বালিজানৰ কুঁৱলীত হেৰাল লিডুৰ কয়লাৰ ক'লা কাহিনী !

বালিজানৰ কুঁৱলীত হেৰাল লিডুৰ কয়লাৰ ক'লা কাহিনী !

মুখ্যমন্ত্ৰীয়ে ক'লে, পুলিচ-পৰিবহণ বিষয়াই কেমেৰাৰ আগত দুৰ্ঘটনাৰ সন্দৰ্ভত বাইট দিলে। আমি মানি ল'লো। ৩জানুৱাৰী,২০২৪ৰ পুৱতি নিশা দেৰগাঁৱৰ বালিজানত সংঘটিত দুৰ্ঘটনাৰ খবৰ তাতে এৰিলো। তৎপৰ চৰকাৰে পিছদিনাই বনভোজকাৰী দলৰ বাবে এছ অ' পি জাৰি কৰিলে। কাম শেষ।

সাধাৰণলোকৰ বাবে দেৰগাঁৱৰ বছা ভৰলুৱা গাঁৱৰ শিশু-মহিলাসহ ১১জন লোকৰ মৃত্যুৰ কাৰণ হৈ ৰ'ল কুঁৱলী। ইমান পুৱতি নিশা বনভোজ খাবলৈ তেওঁলোক ওলাই যোৱাটোৱেই ভুল। তেনে এক ধাৰণাৰে এই দুৰ্ঘটনাৰ কাৰণ প্ৰতিষ্ঠা কৰি দিয়া হ'ল চৰকাৰীভাৱে।

হয়, কুঁৱলী বহু দুৰ্ঘটনাৰ অন্যতম কাৰণ। বনভোজ লৈ যাওঁতে সকলোৱে এইবোৰ দিশত সজাগ, সতৰ্ক হোৱাতো প্ৰয়োজন। কিন্তু, দেৰগাঁৱৰ বালিজানৰ দুৰ্ঘটনাৰ কাৰণ কেৱল কুঁৱলীৰ ওপৰতে দোষ ঠেলি এৰি দিব নোৱাৰি।

ফ'ৰলেন নিৰ্মাণৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানবোৰে য'তে-ত'তে মৰণফাণ্ড পাতি থৈছে। তেনে এখন ফাণ্ড বালিজানৰ সেই দুৰ্ঘটনা সংঘটিত কৰা স্থানতো আছিল।

২০১৫ চনতে এই ফ'ৰলেন নিৰ্মাণৰ আধাৰশিলা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে স্থাপন কৰিছিল। ৯বছৰে পিছে পথ নিৰ্মাণৰ কামহে সম্পূৰ্ণ নহ'ল। বালিজানৰ এই অংশটোৰ পথ নিৰ্মাণৰ দায়িত্বত আছিল ৰাজিন্দ্ৰৰ ইনফাৰ্ষ্টাক্সাৰ নাম প্ৰতিষ্ঠানটো।

কামৰ মান আৰু গতি চাওতা নাই। দুৰ্ঘটনা হোৱাৰ দিনা ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে উক্ত স্থানত এটা ডাইভাৰচন বন্ধ কৰি দিছিল। আঁৰি দিয়া নাছিল কোনো সতৰ্কবাণী, নাছিল কোনো ৰিফ্লেক্টৰ। ইমান বিপদজ্জনক আৰু কাণ্ডজ্ঞানহীন কাম কৰা ঠিকাদাৰ প্ৰতিষ্ঠান বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণ ইয়াৰ বাবে দায়ী আছিল। কিন্তু, তেওঁলোকৰ বিৰুদ্ধে এটা আঙুলি চৰকাৰ তথা প্ৰশাসনে নুতুলিলে।

প্ৰচাৰ চলিল; দুৰ্ঘটনাতপতিত বাছখনৰ ফিটনেছ নাছিল। সেয়াও সত্য। ২০২৩ৰ ৩ ডিচেম্বৰত বাছখনৰ ফিটনেছ অন্ত পৰিছিল। ২০২৩ৰ ১১ এপ্ৰিলত বাছখনৰ বীমাৰ ম্যাদ শেষ হৈছিল। তাৰ পাছতো ৯মাহ বাছখন ৰাজপথত কিন্তু চলি আছিল।

সেয়া সম্ভৱ হ'ল কেনেকৈ ? ক'ত শুই আছিল পৰিবহন বিভাগ ? এই প্ৰশ্নৰ সন্মুখীন কেনেকৈ নহ'ব এই বিয়াগোম বিভাগটো। আল্ট্ৰা বাছখনৰ প্ৰকৃত গৰাকী ওলাল। তেওঁৰ নাম নৱজ্যোতি ভৰদ্বাজ। ঘৰ নগাঁৱত। গাড়ীখন তেওঁ বিক্ৰী কৰিছিল দেৰগাঁৱৰ বিপিন বৰাক। ইমান দিনে গাড়ীৰ গৰাকীৰ নাম সলনি নহ'ল। গাড়ীৰ পঞ্জীয়ন নৱজ্যোতি ভৰদ্বাজৰ নামতে থাকিল। এইবোৰ ভেকোভাওনাৰ বাবে কি কুঁৱলী দায়ী।

সুৰাসক্ত চালকক ধৰি জৰিমনা বিহাতে তেওঁলোকৰ দায়িত্ব শেষ। সুৰাসক্তৰ বিৰুদ্ধে অভিযান চলোৱাতো ভাল কথা। বিভাগ আৰু বিষয়াৰ আত্মজহৰ বাবে সেইবোৰ দৃশ্য মোবাইলত বন্দী কৰি সাংবাদিকৰ জড়িয়তে প্ৰচাৰ চলোৱাতো তেওঁলোক অদ্বিতীয়। কেমেৰাৰ সন্মমুখত তেওঁলোক তৎপৰ। তাৰ বিপৰীতে এই ধৰণৰ দায়িত্বশীল কামবোৰৰ বাবে তেওঁলোকৰ হাতত সময়ৰ অভাৱ হয়।

ইয়াৰ বাবে কুঁৱলীৰ লগতে পৰিবহন বিভাগকো জবাবদিহি কৰিব লাগে। আৰু ক'ত বা কিমান ফিটনেছ নোহোৱা, বীমা নথকা যান-বাহন চলাচল কৰি আছে এই ৰাজপথত ? সেই হিচাপ ৰখাৰ দায়িত্ব আৰু ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো পৰিবহন বিভাগৰে কৰ্তব্য।

নিজৰ পথত গৈ থকা বাছখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিলহি এখন ট্ৰাকে। বাছৰ সকলো খবৰ ওলাল। ট্ৰাকৰ খবৰবোৰহে লুকাল। এছ ০১ পি চি ০৬৪৮ নম্বৰৰ ট্ৰাকখনলৈ পুলিচ-প্ৰশাসনৰ ইমান দৰদৰ কাৰণ কি ? ট্ৰাকখনৰ চালক নুৰ আলমৰো এই দুৰ্ঘটনাত মৃত্যু হৈছিল।

ট্ৰাকখনৰ সন্দৰ্ভত মৌন হোৱা কাৰণ আছে। কাৰণ তাত অনা হৈছিল কেঁচা কয়লা। ৰাজ্যত কেঁচা কয়লাৰ পৰিবহন বন্ধ হৈ থকা সময়ত ট্ৰাকখনৰ খবৰ খুচৰিলে কয়লা ছিণ্ডিকেটৰ বেলুন ফুটি যাব। সেয়েহে সকলো নিমাত-নিৰ্বাক।

কিন্তু প্ৰশ্নটো উঠিব- এয়া কাৰ কয়লা ? কোনে এই অবৈধ কয়লাৰ ৰমৰমীয়া বজাৰ চলাই আছে ? ক'ৰ পৰা সেইবোৰ অনা হৈছে ? সেই ছিণ্ডিকেটৰে আৰু কোন কোন জড়িত আদি বহু প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব।

সেয়েহে এই দিশত নিমাত হৈ ৰ'ল আৰক্ষী-প্ৰশাসন। সৌভাগ্য যে দুৰ্ঘটনাতপতিত হোৱাৰ পাছত কয়লাভৰ্তি ট্ৰাকখন লুটি খাই পৰিছিল। প্ৰশাসনৰ লোকে সেই কেঁচা কয়লাবোৰ দুৰ্ঘটনাৰ সমীপতে দম বান্ধি ৰখাই থ'ব লগা হৈছিল।

মুখ্যমন্ত্ৰীয়ে ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা কৈ আহিছে। সেই ছিণ্ডিকেটবোৰৰ ভিতৰত কয়লাও আছে। বালিজানাৰ এই দুৰ্ঘটনাই প্ৰমাণ কৰি দিলে কয়লাৰ অবৈধ ছিণ্ডিকেট বন্ধ হোৱা নাই। মাজৰাতি এনেদৰে ট্ৰাকত সৰবৰাহ হয় অবৈধ কয়লা।

সেই সত্যক মুখ্যমন্ত্ৰীয়েও নেদেখিলে। নেদেখিলে প্ৰশাসন- আৰক্ষীয়ে। দেখি নেদেখা ভাও ধৰা সকলক কোনে, কেনেকৈ দেখুওৱাব পাৰে- চা এইখনি অবৈধ কয়লা। এই অবৈধ কয়লা কঢ়িওৱা এখন ট্ৰাকেই যে বালিজান দুৰ্ঘটনাৰ খলনায়ক।

এ এছ ০২ এ চি ৫০৮৩ নম্বৰৰ আল্ট্ৰা বাছখনৰ সকলো তথ্য ওলাল। পুলিচ- প্ৰশাসনেও জানে সবিশেষ। কিন্তু, ট্ৰাকখনৰ বিষয়ে তেওঁলোকে কোনো কথা নজনাৰ ভাও ধৰিলে। কোনে,ক'ৰ পৰা কয়লা কঢ়িয়াই আনিছিল, সেয়া জানিবলৈ ইচ্ছা নকৰিলে।

তিনিচুকীয়া লিডুৰ পৰা নিশা শ শ অবৈধ কয়লাভৰ্তি ট্ৰাক আহে। সেই অভিযোগ প্ৰায়েই উঠে। এছ পি, অ'চি, এছ আই, দল-সংগঠনৰ একাংশ নেতা, একাংশ সাংবাদিকৰো সেই কয়লাৰ চোৰাং বেপাৰীৰ সৈতে মহৰম-দহৰম আছে।

অভিযোগমতে কলা কয়লাৰ কলা টকাৰ মলাই তেওঁলোকৰ হাতলৈয়ো আহে। দিশপুৰত বহি থকা ক্ষমতাশালী নেতাৰ ঘনিষ্ঠ এইসকল কয়লাৰ অবৈধ বেপাৰী। তাতে এই বেপাৰত সংগী যদি স্থানীয় বিধায়কো হয় তেনে হ'লে কাৰ সাধ্য এই বেপাৰ বন্ধ কৰাৰ।

দেৰগাঁৱৰ এই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত ধৰফৰণি উঠিছিল গুৱাহাটীত। দাস উপাধিধাৰী এজন উচ্চপদস্থ পৰিবহন বিষয়া ব্যস্ত হৈ পৰিছিল। পৰিবহন বিভাগৰ সেই সূত্ৰৰ খবৰ যদি সঁচা বুলি ধৰা হয়, তেনে গুৱাহাটীৰ এইগৰাকী পৰিবহন বিষয়াই ট্ৰাকখনৰ তথ্য যাতে কোনো নাপাই তাৰ ব্যৱস্থা কৰিছিল।

সেয়েহে ট্ৰাকখনৰ মালিকৰ নাম পৰিবহন বিভাগৰ চিষ্টেমত *B*U*A*E হৈ ৰৈছিল। কাৰ সাধ্য এই ট্ৰাকৰ মালিকৰ নাম উলিওৱা। ১বছৰ ৮মাহ পুৰণি এই ট্ৰাকখন ২০২২ৰ ২০ এপ্ৰিলত পঞ্জীয়ন কৰা হৈছিল।

মহানগৰীতে খোপনি পুতি থকা ক্ষমতাশালী এইগৰাকী পৰিবহন বিষয়াৰ ক্ষমতা অপাৰ। ছিণ্ডিকেটৰ গাড়ী ক'ত কেনেকৈ চলে সেই হিচাপ তেওঁৰ আঙুলিৰ মূৰত থাকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয়তো জানে এনে ধৰণৰ বিষয়াসকলক !

তেওঁ লুকুৱাব খুজিলেও দুৰ্ঘটনাতপতিত হোৱা ট্ৰাকখন আব্দুল বাৰিকৰ। আৰু সেই ট্ৰাকখনৰ কয়লাখনিৰ গৰাকী নামনি অসমৰ জনৈক জমিৰ আলি। এইখনি খবৰ সত্যতাৰ বিচাৰ কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে বিচাৰিলে হয়তো আৰক্ষীয়ে ল'ব।

এই তদন্তও কৰিব লাগে- এই ট্ৰাকখনত থকা কয়লাখিনি লিডুৰ ৬নং ঝৰ্ণাবস্তিৰ পৰা অনা হৈছিল নে নাই ? তদন্তত সামৰি ল'ব পাৰে এনেদৰে দৈনিক কিমান অবৈধ কয়লাভৰ্তি ট্ৰাক ৰাতি ৰাতি যমদূত হৈ চলাচল কৰে। যদিহে তেওঁলোকে বিচাৰে তেনে সেই উত্তৰ সহজতে পাব পাৰে।

চোৰাং কয়লা কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম কথা তল পেলোৱা হৈছে কিয় ? সেই উত্তৰ ৰাইজে ইতিমধ্যে পাইছে। এই দুৰ্ঘটনাই এনে চোৰাং কাৰবাৰ চলোৱাৰ নেক্সাছৰ সৈতে আৰক্ষী- পৰিবহন বিষয়াও যে জড়িত তাৰ ইংগিত দি গৈছে।

চোৰাং কয়লা সৰবাৰহৰে জড়িত কোনোবা গণেশ, কোনোবা চেত্ৰীৰ ঘৰত অভিযান চলিছিল। বৰ বেছিদিনৰ আগৰ কথাও নহয়। এই অভিযানৰ পাছতেই এই কাৰবাৰৰ নতুন চৰ্দাৰৰূপত যিজনৰ আৱিৰ্ভাৱ হৈছিল, তেওঁৰ হাত এইসকলতকৈ দীঘল আছিল।

সেই সঞ্জীৱনী লাভ কৰাৰ পাছত অবৈধ কয়লাৰ বেপাৰ নতুন উদ্যমেৰে তেওঁলোকে আৰম্ভ কৰিছিল। এনে এখন ট্ৰাকৰ খুন্দাত ১২জন লোকৰ মৃত্যু হ'ল। তাতেই এইসকলৰ একো আহে-নাযায়। তেওঁলোকৰ দীঘল হাতবোৰে, খমখমীয়া নোটবোৰে কয়লাৰ ট্ৰাককে অদৃশ্য কৰি ৰাখিলে। কুঁৱলীৰ গা লৈ দোষ জাপি ইয়াক এক সাধাৰণ দুৰ্ঘটনা কৰি পেলালে। মুখ্যমন্ত্ৰী, প্ৰশাসনে সেই কথাতে ছীল-মোহৰ মাৰিলে। বালিজানৰ এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ উচুপনিত তল পৰিল সকলো। হেৰাল কুঁৱলীত এখন ট্ৰাক আৰু লিডুৰ কয়লাৰ ক'লা কাহিনী !

বালিজানৰ কুঁৱলীত হেৰাল লিডুৰ কয়লাৰ ক'লা কাহিনী !
ধন্যবাদ এই সময়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in