ৰাজতন্ত্ৰ ! কেতিয়াবা পৰিব নে অন্ত ?

ৰাজতন্ত্ৰ ! কেতিয়াবা পৰিব নে অন্ত ?

- জয়দীপ নাৰায়ণ দেব

ৱেলছৰ ৰাজকুমাৰী ডায়েনা । ৰাজকুমাৰী হোৱা স্বত্তেও ৰাজতন্ত্ৰৰ কোনো গুণেই নাছিল ৰাজকুমাৰী ডায়েনাৰ ওচৰত । দৈৱদুৰ্বিপাকত হে যেন ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰিছিল । কিশোৰী অৱস্থাৰ পৰাই সমাজতন্ত্ৰৰ কথা কোৱা ডায়েনা সমগ্ৰ ব্ৰিটেইন আৰু সংবাদ মাধ্যমৰ মধ্যমণি হৈ পৰিছিল অতি সহজেই । কেৱল ব্ৰিটেইনেই নহয় বৰং সমগ্ৰ বিশ্বই এগৰাকী নেত্ৰীৰ ৰূপত চাবলৈ লৈছিল ডায়েনাক ।

অৱশ্যে কোনোদিনেই সংবাদ মাধ্যমৰ শিৰোনাম হ'বলৈ বিচৰা নাছিল ৰাজকুমাৰী ডায়েনাই । তাৰ পৰিৱৰ্তে ৰাইজৰ মাজত থাকি, ৰাইজৰ সেৱাৰ বাবেহে নিজকে সমৰ্পিত কৰিব বিচাৰিছিল ডায়েনাই ।

ইয়াতেই যেন ভুল হ'ল ডায়েনাৰ । ৰাজতন্ত্ৰৰ মাজত থাকি সমাজতন্ত্ৰৰ বাণী বিলোৱা এক মোক্ষম অপৰাধ ব্ৰিটেইনত । ৰাজকুমাৰ চাৰ্লছ তৃতীয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈও সমাজতন্ত্ৰৰ কথাকেই কৈ থাকিল ডায়েনাই । স্বামী ভৱিষ্যতে ব্ৰিটেইনৰ সম্ৰাট হোৱাৰ ক্ষেত্ৰতো আহিবলগীয়া বাধা সমূহৰ কথা মুকলিকৈ আঙুলিয়াই দিলে ডায়েনাই ।

সংবাদ মাধ্যমক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা আৰু ৰাজতন্ত্ৰক লোকচক্ষুৰ আতৰত সুৰক্ষিত কৰি ৰখাৰ মাজৰ পাৰ্থ্যকও খুব সুন্দৰকৈ সংবাদ মাধ্যমৰ সন্মুখতেই বৰ্ণনা কৰিছিল ডায়েনাই । এনে ধৰণৰ ভাষ্যৰ সহায়ত ৰাজতন্ত্ৰৰ মুকলি শত্ৰু হৈ পৰা ডায়েনা বৰ বেছি জীয়াই নাথাকিল ।

১৯৬১ চনত জন্ম লাভ কৰা ডায়েনাই ১৯৯৭ চনত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগীয়া‍ হ'ল ফ্ৰান্সৰ পেৰিছ চহৰত । কিন্তু জীৱিত অৱস্থাত সৃষ্টি হোৱা বিভিন্ন বিতৰ্কৰ দৰেই ডায়েনাৰ মৃত্যুও আছিল এক বিতৰ্কৰ বিষয় ।

বহু লোকৰ বিশ্বাস এই মৃত্যুৰ অন্তৰালত আছিল চাৰ্লছৰ মাতৃ তথা ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ হাত । পথ দুৰ্ঘটনা সম্পৰ্কে পূৰ্বৰে পৰাই জ্ঞাত আছিল ডায়েনা । আন নানানটা বিতৰ্কৰ বিষয় ডায়েনাৰ সমগ্ৰ জীৱন আৰু মৃত্যু ।

কিন্তু কি সন্দৰ্ভত উত্থাপন কৰিব লগীয়া হ'ল ৰাজকুমাৰী ডায়েনাৰ বিষয় ?

দৰাচলতে, ডায়েনাৰ স্বামী চালৰ্ছ তৃতীয়ৰ ৰাজঅভিষেক ঘটিল ৬ মে'ত । গ্ৰেট ব্ৰিটেইন যি ইংলেণ্ড, স্কটলেণ্ড, ৱেলছ আৰু উত্তৰ আয়াৰলেণ্ডেৰে গঠিত সেই গ্ৰেট ব্ৰিটেইনত অব্যাহত থাকিল ৰাজতন্ত্ৰ । যি গ্ৰেট ব্ৰিটেইনে এটা সময়ত সমগ্ৰ বিশ্বত ৰাজত্ব কৰিছিল, যি গ্ৰেট ব্ৰিটেনৰ সাম্ৰাজ্যৰ বেলি কাহানিও মাৰ নাযায় বুলি কোৱা হৈছিল সেই গ্ৰেট ব্ৰিটেইন নিজেই ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হ'ব নোৱাৰিলে ।

সমগ্ৰ ব্ৰিটেইনত ৰাজতন্ত্ৰৰ বিৰোধিতা কৰা অন্যতম ব্যক্তিসত্বা আছিল এই ৰাজকুমাৰী ডায়েনা আৰু ডায়েনাৰ মৃত্যুৰ প্ৰায় দুটা দশক পাছত তেখেতৰ স্বামী চাৰ্লছ তৃতীয় আৰু কেমিলাৰ হাতত অৰ্পণ কৰা হ'ল সমগ্ৰ ব্ৰিটেইনৰ ৰাজতন্ত্ৰ ।

ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয় । ব্ৰিটেইনৰ ইতিহাসৰ এগৰাকী অন্যতম শক্তিশালী ৰাজকীয় ব্যক্তিত্ব । ৭০ বছৰ ২১৪ দিনীয়া ৰাজত্ব কাল আছিল ব্ৰিটেইনৰ ৰাজতন্ত্ৰৰ সৰ্ববৃহৎ শাসনকাল আৰু বিশ্বৰ ইতিহাসতো কোনো মহিলাৰ এইয়া আছিল সৰ্ববৃহৎ ৰাজত্বকাল ।

৭টা কৈ দশক কোনো সাধাৰণ কথা নহয় । এই কালছোৱা নানান উত্থাপ-পতন, বাদ-অপবাদেৰে ভৰা আছিল । নিজৰেই সন্তান চাৰ্লছ তৃতীয়ৰ প্ৰথম পত্নী তথা ৱেলছৰ ৰাজকুমাৰী ডায়েনাক হত্যা কৰাৰো অপবাদ উঠিছিল এলিজাবেথ দ্বিতীয়ৰ বিৰুদ্ধে ।

সেই গৰাকী শক্তিশালী এলিজাবেথৰ মৃত্যুৰ পাছতেই থৰক-বৰক হৈ পৰিছিল ব্ৰিটেইনৰ ৰাজসাম্ৰাজ্য । অৱশ্যে ৰাজনৈতিক দিশ সমূহৰ পৰিচালনাৰ বাবে সৰ্বোচ্চ আসনত প্ৰধানমন্ত্ৰী আছে ব্ৰিটেইনত । কিন্তু ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰাৰ দিশত আকৌ সৰ্বোচ্চ ৰাজ পৰিয়ালেই ।

এলিজাবেথৰ মৃত্যুৰ পাছত প্ৰশ্ন উত্থাপন হৈছিল বৃটিছ সাম্ৰাজ্যক লৈ । একে সময়তেই অস্থিৰ আছিল ৰাজনৈতিক বাতাবৰণো । প্ৰধানমন্ত্ৰীৰ সঘল সাল-সলনিয়ে পৰিৱেশ আৰু উত্তপ্ত কৰি তুলিছিল । তাৰ মাজতেই ভাৰতীয় মূলৰ ঋষি ছুনাকে চম্ভালি ল'লে প্ৰধানমন্ত্ৰীৰ দায়িত্ব । ঠিক একেদৰেই ৰাজপৰিয়ালৰ চাৰ্লছ তৃতীয়ক দিয়া হ'ল ৰজাৰ খিতাপ ।

কিন্তু ৰাজঅভিষেকৰ কিছু ঘন্টা পূৰ্বৰে পৰাই ব্ৰিটেইনৰ ৰাজপথত দেখা গ'ল প্ৰতিবাদকাৰীৰ ভিৰ ।

১৭শ আৰু ১৮শ শতিকাত ব্ৰিটেইনত গা কৰি উঠিছিল ক্ৰীতদাস প্ৰথা । ১৬৬৩ চনত ব্ৰিটেইনৰ ৰাজতন্ত্ৰৰ অনুমোদন সাপেক্ষেই আৰম্ভ কৰা হৈছিল ক্ৰীতদাস প্ৰথা । ৰজাঘৰীয়াৰ নেতৃত্বত চলা এই প্ৰথাই অতি কম সময়ৰ ভিতৰতেই লক্ষাধিক লোকক আফ্ৰিকাৰ পৰা ক্ৰীতদাসৰূপে লৈ আহিল আমেৰিকালৈ ।

১৮০৭ চনতহে সম্ৰাট জৰ্জ তৃতীয়ই ব্ৰিটেইনত এই প্ৰথাৰ অন্ত পেলাই । প্ৰায় ১৫০ বছৰীয়া সেই অত্যাচাৰে সমগ্ৰ বিশ্বতেই সৃষ্টি কৰিছিল সন্ত্ৰাসৰ । অৱশ্যে তাৰ পাছতো ঔপনিৱেশিক শাসনৰ লোভৰ পৰা মুক্ত হ'ব পৰা নাছিল ব্ৰিটেইন ।

বিশ্বৰ বহু কেইগৰাকী গৱেষকৰ ব্যক্তিগত অধ্যয়ণৰ ফলস্বৰূপে কিছুদিন পূৰ্বেই পোহৰলৈ আহিছিল এই কথা । তাৰ পাছতেই ব্ৰিটেইনত ৰাজতন্ত্ৰ বিৰোধী প্ৰতিবাদ, আন্দোলন । শিশুৰপৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে ৰাজতন্ত্ৰৰ বিৰুদ্ধে একগোট হৈ থিয় দিলে ব্ৰিটেইনৰ ৰাজপথত ।

একেদৰেই এই ৰাজঅভিষেকৰ নামত হ'ব লগীয়া চূড়ান্ত ব্যয়ৰো বিৰুদ্ধে নাগৰিকসকল । উল্লেখ্য যে, এই ৰাজঅভিষেকৰ নামত ব্ৰিটেইনৰ ৰাজকোষে খৰচ কৰিব প্ৰায় ৫০ ৰ পৰা ১০০ মিলিয়ন পাউণ্ড । ভাৰতীয় হিচাপত হাজাৰ কোটিৰো অধিক । ব্ৰিটেইনৰ আৰ্থিক অৱস্থা খুব টনকীয়াল নহয় এই সময়ত । ইতিমধ্যেই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ফলত সমগ্ৰ ইউৰোপত শক্তি সংকটে দেখা দিছিল । যাৰ প্ৰভাৱ পৰিছিল ব্ৰিটেইনতো ।যাৰ ফলতেই এতিয়া ব্ৰিটেইনৰ ৰাজপথত দেখা গৈছে "NOT MY KING" পোষ্টাৰ ।

কিন্তু কিয় এই দুৰ্দশা ৰাজ পৰিয়ালৰ ?

যি ৰাজপৰিয়ালৰ হাতৰ মুঠিত আছিল এদিন সমগ্ৰ বিশ্ব, সেই ৰাজপৰিয়ালৰ নিজৰ দেশতেই বিৰোধিতা ৰাইজৰ । আজিৰ বিশ্ব ৰাজতন্ত্ৰৰ বিপক্ষে । চৌদিশৰ সমাজতন্ত্ৰৰ মাজত ব্ৰিটেইনৰ ৰাজতন্ত্ৰই বহন কৰে এক গুৰুত্বপূৰ্ণ অথচ ঋণাত্মক বাৰ্তা ।

শতিকাজোৰা এই ৰাজতন্ত্ৰই সামাজিক শ্ৰেণী বিভাজনৰ কথা চিঞৰি চিঞৰি আঙুলিয়াই দিয়ে সকলোকে । আঙুলিয়াই দিয়া হাতখনো আকৌ তেজে তুমৰলি । এই তেজ লক্ষাধিক শ্ৰমিক আৰু পৰাধীনতাৰ শিকলিৰে বান্ধি থোৱা বহু দেশৰ নাগৰিকৰ । কিদৰে সকলো নাগৰিকতকৈ এটি পৰিয়াল শ্ৰেষ্ঠ হ'ব পাৰে কেৱল জন্মসূত্ৰে ?

ভিয়েটনাম, কিউবা তথা আন কেইখনমান দেশত আছে সাম্যবাদী শাসন ব্যৱস্থা, আনহাতে ব্ৰিটেইনত এতিয়াও অপ্ৰশাসনিক ক্ষেত্ৰত সকলোৰে উৰ্ধত ৰাজপৰিয়াল । যি অতীত বিশ্বই কাহানিবাই অতিক্ৰম কৰি আহিলে, সেই অতীত কিন্তু আজিও বুকুত বান্ধি ঘূৰে ব্ৰিটেনৰ ৰাজপৰিয়ালে ।

ৰাছিয়াৰ বিখ্যাত সাহিত্যিক এন্টন ছেখভৰ নাটক "দা ছেৰী অৰ্কাৰ্ড"ত এই ৰাজতন্ত্ৰ আৰু ইয়‍াৰ হতাশগ্ৰস্ত পৰিণামৰ বিষয়ে সুৱলা কৈ লিখা হৈছিল ১৯০৩ চনতেই । অৰ্থাৎ ৰাণী এলিজাবেথৰো জন্মৰ দুটা দশক পূৰ্বেই ।

কিন্তু বিশ্ব সাহিত্য, প্ৰতিবাদ, বিতৰ্ক সকলো যেন ম্লান পৰিয়ালটিৰ অতীতক সাৱটি জীয়াই থাকিব খোজা লালসাৰ সন্মুখত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in