/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2aa114c3-56de-41a6-a6e1-b38f0e550a89/AP_FOR_bikhekh_lekha_1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
''উপায় নাই বুজিছে। গৰু বেপাৰীৰ লগত কথা পাতিছো। ৯টা দমৰা আছে মোৰ। তাৰেই এটা বিক্ৰী কৰি ধাৰবোৰ অলপ অলপ দিম বুলি ভাৱিছো। আপুনি যে কথাপাতি আছে, এই মূহুৰ্ততো মোৰ মোবাইলত আৰু এটা ফোন আহি আছে। ভৰালী অফচেটৰ ফোন এইটো।
তাতো দিব আছে ৬,৫০০ মান টকা। পেণ্ডেলত এতিয়াও ১৭,০০০ টকা বাকী। লাইট, চাউণ্ডত ২০,০০০ দিব আছে। গেলামালৰ দোকানৰ হিচাপ কৰায়েই নাই। ঘৰৰ ওচৰৰ চিনাকী মানুহৰ দোকান কাৰণেই বৰ হেঁচা দিয়া নাই।
বিহু পাতি গলগ্ৰ চপালো। মানুহে ভাৱি আছে চৰকাৰে দিয়া ডেৰ লাখ টকা আমি পালো। বিশ্বাস কৰক এম পি, এম এল এ কাক লগ ধৰা নাই। স্মাৰক পত্ৰও দিছো যাতে ধনখিনি দিয়াৰ ব্যৱস্থা কৰে।
৫ জুনত মুখ্যমন্ত্ৰী মঙলদৈলৈ আহোতে তেওঁকো কথাতো কোৱা হৈছিল। এসপ্তাহৰ ভিতৰত পাই যাব বুলি কৈছিল যদিও তেনেকুৱা কেইবাটাও এসপ্তাহ পাৰ হ'ল। ডিচি অফিচৰ পৰা এবাৰ ফোন কৰিছিল।
পিছদিনা পুৱা ৭.৩০ বজাত অফিচ পোৱাকৈ মাতিছিল। কলাক্ষেত্ৰলৈ যাব লাগিব, তাতেই বোলে ডেৰলাখ টকাটো দিব। পিছত আকৌ ফোন কৰি ক'লে একাউন্টতে সোমাব টকা। কিন্তু সেই ধন আজিলৈকে নোসোমাল''।
এইদৰে নিজৰ অসহায়ৰ কথা কৈ যোৱা লোকজন আছিল এজন বিহু কমিটীৰ সম্পাদক। মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰথেকেৰাবাৰীৰ নৱজ্যোতি সংঘত যোৱা ৫৪ বছৰে ৰঙালী বিহু উলহ-মালহেৰে পালন কৰি আহিছে।
এইবাৰো দুটা পৰ্যায়ত ৩০ চ'ত আৰু ১ বহাগ আৰু ৭, ৮ বহাগত বিহু পাতিছিল তেওঁলোকে। বিহু উদযাপন কমিটীৰ সম্পাদক আছিল প্ৰভাত শইকীয়া। আগতে ৰাইজৰ সহযোগত কোনো অসুবিধা নোহোৱাকৈ বিহু অনুষ্ঠিত কৰিছিল।
২০২২ চনত চৰকাৰে বিহু পাতিবলৈ বিহু কমিটীসমূহক ডেৰলাখ টকাকৈ অনুদান দিছিল। তেওঁলোকেও পাইছিল সেই অনুদান। সেইবাৰ ৰাজ্যৰ ১২৬৫ খন বিহু কমিটীক চৰকাৰে ১৮.৯৭ কোটি টকা প্ৰদান কৰিছিল।
প্ৰথমবাৰ ঠিকেই দিলে টকা। ২০২৩ ত পুনৰ চৰকাৰে বিহু পাতিবলৈ ডেৰলাখকৈ দিয়াৰ কথা ঘোষণা কৰিলে। কিন্তু বহু বিহু কমিটীয়ে আজি পৰ্যন্ত ধন নাপালে। তাৰ প্ৰমাণ বৰথেকেৰাবাৰীৰ নৱজ্যোতি সংঘৰ বিহু।
বৰথেকেৰাবাৰীৰ শংকৰদেৱ হাইস্কুল খেল পথাৰত ২০২৩ বৰ্ষত বিহু পাতিছিল তেওঁলোকে। দৰং জিলাত ১৩০ খন বিহু কমিটীক ডেৰলাখ টকা চৰকাৰী অনুদানৰ বাবে নিৰ্বাচিত কৰা হৈছিল। তাৰে ১৮খনক কোনো ব্যৱহাৰিক প্ৰমাণপত্ৰ নোহোৱাকৈ বহাগৰ আৰাম্ভণিতে ডেৰলাখ টকা প্ৰদান কৰা হ'ল। বাকী ৰৈ গ'ল জিলাখনৰ ১১২খন বিহু উদযাপন সমিতি।
তেওঁলোকে এতিয়া ভীষণ আৰ্থিক সমস্যাত পৰিছে। বিহু পাতি যোৱাই ৪ মাহৰ বেছি হ'ল।চৰকাৰৰ অনুদানৰ ধন নোপোৱাত এতিয়া তেওঁলোকৰ হাহাকাৰ অৱস্থা। এইবাৰ বৰথেকেৰাবাৰী নৱজ্যোতি সংঘই ৪ দিনীয়াকৈ পতা বিহুত ব্যয় কৰিছিল ১ লাখ ৭৫ হাজাৰ ৫৬২ টকা।
ভাৱিছিল ডেৰলাখ টকা চৰকাৰৰ পৰা পাব, বাকীবোৰ মিলি যাব। কিন্তু সেয়া নহ'ল। চৰকাৰে ঘোষণা ঠিকেই কৰে। কিন্তু ঘোষণা কৰাৰ দৰেই যেন কামবোৰ বাস্তৱত ৰূপায়ণ নহয়।
গিনিজ ৰেকৰ্ড গঢ়িবলৈ বিহুৱা-বিহুৱতীসকলক চৰকাৰৰ উদ্যোগত গুৱাহাটীলৈ অনা হৈছিল। পলমকৈ হ'লেও বিহুৱতীসকলক ২৫,০০০ কৈ টকা চৰকাৰে মাননি আগবঢ়ালে। এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত এই অভিলেখকাৰী অনুষ্ঠানৰ অংশীদাৰ হৈছিল ১০,৩০৪ গৰাকী বিহুৱতী। তেওঁলোকক গুৱাহাটীলৈ আহোতে গুৱাহাটী হোটেল, ল'জ বিলাকত ৰখাৰ ব্যৱস্থা কৰা হৈছিল।
মহানগৰীত ১৫৫খন হোটেল আৰু ল'জৰ মালিকে বিহুৱা-বিহুৱতীক ৰখাৰ বাবদ ধন পাবলৈ বাকী আছে। সেই সময়ত আগধন হিচাপে হোটেল, ল'জ কৰ্তৃপক্ষক কাৰোবাক ১০ শতাংশ, কাৰোবাক ৩০ শতাংশ বিল দিছিল। কিন্তু বাকী ধন আজিও পোৱা নাই। চৰকাৰী বিষয়া কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰি তেওঁলোক বিফল হৈছে। কোনোৱে ক'ব পৰা নাই সেই ধন কেতিয়া তেওঁলোকে লাভ কৰিব।
চৰকাৰ কিবা এটা কৈ দিয়াৰ পাছত মানুহে বৰ আন্তৰিকতাৰে কথাবোৰ লয়। মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছিল ৰাইজৰ পৰা দান বৰঙণি লৈ বিহু পতাৰ বিপৰীতে চৰকাৰে বিহু পাতিবলৈ ধন দিব। সেই আশাৰেই বিহু আয়োজকসকলে ৰাইজৰ পৰা ধন সংগ্ৰহ নকৰি চৰকাৰী অনুদানেৰে নিৰ্দিষ্ট বাজেটেৰে বিহু পাতিবলৈ সাজু হৈছিল।
তাৰ পৰিণাম এয়া। যাৰবাবে এতিয়া বিহু আয়োজক কমিটী সম্পাদকে গোহালীৰ গৰু বিক্ৰী কৰি ধাৰ মাৰিবলৈ সংকল্প লৈছে। তেওঁৰ মতে, যাক ২০,০০০ দিব আছে তেওঁক টকা ১০,০০০ দিব পাৰিলেও যথেষ্ঠ।
দমৰা গৰুটো বিক্ৰী কৰি ২০,০০০ টকা পালেও তেওঁ বহুখিনি ৰক্ষা পৰে। এই ধাৰবোৰ তেওঁৰ বাবে ডাঙৰ বোজা হৈছে। তেওঁ খেতিয়ক মানুহ। উপাৰ্জনৰ আন পথ নাই। সম্পাদক হিচাপে এই সকলোবোৰ ব্যৱস্থা তেওঁৱেই কৰিছিল। সেয়েহে গৰু বিক্ৰী কৰি হ'লেও সেই ধাৰ মাৰিবলৈ তেওঁ বদ্ধ পৰিকৰ। এসপ্তাহৰ ভিতৰতে তেওঁ এই কাম কৰিব। বঙলাগড়ত শুকুৰবৰীয়া বজাৰ বহে। তাতেই তেওঁ দমৰাটো বিক্ৰীৰ বাবে সাজু হৈছে। বেপাৰীৰ সৈতে কথা পাতিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যথেষ্ঠ সংবেদনশীল মানুহ। এজন বিহু কমিটী সম্পাদক তথা আয়োজকৰ এই অৱস্থাই তেওঁৰ মনত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰিবনে? কেতিয়ালৈকে পাব বিহু আয়োজকসকলে পাব লগা ডেৰলাখ টকা ধন? সেই উত্তৰ এতিয়া তেওঁ নিদিলে দিব কোনে!
Also Read: ঘোঁচ নিদিওঁ, ভুল হৈছে ফাইন দিম...