ধন্যবাদ এই সময়...

ধন্যবাদ এই সময়...

এখন ভাল সমাজ সকলোৰে কাম্য। সমাজ পাতি বাস কৰাতো মানুহৰ সহজাত প্ৰবৃত্তি। কেইবাজনো ব্যক্তি লগ লাগিহে এখন সমাজ গঠন হয়। যাৰ বাবে এজন ব্যক্তিয়ে লোৱা প্ৰতিটো পদক্ষেপৰ প্ৰভাৱ সমাজত পৰে।

তথাপিও সমাজৰ বাবে চিন্তা কৰা মানুহ তেনেই তাকৰ। কিছুমান আছে যিয়ে ওলাই আহে সমাজৰ বাবে। নিজক সমৰ্পন কৰে সমাজৰ উন্নয়নৰ বাবে। এনে সমাজ এখন গঠনৰ বাবে বিভিন্ন অৱদানৰ লগতে সংবাদ মাধ্যমৰ অৱদানো লেখতল'বলগীয়া।

সংবাদ মাধ্যমে এখন সুস্থ সমাজ গঢ়ি তোলাত সহায় কৰে। নিষ্ঠা-সততাৰে আগবাঢ়ি সংবাদ মাধ্যমে সমাজৰ বিকাশত অৰিহনা যোগায়। এই সকলোবোৰ লক্ষ্য কৰিয়েই হয়তো ১৯৮৯ চনত জয়ন্ত বৰুৱাৰ পৃষ্ঠপোষকতাত প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল 'সাদিন'।

কোনে জানে ভৱিষ্যত সময়ে আমাক কি দিব। তাৰ পাছতো বিভিন্ন ঘাট প্ৰতিঘাটক নেওচি সমাজৰ হৈ আগবাঢ়ি আছিল বৰুৱা। ইয়াৰ পিছতে অসমৰ সংবাদ জগতত সৃষ্টি হৈছিল আলোড়ন। অসমৰ সংবাদ জগতত সৃষ্টি হৈছিল সাংবাদিকতাৰ এক নতুন ধাৰা। তথ্য, নিষ্ঠ, সত্য আৰু সাহসিকতাৰ বাবে জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰা 'সাদিন'ৰ পিছতে অসমৰ সংবাদ জগতক এক নতুন মাত্ৰা প্ৰদান কৰি ১৯৯৫ চনত প্ৰকাশ পাইছিল 'অসমীয়া প্ৰতিদিন'। ইয়াৰ পিছত ২০১৫ চনত অসমৰ ইলেক্ট্ৰনিক মাধ্যমৰ সংবাদ জগতত প্ৰৱেশ কৰে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে।

২০১৫ চনত 'প্ৰতিদিন টাইম' চেনেল আৰম্ভ কৰি সাদিন-প্ৰতিদিন গোষ্ঠীয়ে ছপা মাধ্যমৰ লগতে ইলেক্ট্ৰনিক মাধ্যমতো আৰম্ভ কৰিলে পূৰ্বৰ সেই সত্য, নিষ্ঠ সাহসিকতাৰ সংবাদিকতাৰ ধাৰা। যি ধাৰা আজিও অব্যাহত আছে নিৰন্তৰে। ইয়াৰ মাজতে মহিলাৰ বাবে ২০০০ চনত 'নন্দিনী' আৰু ২০০৫ চনত সাহিত্য আলোচনী 'সাতসৰী' প্ৰকাশ লাভ কৰে।

বৰ্তমান সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰিয়াল ডাঙৰ। এই পৰিয়ালটোৰ লগত জড়িত হৈছে অসমৰ জনতা। এই গোষ্ঠীৰ প্ৰতি বিশ্বাস, আস্থা প্ৰদৰ্শন কৰি অহা ৰাইজলৈ সাদিন প্ৰতিদিন গোষ্ঠীৰ প্ৰণাম।

কেৱল বাতৰি কাকত, আলোচনীতেই সীমাবদ্ধ হৈ ৰোৱা নাই সাদিন প্ৰতিদিন গোষ্ঠীৰ যাত্ৰা। বিভিন্ন সময়ত জয়ন্ত বৰুৱাৰ ছত্ৰছায়াত এই গোষ্ঠীয়ে আয়োজন কৰি আহিছে বহু অনুষ্ঠানৰ। সমাজৰ হকে কৰি গৈছে সকলো। এই ক্ষেত্ৰত আমি ব্ৰেইল হেমকোষৰ কথা ক'ব পাৰো। এই হেমকোষ প্ৰকাশে অসমৰ সাহিত্য জগতত এক মাইলৰ খুঁটি স্থাপন কৰিছে।

বিভিন্ন সময়ত এই গোষ্ঠীয়ে আয়োজন কৰি আহিছে বহু আলোচনা চক্ৰ। এই ক্ষেত্ৰত আমি 'কনক্লেভ'ৰ অন্যতম। কনক্লেভ এক এনে অনুষ্ঠান য'ত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, খেল,বিজ্ঞান আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয়। ৰাষ্ট্ৰীয় পৰ্যায়তো কমক্লেভৰ নাম আছে।

সাদিন-প্ৰতিদিন গোষ্ঠী কেতিয়াও থমকি ৰোৱা নাই। সদায় ভাবি আহিছে সমাজৰ হকে। সুস্থ-সবল সমাজ গঢ়ি তোলাৰ বাবে নিজৰ দায়িত্ব সদায়ে পালন কৰি আহিছে। কেৱল এইবোৰতেই সীমাবদ্ধ নাথাকি এই গোষ্ঠীয়ে যোগ্যজনক দি আহিছে উচিত মূল্য।

সমাজ এখনৰ উন্নয়ত কিছুমান লোকৰ অৱদান নুই কৰিব নোৱাৰি। বহু সময়ত এনেলোকসকল মানুহৰ ভিৰৰ পৰা আঁতৰি থাকে। সেই যোগ্য লোকসকলক চিনি সাদিন প্ৰতিদিন গোষ্ঠীয়ে সন্মানিত কৰি আহিছে বহু বছৰ ধৰি। সমাজত বিভিন্ন দিশত আগবঢ়োৱা অৱদানৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে প্ৰদান কৰি আহিছে এচিভাৰ এৱাৰ্ডচ।

৫ জানুৱাৰী ২০২৪ ত অনুষ্ঠিত হয় এচিভাৰ এৱাৰ্ডছ ২০২৩। নৱমবাৰৰ বাবে গুৱাহাটী কলাক্ষেত্ৰত অনুষ্ঠিত হয় এচিভাৰ এৱাৰ্ডছ । গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী, সৰ্বানন্দ সোনোৱালসহ বহু বিশিষ্ট ব্যক্তি।

 ৰাজ্যৰ ভাষা, সাহিত্য, কলা-সংস্কৃতি, ক্ৰীড়া, অৰ্থনীতিকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা মুঠ ১৪ গৰাকীক প্ৰদান কৰা হয় এই সন্মান। ২০২৩ বৰ্ষৰ ''জীৱনজোৰা সাধনা বঁটা'' প্ৰদান কৰা হয় নৃত্যাচাৰ্য যতীন গোস্বামীক। জীৱনজোৰা সাধনা বঁটাৰ লগত আছিল এখন ফুলাম গোমাচা, চেলেঙ চাদৰ, প্ৰশস্তি পত্ৰ, স্মাৰক, হেমকোষৰ লগতে ১,১১,১১১ টকাৰ চেক।

লগতে সাদিন বঁটা প্ৰদান কৰা হয় অভিনেতা, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যক।  এই বঁটাৰ লগত আছিল এখন ফুলাম গোমাচা, চেলেঙ চাদৰ, প্ৰশস্তি পত্ৰ, স্মাৰক, হেমকোষৰ লগতে ৫৫,৫৫৫ টকাৰ চেক। ইয়াৰোপৰি প্ৰতিদিন গোষ্ঠীৰ ৫ গৰাকী সাংবাদিকলৈ প্ৰদান কৰা হয় শ্ৰেষ্ঠ সাংবাদিকতা বঁটা।

অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে কয় যে, 'মা কামাখ্যাৰ পূণ্যভূমিত উপস্থিত হ'বলৈ পাই মই ধন্য মানিছোঁ। মোৰ বাবে জয়ন্ত বৰুৱাৰ সান্নিধ্য এই কাৰণে বিশেষ যে, তেওঁৰ কাকত গোষ্ঠী, মহিলাসকলৰ বাবে প্ৰকাশিত আলোচনী নন্দিনী আৰু জাতি আৰু দেশৰ প্ৰতি থকা তেওঁৰ দায়ৱদ্ধতাই মোক আকৰ্ষণ কৰে। ইয়াৰ লগতে ব্ৰেইল হেমকোষৰ কথাও সুঁৱৰিলে মন্ত্ৰীগৰাকীয়ে।

আনহাতে অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাৰে সাদিন প্ৰতিদিন গোষ্ঠীয়ে সমাজৰ হৈ যি মহৎ অৱদান আগবঢ়াই আহিছে তাৰ বাবে কৃতজ্ঞতা প্ৰদান কৰে। তেওঁ কয় যে, বছৰৰ প্ৰথমদিনটোত অসমীয়া প্ৰতিদিনত এক বিশেষ বাতৰি প্ৰকাশ পাইছিল। য'ত বিশ্বৰ বিভিন্ন প্ৰান্তত সফলতা লাভ কৰা অসমীয়া সকলৰ কথা উল্লেখ আছিল। ইয়ে আমাৰ সমাজলৈ এক সফলতাৰ বাৰ্তা প্ৰেৰণ কৰিছে।লগতে আজিৰ যুৱ প্ৰজন্মৰ বিকাশত ইন্ধন যোগোৱাত বাতৰি কাকতেও অৰিহনা আগবঢ়াই বুলি কয় সোনোৱালে।

আজি এই বঁটা গ্ৰহণ কৰি সুখ অনুভৱ কৰিছে প্ৰতিজনে।এয়া যেন এক প্ৰাপ্তি। তেওঁলোকে কৰা কামৰ এয়া যথাযথ মূল্য বুলি আমি নকও, কিন্তু এয়া সাদিন-প্ৰতিদিন গোষ্ঠীৰ সন্মান যঁচাৰ এক প্ৰচেষ্টাহে।

সময় গতিশীল। ভাল-বেয়া সমাহাৰেৰে ভৰপুৰ সময়ৰ বোকোচা। মানুহে এদিনতে একো নাপায়। কষ্টৰ ফল যে মিঠা এয়া যেন আকৌ এবাৰ প্ৰমাণ হ'ল আজি।

ভৱিষ্যতৰ কথা বিশেষ চিন্তা নকৰি বৰ্তমানত থাকি নিষ্ঠা সততাৰে কাম কৰি গৈছিল এই লোকসকলে। নিশ্চয়কৈ এনে লোক আমাৰ চাৰিওফালে আৰু বহুত আছে। তেনে প্ৰতিগৰাকী গৰাকী লোকলৈ আমাৰ প্ৰণাম।

সময়ৰ ওচৰত চিৰ ঋণী আমি। সময়ে দিয়ে সকলো আমাক। ভাল ক্ষণবোৰ সোনকালে পাৰ হৈ যোৱা যেন লাগিলেও স্মৃতি হৈ ৰৈ যায় সদায়। আজি বঁটা লাভ কৰা সকলৰ বাবেও হৈ ৰ'ব এই ক্ষণ শুভ আৰু অনন্য। ধন্যবাদ এই সময়...

ধন্যবাদ এই সময়...
কিমান যে কথাঃ ৩০ বৰেণ্য অসমীয়াৰ মুখেৰে শুনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in