নিজলৈ নিৰ্মাণ কৰা ঘৰটো ভাঙি দিছিল বিশ্বকৰ্মাইঃ শিঙৰী বাগিচাত পৰি আছে ভগ্নাৱশেষ...

নিজলৈ নিৰ্মাণ কৰা ঘৰটো ভাঙি দিছিল বিশ্বকৰ্মাইঃ শিঙৰী বাগিচাত পৰি আছে ভগ্নাৱশেষ...
নিজলৈ নিৰ্মাণ কৰা ঘৰটো ভাঙি দিছিল বিশ্বকৰ্মাইঃ শিঙৰী বাগিচাত পৰি আছে ভগ্নাৱশেষ...

তুষাৰ প্ৰতিম

চাৰিওফালে সেউজীয়া চাহ বাগিচা। বাগিচাৰ কিছু আঁতৰত পাহাৰমালা। এই পাহাৰৰ মাজতে আছে গুপ্তেশ্বৰ মন্দিৰ। তেজপুৰ চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ আৰু ছহিদ নগৰী ঢেকীয়াজুলিৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আঁতৰত ব্ৰহ্মপুত্ৰৰ নিলগত অৱস্থিত গুপ্তেশ্বৰ মন্দিৰটো।

শোণিতপুৰৰ প্ৰাচীন মঠ-মন্দিৰসমূহৰ বিষয়ে আলোচনা কৰিলে অৱধাৰিত ভাৱেই আহে এই গুপ্তেশ্বৰ মন্দিৰৰ প্ৰসংগ। প্ৰবাদ অনুসৰি এই গুপ্তেশ্বৰ মন্দিৰতে আৰধনা কৰি কুসুম্বৰ ভূঞাই লাভ কৰিছিল শংকৰদেৱক সন্তান হিচাপে। মন্দিৰটোৰ সৈতে জড়িত হৈ আছে বাণাসুৰ আৰু মহাদেৱৰ সম্পৰ্ক।

 গুপ্তেশ্বৰ মন্দিৰকৈ লৈ চৰ্চা নোহোৱা হয়। এই মন্দিৰটো আজিৰ সময়ত শোণিতপুৰৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত অন্যতম। কিন্তু এই গুপ্তেশ্বৰ মন্দিৰৰ কাষতে থকা আন এক ঐতিহাসিক সমল কিন্তু আজিও অনাদৃত। চৰ্চা অথবা অধ্যয়ন হোৱা নাই সঠিক ভাৱে।

আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা। বাবা বিশ্বকৰ্মাক আৰধনা কৰা হৈছে সৰ্বত্ৰে। বাবা বিশ্বকৰ্মাৰ মূৰ্তিৰ সন্মুখত সকলোৱে পূজা, অৰ্চনা কৰিলেও অৱশ্যে সমগ্ৰ বিশ্বৰ সৃষ্টিকৰ্তাসকলৰ অন্যতম এজন বুলি পৰিচিত বিশ্বকৰ্মাৰ নামত পাবলৈ নাই বৰ বিশেষ মঠ, মন্দিৰ।

বিশ্বকৰ্মাৰ মন্দিৰ বুলি ক'লেই আজিৰ তাৰিখত প্ৰথমেই একাংশ লোকে নীলাচল পাহাৰৰ বুকুত মা কামাখ্যা মন্দিৰৰ কাষত থকা বিশ্বকৰ্মা মন্দিৰটোৰ কথা উল্লেখ কৰে। এই মন্দিৰটো মহাবীৰ প্ৰসাদ ধিৰাচাৰিয়াৰ সহযোগত কামাখ্যা মন্দিৰৰ পুৰোহিত ভাবাকান্ত শৰ্মাই প্ৰতিষ্ঠা কৰিছিল বুলি উল্লেখ আছে।

নীলাচল পাহাৰৰ পাদদেশত থকা বিশ্বকৰ্মা মন্দিৰটো
নীলাচল পাহাৰৰ পাদদেশত থকা বিশ্বকৰ্মা মন্দিৰটোUser

কিন্তু দেৱতাৰ অভিযন্তা হিচাপে পৰিচিত বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰা এটা মন্দিৰো আছে এইখন অসমতে। অৱশ্যে এই মন্দিৰটো অক্ষত অৱস্থাত নাই। আছে ভগ্ন অৱস্থাতহে। বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰা এই মন্দিৰটো তেওঁ নিজেই ধ্বংস কৰা বুলিও প্ৰবাদ আছে।

বাবা বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰা তেওঁৰ এই মন্দিৰটোৰ বিষয়েহে এই লেখাত কিছু কথা ক'বলৈ বিচৰা হৈছে। পাতনিতে উল্লেখ কৰা গুপ্তেশ্বৰ মন্দিৰৰ কাষৰ আজিৰ সেই ঐতিহাসিক সমলেই এসময়ত আছিল বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰা মন্দিৰটোৰ ভগ্নাৱশেষ।

ঢেকিয়াজুলী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ভগা মন্দিৰ হিচাপে পৰিচিত বিশ্বকৰ্মাৰ এই মন্দিৰটো বাবা বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰিছিল বুলি প্ৰবাদ আছে। এই মন্দিৰটো নিৰ্মাণৰ বাবে হেনো ৫ দিনকৈ সময়ৰ প্ৰয়োজন হৈছিল।

জনশ্ৰুতি অনুসৰি ঋষ্যশৃংগ মুনিয়ে লোকালয় এৰি গুপ্তভাৱে থাকি মহাদেৱ শিৱক আৰাধনা কৰিবলৈ ইচ্ছা কৰিছিল। সেই কথা মহাদেৱক জনোৱাত মহাদেৱে বিশ্বকৰ্মাক মাতি আনি এটা মন্দিৰ সাজিবলৈ নিৰ্দেশ দিলে|

সেই মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাত মহাদেৱে তাত গুপ্তভাৱে থাকি গুপ্তেশ্বৰ হ'ল | কিছুদিনৰ পিছত মহাদেৱে বিশ্বকৰ্মাকো তাতে এটা ঘৰ সাজি থাকিবলৈ ক'লে | বিশ্বকৰ্মাই ৫ দিন খাটি নিৰ্মাণকৰি উলিয়ালে নিজলৈ বুলি আটকধুনীয়া ঘৰটো।

পৰৱৰ্তী সময়ত মহাদেৱক বিশ্বকৰ্মাই তেওঁ নিৰ্মাণ কৰা ঘৰটোলৈ অতিথি হিচাপে আমন্ত্ৰণ জনালে।বিশ্বকৰ্মাই নিজলৈ বুলি চন্দ্ৰ দুৱাৰৰে আটোম- টোকাৰীকৈ সজোৱা ঘৰটি দেখি মহাদেৱৰ ঈৰ্ষা জন্মিল।

সেই ঈৰ্ষাৰ বলি হৈয়ে মহাদেৱে তেওঁৰ পৰম মিত্ৰ বিশ্বকর্মাক নিজৰ ঘৰটো বেছি ভালকৈ বনোৱা বুলি অপমান কৰিলে।মহাদেৱে ক'লে- "মোৰ মন্দিৰটো বিশ্বকৰ্মাই এদিনতে সাজিলে আৰু নিজৰ ঘৰটো সাজিবলৈ ৫ দিন সময় ল'লে। আৰু সাজিলেও ধুনীয়াকৈ"।

মহাদেৱৰ অপমানত আঘাত পালে বিশ্বকৰ্মাই। অঘৰী বিশ্বকৰ্মাই প্ৰথমবাৰলৈ মহাদেৱৰ কথা মতেই নিজলৈ বুলি এটা ঘৰ নিৰ্মাণ কৰিছিল যদিও মহাদেৱৰ কথাত আঘাত পাই আটোম-টোকাৰীকৈ সাজি উলিওৱা সেই ঘৰটোত নথকাৰ অংগিকাৰেৰে হেঁচামাৰি একতীয়া কৰি সেই স্থানৰ পৰা আঁতৰি যায়।

তেতিয়াৰে পৰা অঘৰী বিশ্বৰ্মাই নিজেই নিজৰ বাবে নিৰ্মাণ কৰা এই ঘৰটো ভাঙি হেলনীয়া হৈ পৰি আছে বুলি জন বিশ্বাস প্ৰচলিত হৈ আহিছে। এতিয়াও শিঙৰী চাহ বাগিচাৰ মাজত ধ্বংস্তূপৰ মাজত অনাদৃত হৈ পৰি আছে বিশ্বকৰ্মাই নিৰ্মাণ কৰা আৰু পিছলৈ মন্দিৰ হিচাপে পৰিচিত হোৱা তেওঁৰ ঘৰটো।

অঘৰী বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰা নিজৰ ঘৰটোৰ ভগ্নাৱশেষ। যি পিছলৈ মন্দিৰলৈ পৰিণত হ'ল।
অঘৰী বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰা নিজৰ ঘৰটোৰ ভগ্নাৱশেষ। যি পিছলৈ মন্দিৰলৈ পৰিণত হ'ল।User

মন্দিৰটোৰ আশে পাশে আছে বহু ভঙা-ছিঙা শিলৰ ধ্বংস্তূপ। আছে শিলৰ খুঁটা, বিভিন্ন স্তম্ভ, ভাস্কৰ্য সম্বলিত দুৱাৰৰ খুঁটা শিলত কটা বিভিন্ন ভাস্কৰ্য, মূৰ্তি আদি। মন্দিৰটোৰ এই পৰিৱেশে ইয়াৰ অতীত সম্পৰ্কে বহু কথাই কৈ যায়।

এই মন্দিৰটো কিমান দিনৰ আগত নিৰ্মাণ হৈছিল তাৰ কোনো তথ্য আজি পৰ্যন্ত উদ্ধাৰ নহ'ল। বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰা বুলি প্ৰবাদ থকা এই মন্দিৰটোক লৈ আজিও নহল সঠিক ভাৱে অধ্যয়ন।

স্মৰ্তব্য, কাষতে থকা গুপ্তেশ্বৰ মন্দিৰৰ বিষয়ে উল্লেখ আছে ঋক বেদ, কালিকা পুৰাণত। এই গুপ্তেশ্বৰ মন্দিৰটো পূৰাতত্ব বিভাগৰ ফালৰ পৰা ষষ্ঠ বা সপ্তম শতিকাৰ বুলি ঠাৱৰ কৰিছে। আহোম যুগত এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ কথাও জানিবলৈ পোৱা গৈছে।

জনশ্ৰুতি অনুসৰি আকৌ দ্বাপৰ যুগত শোণিতপুৰৰ ৰজা বাণাসুৰ কাশীধামলৈ গৈ মহাদেৱৰ আৰাধনা কৰিছিল। ইয়াৰ পাছত তেওঁ কাশীৰ পৰা আহি নিজ ৰাজ্যৰ ভিতৰত দ্বিতীয় এখন কাশীধাম স্থাপন কৰাৰ মনস্থ কৰিছিল।

সেই কাশীধামৰ নিৰ্মাণকাৰ্য ব্ৰহ্মপুত্ৰৰ পাৰত বিশ্বনাথ ঘাটত আৰম্ভ কৰিছিল। বানাসুৰৰ এই বৃহৎ কাশীধাম নিৰ্মাণৰ কথা জানিব পাৰি স্বৰ্গৰ দেৱতাসকল বিস্মিত হ’ল আৰু বাণাসুৰৰ এই পৰিকল্পনা বিফল কৰিবৰ বাবে তেওঁ অনা এটা শিৱলিংগ চুৰ কৰি আনি শিঙৰীৰ পাহাৰৰ গুহাত লুকুৱাই ৰাখিলে।

শিৱক এনেদৰে গুপ্ত কৰি থোৱাৰ বাবেই এই মন্দিৰ গুপ্তেশ্বৰ নামেৰে জনাজাত হ’ল বুলি কোৱা হয়। গুপ্তেশ্বৰ মন্দিৰৰ গহ্বৰৰ পানী কেতিয়াও শুকুৱা নাই। এই গহ্বৰৰ পানীৰ তলতে শিৱলিংগ গুপ্তভাৱে আছে ।

বৰ্তমানলৈকে এই শিৱলিংগ কোনো লোকে দৰ্শন কৰিবলৈ সক্ষম হোৱা নাই অৰ্থাৎ আজিও গুপ্ত ভাৱে আছে । অৱশ্যে পানীত ভক্ত সকলে অৰ্পণ কৰা ফুল, বেলপাত আদি উঠাই পানী পৰিস্কাৰ কৰোঁতে পূজাৰীয়ে শিৱলিংগৰ স্থিতি উমান কৰিব পাৰিছে।

শিঙৰী বাগানৰ সেউজীয়া পৰিৱেশৰ মাজত বিশ্বকৰ্মা মন্দিৰৰ ভিন্ন আকৃতিৰ ভগ্নাৱশেষ।
শিঙৰী বাগানৰ সেউজীয়া পৰিৱেশৰ মাজত বিশ্বকৰ্মা মন্দিৰৰ ভিন্ন আকৃতিৰ ভগ্নাৱশেষ।

গুপ্তেশ্বৰ মন্দিৰ আৰু বিশ্বকৰ্মা মন্দিৰৰ ভাস্কৰ্য আৰু ইয়াৰ সম্পৰ্ক তথা জনশ্ৰুতি সমূহৰ পৰা এটা অনুমান হয় গুপ্তেশ্বৰ মন্দিৰ নিৰ্মাণৰ সময়তে হয়তো এইমন্দিৰটো নিৰ্মাণ কৰা হৈছিল। আজিও শিঙৰী পাহৰৰ বিভিন্ন ঠাইত পৰি আছে প্ৰাচীন শিলাখণ্ড।

বিশ্বকৰ্মা মন্দিৰৰ কাষতো আছে তেনে বহু শিলাখণ্ড। ইয়াৰ পৰাই অনুমান কৰিব পাৰি সেই স্থানত এসময়ত হয়তো ডাঙৰ শিলৰ মন্দিৰ আছিল। কিন্তু উপযুক্ত সংৰক্ষণ আৰু সজাগতাৰ অভাৱত অনাদৃত হৈ পৰি থকা এই ঐতিহাসীক সমলে আজিও উপযুক্ত চৰ্চা, অধ্যয়নত স্থান লাভ নকৰিলে।

এইদৰেই উদ্যাণৰ ৰূপ দিয়া হৈছে বিশ্বকৰ্মা মন্দিৰৰ চৌহদক
এইদৰেই উদ্যাণৰ ৰূপ দিয়া হৈছে বিশ্বকৰ্মা মন্দিৰৰ চৌহদক

অৱশ্যে বৰ্তমান সেই ঠাই আটকধুনীয়াকৈ সজাই তোলা হৈছ। সেই স্থানত এখন উদ্যানলৈ ৰূপান্তৰ কৰা হৈছে। কিন্তু ইয়াৰ প্ৰচাৰ আৰু চৰকাৰী পৃষ্ঠপোষকতাৰ যিদৰে প্ৰয়োজন আছিল সেই প্ৰয়োজনীয়তা এতিয়াও দূৰ হোৱা নাই। অঘৰী বিশ্বকৰ্মাই নিজেই নিজৰ বাবে নিৰ্মাণ কৰা এই ঘৰটোৰ বিষয়ে চৰ্চা হোৱা নাই বহুল ভাৱে।

নিজলৈ নিৰ্মাণ কৰা ঘৰটো ভাঙি দিছিল বিশ্বকৰ্মাইঃ শিঙৰী বাগিচাত পৰি আছে ভগ্নাৱশেষ...
মন্ত্ৰী-বিধায়ক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in