তেজপিয়া ডাক্টৰ ! জীৱন গৌণ, ধনহে ফেক্টৰ

এজন ভাল ডাক্তৰ এজন ৰোগীৰ জীৱনৰ বাবে ডাঙৰ ফেক্টৰ। ভাল ডাক্তৰে ৰোগীক কেৱল ভাল চিকিৎসাৰ বিধানেই নিদিয়ে, ৰোগীক কৰে ভাল ব্যৱহাৰো।

author-image
Asomiya Pratidin
New Update
তেজপিয়া ডাক্টৰ ! জীৱন গৌণ, ধনহে ফেক্টৰ

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এজন ভাল ডাক্তৰ এজন ৰোগীৰ জীৱনৰ বাবে ডাঙৰ ফেক্টৰ। ভাল ডাক্তৰে ৰোগীক কেৱল ভাল চিকিৎসাৰ বিধানেই নিদিয়ে, ৰোগীক কৰে ভাল ব্যৱহাৰো। সেয়েহে তেনে সু-চিকিৎসকৰ সান্নিধ্য আৰু সু-ব্যৱহাৰ লাভ কৰা ৰোগীয়ে এই কথা ক'বলৈ কুণ্ঠাবোধ নকৰে যে- ডাক্তৰজন ইমানেই ভাল তেওঁৰ মাত কথা আৰু ব্যৱহাৰতেই বেমাৰ আধা ভাল হৈয়ে যায়।

চিকিৎসকৰ দৰে চিকিৎসাকৰ্মী, নাৰ্ছ আদিৰ ব্যৱহাৰে ৰোগীৰ মনোজগতত মানসিক প্ৰভাৱ পেলায়। বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দীৰ্ঘদিনৰ বাবে স্বাস্থ্য মন্ত্ৰী আছিল। ৰোগী আৰু চিকিৎসক তথা চিকিৎসাকৰ্মী সন্দৰ্ভত তেওঁ এক ধাৰণা হয়তো গঢ় লৈ উঠিছিল।

সেয়েহে এবাৰ নাৰ্ছৰ নিযুক্তি পত্ৰ বিতৰণ কৰাৰ সময়ত নৱ-নিযুক্ত নাৰ্ছসকলক ৰোগীৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিবলৈ আহ্বান জনাইছিল। লগতে তেওঁ অনুৰোধ কৰিছিল ৰোগীৰ ক্ষেত্ৰত 'ইমান নম্বৰটো' ঢুকাল জাতীয় শব্দবোৰ যাতে ব্যৱহাৰ নকৰে।

চিকিৎসালয়ৰ এইবোৰ বৰ সংবেদনশীল বিষয়। ৰোগত আক্ৰান্ত এগৰাকী মহিলা বা পুৰুষৰ মনত বহু কাৰকে, বহু চিন্তাই অনবৰতে ক্ৰিয়া কৰি থাকে। বেমাৰ কি হ'ব,দেহৰ যন্ত্ৰনা, পৰিয়ালৰ ভৱিষ্যৎ, টকা-পইচাৰ চিন্তা আদি অনেক বিষয়ে জুমুৰি ধৰে ৰোগীক।

তেনে অৱস্থাত কাৰোবাৰ কৰ্কশ মাত, দুৰ্ব্যৱহাৰে ৰোগীক হতাশাৰ মাজলৈ ঠেলি দিয়ে। সেই দিশক চিকি.ৎসক তথা চিকিৎসাকৰ্মীসকল সচেতন হোৱাতো অতিকৈ প্ৰয়োজনীয় বিষয়।

এজন ভাল চিকিৎসকে ৰোগীৰ কথা মন দি শুনে। মুখত এমুকুৰা হাঁহি লৈ ৰোগীক বহু দিনৰ চিনাকী আৰু আত্মীয়ৰ দৰে জ্ঞান কৰে।একেদৰে এগৰাকী নাৰ্ছে সেৱাৰ মনোবৃত্তিৰে ৰোগীৰ সৈতে সু-সম্পৰ্ক গঢ়ি তোলে।

সেয়া দায়িত্বশীল চিকিৎসক বা চিকিৎসাকৰ্মী সকলে ধৰ্ম বুলি ভাৱে। এই বৃত্তিৰে জড়িত লোকসকলৰ ত্যাগ আৰু সেৱা সমাজে সদায় স্বীকাৰ কৰে। তাৰ মাজতো দুই এক অভিজ্ঞতাই, ঘটনাই সমাজখনত ব্যাপকভাৱে ৰেখাপাত কৰে।

চিকিৎসা মানেই এচামৰ বাবে বেপাৰ। যিকোনো প্ৰকাৰে ৰোগীক বা ৰোগীৰ আত্মীয়ৰ পৰা ধন ঘটাৰ প্ৰৱণতাই আজি আধুনিক চিকিৎসা ব্যৱস্থাক লুণ্ঠনৰাজৰ নামান্তৰ কৰি পেলাইছে।

চিকিৎসাখণ্ডত সংঘটিত এই মানসিকতা আৰু প্ৰৱণতাৰ বাবে সাধাৰণ লোকে চিকিৎসা ব্যয় বহন কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। এই লেখাটো লেখাৰ প্ৰয়োজন নহ'লহেতেন যদিহে চিকিৎসাখণ্ডত সংঘটিত এক ঘটনাই মন মগজু জোকাৰি নগ'ল হয়।

এজনলোকে সামাজিক মাধ্যমত এটা সৰু ভিডিঅ' আপলোড কৰিছে। সেই ভিডিঅ'টোত দেখা পোৱা গৈছিল এগৰাকী মহিলাৰোগীক এগৰাকী নাৰ্ছে হাতত তিনিটা বলযুক্ত এটা Spirometer তুলি দিছে। ৰোগীয়ে কেনেদৰে উশাহ লৈছে সম্ভৱতঃ তাক নিৰীক্ষণ কৰিব বাবে এই চিকিৎসা সামগ্ৰী বিধ তুলি দিয়া হৈছিল।

মহিলাগৰাকীয়ে সেই স্পেৰোমিটাৰটো ভালদৰে ধৰিব পৰা অৱস্থাত নাছিল।আইচিইউত থকা মহিলাগৰাকীক কৰ্তব্যৰত নাৰ্ছগৰাকীয়ে সেইটো নিজেই ধৰিবলৈ আৰু উশাহ লৈ বলটো উঠাবলৈ নিৰ্দেশ দি গৈছে।

সেই ভিডিঅ'ত থকা মহিলাৰোগী গৰাকীৰ পৰিচয় সন্ধান কৰি জানিব পৰা গ'ল তেওঁৰ নাম ৰেহেনাজ পাৰবীন। মহানগৰীৰ পলিক্লিনিক নামৰ ব্যক্তিগত চিকিৎসালয়খনত ২৬ আগষ্টত ভৰ্তি কৰাইছিল আৰু ২৭ আগষ্টত মহিলাগৰাকীয়ে যমজ সন্তান প্ৰসৱ কৰিছিল। মহিলাগৰাকীৰ ঘৰ আছিল বৰপেটাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত চেনিমাৰীত।

সন্তান জন্ম দিয়াৰ পাছতেই মহিলাগৰাকী আক্ৰান্ত হৈছিল চেপ্টিচেমিয়াৰত। লাহে লাহে তেওঁৰ অৱস্থা বেয়া হৈ পৰিছিল। সহজ-সৰল মহিলাগৰাকীৰ পৰিয়ালটোক চিকিৎসকলে যি বুজাইছিল তাকেই বুজিছিল।

তেওঁৰ দেহৰ প্ৰায়বোৰ অংগ ইনফেকশ্যনৰ বলি হোৱাত অতি সংকটজনক হৈ পৰিছিল মহিলাগৰাকীৰ স্বাস্থ্য। ১৭ ছেপ্টেম্বৰ ২০২৩ ত পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মহিলাগৰাকীক এয়াৰ এম্বুলেন্সযোগে চেন্নাই এপললৈ লৈ যোৱা হৈছিল।

এপল হাস্পাতালত ১৫ মিনিট সময় থকাৰ পাছতেই মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে। পৰিয়ালটোৱে গুৱাহাটী চিকিৎসালয়খনত ১০ লাখ টকা বিল আৰু এয়াৰ এম্বুলেন্সেৰে চেন্নাইলৈ নিওতে আন ১১ লাখ টকা ভৰিব লগা হ'ল।

এই তথ্য মৃত মহিলাগৰাকীৰ পৰিয়ালৰ। পৰিয়ালৰ অভিযোগ চিকিৎসালয়খনে টকাৰ লোভত মহিলাগৰাকীক ৰখাই নথৈ আগতীয়াকৈ উন্নত চিকিৎসাৰ বাবে নিবলৈ পৰামৰ্শ দিয়া হ'লে হয়তো তেওঁ আজি বাছি থাকিল হয়। অৱশ্যে দুই সন্তান কুশলে আছে।

এনেবোৰ ঘটনা প্ৰায়েই ঘটে। ৰোগী এতিয়া এচাম লোকৰ ধনৰ উৎস হৈ পৰিছে। কেনেকৈ ৰোগীৰ পৰা লুণ্ঠন কৰিব পাৰি তাৰ কোনো বাট এৰি নিদিয়ে। এই মৃত মহিলাগৰাকীৰ পৰিয়ালৰ মতে ভাইৰেল হোৱা ভিডিঅ'টোত দেখা পোৱা নাৰ্ছগৰাকীৰ কোনো দোষ নাই।

তেওঁ অপ্ৰাণ চেষ্টা চলাইছিল মহিলাগৰাকীক সুস্থ কৰি তুলিবলৈ। কিন্তু ইয়াৰ বাবে দায়ী আছিল চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষ। মহিলাগৰাকীয়ে সন্তান জন্ম দিয়াৰ পাছত এটা দিন প্ৰায় বিনা চিকিৎসাই থাকিবলগীয়া হৈছিল।

মহিলাগৰাকী অবজাৰভেছনত ৰখাৰ ব্যৱস্থা কৰা হৈছিল যদিও এই চিকিৎসালয়খনৰ প্ৰতিষ্ঠাপক গৰাকীৰ মৃত্যুৰ বাবে সেই দিনটোত কোনো চিকিৎসক বা চিকিৎসা কৰ্মীয়ে মহিলাগৰাকীৰ খবৰ লোৱা নাছিল। যাৰ বাবে তেওঁৰ ৰক্তচাপ অত্যাধিক বৃদ্ধি পাইছিল।

মহিলাগৰাকীৰ তলৰ ৰক্তচাপ আছিল ১১০ আৰু ওপৰত আছিল ১৮০ । এটা ৰাতি তেনেকৈ থকাৰ পাছত কেবিনলৈ স্থানান্তৰ কৰা হৈছিল। উশাহ-নিশাহত সমস্যা পাইছিল। অক্সিজেন ল'ব নোৱাৰা হৈছিল আৰু ২৮ আগষ্টত মহিলাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল।

চিকিৎসকে মহিলাগৰাকীক ভেন্টিলেশ্যনত দিব লাগিব বুলি পৰিয়ালটোক কৈছিল। এনে কৰাৰ ফলত দেহৰ বিভিন্ন অংগই পাইপ সংস্থাপন কৰোতে ঘাঁ হৈছিল। ব্লাড ইনফেকশ্যনৰ বলি হৈছিল। পৰিয়ালৰ অভিযোগ সেই চিকিৎসালয়খনত ব্যৱহাৰ কৰা চিকিৎসা যন্ত্ৰপাতিৰ পৰাই সেই ইনফেকশ্যন হৈছিল। কিয়নো সেইবোৰৰ বীজানুনাশৰ উপযুক্ত ব্যৱস্থা দেখা পোৱা নাছিল তেওঁলোকে।

ডাক্তৰে কেৱল টকাৰ লোভ কৰিছিল। অপ্ৰয়োজনীয়ভাৱে এটা দিনতে ৭০-৮০ হাজাৰ পৰ্যন্ত ঔষধ লিখি দিছিল। শেষ মূহুৰ্তলৈ ভাল হ'ব বুলি আশ্বাস দি শেষত কৈছিল বছাৰ ১ শতাংশৰো সম্ভাৱণা নাই।

এই মহিলাগৰাকীৰ পৰিয়ালৰ উপলব্ধি কেৱল টকাৰ লোভত মহিলাগৰাকীক থৈ দিয়া হ'ল তেনেকৈ। ৯ জন চিকিৎসকে মহিলাগৰাকীক চিকিৎসা কৰিছিল যদিও নাছিল তেওঁলোকৰ মাজত আন্ত:সম্পৰ্ক।

এয়া আধুনিক চিকিৎসাৰ নামত এটা পৰিয়ালে লাভ কৰা অভিজ্ঞতা। তেনে অভিজ্ঞতা বহুতৰে হয়। এতিয়া যে ৰোগী মানেই টকাৰ খেল। একাংশ চিকিৎসকে টকাৰ লোভত ৰোগীৰ জীৱনক লৈ খেলে এনে হেতালি। তাৰেই যেন শেহতীয়া উদাহৰণ হৈ গুচি গ'ল ৰেহেনাজ পাৰবীন।

Also Read: নিজলৈ নিৰ্মাণ কৰা ঘৰটো ভাঙি দিছিল বিশ্বকৰ্মাইঃ শিঙৰী বাগিচাত পৰি আছে ভগ্নাৱশেষ...

Dispur Polyclinic and Hospitals Pvt. Ltd.