জোনবাই এ বেজী এটি দিয়া...

জোনবাই এ বেজী এটি দিয়া...

সৰুতে এটা পদ্য আওঁৰাই বৰ সুখ পাইছিলোঁ- জোনবাই এ বেজী এটি দিয়া/ বেজীনো কেলৈ/ মোনা চিলাবলৈ/ মোনানো কেলৈ/ধন ভৰাবলৈ....। সেই পদ্যটোৰ কথা মনত পৰিলে নষ্টালজিক হৈ পৰা যায়। কিমান যে ভাল লগা পদ্য আছিল এইটো।

সেই কাল্পনিক পৃথিৱীখন আছিল শৈশৱৰ। আশা আৰু সপোনৰ সমাহাৰ ঘটিছিল তাত। জোনাক ৰাতি চোতালত থিয় হৈ জোনটিলৈ চাই ডাঙৰ ডাঙৰকৈ পদ্য কেইশাৰী মতা আমেজেই আছিল সুকীয়া। এনেকৈয়ে জোনবাইৰ কাষ পাইছিলোগৈ আমি।

ফেচবুকতে আজিৰ পৰা কেইবছৰমানৰ পূৰ্বে এই পদ্য কেইশাৰীৰ আলমত কোনোবা এগৰাকীয়ে এটা পোষ্ট লিখিছিল। এই পোষ্টটো কোনে লিখিছিল নামটো মনত নাই। কিন্তু তেওঁ লিখা কথা কেইষাৰ মনত ৰৈ গৈছিল। বহু ৰেখাপাত কৰিছিল এই শাৰী কেইটাই।

তেওঁ লিখিছিল- "জোনবাই এ বেজী এটি দিয়া/ বেজী নো কেলৈ/ মিছা কথা নেতাবোৰৰ মুখ চিলাবলৈ।" কথাখিনিৰ ভাবাৰ্থ তেতিয়াও উপলব্ধি কৰিছিলো, এই মুহূৰ্ততো উপলব্ধি কৰোঁ। মন-মগজুত সেই কথাখিনি আৰু অধিক সক্ৰিয় হয়; যেতিয়া নিৰ্বাচনৰ বতৰত নেতা-মন্ত্ৰী-বিধায়কৰ মুখত বৰ বৰ অথচ মিছা বা অৰ্ধ সত্য কথাবোৰ শুনিবলৈ পাওঁ।

ভোটাৰক মোহিত কৰিবলৈ প্ৰায়বোৰ নেতাই আজিকালি মিছা কয়। ভোটাৰৰ পৰা ভোট পাবলৈ মিছা প্ৰতিশ্ৰুতি দিয়াৰ প্ৰতিযোগিতাত নামি পৰে তেওঁলোক। আমিবোৰে সেইবোৰ শুদ্ধ-সত্য বুলি মানি লোৱাৰ বাদে আন উপায় নাথাকে। অথচ আমি জানো- তেওঁলোকে আমাক মিছা কৈয়ে ক্ষমতা লাভ কৰে।

আনকি কোনোৱে প্ৰতিপক্ষক বদনামী কৰিবলৈ নেতাই পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে কুট ৰচনাৰ কিমান যে চক্ৰবেহু মেলে। নিৰ্বাচনী প্ৰচাৰৰ সভাবোৰত নেতা-মন্ত্ৰীৰ ভাষণ শুনিলে সাধাৰণ ভোটাৰ বিবুধিত পৰে। কোনটো সঁচা, কোনটো মিছা ঠাৱৰ কৰিবলৈকে টান হৈ যায়।

কাৰোবাৰ কাষলৈ নেতা গৈ তেওঁৰ সেই সাক্ষাতৰ আধাৰত এনে কথাও প্ৰচাৰ চলাই যে, ৰাজনৈতিক প্ৰতিদ্বন্দ্বীগৰাকীয়ে আত্মীয়ৰে খবৰ নলয়। ৰাইজৰ কি খবৰ ল'ব তেওঁ ? এখন গামোচা পিন্ধাই সেই আত্মীয়ৰ কাষত ৰৈ উঠা আলোকচিত্ৰখনকো নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অস্ত্ৰ কৰে। কিমান যে ৰাজনীতি ?

কিমান যে, কৌশলী ৰাজনীতি চলে এতিয়া ? দায়িত্বশীল আৰু ক্ষমতাৱান জনে সাংবাদিকক মিছা কথা কিয় প্ৰচাৰ কৰিছে বুলি প্ৰশ্ন কৰিলে ধমকি দিয়ে। প্ৰশ্ন সোধাৰ বাবে আৰক্ষীৰ হতুৱাই ধৰাই নিম বুলি মুকলিকৈ ক'ব পৰা পৰিৱেশ এতিয়া।

সেই একেজন মানুহে দিল্লীৰ মুখ্যমন্ত্ৰীক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ দিনটোত দিল্লীৰ মুখ্যমন্ত্ৰীৰ দলটোৰ বহু শীৰ্ষ নেতাই সেই দুৰ্নীতিৰ প্ৰতিবাদ কৰি তেওঁৰ দলত যোগ দিছে বুলি সামাজিক মাধ্যমত লিখে। কিন্তু কোন শীৰ্ষ নেতাই যোগ দিলে সেই খবৰহে বিচাৰিলেও উক্ত দিনটোত পোৱা নাযায়। এয়া মিছা ৰাজনৈতিক খবৰ। কিন্তু তেওঁক কোনে জবাবদিহি কৰিব পাৰে এনে মিছা খবৰৰ বাবে।

সেই ১৫ লাখ টকা, শাসনত অহাৰ লগে লগে অবৈধ বিদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰাৰ কথা , ৫৬ ইঞ্চি বুকুৰ কাহিনী আদিবোৰ যে মিছা, চকুৰ সন্মুখতে ভাহি আছে আমাৰ। হিচাপ ৰাখো আমি। এদিন নদীবান্ধ বিৰোধ কৰি প্ৰতিবাদত বহিবলৈ অহা নেতাসকলে কেতিয়াবাই পাভলুটি মাৰি দিলে।

হিতাধিকাৰী আঁচনিবোৰে সন্মোহিনী বাণ মাৰি মহিলাসকলক ছফ্ট টাৰ্গেট কৰি চৰকাৰী পৃষ্ঠপোষকতাতে ধনৰ টোপোলা দিয়াতো এতিয়া ৰাজনৈতিক ফেশ্বন হৈ পৰিছে । আমাৰ ধন, আমাকে দি, আমাকে হিতাধিকাৰী সজাই ৰাজনীতি কৰিব জনা কৌশলেই জানো এতিয়াৰ ৰাজনীতিৰ মূলমন্ত্ৰ নহয়।

ধাৰৰ পাছত ধাৰ। কাৰ মূৰৰ ওপৰত সেই ধনৰ বোজা ৰৈ যায়। আমি ভাবিবলৈ সুযোগেই নাপাওঁ আজি । এফালে চান্দা লৈ ৰাজনৈতিক ধান্দা কৰা ৰাজনৈতিক দলবোৰৰ ৰামটাঙোন শেষত পৰে আমাৰ ওপৰত। চন্দ্ৰলৈ সফল অভিযান চলোৱাৰ সময়তে আমাক 'ৰাম'ৰ নামত আৱেগিক আৰু ব্যস্ত কৰি ৰাখে। ধৰ্মীয় বিশ্বাসক সাম্প্ৰদায়িক ৰাজনীতিলৈ উত্তৰণ ঘটাই তেওঁলোকে ৰাজনীতি কৰে।

চকু মুদি যিজন নেতাৰ কথাকে মনত পেলাও, তেওঁৱেইচোন ভোটাৰক কেৱল প্ৰলোভিত কৰিবলৈ চেষ্টা কৰে।এনেকৈ কেনেকৈ ৰাজনীতি কৰে তেওঁলোকে এবাৰ ভাবকচোন

বাৰে বাৰে আমাক প্ৰতাৰণা কৰে ৰাজনীতিৰ নামত। আমি জানো,বুজো কিন্তু একো নুবুজাৰ দৰেই নিৰ্বাচনৰ বতৰত আচৰণ কৰো। তেওঁলোকৰ কথাত মুগ্ধ হৈ তেওঁলোককেই ভোট দিও।

আৰু কিমান দিনলৈ চলিব এই কাৰবাৰ ? সচাঁই আমাক লাগে জোনবাইৰ সেই বেজীটো। ধন ভৰাবলৈ মোনা চিলাবলৈ নহয়। মিছা কথা কোৱা, বাৰে বাৰে মিছা প্ৰতিশ্ৰুতি দিয়া নেতাৰ মুখ সীবলৈ- জোনবাই এ বেজী এটি দিয়া/ বেজীনো কেলেই/ মিছা কথা কোৱা নেতাবোৰৰ মুখ চিলাবলৈ...।

জোনবাই এ বেজী এটি দিয়া...
বিজেপিয়েও পাইছিল দিল্লীৰ সুৰা কেলেংকাৰীৰ ধন !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in