বিজেপিয়েও পাইছিল দিল্লীৰ সুৰা কেলেংকাৰীৰ ধন !

বিজেপিয়েও পাইছিল দিল্লীৰ সুৰা কেলেংকাৰীৰ ধন !

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰৱৰ্তন সঞ্চালকালয়ে ২১ মাৰ্চ, ২০২৪ ত গ্ৰেপ্তাৰ কৰে। দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ অন্যতম মাষ্টাৰ মাইণ্ড হিচাপে কেজৰিৱালক ইডিৰ জৰিয়তে প্ৰতিষ্ঠা কৰি এক ৰাজনৈতিক মুনাফাৰ খেল শাসকীয় বিজেপিয়ে খেলি দিলে।

সমগ্ৰ ঘটনাকৰাজি আৰু এই দিল্লী নতুন সুৰা নীতিৰ সুক্ষ্ম বিশ্লেষণ কৰিলে ইয়াত যে দুৰ্নীতি আৰু ৰাজনীতি দুয়োটায়ে আছে তাক বুজিব পাৰি। দিল্লীৰ সেই সময়ৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচোদিয়াৰ হাতত আছিল দিল্লীৰ আবকাৰী বিভাগ।

১৭ নৱেম্বৰ, ২০২১ চনত দিল্লীৰ চৰকাৰে দিল্লীৰ বাবে গ্ৰহণ কৰা নতুন সুৰা নীতি কেন্দ্ৰ শাসিত অঞ্চলটোত প্ৰয়োগ কৰিছিল। এই সুৰা নীতি অনুসৰি দিল্লীৰ সুৰা বিপনীসমূহ ব্যক্তিগতকৰণ কৰা হৈছিল।

৩২ টা মণ্ডলত দিল্লীক বিভিক্ত কৰি প্ৰতিটো মণ্ডলত সৰ্বাধিক ২৭ খনকৈ সুৰা বিপনী খুলিবলৈ দিল্লী চৰকাৰে ব্যক্তিগত খণ্ডক ৰঙা দলিচা পাৰি দিছিল। সেই অনুসৰি মুঠ ৮৪৯ খন সুৰাৰ বিপনী দিল্লীত ব্যক্তিগত খণ্ডক গতাই দিছিল কেজৰিৱাল চৰকাৰে।

এই নীতি অনুসৰি দিল্লীৰ আবাকাৰী বিভাগৰ অধীনস্থ সুৰা বিপনীসমূহ ব্যক্তিগতকৰণ কৰা হয়। পূৰ্বতে দিল্লীত ৬০ শতাংশ সুৰা বিপনী চৰকাৰী খণ্ডত আৰু ৪০ শতাংশ সুৰা বিপনী ব্যক্তিগত খণ্ডৰ আছিল। কিন্তু নতুন নিয়ম অনুসৰি ১০০ শতাংশই দিল্লীৰ সুৰা বিপনী ব্যক্তিগত খণ্ডলৈ যায়।

দিল্লী চৰকাৰে দাবী কৰিছিল নতুন সুৰা নীতিৰ ফলত দিল্লী চৰকাৰৰ ৩৫০০ কোটি টকা লাভ হৈছিল। কেজৰিৱাল চৰকাৰৰ এই সুৰা নীতিৰ বিৰোধ কৰিছিল তদানীন্তন দিল্লীৰ মুখ্য সচিবগৰাকীয়ে।

৮ জুলাই, ২০২২ চনত তেওঁ দিল্লীৰ উপ-ৰাজ্যপাললৈ এই নতুন সুৰা নীতি সন্দৰ্ভত এখন প্ৰতিবেদন প্ৰেৰণ কৰে। মুখ্য সচিবগৰাকীয়ে দাবী কৰিছিল নতুন সুৰা নীতিৰে দিল্লী চৰকাৰে চৰকাৰৰ প্ৰায় ১০০ কোটিৰো অধিক ৰাজহ লোকচান কৰিছে।

লগতে তেওঁ এই দাবীও কৰে যে ইয়াৰ বাবে ব্যাপক হাৰত অবৈধ ধনৰ লেন-দেন হৈছে। এই প্ৰতিবেদন পোৱাৰ পাছতেই দিল্লীৰ উপ-ৰাজ্যপালে ২২ জুলাই, ২০২২ত সমগ্ৰ কাণ্ডৰ চিবিআই তদন্তৰ ঘোষণা কৰে।

সেই মতে চিবিআইয়ে এটা গোচৰ ৰুজু কৰি ১৯ আগষ্টত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়া আৰু আন ৩ জনৰ বাসগৃহত অভিযান চলায়। ২২ আগষ্ট, ২০২২ ত ইডিয়েও অবৈধ ধন সৰবৰাহত এক গোচৰ ৰুজু কৰি নিজাকৈ তদন্ত আৰম্ভ কৰে।

এনেকৈয়ে দিল্লীৰ নতুন সুৰা নীতিৰ সন্দৰ্ভত অনুসন্ধান আৰু তদন্ত আৰম্ভ হয়। দক্ষিণৰ এটা কোম্পানীক দিল্লী চৰকাৰে ৯ টা জ'নত সুৰাৰ বিপনী খুলিবলৈ অনুমতি দিছিল। সেই কোম্পানীটোৰ সৈতে জড়িত আছিল পি সৰথ চান্দ ৰেড্ডী। হায়দৰাবাদৰ এই প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল কে কবিতা।

এই সৰথ ৰেড্ডী আন এটা কোম্পানীৰো মালিক। এই কোম্পানীটোৰ নাম অৰবিন্দ ফাৰ্মা লিমিটেড। এই ঔষধ প্ৰতিষ্ঠানটো সৰথ ৰেড্ডীৰ পিতৃ পিভি ৰামপ্ৰসাদ ৰেড্ডীয়ে স্থাপন কৰা।

বৰ্তমান সেই কোম্পানীটোৰ সঞ্চালক পি সৰথ চান্দ ৰেড্ডী। তদন্তত ইডিয়ে দাবী কৰা মতে এনে নতুন সুৰা নীতিৰ জৰিয়তে পাইকাৰী হাৰত কোম্পানীবোৰে ১২ শতাংশ আৰু খুচুৰা বজাৰত সুৰা বিক্ৰী কৰি ১৮৫ শতাংশ প্ৰফিট মাৰ্জিন লাভ কৰে। ইয়াৰে পাইকাৰীৰ ১২ শতাংশ প্ৰফিট মাৰ্জিন ৬ শতাংশ যায় আপৰ হাতলৈ।

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিআৰএছৰ অধ্যক্ষৰ কন্যা কে কবিতাৰ নাম এই কেলেংকাৰীৰে সাঙোৰ খাই পৰাত ৰাষ্ট্ৰীয় ৰাজনীতিত এক জোকাৰণিৰ সৃষ্টি কৰিছিল। ২০২২ চনৰ ডিচেম্বৰত এই কেলেংকাৰীৰে জড়িত থকাৰ অপৰাধত আপৰ নেতা বিজয় নায়েৰক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে।

পৰৱৰ্তী সময়ত ইডিয়ে ২০২৩ চনৰ মাৰ্চত মনীষ ছিচোদিয়াক, ২০২৩ চনৰ অক্টোবৰত আপৰ নেতা সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰে ইডিয়ে। ইডিয়ে ২০২৩ চনৰ অক্টোবৰত সোধ-পোছৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো তলব কৰি চমন জাৰি কৰে।

দিল্লীৰ নতুন সুৰা নীতিৰ গোচৰত ইডি আৰু চিবিআইয়ে গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত বিজয় নায়াৰ, অভিশেষ ৱাইনপল্লী, সমীৰ মহেন্দো, পি সৰথ চান্দা, বিনো বাবু, গৌতম মলহোত্ৰা, ৰাঘৱ মগুধা, ৰাকেশ যোশী, অমন ঢাল, কে কবিতা, মনীষ ছিচোদিয়া, অৰুণ পিল্লাই আদি অন্যতম।

৯ বাৰকৈ ইডিৰ চমন পাইও ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দি কেজৰিৱালে ইডিৰ ওচৰলৈ যোৱা নাছিল। বৰঞ্চ শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ত অন্তৱৰ্তী জামিন বিচাৰি আবেদন কৰিছিল তেওঁ।

নিসন্দেহে কেজৰিৱালক প্ৰয়োজনতকৈ অধিক ৰাজনৈতিক চাপ দি কেন্দ্ৰই এই নতুন সুৰাৰ নীতি কেলেংকাৰীৰে সাঙুৰিবলৈ চেষ্টা কৰিছিল। যাৰ পৰিণতিত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰাৰ পাছতেই ২১ মাৰ্চ, ২০২৪ চনত ইডিয়ে ২ ঘন্টা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে।

লক্ষণীয় কথাতো হ'ল এই সুৰা কেলেংকাৰীৰ তদন্ত চলি থকাৰ মাজতেই দিল্লী চৰকাৰে নতুন সুৰা নীতি বাতিল কৰিছিল। ২০২২ চনৰ ৩০ জুলাইত আবকাৰী বিভাগৰ দায়িত্বত থকা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াই ২০২১ চনৰ ১৭নৱেম্বৰত প্ৰয়োগ কৰা নতুন সুৰা নীতি বাতিল কৰি পুনৰ পুৰণি সুৰা নীতি প্ৰযোজ্য় কৰিছিল।

এয়া হ'ল দিল্লীৰ সুৰা কেলেংকাৰীৰ ঘটনা প্ৰৱাহ আৰু প্ৰেক্ষাপট। দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শাসনলৈ অহা কেজৰিৱাল দুৰ্নীতিত অভিযুক্ত হৈ কাৰাগাৰলৈ যাব লগা হোৱাৰ কাহিনী।

কেজৰিৱালক কাৰাগাৰলৈ নিক্ষেপ কৰা বা গ্ৰেপ্তাৰ কৰা হ'ল যদিও আন এক কাহিনীও আঁৰত ৰৈ গৈছে। সেয়া হ'ল দক্ষিণৰ যিটো প্ৰতিষ্ঠানত দিল্লীৰ ৯ টা মণ্ডলৰ সুৰা বিপনী গতাই দিয়া হৈছিল তাৰ মালিক পি সৰথ চান্দ ৰেড্ডীৰ বাসগৃহত চলিছিল ইডিৰ অভিযান। সেই অভিযানৰ ৫ দিনৰ পাছত নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৫ কোটি টকা বণ্ড কিনি তেওঁ দিছিল বিজেপিক।

এছবিআইয়ে দাখিল কৰা নিৰ্বাচনী বণ্ডৰ তথ্যত কিছু বিস্ফোৰক তথ্য় পোহৰলৈ আহিছে। পি সৰথ চান্দ ৰেড্ডীয়ে তেওঁৰ মালিকাধীন অৰবিন্দ ফাৰ্মা লিমিটেডৰ নামত মুঠ ৬ বাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল।

সেই অনুসৰি অৰবিন্দ ফাৰ্মা লিমিটেডৰ নামত পি সৰথ চান্দ ৰেড্ডীয়ে ৩ এপ্ৰিল, ২০২১চনত ক্ৰয় কৰিছিল ২.৫ কোটি টকাৰ বণ্ড। এই ধন তেওঁ দিছিল টিডিপিক। ৫ জানুৱাৰী ২০২২ চনত তেওঁ ৩ কোটি টকাৰ বণ্ড কিনি বিজেপিক দান কৰিছিল।

৮ এপ্ৰিল, ২০২২ চনত ১৫ কোটি টকাৰ বণ্ড কিনি তেওঁ দিছিল বিআৰএছক। তাৰপাছত ২ জুলাই, ২০২২ চনত ১.৫ কোটি টকা বণ্ড কিনি বিজেপিক, ১৫ নৱেম্বৰ ২০২২ত ৫ কোটি টকাৰ বণ্ড কিনি বিজেপিকে দিয়া তথ্য পোহৰলৈ আহিছে।

ৰেড্ডীয়ে ২০২৩ৰ ৮ নৱেম্বৰত ২৫ কোটি টকা বণ্ড কিনি বিজেপিক প্ৰদান কৰিছিল। যি সময়ত এই কেলেংকাৰীৰে তেওঁৰ নাম সাঙোৰ খাই পৰিছিল সেই সময়ত তেওঁৰ পৰা এনেদৰে নিৰ্বাচনী বণ্ডৰ নামত ধন লৈছিল বিজেপিয়ে।

ধৰা হ'ল, এই কেলেংকাৰীৰে কেজৰিৱাল প্ৰত্যক্ষ-পৰোক্ষভাৱে জড়িত। ৰাজনৈতিকভাৱে কেজৰিৱালক বধিবলৈ সকলো ব্লু প্ৰিন্ট সাজু কৰি কাৰাগাৰলৈ ঠেলি দিয়া হ'ল তেওঁক।

কিন্তু কোন যুক্তিক শাসনাধিষ্ঠ বিজেপি ধুৱা তুলসীৰ পাত? এই কেলেংকাৰীৰ অন্যতম অভিযুক্তজনৰ পৰাই নিৰ্বাচনী বণ্ডৰ নামত কোটি কোটি টকা ধন লোৱা বিজেপিৰ বিৰুদ্ধে কিয় নহয় ইডিৰ তদন্ত?

তদন্তৰ নামত এতিয়া ভেকোভাওনা চলে। চকুৰ সন্মুখতে কেৱল শাসক দলৰ নেতা-মন্ত্ৰী হোৱাৰ বাবে অভিযুক্ত কিমান লোক মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে তাৰ হিচাপে ৰাখে কোনে!

বিজেপিয়েও পাইছিল দিল্লীৰ সুৰা কেলেংকাৰীৰ ধন !
আপুনি চিনি পাইনে চাতি-মাতি বাইক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in