'নিভাঁজ'ত ভেজাল মানুহ...

'নিভাঁজ'ত ভেজাল মানুহ...

অসমীয়া প্ৰতিদিন ডিজিটেল আৰু অসমীয়া প্ৰতিদিনত প্ৰকাশ পাইছিল ইষ্টাৰ্ণ অগ্ৰো প্ৰচেছিং এণ্ড টি ৱেৰ হাউছিং সমবায় সমিতিত সংঘটিত অনিয়ম আৰু দুৰ্নীতিৰ এক বাতৰি। ৫ এপ্ৰিল ২০২৪ চনত প্ৰকাশিত এই খবৰ এক প্ৰকাৰৰ মিছা বুলি এক স্পষ্টীকৰণ প্ৰদান কৰিছে সমবায় সমিতিখনৰ সভাপতি পংকজ চন্দ্ৰ বৈশ্য আৰু সমবায়খনৰ সম্পাদক দীনেশ চন্দ্ৰ বৈশ্যই।

৮ এপ্ৰিল ২০২৪ চনত প্ৰেৰণ কৰা এই স্পষ্টীকৰণ ১১ এপ্ৰিল, ২০২৪ চনৰ অসমীয়া প্ৰতিদিনৰ অষ্টম পৃষ্ঠাত প্ৰকাশিত হৈছে। এই স্পষ্টীকৰণত কোৱা হৈছে চৰকাৰী নীতি-নিয়ম আৰু আইন মানি এই সমবায়খন পৰিচালনা কৰি থকা হৈছে।

পঞ্জীয়ক কাৰ্যালয়ৰ তত্বাৱধানত সম্পূৰ্ণ নীতি-নিয়মেৰে সঞ্চালক মণ্ডলী গঠন কৰা হৈছে আৰু উপযুক্ত নিয়মেৰে সভাপতি হিচাপে ডা০ পংকজ বৈশ্যক নিৰ্বাচিত কৰা হৈছে। কাৰ্যালয়লৈ অহাৰ বাবদ প্ৰতিদিনে তেওঁ ২০০০ কৈ টকা লোৱা কথা উল্লেখ আছে এই স্পষ্টীকৰণত।

ইষ্টাৰ্ণ এগ্ৰো প্ৰছেচিং এণ্ড টি ৱেৰ হাউছিং সমবায় সমিতি ১৯৭১ চনতেই স্থাপন কৰা ৰাজ্যৰ এখন উল্লেখযোগ্য সমবায়। বহু স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ গৰাকী এই সমবায়খন।

সমবায়খনৰ এই সম্পত্তিৰ ওপৰত একাংশ লোকৰ চকু আছে সদায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫৩৫ জন শ্বেয়াৰ হোল্ডাৰ আছে এই সমবায়ত। সমবায়খনৰ নামত যদি বৰ্তমানৰ সভাপতি, সম্পাদক তথা এচাম লোকৰ লুণ্ঠনৰাজ চলা নাই বা ইয়াত কোনো দুৰ্নীতি বা অনিয়ম সংঘটিত হোৱা নাই তেনেহলে কিয় সমবায়খনৰ বিৰুদ্ধে চৰকাৰী তদন্ত চলাব লগা হৈছে।

RSG-GENOMISC/5/2023-GEN-RCS ৰেজিষ্টাৰ অৱ কৰ্পাৰেটিভ ছচাইটি 1/431666/2024 নম্বৰৰ তদন্তৰ প্ৰতিবেদখন মিছা নেকি? বিনোদ কুমাৰ আগৰৱালা নামৰ অতিৰিক্ত পঞ্জীয়ক, কৰ্পাৰেটিভ ছ'চাইটি(সাধাৰণ) য়ে এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল ৫ ফেব্ৰুৱাৰী ২০২৪ ত।

প্ৰতিবেদনখন বি. চক্ৰৱৰ্তী নামৰ মাণ্ডলিক যুটীয়া পঞ্জীয়কগৰাকীয়ে চিঠি ৰেফাৰেন্স নম্বৰ eCMP, 347903/2, তাং- ৩০-১০-২০২৩ ৰ আধাৰত সমবায়খন পৰিদৰ্শন কৰি প্ৰস্তুত কৰোতে এই অনিয়ম আৰু কেলেংকাৰীসমূহ পোহৰলৈ আহিছিল।

আসাম কৰ্পাৰেটিভ এক্ট ২০০৭ৰ ধাৰা ৮৮ ৰ আধাৰত এই পৰিদৰ্শন কৰি যিবোৰ আঁসোৱাহ ধৰা পেলাইছিল সেইবোৰ অস্বীকাৰ কিয় কৰিব নোৱাৰে এই সমবায়খনৰ কৰ্মকৰ্তাসকলে।

প্ৰতিবেদনৰ আৰম্ভণীতেই উল্লেখ কৰা হৈছে ২১ নবেম্বৰ ২০২৩, ত এইগৰাকী বিষয়াই নাজিমুদ্দিন তালুকদাৰ নামৰ জ্যেষ্ঠ কৰ্পাৰেটিভ ছচাইটিৰ পৰিদৰ্শক আৰু কনিষ্ঠ পৰিদৰ্শক সমৰ জ্যোতি শৰ্মাৰ সৈতে এই ছচাইটিখন পৰিদৰ্শন কৰিবলৈ গৈছিল।

সেই প্ৰতিবেদনৰ সমস্ত তথ্য অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰাৰ পাছত সেই প্ৰতিবেদনৰ অধ্যয়ন আৰু যাৱতীয় তথ্যৰ শুদ্ধতা নিৰূপনৰ পাছত এই বাতৰি প্ৰস্তুত কৰা হৈছিল।

সমবায়খনৰ সভাপতি, সম্পাদকে এই বাতৰি অস্বীকাৰ কৰাৰ পূৰ্বে চৰকাৰী তদন্তত ওলোৱা এই আঁসোৱাহসমূহ ভুল বুলি প্ৰমাণ কৰিব পাৰিবনে? যিজন সমবায়খনৰ সভাপতিয়ে বাতৰিটোৰ সন্দৰ্ভত স্পষ্টীকৰণ দিছে তেওঁৰ নিযুক্তিয়েই অনীতিগতভাৱে হৈছে।

এখন ব্যৱসায়িক ভিত্তিত চলা সমবায়ৰ সভাপতি হিচাপে তেওঁ নিৰ্বাচিত হ'বলৈ নিৰ্বাচনতে অংশ ল'ব নোৱাৰে। কিয়নো এই সমবায়খনৰ সভাপতিৰ দায়িত্বত থকা পংকজ চন্দ্ৰ বৈশ্য এজন চৰকাৰী চিকিৎসক। তেওঁ হাজো পিএইচইত কৰ্মৰত।

চৰকাৰী কৰ্মচাৰীয়ে এনে দায়িত্ব বা নিৰ্বাচনত যে অংশ ল'ব নোৱাৰে সেই কথা দ্যা আসাম চিভিল চাৰ্ভিছেছ(কনডাক্ট) ৰোলছ, ১৯৬৫ ত উল্লেখ আছে। যদি এই কথা ডা০ বৈশ্য নামৰ সভাপতিগৰাকীয়ে নাজানে তেনেহ'লে এই চাৰ্ভিছ ৰোলৰ ১২ নম্বৰত প্ৰাইভেট ট্ৰেড অৱ এমপ্লিয়মেন্টত ১ নম্বৰ ধাৰাত লিখা থকা কথাখিনি পুনৰ পঢ়ি চাব পাৰে।

য'ত স্পষ্টকৈ লিখা আছে- No government servant shall. except with the previous sanction of the government, engage directly or indirectly in any trade or business or undertake any other employment.

তাৰ পাছতো তেওঁ সভাপতি নিৰ্বাচিত হ'ল এই সমবায়খনত। এজন চৰকাৰী চিকিৎসক হিচাপে এই নিৰ্বাচনত অংশ ল'বলৈ ডা০ বৈশ্য আৰু এজন শিক্ষক কুলেন চন্দ্ৰ বৈশ্যই এনঅচি জমা দিছিল।

কিন্তু সেই এনঅচি সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰা হৈছিল নে? ডা০ পংকজ চন্দ্ৰ বৈশ্যই কামৰূপ-গ্ৰাম্যৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ পৰা এই এনঅচি লৈছিল। Estt/Jt.DHS(k)/MISC-3/17/6876 নম্বৰৰ এনঅচিখন ১৬-০৫-২০২৩ত ইচ্ছ্যু কৰা হৈছিল।

সেই সময়ৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক মহিতোষ বেনাৰ্জীয়ে এই এনঅচি প্ৰদান কৰিছিল। কিন্তু বিভাগীয় নিয়ম অনুসৰি কিবা কাৰণত কোনো চিকিৎসকক এই ধৰণৰ এনঅচি প্ৰদান কৰা ক্ষমতা স্বাস্থ্য বিভাগৰ সঞ্চালক বা স্বাস্থ্য বিভাগৰ সচিবৰহে থাকে।

এই বিষয়টো সন্দৰ্ভত স্বাস্থ্য বিভাগৰ সচিব বৰ্ণালী শৰ্মাক যোগাযোগ কৰা হৈছিল। জানিব বিচৰা হৈছিল এই ধৰণে এজন যুটীয়া সঞ্চালকে কোনোবা চিকিৎসকক এনঅচি প্ৰদান কৰিব পাৰেনে নোৱাৰে। তেওঁ এই কথা অসমীয়া প্ৰতিদিন ডিজিটেলক জনাইছিল যে সঞ্চালক বা সচিবে এই এনঅচি প্ৰদান কৰিব পাৰে।

বিষয়টো তেওঁক দৃষ্টিগোচৰ কৰাৰ পাছত স্বাস্থ্য বিভাগে এই অ-নিয়মৰে এনঅচি সংগ্ৰহ কৰা আৰু এনঅচি প্ৰদান কৰা লোকদুজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ'ব। আমি এনঅচি প্ৰদান কৰা যুটীয়া সঞ্চালক মহিতোষ বেনাৰ্জীৰ সৈতেও যোগাযোগ কৰিছিলো।

যুটীয়া সঞ্চালকগৰাকীয়ে আমাক তেওঁ এনে এনঅচি প্ৰদান কৰাতো ভুল আছিল বুলি স্বীকাৰ কৰি সেই এনঅচি প্ৰত্যাহাৰ কৰাৰ কথা জানিবলৈ দিছিল। যদি এনঅচিখন প্ৰত্যাহাৰেই কৰিছে তেন্তে এজন চৰকাৰী চিকিৎসকে এই নিৰ্বাচনী প্ৰক্ৰিয়াটোত অংশ লোৱা বিষয়টোৱেই অনুসন্ধান যোগ্য আৰু এই পদবীত তেওঁ কেনেকৈ বহি থাকিব পাৰে।

কৰ্পাৰেটিভ ছচাইটিয়ে প্ৰস্তুত কৰা প্ৰতিবেদনত ৬ নং পৃষ্ঠাৰ শেষৰ দফাত কি লিখা আছে তেওঁ পঢ়ি চোৱা দৰকাৰ। গভট চাৰভেন্ট এছ বিঅডি মেম্বাৰ শীৰ্ষক দফাত উল্লেখ আছে- ডা০ পংকজ কুমাৰ বৈশ্য আৰু কুলেন চন্দ্ৰ বৈশ্যৰ কথা।

তেওঁলোকে যে এনঅচি লব লগা কৰ্তৃপক্ষৰ পৰা লোৱা নাই সেই বিষয়ে লিখা এই চৰাকীৰ প্ৰতিবেদনৰ এটা শাৰীৰ নমুনা এনে ধৰণৰ- It is observed that NOCs are perhaps not issued by appropriate authority.

ইয়াৰ পাছত আৰু তেওঁ অবৈধভাৱে যে এই ছচাইটিখনৰ সভাপতিৰ দায়িত্ব লৈ আছে তাক কি ভাষাৰে বুজাব লাগিব। এয়া কেনেকৈ বৈধ হ'ব পাৰে? সভাপতি হিচাপে তেওঁ দায়িত্ব লৈ সমবায়খনৰ কাম কৰক। তাত আপত্তি নাই। কিন্তু এজন চৰকাৰী চিকিৎসক হৈ সেই দায়িত্ব পালন কৰাত গাফিলতি কৰিলে বা কেৱল কেইটামান টকাৰ আশাত এখন প্ৰতিষ্ঠত সমবায়ত লুণ্ঠনৰ জাল মেলিলে প্ৰতিবাদ হ'বনে নহয়।

এই প্ৰতিবাদেই সমবায়খনৰ বহু শ্বেয়াৰ হোল্ডাৰে কৰিছে। ডা০ বৈশ্যই এতিয়ালৈকে কেৱল টিএ বিলৰ নামত- ১ লাখ ৪৬ হাজাৰ টকা লৈছে। সমবায়খনৰ কাৰ্যালয়লৈ অহাৰ বাবদ তেওঁ প্ৰতিদিনে ২০০০ টকাকৈ লয়।

এতিয়া আহো ডা০ বৈশ্যই কিমান টকা মাহিলী লয় টিএ বিলৰ নামত। ২০২৩ চনৰ জুনত তেওঁ ২৮০০০ টকা আদায় লৈছিল কাৰ্যালয়লৈ অহা ভ্ৰমণ বনাচৰ নামত। এপ্ৰিল, ২০২৩ ত নিৰ্বাচিত হৈ মে' , ২০২৩ত ১৬০০০ টকা, জুলাই ২০২৩ত ২৪০০০ টকা আদায় লৈছিল ডা০ বৈশ্যই।

এইখিনি তথ্য ডা০ বৈশ্যই মিছা বুলি ক'ব নোৱাৰে কিয়নো ভাউচাৰত চহী কৰি এই ধন জেপত ভৰাইছিল তেওঁ। এটা মাহত ২৮০০০ টকা লোৱা মানে ১৪ দিন তেওঁ সমবায় কাৰ্যালয়লৈ আহিছিল। এজন চৰকাৰী চিকিৎসকে প্ৰতি মাহে গড়ে ১০-১৪ দিনকৈ ছুটী পাইনে? যদি নাপাই তেওঁ কেনেকৈ সমবায় কাৰ্যালয়টোত উপস্থিত আছিল। কোনোবা এটা কামত তেওঁ ফাঁকি দিয়া নাইনে?

স্পষ্টীকৰণত লিখিছে সঞ্চালক মণ্ডলী সভাই তেওঁৰ এই ভ্ৰমণ বনাচ ল'বলৈ অনুমোদন জনাইছিল। সাধাৰণ সভাত সেই অনুমোদন লোৱা বুলি স্পষ্টীকৰণত উল্লেখ কৰিছে। ডা০ বৈশ্য ডাঙৰীয়া, কোৰ্পাৰেটিভ ছচাইটি পঞ্জীয়কৰ কাৰ্যালয়ৰ ফালৰ পৰা প্ৰস্তুত কৰা তদন্ত প্ৰতিবেদনখন নিশ্চয় আপোনাৰ আছে। আপোনাৰ হাতত সেই প্ৰতিবেদন নাথাকিলে তাৰ প্ৰতিলিপি দিব পৰা যাব।

প্ৰতিবেদনখনৰ ৫ নং পৃষ্ঠাত টিএ বিল অৱ শ্বেয়াৰমেন শীৰ্ষক দফাত কি লিখা আছে পঢ়ি চাব। যত লিখিছে- During inspection it was observed that the chairman DR Pankaj baishya who is a govt servant has been taking T.A bills @2000 /- per his visit to the society without any approval of the BOD .

এতিয়া কথাখিনি বুজি পালে নিশ্চয়। মিছা স্পষ্টীকৰণৰ নামত আপোনালোকে মাতিছে নে এই বাতৰিত মিছা লিখা হৈছে। এই সভাপতিগৰাকীৰ কৃতিত্ব ইমানতেই শেষ হোৱা নাই।

নিভাঁজ মিঠাতেল বজাৰৰ চাহিদা থকা মিঠাতেল আছিল। স্থানীয়ভাৱে এচাম যোগানকাৰীয়ে সেই মিঠাতেলৰ কেঁচা সামগ্ৰী যোগান ধৰিছিল। তাৰ গুণগতমান কম বুলি ৰাজস্থানৰ পৰা প্ৰত্যক্ষভাৱে সেইবোৰ আমদানি কৰা আঁৰৰ কাহিনী নিশ্চয় আছে।

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তদন্ত কৰিলে কোটি কোটি টকাৰ আৰ্থিক অনিয়ম পোহৰলৈ আহিব। চাব লাগে সেই তদন্তত কিমান টকাৰ জিএচটি ফাঁকি দিয়া হৈছে। লোকচানত নিভাঁজ মিঠাতেল উৎপাদন কৰি কাৰ স্বাৰ্থ সিদ্ধি কৰা হৈছে।

ডা০ পংকজ চন্দ্ৰ বৈশ্য এণ্ড কোম্পানীৰ পৈতৃক সম্পত্তি নেকি এই সমবায়খন? সমবায়খনৰ সদস্যৰ নামত নিজা এচামলোকক সদস্যভুক্ত কৰি ব্যক্তিগত সম্পত্তিৰ দৰে কিয় এই সমবায়খন মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰিছে।

সদস্যৰ পঞ্জীয়নৰ ক্ষেত্ৰত উপযুক্ত তথ্য ছচাইটি বাই লৰ অনুসৰি কিয় অন্তৰ্ভুক্ত কৰা হোৱা নাই। মেম্বাৰ ৰেজিষ্টাৰত বহু শ্বেয়াৰ হোল্ডাৰত চহীয়েই নাই। তেওঁলোকৰ ক্ৰমিক নম্বৰৰ ক্ষেত্ৰতো আছে আসোঁৱাহ। তাৰো নিশ্চয় কাৰণ আছে।

এই সমবায়খনত একনায়কত্ববাদ চলোৱা ডা০ বৈশ্যই ৮ এপ্ৰিল,২০২৪ ৰ সঞ্চালক মণ্ডলীৰ সভাত বৰ বৰ ভাষণ শুনাইছিল। এই খবৰ ৰাজহুৱা হোৱাৰ পাছত খবৰ প্ৰস্তুত কৰা সাংবাদিক আৰু সংবাদ মাধ্যমটোৰ বিৰুদ্ধে ১০ কোটি নে কিমান টকাৰ মানহানি গোচৰ তৰাৰ কথা কৈছিল।

কোনে এই খবৰ দিছে তাৰ সন্ধান বিচাৰিবলৈ বিশেষ লোকক দায়িত্ব দিছিল। আনকি সমবায়খনত এনে দুৰ্নীতি হোৱাতো সঁচানে বুলি তেওঁৰ পৰাই জানিব বিচাৰোতে দম আছে যদি লিখক বুলি প্ৰত্যাহ্বান জনাইছিল।

প্ৰমাণ আৰু তথ্য আমি সংগ্ৰহ কৰিছিলো। শ্বেয়াৰ হোল্ডাৰৰ বহু লোকৰ সৈতে কথা পাতিছিলো। কৰ্পাৰেটিভ ছচাইটিৰ উচ্চ পদস্থ বিষয়াই তেনে তদন্ত আৰু অনিয়মৰ প্ৰসংগত দিয়া ভাষ্য সংগ্ৰহ কৰিছিলো।

অনীতিগতভাৱে সভাপতিৰ আসনত বহি ডা০ বৈশ্যই ভাবুকিৰে তেওঁৰ এই লুণ্ঠনৰ কাহিনী লিখিবলৈ বন্ধ কৰিব নোৱাৰে। এই কাহিনীবোৰ লিখিলে মহাভাৰত হ'ব। লগত এচাম পদলোহনকাৰীক লৈ এই অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰি গৈছে তেওঁ। সমবায়খনৰ দৰমহা পোৱা সম্পাদকগৰাকীয়ে পুত্ৰক কেনেকৈ চাকৰিত ভৰালে সেয়াও জানো আন এক কেলেংকাৰীৰ অধ্যায় নহয়? প্ৰয়োজনত এই অধ্যায়বোৰৰ পৃষ্ঠাবোৰো আমি মেলিবলৈ সাজু।

মিছা বাতৰি বুলি যিবোৰ প্ৰসংগ ডা০বৈশ্যই উত্থাপন কৰিছিল তাৰ প্ৰত্যু্ত্তৰত নিশ্চয় এইবোৰ কথাই যথেষ্ঠ। ডা০ বৈশ্যই এতিয়া বুজা উচিত, তথ্য আৰু প্ৰমাণৰ অবিহনে এটা শব্দও এই খবৰত লিখা হোৱা নাছিল। ডা০ পংকজ চন্দ্ৰ বৈশ্য আৰু দীনেশ চন্দ্ৰ বৈশ্য তথা এই সমবায়খনৰ সঞ্চালক মণ্ডলীক প্ৰত্যাহ্বান জনাইছো- এইবোৰ অনিয়ম যদি মিছা তেন্তে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ তদন্ত হওক। নহ'লে স্বাস্থ্য বিভাগ আৰু সমবায় পঞ্জীয়ক কাৰ্যালয়ে এই কেলেংকাৰীৰ খলনায়ক সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লওক।

'নিভাঁজ'ত ভেজাল মানুহ...
চৰকাৰী আঁচনিৰে বিহু পাতিব অসমীয়াই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in