সময়...

সময়...

সময় ! সকলোৰো হিচাপ সময়ে কৰে। সেই হিচাপত উজলি উঠে কোনোজন, সমালোচিত হয় বহুজন। ভাল-বেয়াৰ আপেক্ষিক মূল্যায়নে কৰি যোৱা কামবোৰৰ বাবে কোনোবাই প্ৰশংসিত হয় আৰু কোনোবা কৰিব নলগা কাম কৰাৰ বাবে লাঞ্চিত-সমালোচিত হয়।

তেঁৱো এজন ডিজিটেল ক্ৰিয়েটৰ। তেঁৱো ভিডিঅ’ বনাই তেঁওৰ কামবোৰক লৈ। তেঁওৰ কামবোৰেই পৃথক আৰু অনন্য। যিসময়ত একাংশ ডিজিটেল ক্ৰিয়েটৰে সমাজৰ অহিত হ’ব পৰা কিছু কাম কৰাৰ বাবে সমালোচনাৰ জোৱাৰ উঠিছে, একে সময়তে এইজন ডিজিটেল ক্ৰিয়েটৰে কৰি যোৱা কাম আৰু পদক্ষেপৰ প্ৰতি মানুহে আকুণ্ঠ ভালপোৱা দিছে।

নাম তেঁওৰ সময় গগৈ। তেঁও কি কৰি আছে সেয়া সকলোৱেই দেখিছে। মানুহৰ তেঁওৰ প্ৰতি বহু আগ্ৰহ জন্মা, মৰম ওপজা কাৰণ তেঁওৰ কামবোৰ। আধা ঘণ্টাৰ ভিতৰত তেঁওক বিচাৰি, তেঁওৰ কৰি থকা কামবোৰৰ খতিয়ান লোৱাতো সম্ভৱ নাছিল। তথাপিও এই আধা ঘণ্টা সময় তেঁওৰ সৈতে কথা পাতি বুজি উঠিলো- কেৱল ভিডিঅ’ কনটেণ্ট বনাবৰ বাবে, ধনৰ লালসাত এই কামত তেঁও হাত দিয়া নাই।

যুৱ ইউটিউবাৰ, যুৱ ডিজিটেল ক্ৰিয়েটৰ যি বুলিয়েই তেঁওক আখ্যা দিয়া নহঁওক, প্ৰথমে তেঁও এজন জীৱ-জন্তু ভালপোৱা, মানৱ দৰদী আৰু মানুহক সহায় কৰিবলৈ প্ৰতিনিয়ত সাজু থকা লোক। বাটে-পথে ঘূৰি থকা গৃহস্থহীন অবোধ জীৱ-জন্তুৰ প্ৰতি তেঁও দায়িত্ববোধ লৈ ফুৰে নিজেই ক’ব নোৱাৰাকৈ।

সেয়ে প্ৰথম এনে জীৱ-জন্তুক লৈয়েই আৰম্ভ কৰিছিল- তেঁওৰ ডিজিটেল যাত্ৰা। অবোধ জীৱ-জন্তুবোৰক শুশ্ৰূষা কৰি, খাদ্য যোগান ধৰি প্ৰস্তুত কৰা এই ভিডিঅ’বোৰ চাই উপলব্ধি হয়- এয়া প্ৰতিজন বিবেকবান লোকৰে দায়িত্ব হোৱা উচিত।

পৰিকল্পনা অনুসৰিয়েই তেঁও আগবাঢ়িছে জীৱ-জন্তুৰ বাবে এটা চেল্টাৰ হোম নিৰ্মাণৰ কামত। নাহৰকটীয়াৰ জয়পুৰত হ’ব সেই জীৱ-জন্তুৰ আশ্ৰয় গৃহ। তেঁও বিশেষকৈ চৰ্চালৈ আহিছিল- থাকিবলৈ ঘৰ নথকা, উৰুখা পঁজাত বাস কৰা বহু পৰিয়ালক ঘৰ নিৰ্মাণৰ লগতে এটা পৰিয়াল চলিবলৈ প্ৰয়োজনীয় আচ-বাব আৰু আন সুবিধা প্ৰদান কৰি।

কিয় এই কাম তেঁও কৰি ফুৰে, কি লাভ হয় তেঁওৰ এইবোৰৰ জৰিয়তে। ভিডিঅ’ বনাবলৈকে তেঁও এনে কাম কৰি টকা ব্যয় কৰে নেকি ? সেই প্ৰশ্ন তেঁওক নোসোধাকৈ থকা নাছিলো। তেঁও দিয়া উত্তৰত গভীৰ প্ৰত্যয় আছিল।

কেৱল ভিডিঅ’ বনাবলৈকে তেঁও এই কাম কৰি ফুৰা নাই। জেপৰ ধন ব্যয়ৰে এনে কাম কৰোতে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈও ইয়াকে তেঁও জীৱনৰ ব্ৰত হিচাপে লৈছে। আনৰ বাবে কিবা এটা কৰিব পৰাতো তেঁওৰ সুখৰ প্ৰাপ্তিৰ উৎস হৈ পৰিছে।

সেয়েহে অৰ্জন কৰাৰ নিৰ্দিষ্ট ধনেৰে তেঁও এই কামবোৰ কৰে। কেতিয়াবা যদি নিঠৰুৱা কিশোৰীক উদ্ধাৰ কৰি তেঁওৰ চিকিৎসা আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়ে, আন কেতিয়াবা বাসগৃহ নথকা লোকসকলৰ বাবে ঘৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰে।

২০২৪ত তেঁও ৯টা ঘৰ ইতিমধ্যে সাজি দিছে। ৩টা ঘৰ নিৰ্মাণৰ কাম চলি আছে। শিৱসাগৰ, মৰাণ, মাজুলী, চাবুৱা, ডিব্ৰুগড়, নামৰূপ, তালাপ আদি বহু ঠাইত তেঁওৰ সহায়ৰ বাবে দৰিদ্ৰজনে এখন সপোনৰ ঘৰ পাইছে।

নাহৰকটীয়াৰ আমোলাপট্টিত ঘৰ তেঁওৰ। মাতৃ,জ্যেষ্ঠ ভাতৃ আৰু জ্যেষ্ঠ ভগ্নীৰে তেঁওলোকৰ পৰিয়াল। ভাতৃয়ে ব্যৱসায় কৰে আৰু জ্যেষ্ঠ ভগ্নী চিকিৎসক। ভাতৃৰ ব্যৱসায়ত তেঁৱো সহায় কৰি দিয়ে।

সামাজিক মাধ্যমত কনটেণ্ট প্ৰস্তুতেৰে যি উপাৰ্জন হয় সেই উপাৰ্জনেৰে তেঁও এইবোৰ কাম কৰি দৌৰি ফুৰে। কোনোবা মাহত ধন নাহিলে তেঁওৰ এই কাম কৰাত অসুবিধা হয়। যেতিয়াই ধন আহে তেতিয়াই নতুন প্ৰজেক্ট হাতত লয়।

এতিয়া বহুতে তেঁওক সহায়ও কৰে। আগবঢ়াই সহায়ৰ হাত। এনেদৰে হৈ যায় একো একোটা ভাল লগা কাম। নিজাকৈ এজনী ছোৱালীক তেঁও পঢ়াই আছে। এটা দৰিদ্ৰ ঘৰৰ সন্তানক চিকিৎসা কৰি আছে।

হিম’গ্লবিনৰ পৰিমাণ ২.০৬লৈকে নামি যোৱা ৰাকেশ যে জীয়াই থাকিব সেয়া চিকিৎসকেও ভবা নাছিল। সময়ৰ উদ্যোগতে তেঁওক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। এতিয়া তেঁও সুস্থ হোৱাৰ পথত। বহু মানুহে তেঁওক অনুৰোধ কৰে, কেতিয়াবা এনে হয় এটা মানুহ কোনফালে দৌৰিব।

এইবোৰ কাম কৰি ফুৰোতে ব্যথিত হোৱা ঘটনাও সংঘটিত হয়। এবাৰ এগৰাকী আইতাক চাবলৈ গৈছিল তেঁও। উৰুখা পঁজা এটাত অকলে বাস কৰিছিল। সেই আইতাগৰাকীৰ বাবে তেঁওৰ কাষৰ পৰা আহি ঠিক কৰিছিল এখন বৃদ্ধাশ্ৰম।

৩দিনৰ পাছত আইতাগৰাকীক তেঁও আনিবলৈ গৈছিল বৃদ্ধাশ্ৰমলৈ। বৰষুণ হৈছিল সেই দিন কেইটাত। বৰষুণত তিতি অসুস্থ হৈ পৰা আইতাগৰাকী পৰি ৰৈছিল বিচনাতে। উঠিব পৰা নাছিল তেঁও। ওচৰ-চুবুৰীয়াইয়ো ৰখা নাছিল খবৰ। পোৱা নাছিল খাবলৈ।

বৃদ্ধাশ্ৰমলৈ নহয় আইতাগৰাকীক লৈ যাব লগা হৈছিল চিকিৎসালয়লৈ। দুদিনমানহে তেঁও চিকিৎসালয়ত থাকিল। তাৰ পাছত অনন্ত ধামলৈ গুচি গৈছিল তেঁও। এইবোৰ ঘটনাই তেঁওক ৰেখাপাত কৰে।

মাজুলীত শৌচাগাৰত বাস কৰা পৰিয়ালটোক এটা ঘৰ নিৰ্মাণ কৰি দিবলৈ পাই সুখী হৈছিল। তাতোকৈ সুখী হৈছিল সেই ঘৰ লাভ কৰি পৰিয়ালটোৱে তেঁও মাজুলীৰ পৰা ওভতাৰ দিনা তেঁওক দিয়া উপহাৰটো পায়। এখন গামোচা পিন্ধাই দিছিল তেঁওৰ কান্ধত। এতিয়া তেঁও সেইখন বৰ সযতনে ৰাখি থৈছে ঘৰত।

এটা ঘৰ বনাই দিওতে তেঁওৰ ব্যয় হয় ৩০/৪০ হাজাৰ টকা। নিৰ্ভৰ কৰে কিমান ডাঙৰকৈ বনাইছে ঘৰটো। কি কি দিব লগা হৈছে তেঁওলোকক, ক’ত বনোৱা হৈছে আৰু তাত কিমান দাম বয়-বস্তুৰ।

দৰদী লোকো ওলাই এই কামত সহযোগ কৰিবলৈ। দিয়ে টিন নতুবা প্ৰয়োজনীয় আন সা-সামগ্ৰী। হিচাপ ৰখা নাই কিমানৰ বাবে কৰিব পাৰিছে এই কাম। প্ৰতিটো কামেই তেঁওক সুখী কৰে। পৰিয়ালবোৰৰ মুখত বিৰিঙা হাঁহিবোৰে তেঁওক আনন্দ দিয়ে।

এনেবোৰ কামত যাওতে বহু কথা তেঁওৰ দৃষ্টিগোচৰ হয়। ঘৰৰ-ঘৰৰ মাজত থকা আত্মীয় মানুহৰ কাহিনীবোৰে বহু পৰিয়ালক এই অৱস্থালৈ ঠেলি দিয়ে। অতি ব্যক্তিগত কথাবোৰ তেঁও কেতিয়াও ৰাজহুৱা নকৰে। কাৰোবাক হেয় প্ৰতিপন্ন কৰাৰ তেঁওৰ উদ্দেশ্য নহয়। সেয়েহে তেঁও এইদৰে ঘৰ সাজি বা অন্য ধৰণে উপকাৰ সাধন কৰা মানুহবোৰৰ নাম এবাৰো মুখত নল’লে।

ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ সময় গগৈ। আজীৱন তেঁও এইধৰণৰ কামেৰে নিজক উৎসৰ্গা কৰিব খোজে। তেঁওলৈয়ো আহে বহু প্ৰস্তাৱ। কোনোবাই যদি প্ৰমোচনৰ কথা কয়, আন কোনোবাই দিয়ে লোভনীয় প্ৰস্তাৱ। ধনৰ অভাৱ তেঁওৰো আছে। ধন তেঁওকো লাগে। কিন্তু বিচাৰ কৰে তেঁও কৰা কামবোৰ আৰু দৃষ্টিভংগীৰ সৈতে যাতে এইবোৰৰ সংঘাত নহয়।

তেঁও কাকো দোষী কৰিব নোখোজে। সকলোৰে কাম কৰা শৈলী বেলেগ। কিছুদিনৰ পূৰ্বে তেঁওলৈ আহিছিল বেট এপৰ প্ৰমোচনৰ প্ৰস্তাৱ। এনে প্ৰস্তাৱ তেঁওলৈ আহিয়েই থাকে। অসমৰ বাহিৰৰ পৰা অহা এই প্ৰস্তাৱত তেঁওক তেঁওলোকৰ এপছটো প্ৰমোচন কৰিলে প্ৰায় ১.২ লাখ টকা দিম বুলি কৈছিল। মাত্ৰ ৩টা ভিডিঅ’ত তেঁওলোকৰ এপছটো প্ৰমোচন কৰিব লাগে।

সময়ে সেই প্ৰস্তাৱ মানি নল’লে। পূৰ্বেও অনলাইন জুৱাৰ এপছ বহু বিজ্ঞাপনৰ অনুৰোধ তেঁও নাকচ কৰিছে। সমাজৰ উপকাৰ অহা কামৰ প্ৰমোচন তেঁও কৰে। কিন্তু এইবোৰ কৰিবলৈ তেঁওৰ বিবেকে নকয়। কিয়নো তেঁও সময় গগৈ।

সময়...
অনলাইন জুৱা : এটা প্ৰশ্ন আৰু এটা উত্তৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in