শিক্ষকৰ চাকৰি,নাই আহৰি...

শিক্ষকৰ চাকৰি,নাই আহৰি...

মৃদুল কুমাৰ সন্দিকৈ

ৰাজ্যৰ শিক্ষক সমাজে চৰকাৰ তথা শিক্ষামন্ত্ৰী প্ৰমুখ্যে কৰি মুখ্যমন্ত্ৰীলৈ এক বিনম্ৰ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে বহুকেইগৰাকী শিক্ষকে চৰকাৰলৈ জনোৱা অনুৰোধৰ মূল কথা হ’ল- ‘আমাক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ দিয়ক।’

শিক্ষকসকল চৰকাৰী শাসন যন্ত্ৰৰে এক অংগ। প্ৰয়োজনত চৰকাৰে বিভিন্ন সময়ত চৰকাৰী কাম-কাজত তেওঁলোকক নিয়োগ কৰি আহিছে। শিক্ষকসকলেও সেই কামৰ গুৰুত্ব বুজি ইয়াত সহযোগ কৰি গৈছে।

নিৰ্বাচনৰ সময়ত সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰাত শিক্ষকসকলৰ ভূমিকা কোনেও নুই কৰিব নোৱাৰে। লোকপিয়লৰ সময়ত শিক্ষকসকলৰ সহযোগ আমি দেখি আহিছো। কেনেকৈ এন আৰ চি প্ৰস্তুতকৰণৰ সময়ছোৱাতো শিক্ষকসকলে যথেষ্ট শ্ৰম কৰিব লগা হৈছিল।

বিভিন্ন সময়ত শিক্ষাদানৰ পৰা বিৰত কৰি শিক্ষকসকলক হকে-বিহকে চৰকাৰী কাম-কাজত নিয়োগ কৰাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াও সৃষ্টি হৈ আহিছে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি শিক্ষকসকল দায়ৱদ্ধ।

মূলতঃ তেওঁলোকৰ দায়িত্ব ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি তেওঁলোকক উপযুক্ত মানৱ সম্পদ ৰূপে গঢ়ি তোলা। কিন্তু অতি শেহতীয়াকৈ চৰকাৰে বিদ্যালয় আৰু শিক্ষকসমূহক লক্ষ্য কৰি লৈ দেখাত ভাল কৰা যেন লাগিলেও প্ৰকৃতাৰ্থত চৰকাৰী পৃষ্ঠপোষকতাতে শৈক্ষিক পৰিবেশ বিনষ্ট কৰাত হাত উজান দিছে।

চৰকাৰী নিৰ্দেশ জাৰি কৰাৰ নামত শিক্ষকসকলক এনে কিছু কামত নিয়োজিত হ’বলৈ বাধ্য কৰা হৈছে যে, সেয়া অসমৰ ইতিহাসত পূৰ্বতে কেতিয়াও হোৱা নাছিল।

এতিয়া চৰকাৰে কোনো সুযোগ এৰি নিদিয়ে। সুবিধা পালেই অনুষ্ঠিত কৰে উৎসৱ। সেই উৎসৱত চৰকাৰী নিৰ্দেশ জাৰি কৰি শিক্ষক তথা শিক্ষাৰ্থীক অংশগ্ৰহণৰ বাধ্যতামূলক কৰাৰ প্ৰৱণতাই শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে।

যোৱা ৩০ দিনত ৰাজ্য চৰকাৰে বিদ্যালয়সমূহত ২০টা চৰকাৰী কাৰ্যসূচী,উৎসৱ পাতিবলৈ কাঢ়া নিৰ্দেশ দিছিল। কোনো কোনোটোত শিক্ষকৰ অংশগ্ৰহণ আৰু আন কিছুত শিক্ষক,ছাত্ৰ-ছাত্ৰীয়ে সমানে অংশগ্ৰহণ কৰিব লগা হৈছে।

চলিত বৰ্ষৰ ২১ আগষ্টৰ পৰা ২৯আগষ্টলৈ ৰাজ্যৰ বিদ্যালয়সমূহে পাতিব লগা হ’ল ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ২৮ আগষ্টত অনুষ্ঠিত কৰিব লগা হৈছিল কলা উৎসৱৰ কাৰ্যসূচী।

৩০ আগষ্ট ২০২৩ত বীৰগাথা অনুষ্ঠান। ৫ছেপ্তেম্বৰত পি এম শ্ৰী কাৰ্যসূচীৰ বাবে অনলাইন আবেদনৰ কাম। তাৰ পূৰ্বে ২৫ আগষ্টত শিক্ষকসকলক দায়িত্ব দিয়া হৈছিল-অমৃত বৃক্ষ কাৰ্যসূচীৰ বাবে পঞ্জীয়নৰ কাম-কাজত।

২৩ আগষ্টত হঠাৎ আহিছিল শিক্ষা বিভাগৰ অদ্ভূত নিৰ্দেশনা। চন্দ্ৰযান-৩ ছফট লেণ্ডিং দেখুৱাব লাগিব ছাত্ৰ-ছাত্ৰীক বিদ্যালয় ছুটীৰ পিছত। তাৰ বাবে আন্তঃগাঁথনি আছে নাই সেই কথালৈ গুৰুত্ব নিদি,পাঠদানৰ পিছত লঘোণে-ভোকে ছাত্ৰ-ছাত্ৰী কেনেদৰে থাকিব সেই কথা চিন্তা নকৰি জাৰি কৰিছিল কেৱল নিৰ্দেশনা।

১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈ পালন কৰিবলৈ দিয়া হৈছিল বিদ্যালয়সমূহক স্বচ্চ পখোৱাড়া কাৰ্য্যসূচী। ২২ আগষ্টতো শিক্ষকসকলক আধাৰ সংযোগৰ এক কাৰ্য্যসূচীত ব্যস্ত কৰি ৰাখিছিল।

১৭ ছেপ্তেম্বৰত অমৃত বৃক্ষত,২৫ ছেপ্তেম্বৰত খেল মহাৰণৰ পঞ্জীয়ন,১৬ ছেপ্তেম্বৰত পোষণ মাহ উদযাপন,১৩ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ বিদ্যালয়সমূহত স্বচ্চতা হি সেৱা কাৰ্য্যসূচী উদযাপন কৰিবলৈ কাঢ়া নিৰ্দেশ দিয়া হৈছিল।

অমৃত কলহৰ পৰা বাদ পৰি যোৱা নাছিল বিদ্যালয়সমূহ। ২৮ ছেপ্তেম্বৰ ২০২৩ত মেৰা মাটি,মেৰা দেশ কাৰ্য্যসূচীৰ অংশ হিচাপে পালন কৰা হ’ল অমৃত কলহ যাত্ৰা। এই কাৰ্য্যসূচী পাতিবলৈ বহু বিদ্যালয়ত পৰীক্ষা বাতিল কৰিব লগা হ’ল।

২৮ ছেপ্তেম্বৰত বিদ্যালয়সমূহে পাতিব লগা হ’ল এক ভাৰত,শ্ৰেষ্ঠ ভাৰতৰ কাৰ্য্যসূচী। সেইদিনাই গুণোৎসৱৰ বাবে শিক্ষাৰ্থীৰ নাম আপলোড কৰাৰ কামো কৰিব লগা হৈছিল শিক্ষকে।

২৫ ছেপ্তেম্বৰ ২০২৩ত মিছন প্ৰকৃতিত পঞ্জীয়ণৰ কাম কৰিলে শিক্ষকে। ১ অক্টোবৰ ২০২৩ আছিল দেওবাৰ। এই দিনটোতো শিক্ষকসকলক ৰেহাই দিয়া নহ’ল। এক তাৰিখ,এক ঘণ্টা কাৰ্য্যসূচী অনুষ্ঠত কৰি শিক্ষানুষ্ঠান আৰু ওচৰ-পাঁজৰ অঞ্চলসমূহ চাফ-চিকুণ কৰি সেই ফটো ৱেবছাইতত আপলোড কৰিব লগা হৈছিল শিক্ষকসকল।

২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা বিদ্যালয় খোলা ৰখা হ’ল। খোলা ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছিল শিক্ষা বিভাগৰ পৰা। বিদ্যালয়সমূহত অনুষ্ঠিত কৰা হ’ল অহিংসা দিৱস।

৪ অক্টোবৰৰ পৰা ১০অক্টোবৰলৈকে বিদ্যালয়সমূহত আন এক কাৰ্য্যসূচী অনুষ্ঠিত কৰাৰ নিৰ্দেশ ইতিমধ্যে জাৰি কৰি থোৱা হৈছে। উক্ত সপ্তাহটো বিদ্যালয়সমূহে উদযাপন কৰিব লাগিব মানসিক স্বাস্থ্য সপ্তাহ।

এনেকৈয়ে এতিয়া বিদ্যালয়সমূহক এক উৎসৱস্থলীলৈ পৰিৱৰ্তন কৰা হৈছে। শিক্ষকসকল শিক্ষাদানৰ সলনি অধিক ব্যস্ত হৈ পৰিব লগা হৈছে এইবোৰ কাম-কাজত। সেয়েহে শিক্ষক সমাজৰ মাজতে তীব্ৰ অসন্তুষ্টিয়ে গা কৰি উঠিছে।

শৈক্ষিক দিনপঞ্জী থকাৰ পাছতো দায়িত্ব পালন কৰিবলৈ গৈ শিক্ষকসকল বিবুদ্ধিত পৰিছে। শিক্ষক সমাজৰ পৰাই আৱাজ উঠিছে-‘আমাক শিক্ষক হৈয়ে থাকিবলৈ দিয়ক।’

শিক্ষকৰ চাকৰি,নাই আহৰি...
ৰাইজ,পানী দেখিছিলনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in