ৰাহুলৰ কান্ধত উঠি ইন্দিৰা গান্ধীৰ দিনলৈ উভতিব খুজিছে নেকি চৰকাৰ ?

ৰাহুলৰ কান্ধত উঠি ইন্দিৰা গান্ধীৰ দিনলৈ উভতিব খুজিছে নেকি চৰকাৰ ?

- মৃদুল কুমাৰ সন্দিকৈ

আহোম ৰাজত্ব কালৰ কথা, ল'ৰা ৰজাক ৰজা পাতিবৰ বাবে চলিছিল ঘোৰ চক্ৰান্ত । ৰজা হ'ব পৰা আহোম ফৈদৰ ৰাজকোৱৰ সকলক অংগক্ষত কৰা হৈছিল । কেৱল বাচি গৈছিল গদাপাণি । পৰ্বতে-পাহাৰে পলাই থাকি পুনৰ সু-শাসন প্ৰতিষ্ঠা কৰাৰ বাবে গদাপানিৰ পত্নী জয়মতীয়ে জেৰেঙা পথাৰত চাউদাঙৰ শাস্তিৰ সন্মুখীন হৈ চৰম ত্যাগ কৰিব লগা হৈছিল ।

ইতিহাসে আজিও সশ্ৰদ্ধাৰে সোৱৰণ কৰে গদাপাণিক, জয়মতীক । নিজৰ ক্ষমতা অক্ষত ৰাখিবৰ বাবে এই ধৰণৰ কু-চক্ৰান্ত বা ষড়যন্ত্ৰৰ ৰচনা কৰা সকলক ইতিহাসে ভাল চকুৰে নাচাই । তেওঁলোক খলনায়ক হৈ ৰৈ গ'ল আহোম ইতিহাসৰ পাতত ।

এতিয়া বাৰু সেয়েই হৈছে নেকি ? ভাৰতীয় গণতন্ত্ৰত ল'ৰা ৰজাৰ আৱিৰ্ভাৱ ঘটিছে নেকি ? এটা গোচৰ, গুজৰাটৰ বিজেপিৰ প্ৰাক্তন মন্ত্ৰী পুৰ্নেশ মোডীয়ে এক অভিযোগ দিছিল আদালতত । চুৰাতৰ আদালতত চলিছিল এই গোচৰ ।

গোচৰটো আছিল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে । ২০১৯ চনত কৰা সেই মানহানিৰ গোচৰৰ চুৰাতৰ নিম্ন আদালতে ২৩ মাৰ্চ,২০২২ ত ৰায়দান প্ৰদান কৰিছিল । সকলো মোডী উপাধিধাৰী সকলক একাকাৰ কৰি ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বাবে তেওঁক দুবছৰ কাৰাগাৰৰ নিৰ্দেশ দিয়া হ'ল ।

তাৰ পাছত কি হ'ল ? ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ আৰু ৮ বছৰৰ বাবে তেওঁ কোনো নিৰ্বাচন খেলিব নোৱাৰিব বুলি সিদ্ধান্ত জনপ্ৰতিনিধি আইনৰ দোহাই দি লোৱা হ'ল । কংগ্ৰেছৰ অপশাসনৰ ঘোৰাত উঠি বৰ্তমানৰ শাসকগোষ্ঠীয়ে আগুৱাব খুজিছে নে পূৰ্বৰ দিনলৈ উভতি যাব খুজিছে ?

যোৱা দুটা দিনত সামাজিক মাধ্যমত হোৱা সৰৱ চৰ্চা আৰু ৰাহুলৰ সাংসদ পদ কৰ্তনক লৈ সকলো বাদ-বিসম্বাদ পাহৰি বিৰোধী শক্তি হঠাৎ একত্ৰিত হোৱা ঘটনাই এতিয়া এনেবোৰ প্ৰশ্নৰে অৱতাৰণা কৰিছে ।

ৰাহুল গান্ধীক ভাল পোৱা, বেয়া পোৱা কথাবোৰ ইয়াত আপেক্ষিক কিন্তু এই সিদ্ধান্তবোৰ এক গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে উচিত হৈছেনে ? ভুল কংগ্ৰছ, বিজেপি সকলোৱে কৰিছে । কিন্তু এই ভুলবোৰে দেশৰ কোটি কোটি জনতাৰ মনত গণতান্ত্ৰিক ব্যৱস্থাৰ সতত‍া আৰু আস্থাৰ প্ৰতি হাজাৰ প্ৰশ্ন উদয় কৰিছে । ৰাজনীতিৰ নামত ইমান তললৈ আমি যাব পাৰো নে ?

কি মোডী, কি ইন্দিৰা গান্ধী ? সকলো যেন একেই । মাত্ৰ ৰাজনৈতিক দলৰ ঠিকনা সলনি হৈছে । তেওঁলোকৰ চিন্তা-চৰ্চাত কোনো দায়বদ্ধতাৰ উমান নাই । তেওঁলোকৰ সিদ্ধান্তবোৰত কেৱল নিজৰ দল আৰু ব্যক্তিস্বাৰ্থ পুৰণৰ অভিলিপ্সা আছে । কোনো মানুহে আস্থা ৰাখিব ক'ত ? কংগ্ৰেছে কৰা বেয়া কামবোৰ কংগ্ৰেছক দোহাৰি দি বিজেপিয়েও যদি কৰিবলৈ যায়, কংগ্ৰেছ- বিজেপিৰ মাজত পাৰ্থক্য কি ?

ৰাজনীতি কাৰ কাৰণে কৰে এওঁলোকে ? ৰাহুল গান্ধী, নৰেন্দ্ৰ মোডী কোনো আমাৰ বাবে প্ৰয়োজনীয় নহয় । আমাক প্ৰয়োজন এনে এজন নেতা, যিজনে দায়িত্বশীলভাৱে দায়িত্ব পালন কৰি দেশ নিৰ্মাণৰ এক আধাৰ গঢ়িব পাৰে ।

১৯৭৫ চনৰ কথা, সেই বছৰৰ ১২ জুনত ইন্দিৰা গান্ধীৰ নিৰ্বাচন অবৈধ বুলি ঘোষণা কৰিছিল এলাহবাদ উচ্চ ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ জগমোহনলাল সিনহাই ইন্দিৰা গান্ধীৰ সাংসদ পদ খাৰিজ কৰিব ৰায়দান দিছিল । ৬ বছৰলৈ গান্ধীয়ে কোনো নিৰ্বাচনত প্ৰতিযোগিতা কৰিব নোৱাৰিব বুলি এই ৰায়দানত উল্লেখ আছিল ।

এই ৰায়ক প্ৰত্যাহ্বান জনাবলৈ ইন্দিৰা গান্ধীক উচ্চতম ন্যায়ালয়লৈ যাবলৈ কিছু সময় দিছিল । এই সময় আছিল ২০ টা দিনৰ । ইন্দিৰা গান্ধীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি উচ্চতম ন্যায়ালয়লৈ নগৈ দেশত বলবৎ কৰিছিল জৰুৰী অৱস্থা । ১৯৭৫ চনৰ ২৫ জুনৰ কথা আছিল এইটো ।

কিন্তু সেই কুখ্যাত জৰুৰী অৱস্থাকো যেন এইবাৰ মোডীয়ে চেৰ পেলালে । উচ্চ আদালতলৈ যোৱাৰ কোনো সুযোগ নিদি ৰাজনৈতিক ভাৱে ৰাহুল গান্ধীক বধ কৰাৰ সকলো ষড়যন্ত্ৰ চলিল । অনাৱশ্যকীয় তৎপৰতাৰে ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰা হ'ল ।

শাসকীয় বিজেপিয়ে যদি ভাৱিছে এইয়া তেওঁলোকৰ ৰাজনৈতিক বিজয় তেন্তে এইয়া তেওঁলোকৰ মহাভুল । বিপদৰ সময়ত শত্ৰু পক্ষ এক হোৱাৰ দৰে এতিয়া এক হৈছে বিৰোধী নেতা ।

কংগ্ৰেছক বেয়া বোলা বিজেপিৰ সমৰ্থকসকলৰ মনতো এইয়া কি কৰিলে বুলি প্ৰশ্নই ক্ৰিয়া কৰিছে । ৰাহুল গান্ধীক নি:শেষ কৰি ট্ৰাম্প কাৰ্ড হিচাপে ব্যৱহাৰ কৰিব খোজা বিজেপিয়ে নিজৰ ভৰিত কুঠাৰ মাৰিছে ।

মোডী উপাধিধাৰী সকলক চোৰ আখ্যা দিছিল ৰাহুল গান্ধীয়ে । ৰমেশ মোডী, নীৰৱ মোডী সকলোকে একাকাৰ কৰি মোডী উপাধিধাৰী সকলক সাঙুৰি লোৱাতো ৰাহুল গান্ধীৰ ভুল । সেই তালিকাত তেওঁ নৰেন্দ্ৰ মোডীকো সাঙুৰিব খুজিছিল ।

কিন্তু তেনে ভুলতো আমাৰ ৰাজনৈতিক নেতাসকলে কৰিয়েই থাকে । অসম আৰু অসমক কিমানবাৰ অপমান কৰা হৈছে । বিজেপিৰ নেতায়েইতো অসম আৰু অসমীয়াই কুকুৰ খাই বুলি সদনৰ মজিয়াত মুকলিকৈ কৈছে । তেওঁলোকৰ ক্ষেত্ৰত কিয় এনে কঠোৰ সিদ্ধান্ত লোৱা নহ'ল ?

বিজেপিৰ আশীৰ্বাদতে মুখ্য ন্যায়াধীশৰ পৰা অৱসৰৰ পাছত ৰাজ্যসভাৰ আসন শুৱনি কৰা ৰঞ্জন গগৈৰ যৌন কেলেংকাৰীক উদঙাবলৈ গৈ গগৈ শব্দটো জানো সংসদৰ মজিয়াতে ব্যৱহাৰ কৰা নাছিল ? সাংকেতিক ভাৱে হ'লেও গগৈ উপাধিধাৰী সকলক উপলুঙা কৰা সময়ত বিজেপিৰ কিয় শুভবুদ্ধিৰ উদয় নহ'ল ?

ভাৰতীয় ৰাজনীতিত এইয়া হ'ব পাৰে এক ৰাজনৈতিক টাৰ্ণিং পইন্ট । সাধাৰণ মানুহে মোডীক ভাল পাই, সাধাৰণ জনতাই বিজেপিক সমৰ্থন দিছে । তাৰ মানে এইটো নহয় যে তেওঁলোকক উভতগোৰে নাচিবলৈ লাইচেঞ্চ প্ৰদান কৰিছে ।

এনে ৰাজনৈতিক ষড়যন্ত্ৰ যিসকলে কৰিছে সেইসকলে পলমকৈ হ'লেও বুজি উঠিব এই পুতলা নাচৰ খেল এদিন অন্ত পৰিব । ৰহস্যৰ আঁৰ কাপোৰ উঠিব । আঁৰত থকা সেই সকলৰ মুখা খোল খাব । ৰাজনীতি মানেই বিৰোধিতা নহয় । ৰাজনীতি মানেই কেৱল ষড়যন্ত্ৰ, ইৰ্ষাপৰায়ণৰ খেল নহয় । ক্ষমতাত কোনোৱে অনন্তকাল থকা নাই ।

সংযমতা,সহনশীলতা, পাৰস্পৰিক বুজাবুজি শাসক-বিৰোধী সকলোৰে মাজত থাকিব লাগিব । তেওঁলোক জনতাৰ হে নেতা, জনতাৰ সেৱক । চিৰদিনৰ বাবে নিজৰ অধিকাৰ আৰু ক্ষমতা প্ৰতিষ্ঠা কৰাৰ এই অশুভ প্ৰতিযোগিতাত তেওঁলোক নিজেই নি:শেষ হৈ যাব ।

থাকি যাব দেশ, থাকি যাব জনতা । তেওঁলোকতকৈ ওপৰত ৰাহুল গান্ধী, নৰেন্দ্ৰ মোডী বা আন কোনো নহয় । নৈতিকতা আৰু সততাৰে দায়িত্ব পালন কৰিলে মানুহে সশ্ৰদ্ধাৰে স্মৰণ কৰিব, নহ'লে যুগ যুগৰ বাবে খলনায়ক হৈ ৰৈ যাব লাগিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in