মোডী, মুৰ্মুৰ মন জয় কৰা- 'দ্য স্নেক বয়'

বাজীগৰ নহয়...
বাজীগৰ নহয়...

মৃদুল কুমাৰ সন্দিকৈ

৯বছৰীয়া এটি কিশোৰ। তেতিয়া এই কিশোৰটি পঢ়ি আছিল পঞ্চম শ্ৰেণীত। কুকুৰৰ প্ৰতি শিশুটিৰ আছিল দুৰ্বলতা। সেয়েহে লগৰ ৪-৫জনক লৈ বাটে-পথে ঘুৰি ফুৰা কুকুৰবোৰৰ যত্ন লৈছিল। খাবলৈ দিছিল, শুশ্ৰুষা কৰিছিল। কুকুৰক শুশ্ৰুষা কৰিবৰ বাবেই কিশোৰটিয়ে এক সংগঠনৰ জন্ম দিছিল। নাম দিছিল- প’জ এণ্ড ৰেপটাইলছ এছ’চিয়েট।

প্ৰকৃতিৰ প্ৰতি কিশোৰটিৰ দুৰ্বলতা গঢ় লৈ উঠিছিল সৰুৰে পৰাই। সেই প্ৰকৃতি আৰু জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেম লাহে লাহে বাঢ়ি গৈছিল। কোৰোনা সংক্ৰমণৰ সময়ত কিশোৰটিয়ে ইউটিউবত চাইছিল সাপ সম্পৰ্কীয় বহু ভিডিঅ’। ঘৰতেই আৱদ্ধ হৈ থাকি শিশুটিয়ে এইবোৰ চাইয়ে অতিবাহিত কৰিছিল সময়।

কিশোৰটিৰ এইবাৰ ইচ্ছা গ’ল সাপ ধৰিবলৈ। ডাঙৰ মানুহৰে সাপ বুলি ক’লে ভয়ৰ সীমা নাথাকে। কিশোৰটিয়ে সাপ ধৰাৰ বহু কৌশল ইউটিউবৰ জৰিয়তে শিকি পেলাইছিল। সাপ ধৰিবৰ বাবে সাহস, কৌশল আৰু প্ৰশিক্ষণৰ প্ৰয়োজন হয়। কেৱল ইন্টাৰনেটত চাই এজন সফল এছ এম অ (স্নেক মাষ্টাৰ অফিচাৰ) হোৱাতো সম্ভৱ নহয়।

 বন বিভাগৰ এছ এম অ সৌৰভ কান্ত মিশ্ৰ আৰু উত্তৰ-পূবৰ এটা অন্যতম প্ৰতিষ্ঠিত এছ এম অ মথুৰা নাথ দেৰ সৈতে তেওঁ যোগাযোগ কৰিলে। তেওঁলোকে কিশোৰটিক পৰামৰ্শ দিলে এই সন্দৰ্ভত যিমান পাৰি জ্ঞান অৰ্জন আৰু অধ্যয়ন কৰিবলৈ।

এদিন সেই সুযোগ পালে কিশোৰটিয়ে। শিশুটিক দিয়া হ’ল সাপ ধৰাৰ সুবিধা। ভয় লাগিছিল কিশোৰটিৰ। কিন্তু সৌৰভ কান্ত মিশ্ৰৰ উপস্থিতিত সেই কাম সম্পন্ন কৰিছিল কিশোৰটিয়ে। পাছলৈ তেওক এই কামত সহায়-সহযোগ কৰি পৰামৰ্শৰে নিপুণ কৰি তুলিছিল মথুৰা নাথ দে’ই।

সৌৰভ কান্ত মিশ্ৰ, বন বিভাগৰ এছ এম অ (SMO) আৰু মথুৰা নাথ দে উত্তৰ পূবৰ ৫জন শীৰ্ষ এছ এম অৰ ভিতৰত অন্যতম। পাণ্ডুত সেই আৰম্ভণি কৰা কিশোৰটিয়ে বৰ্তমানলৈকে ৮০০ৰো অধিক সাপ উদ্ধাৰ কৰি অভিলেখৰ গৰাকী হৈছে।

 তিনিআলি, চাৰিআলিৰে সাপ লৈ খেলা কৰা বাজীগৰ নহয় এই কিশোৰটি। প্ৰকৃতিৰ প্ৰতি সম্পূৰ্ণ দায়ৱদ্ধতাৰে প্ৰকৃতিৰ ৰক্ষা আৰু সংৰক্ষণৰ হকে কাম কৰা এজন প্ৰহৰী তেওঁ। তেওঁৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যও প্ৰকৃতি আৰু জীৱ-জন্তুক লৈয়ে।

 নিজেই গঠন কৰা এন জি অ’ টোৰ কোনো আনুষ্ঠানিক পঞ্জীয়ন কৰা নাছিল তেতিয়া। কোৰোনাৰ সময়ত কিশোৰটিয়ে মেনকা গান্ধীৰ এন জি অ- ‘পিপল ফৰ এনিমেলছ’টো কাম কৰিছিল। সেই সময়ত বাটে-পথে থকা বহু কুকুৰ আৰু জীৱ-জন্তু উদ্ধাৰ কৰিছিল তেওঁ।

এইদৰেই প্ৰকৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰখনত জড়িত হৈ পৰা কিশোৰটিক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে ভাৰতৰ সৰ্বকনিষ্ঠ সাপ উদ্ধাৰকাৰী হিচাপেও ২০২৩ত তেওঁক স্বীকৃতি প্ৰদান কৰিছে। এই কামৰ বাবে বিশ্বৰ আন সংগঠনৰ পৰাও আহিছে তেওঁলৈ স্বীকৃতি।

 ২০২৪বৰ্ষৰ জানুৱাৰীত তেওঁ লগ পাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক। প্ৰায় ১৯লাখ শিশুৰ মাজৰ পৰা দেশৰ ১৯গৰাকী সাহসী শিশু-কিশোৰক প্ৰদান কৰা হৈছিল ‘ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’।  অসমৰ পৰা এই পুৰস্কাৰ সমাজ সেৱা শাখাত লাভ কৰিছিল কেৱল তেওঁ।

 প্ৰথম দিনা সাপ উদ্ধাৰ কৰিবলৈ গৈ কিছু ভয়ো খাইছিল। কিন্তু সাহস কৰিছিল। সেই সাহসেই এতিয়া নতুন পৰিচয় গঢ়ি তুলিছে। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ সৈতে বহি এই পুৰস্কাৰ ল’বলৈ যাওতে প্ৰাণ ভৰি কথা পাতিছিল। কৈছিল ভৱিষ্যতৰ পৰিকল্পনাৰ কথা তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক।

বিকশিত ভাৰত-২০৪৭ৰ প্ৰধানমন্ত্ৰীৰ সেই স্বপ্নৰ অংশীদাৰ হ’ব পৰাকৈ কিশোৰটিয়ে এক ৰূপৰেখাও তৈয়াৰ কৰিছে এই ক্ষেত্ৰখনৰ বাবে। এই কিশোৰটি গুৱাহাটী মহানগৰৰে এখন বিদ্যালয়ৰ ছাত্ৰ।  নিজ বিদ্যালয়ৰ লগতে কিশোৰটিয়ে পৰিৱেশ সংৰক্ষণ, সাপৰ সন্দৰ্ভত থকা অন্ধবিশ্বাস দূৰীকৰণৰ অৰ্থে আন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো সজাগতাৰ সৃষ্টিত ব্ৰতী হৈ আছে। 

 কিশোৰটিৰ মতে, সাপৰ ক্ষেত্ৰত আমাৰ বহু অন্ধবিশ্বাস দূৰ কৰিব লগা আছে। প্ৰকৃতিৰ সন্দৰ্ভত আমি বহু সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে। তেওঁ এই কৰ্মক্ষেত্ৰখনকেই জীৱনৰ লক্ষ্য হিচাপে লৈছে। ২২জানুৱাৰী ২০২৪ত তেওঁ ৰাষ্ট্ৰপতিৰ হাতৰ পৰাই ৰাষ্ট্ৰীয় সেই প্ৰাপ্তি গ্ৰহণ কৰিছিল।  ২৩জানুৱাৰীৰ ৰাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কথা পতাৰো সুযোগ পাইছিল।

এই প্ৰাপ্তিয়ে তেওঁক উৎসাহিত কৰিছে। সহস্ৰাধিক কুকুৰ উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে ইতিমধ্যে। নাম তেওঁৰ- শ্যয়ম মজুমদাৰ। ঘৰ গুৱাহাটীৰ আদাবাৰীত। শিলপুখুৰী মহৰ্ষি বিদ্যামন্দিৰৰ ছাত্ৰ শ্যয়ম ২০২৪বৰ্ষৰ দশম শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী। এতিয়া দেশে জানে শ্যয়মৰ খবৰ। নাজানো কাষতে থকা আমি শ্যয়মে নীৰৱে কৰি আছে কি...

বাজীগৰ নহয়...
বেলতলা ই এছ আই চি হাস্পতাললৈ শ্ৰেষ্ঠত্বৰ সন্মান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in