰিয়া কৰেহি।

এই সুবিধাবাদী স্থিতি লৈ আহোমৰ নামত দৰদাম চলোৱা সকলে যি ইচ্ছা তাকেই কৈ দিব পাৰে। মানুহৰ মাজত চৰ্চা চলিছে বহু এনে সংগঠনৰ নেতাই ধনত, মানত, প্ৰলোভনত বা দমনত স্বকীয়তা হেৰুৱাই পেলাইছে। নতুন মূল্যবোধৰ কোনো অৱকাশ অন্বেষণ নকৰাকৈ নিৰ্বাচনৰ সময়ত শিয়ালৰ দৰে হুৱা দিয়া নেতা পৰা এতিয়া কোনো আশা কৰিব নোৱাৰি।

আহোম সংগঠনৰ এনে স্থিতি মূলতঃ যোৰহাট লোকসভা সমষ্টিক লৈ অতি লক্ষ্যণীয় হৈ পৰিছে। যিকোনো প্ৰকাৰে গৌৰৱ গগৈক হৰুৱাবলৈ সকলো যেন উঠি-পৰি লাগিছে। লুৰীণজ্যোতি গগৈক এই নিৰ্বাচনী ৰণক্ষেত্ৰৰ পৰা পলাই পত্ৰং দিয়াবলৈ কৰবাত চক্ৰান্ত চলিছে।

শাসকীয় পক্ষৰ লক্ষ্য যোৰহাটত কোনো কাৰণতে গৌৰৱ গগৈ জয়ী হ'ব নালাগে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেয়েহে আন সমষ্টিতকৈ যোৰহাটলৈ বেছি দৌৰিছে। সতীৰ্থ মন্ত্ৰীক সেই দায়িত্ব বিশেষভাৱে অৰ্পণ কৰিছে। গৌৰৱ গগৈ এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ সাধাৰণ লোকৰ প্ৰাৰ্থী হৈ পৰিছে।

তেনে সময়ত সকলো ফালৰ পৰাই গৌৰৱ গগৈৰ ওপৰত আক্ৰমণ চলিছে। কিয়নো গৌৰৱ গগৈৰ দৰে এজন সক্ৰিয় আৰু দক্ষ সাংসদ বিৰোধী আসনত বহিবলৈ নিৰ্বাচিত হৈ যোৱাটো চৰকাৰৰ বাবে মূৰ কামোৰণি হৈ পৰিব। তাতে অসমৰ বিসম্বাদৰ ইতিহাস জনাসকলে জানে গৌৰৱ গগৈ কিয় কাৰোবাৰ বাবে ফেক্টৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১এপ্ৰিল ২০২৪ৰ পৰা ১২এপ্ৰিল ২০২৪ৰ লৈকে নিৰ্বাচনী প্ৰচাৰৰ সভাসমূহৰ স্থান লক্ষ্য কৰিলে দেখা যায় তেওঁৰ প্ৰধান টাৰ্গেট কেৱল যোৰহাট। ১এপ্ৰিলত মাজুলী, ৬এপ্ৰিলত তিতাবৰ, মৰিয়নী, নাজিৰা, ৯এপ্ৰিলত চৰাইদেউ, ১০এপ্ৰিলত শিৱসাগৰ, ১১ এপ্ৰিলত তিতাবৰ, টিয়ক, মাহমৰা আদিত নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

আনবোৰ সমষ্টিতকৈ যোৰহাট তেওঁৰ বাবে বিশেষৰো বিশেষ! মন্ত্ৰী পীয়ুষ হাজৰিকাও এই সমষ্টিটোতে বাহৰ পাতি লৈছে। মুখ্যমন্ত্ৰী, পীয়ুষ হাজৰিকা সকলোৰে মুখত গৌৰৱ গগৈৰ কথা। এই জোৰ দেখি ৰাইজেও ভাবিবলৈ বাধ্য হৈছে গৌৰৱ গগৈক লৈ শাসকীয় পক্ষৰ শিবিৰ কঁপিছে।

কেৱল গৌৰৱ, গৌৰৱ আৰু গৌৱৰ হৈ পৰাৰ ফলত মানুহে সেই অঘটনৰ উমান পাইছে। গৌৰৱক এনেদৰে প্ৰয়োজনতকৈ অধিক গুৰুত্ব দিয়াৰ ফলত মানুহৰ মাজত গৌৰৱ গগৈৰ প্ৰাসংগিকতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে।

কেনেবাকৈ যদি বিজেপি আৰু শাসক পক্ষই ৰাজ্যৰ ১৪খন লোকসভা সমষ্টিৰ ১৩টাতো জয়ী হয়, যোৰহাটত পৰাজয় হয় সেয়া বিজেপিৰ বাবে জয়-পৰাজয়ৰ সমান হ’ব। কোনে জানে, সেই দিশেই কিজানি শেষত নিৰ্বাচনী ফলাফলৰ বতাহ বলে।

লোকসভা নিৰ্বাচন-২০২৪ত অসমত এনে অঘটন ঘটাৰ শংকাও আছে। গৌৰৱ গগৈৰ ভূতে লম্ভাসকলৰ ছিঞৰ-বাখৰে মানুহক কিন্তু প্ৰভাৱাম্বিত কৰিছে। আহোম জাতীয় সংগঠন সমূহে ৰাজনৈতিক ধূসৰতাৰ মাজত সিদ্ধান্ত লৈছে।

জাতিৰ স্বাৰ্থত তেওঁলোক নিৰপেক্ষ আৰু সাহসী হওক। আহোম জনগোষ্ঠীৰ ভোট কাৰোবাৰ ওচৰত বিক্ৰী কৰিবলৈ তেওঁলোক ভোটৰ বেপাৰী নহয়। তেওঁলোক এক জাতীয় সংগঠন সেই কথা বুজি উঠা সময় অৱশ্যে পাৰ হৈ গৈছে কেতিয়াবাই।

জানি থোৱা উচিত, তেনে তথাকথিত কিছু নেতাৰ কথা মতে আহোম সমাজ নচলে। ঐতিহ্য আৰু ইতিহাসে কয়, আহোমৰ সাধাৰণ জনতা গৰজি উঠিলে দিল্লীত মোগলৰ বাদশ্বাহো কপিঁ উঠিছিল...

হিমন্ত,পীয়ুষেই জিকাব গৌৰৱক...
'নিভাঁজ'ত ভেজাল মানুহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in