কটনত এই দশা, ছাত্ৰ-ছাত্ৰী নাই এই বিভাগত পঢ়া...

কটনত এই দশা, ছাত্ৰ-ছাত্ৰী নাই এই বিভাগত পঢ়া...

শিক্ষক আছে, ছাত্ৰ নাই। গুৱাহাটীৰ মাজ-মজিয়াত থকা এখন ঐতিহ্যপূৰ্ণ এসময়ৰ কলেজ আৰু বৰ্তমানৰ বিশ্ববিদ্যালয়ৰ এই অৱস্থা। বিশ্ববিদ্যালয়খনৰ এটা বিভাগত ২০২৪ বৰ্ষত এজনো ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি নকৰিলে।

১৯০১ চনত প্ৰতিষ্ঠা কৰা তেতিয়াৰ কটন কলেজ আৰু বৰ্তমানৰ কটন বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কালতেই এই বিভাগটো খোলা হৈছিল। সেই সময়ত কটনত যি ৫টা বিভাগেৰে পাঠদান আৰম্ভ কৰা হৈছিল সেই বিভাগসমূহৰ ভিতৰত এই বিভাগটো অন্যতম আছিল।

ডিপাৰ্টমেন্ট অফ ইছলামিক ষ্টাডি নামৰ এই বিভাগৰ নাম পৰৱৰ্তী সময়ত আৰবী আৰু পাৰ্চী বিভাগ কৰা হৈছিল। সেই বিভাগত পিএইচডি অৰ্থাৎ গৱেষণা, স্নাতকোত্তৰ আৰু স্নাতক শ্ৰেণীৰ পাঠ্য়ক্ৰম প্ৰদানৰ ব্যৱস্থা আছে। বিভাগটোত বৰ্তমান পিএইচডিত ২০ জন, স্নাতকোত্তৰ শ্ৰেণীত ১৫জন আৰু স্নাতক শ্ৰেণীত ৬জন ছাত্ৰ আছে।

২০২২ বৰ্ষত পিএইচডিত আমিনা খাতুন, মাৰেফুল ইছলাম নামৰ কেৱল দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল। ছাত্ৰ-ছাত্ৰী নাথাকিলেও অধ্যাপক-অধ্যাপিকা ঠিকেই আছে এই বিভাগটোত। এসময়ত ৯ জনলৈকে অধ্যাপক-অধ্যাপিকা আছিল এই বিভাগত।

বৰ্তমান ড০ ফজৰুল ৰহমান, নৰুদ্দিন আহমেদ, আবু বাক্কা চিদ্দিকি এই বিভাগৰ সহযোগী অধ্যাপক। ইয়াৰোপৰি তাফিকুৰ ৰহমান, ফাৰিকউদ্দিন আহমেদ, মহম্মদ ৰিয়াচুল হক এই বিভাগটোৰ সহকাৰী অধ্যাপক।

এইসকল অধ্যাপকৰ ভিতৰত এজন বৰ্তমান গুৱাহাটী বিশ্ব বিদ্যালয়ত কৰ্মৰত। অধ্যাপকসকলে বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি ঠিকেই দৰমহা আৰু আন সা-সুবিধা লাভ কৰি আছে।

দুই-এটা ক্লাছ কৰাৰ বাদে তেওঁলোকৰ বিশেষ কাম নাই এই বিভাগত। যদি ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰিবলৈ নাহে তেন্তে এনে এটা বিভাগ খুলি চৰকাৰী ধনৰ অপব্যৱহাৰ হোৱা নাইনে এই বিশ্ববিদ্যালয়খনত।

কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিষয়টো হয়তো গুৰুত্ব সহকাৰে লোৱা নাই। ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই দিশত কোনো পদক্ষেপ লোৱাৰ অৱকাশ আছে নে নাই সেয়াও বিচাৰ্যৰ বিষয়।

সততে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাকলৈ সৰৱ হোৱা শিক্ষামন্ত্ৰী ৰনোজ পেগু বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কটন বিশ্ববিদ্যালয়ৰ এই খবৰ সম্ভৱত নাজানেই। অতি শেহতীয়াকৈ ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰী নথকা সহস্ৰাধিক বিদ্যালয় সমীপৰ সৈতে একত্ৰিকৰণ কৰিছিল।

সেই বিদ্যালয়সমূহৰ পাছত এইবাৰ ৫০০তকৈ কম ছাত্ৰ-ছাত্ৰী থকা প্ৰায় ৭৯ খন মহাবিদ্যালয় বন্ধ বা একত্ৰিকৰণৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ৰাজ্য়খনত মুঠ ৩০১ খন চৰকাৰৰ প্ৰাদেশীকৃত মহাবিদ্যালয় আছে।

এই মহাবিদ্যালয়সমূহৰ ভিতৰত আছে চৰকাৰে নিজা পৃষ্ঠপোষকতাত পতা নিজা চৰকাৰী মহাবিদ্যালয়। ৫০০তকৈ কম ছাত্ৰ-ছাত্ৰী থকা মহাবিদ্যালয়সমূহৰ ভিতৰত এনে কেইখনমান চৰকাৰী মহাবিদ্যালয় আছে যিকেইখনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০০তকৈ কম।

উদাহৰণ স্বৰূপে বৰখোলা চৰকাৰী মডেল কলেজত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মাত্ৰ ১০৯ গৰাকী। পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয় বিহালীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৯৭ গৰাকী, কৃষ্ণ কান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মাত্ৰ ৩১ গৰাকী।

কেৱল এয়াই নহয়। কাজিৰঙা চৰকাৰী মডেল মহাবিদ্যালয়ত ১৩৮ জন, ডেইথৰ চৰকাৰী মডেল মহাবিদ্যালয়ত ১৫৮ জন ছাত্ৰ-ছাত্ৰী আছে। পদ্মনাথ গোহাঁঞি বৰুৱা চৰকাৰী মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩২৪ গৰাকী। এইবোৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ হিচাপ।

মৰাণ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৯১ গৰাকী, ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৯৩ গৰাকী, এছএমডি কলেজ চিৰাঙত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১২৪ গৰাকী।

এনেবোৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লৈছে। দীনদয়ালৰ নামত স্থাপন কৰা আদৰ্শ চৰকাৰী মহাবিদ্যালয়ত কিয় এই অৱস্থা হ'ল সেয়াও কিন্তু চৰকাৰে গাত চিকুটি চাব লগা।

অসমত জিলা হিচাপত কামৰূপ গ্ৰাম্যত ২৩ খন, কামৰূপ মেট্ৰত ২১ খন, লখিমপুৰত ১৮ খন, ধেমাজিত ১৩ খন, ধুবুৰীত ১১ খন, চৰকাৰী অথবা প্ৰাদেশীকৃত মহাবিদ্যালয় আছে।

এইবোৰ জিলাত ব্যক্তিগত খণ্ডৰ মহাবিদ্য়ালয়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱ নহয়। কিন্তু চৰকাৰী মডেল কলেজতেই ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে বন্ধ কৰিব লগীয়া পৰিস্থিতৰ সৃষ্টি হোৱাটোৱেই সেই মডেল মহাবিদ্যালয়ৰ মান কি তাক লৈও আন এক প্ৰশ্ন উত্থাপন হয়।

কলেজবোৰৰ লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগু, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই বিষয়টোও দৃষ্টিগোচৰ কৰা হ'ল যে চকুৰ সন্মুখতে ছাত্ৰ-ছাত্ৰী অবিহনে কটন বিশ্ববিদ্যালয়ৰ দৰে এখন ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠানত চলি আছে এটা বিয়াগোম বিভাগ।

সেই বিভাগটোৰ ক্ষেত্ৰতো চৰকাৰ বা শিক্ষা বিভাগৰ কৰণীয় নাই নে? মাত্ৰ ৬ জন ছাত্ৰ-ছাত্ৰীয়ে স্নাতক শ্ৰেণীৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা কথাটোৱেই কি সূচায়? মহাবিদ্যালয়বোৰৰ দৰেই এই বিভাগটোৰ ক্ষেত্ৰতো সঠিক সিদ্ধান্ত লোৱাৰ সময় যেন আহি পৰিছে।

কটনত এই দশা, ছাত্ৰ-ছাত্ৰী নাই এই বিভাগত পঢ়া...
মোডী, মুৰ্মুৰ মন জয় কৰা- 'দ্য স্নেক বয়'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in