জনজাতীয় উপাস্য দেৱতা শিৱ জতাধাৰী...

শিৰে জতাধাৰী...
শিৰে জতাধাৰী...

তুষাৰ প্ৰতিম

জনজাতীয় ৰাজ্য হিচাপে ঘোষণা নহ'লেও বা এই পৰ্যন্ত স্বীকৃতি লাভ নকৰিলেও অসম মূলতঃ জনজাতীয় লোকসকলৰ আবাসস্থলী। বিভিন্ন জাতি, জনগোষ্ঠীৰ সমন্বয়ত গঢ়লৈ উঠিছে অসম। অসমৰ জনজাতীয় লোকসকলৰ মাজত বিভিন্ন ৰীতি, নীতি বিৰাজমান। সকলোৰে আছে নিজস্ব চহকী সংস্কৃতি তথা ধৰ্মীয় আচাৰ।

আজি শিৱৰাত্ৰি। সমগ্ৰ দেশৰ লগতে অসমতো শিৱৰাত্ৰিৰ মহা আয়োজন। উজনিৰ পৰা নামনিলৈ অনুষ্ঠিত হৈছে শিৱাৰাত্ৰিৰ অনুষ্ঠান। মহাদেৱৰ আৰধনাত মত্ত জাতি, ধৰ্ম নিৰ্বিশেষে লাখ লাখ ভক্ত।

অসমৰ জনজাতীয় সমাজখনত শিৱ অতি জনপ্ৰিয় উপাস্য দেৱতা। বহু জনগোষ্ঠীয়ে নিজকে শিৱৰ বংসধৰ বুলিও দাবী কৰে। বহুতেই ক'ব বিচাৰে মহাদেৱ শিৱ ট্ৰাইবেল সকলৰ ভগৱান। শিৱৰ বেশ-ভূষাই এই কথাক অৱশ্যে প্ৰমাণ নকৰাও নহয়।

অসমৰ বড়ো কছাৰীসকলে শিৱক তেওঁলোকৰ পিতৃ দেৱতা জ্ঞান কৰে। পৌৰাণিক পুৰাণৰ মতে বড়ো-কছাৰীসকল বাথৌ শিব্ৰাইৰ পৰা উৎপত্তি হৈছে। কছাৰী বুৰঞ্জীয়েও কছাৰীসকলৰ পিতৃ দেৱতা শিৱ। তেওঁলোকে শিৱক গিলা, দামব্ৰা, খৌৰিয়া, বীৰায়-শ্ৰীবৌৰায়, বাথৌ-বৌৰায় আদি নামৰে আৰধনা কৰি আহিছে।

চুতীয়া, বৰাহীসকলে শিৱক বুঢ়া আৰু পাৰ্ৱতীক বুঢ়ী ৰূপে জ্ঞান কৰে। দেউৰী, চুতীয়াসকলৰ মাজত শিৱ গিৰা আৰু পাৰ্ৱতী গিৰাচি ৰূপে পৰিচিত। তেওঁলোকে অতিজৰে পৰা গিৰা-গিৰাচিক আৰধনা কৰি আহিছে। তাৰোপৰি তেওঁলোকৰ মাজত শিৱ কুণ্ডিমামা, বলিয়াবাবা আদি নামেৰও পৰিচিত।

ডিমাছা সকলৰো আৰধ্য দেৱতা শিৱ। তেওঁলোকৰ জনবিশ্বাস অনুসৰি ডিমাছা সকলৰ সৃষ্টি কৰ্তা বাংলা ৰাজা আৰু তেওঁৰ পত্নী আড়িখীডিমাৰ পৰা ব্ৰাই-শিব্ৰাই দেৱতাৰ জন্ম হৈছে। ডিমাছাসকলৰ মাজত এই ব্ৰাই শিব্ৰাই দেৱতাই সৰ্বেসৰ্বা।

একেদৰে তিৱা, লালুংসকলৰো আৰাধ্য দেৱতা মহাদেৱ শিৱ। তেওঁলোকে শিৱ আৰু পাৰ্ৱতীক আৰধনা কৰি আহিছে। ৰাভাসকলৰ মাজত আকৌ শিৱ লাঙা মাৰা বা লাঙা দেৱতা হিচাপে পৰিচিত।

অন্যান্য লোকসকলে যিদৰে শিৱলিংগত পূজা অৰ্চনা কৰে ঠিক ৰাভাসকলে এচটা শিলক লাঙা মাৰা দেৱতা হিচাপে পূজা কৰে। সোণোৱাল কছাৰি সকলে আকৌ শিৱক খিৰিংৰজা আৰু বাইথ নামেৰে উপাসনা কৰি আহিছে।

অসমত শিৱৰ আৰধনা অতি প্ৰাচীন। মহাভাৰতৰ সময়ছোৱাত প্ৰাহজ্যোতিষপুৰৰ ৰজা আছিল ভগদত্ত। এই ভগদত্ত আছিল শিৱৰ সখা। সপ্তম শতিকাৰ ৰজা ভাস্কৰ বৰ্মাও আছিল শিৱ ভক্ত। চীনা পৰিব্ৰাজক হিউৱেন চাঙেও এই কথা উল্লেখ কৰিছিল।

বাণীকান্ত কাকতিৰ মতেও প্ৰাচীন অসত আটাইতকৈ বেছি শিৱৰ আৰধনাই হৈছিল। শিৱৰ মঠ-মন্দিৰৰ সংখ্যা আন দেৱ-দেৱীৰ তুলনাত আছিল সৰ্বাধিক। নৱম শতিকাৰ হৰ্জৰ বৰ্মা, বনমালা বৰ্মাও আছিল শিৱ ভক্ত।

দ্বাদশ শতিকাৰ ৰজা ইন্দ্ৰপালে আৰধনা কৰিছিল শিৱক। তেওঁৰ নাতি ধৰ্মপালৰ দিনতো আছিল শিৱ প্ৰাধান্য। নৰকাসুৰৰ আগলৈকে প্ৰাচীন অসমত শিৱৰ আৰধনাই আছিল সৰ্বাধিক।

দশম, একাদশ শতিকাৰ কালিকা পুৰাণৰ মতে নৰকাসুৰৰ আগলৈকে এই অঞ্চলটোৰ অধিবাসী কিৰাতসকলে শিৱৰ পূজা অৰ্চনা কৰিছিল। নৰকাসুৰে প্ৰাগজ্যোতিষপুৰৰ ৰজা হিচাপে অধিস্থিত হোৱাৰ পিছতে শিৱৰ আৰধনাত বাধা প্ৰদান কৰিছিলও যদিও এই অঞ্চলটোত গোপনে অব্যাহত আছিল শিৱৰ আৰধনা।

শোণিতপুৰৰ বাণৰজা আছিল শিৱৰ একান্ত সেৱক। মহাদেৱ শিৱই ৰজা বাণক পুত্ৰ জ্ঞান কৰিছিল। মহাদেৱৰ আশীৰ্বাদতে বাণ ৰজা হৈ পৰিছিল প্ৰৱল শক্তিশালী। বাণক পুত্ৰ জ্ঞান কৰাৰ বাবেই মহাদেৱ শিৱই শ্ৰীকৃষ্ণৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণও হৈছিল।

কোচ সকলো আছিল শিৱ ভক্ত। ৰোচ ৰাজ্য আৰু কোচ বংশৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ আছিল শিৱৰ ঔৰসজাত। নৰনাৰায়ণ যদিও কামাখ্যাৰ উপাসক আছিল তথাপিও তেওঁ শিৱক অৰধনা কৰাৰ কথা প্ৰচলিত আছে।

নৰনাৰায়ণে যুদ্ধৰ পূৰ্বে জনজাতীয় ৰীতি, নীতিৰে সোণকোষ নদীৰ পাৰত শিৱক পূজা কৰিছিল। এই পূজাই পৰৱৰ্তী সময়ত বাথৌ খেৰাই পূজা হিচাপে পৰিচিত হয় বুলিও ইতিহাসবিদে উল্লেখ কৰিছে।

শংকৰদেৱৰ সময়ছোৱাতো ইয়াত শিৱৰ আৰধনা প্ৰচুৰ পৰিমাণে হৈছিল। শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞা আছিল শিৱ ভক্ত। পুত্ৰ সন্তান লাভৰ বাবে কুসুম্বৰ ভূঞাই বহুদিন ধৰি শিৱৰ আৰধনা। তাৰ পাছতেই জন্ম হৈছিল শংকৰৰ। সেয়ে শিৱৰ নামেৰেই ৰাখিলে পুত্ৰৰ নাম শংকৰ।

১২৮২ খ্ৰিষ্টাবত অসমলৈ আগমণ ঘটা আহোমসকলেও শিৱৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছিল। ইন্দ্ৰবংশী আহোমসকলে শিৱক বুঢ়াগোসাঁই বা বুঢ়া ডাঙৰীয়া ৰূপে আৰধনা কৰিছিল।

চোমদেৱৰ উপাসক স্বৰ্গদেউ চাওলুং চুকাফাও হেনো পৰৱৰ্তী সময়ত শিৱৰ উপাসক হৈ পৰিছিল। স্বৰ্গনাৰায়ণ ৰজাই শিৱক বলি-বিধানেৰে পূজা অৰ্চনা কৰিছিল। প্ৰতাপ সিংহই হিন্দু ৰীতি, নীতিৰে শিৱৰ আৰধনা কৰিছিল।

তেওঁ ৰজা হৈয়েই মহেশ্বৰ ঘৰ নামেৰে শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল। তেওঁৰ দিনতে বিভিন্ন স্থানত নিৰ্মাণ হৈছিল বহু কেইটা শিৱ মন্দিৰ। নেঘেৰীটিঙৰ শিৱ মন্দিৰ এইসমূহৰ ভিতৰত অন্যতম।

গদাধৰ সিংহৰ নিৰ্দেশতে গড়গঞা সন্দিকৈ বৰফুকনে নিৰ্মাণ কৰিছিল উমানন্দ। ৰুদ্ৰসিং, শিৱ সিংহ আছিল একান্তই শিৱৰ অনুগামী। এই দুয়োজন ৰজাৰ দিনত নিৰ্মাণ হৈছিল বিভিন্ন স্থানত শিৱ মন্দিৰ।

অসমৰ জনজাতীয় সমাজখনৰ মূল আৰাধ্য দেৱতা শিৱ। অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে শিৱক নিজস্ব ধ্যান, ধাৰণাৰে আৰধনা কৰি আহিছে। অন্যান্য দেৱ, দেৱীৰ তুলনাত শিৱৰ জনপ্ৰিয়তা এই সমাজখনক সৰ্বাধিক।

শিৱই দিঙিত আঁৰি লোৱা সৰ্প, শিৰৰ জতা, বাঘৰ চাল পৰিধান কৰি হিমালয় পৰ্বতৰ বুকুত কৈলাশত বাস কৰা শিৱৰ ধ্যান, ধাৰণাত এতিয়াৰ জনজাতীয় সমাজখনৰো কিছু মিল পোৱা যায়। সেয়ে শিৱৰ গুৰুত্ব আছে।

শিৰে জতাধাৰী...
কিদৰে এনকাউণ্টাৰ হ'ল শ্বাহ আলমৰ? আৰক্ষীয়ে ক'লে এনেদৰে...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in