ঘোঁচ নিদিওঁ, ভুল হৈছে ফাইন দিম...

ঘোঁচ নিদিওঁ, ভুল হৈছে ফাইন দিম...

মৃদুল কুমাৰ সন্দিকৈ

মই বজাৰৰ পৰা উভতি আহিছিলোঁ। বেলেগ এজনৰ স্কুটীখন লৈ বজৰলৈ যোৱাৰ বাবে ভুলৱশতঃ হেলমেটো পিন্ধা হোৱা নাছিল। পথত থকা আৰক্ষী কেইজনে মোক ৰখিবলৈ সংকেত দিওতে মই বুজিছিলো মোৰ ভুল হৈছে।

মই ইয়াৰ কাৰণে জৰিমনা দিবলৈ প্ৰস্তুত আছিলো। কিন্তু মোক সেই সময়ত কৰ্তব্যৰত এজন ডেকা আৰক্ষীয়ে মোক উপদেশ দিছিল এইবোৰ ঝামেলাত সোমোৱাত কৈ কিবা এটা দি গুচি যাবলৈ। তেতিয়া সময় দিনৰ ১০-৩০ মান বাজিছিল।

মই আচৰিত হৈছিলো। ৰঙা টুপি পিন্ধা কোঁৱৰ উপাধিধাৰী আৰক্ষীগৰাকীয়ে সেই নতুনকৈ ভৰ্তি হোৱা আৰক্ষী কনিষ্টবলকেইজনক এই বৃত্তিত নমোৱাৰ বাবে। মোবাইলটোত মই ভিডিঅ’ অন কৰি জেপত লৈ তেওঁলোকৰ কাষলৈ গৈ সুধিছিলোঁ- কওঁক এতিয়া,ফাইন দিম নে আপোনালোকক কিবা এটা দিম ?

এই কথাষাৰ শুনি তেওঁলোকে কিবা এটা সন্দেহ কৰি মোৰ মোবাইলটো কাঢ়ি লৈছিল। মোক দুৰ্ব্যৱহাৰ কৰি গাড়ীত উঠাই থানালৈ লৈ গ’ল এজন অপৰাধীৰ দৰে।

তেওঁলোকৰ মুখৰ ভাষা,ব্যৱহাৰ মোৰ ভাল নালাগিল। কোনো মানুহৰেই এই পৰিৱেশ ভাল নালাগে। থানালৈ নিয়াৰ পিচত মোক অ’চি ছাৰে চিনি পালে। সকলোবোৰ কথা মই ক’লো। মোক এৰি দিলে। কিন্তু যিকেইজনে মোক লৈ গৈছিল তেওঁলোকে ম’বাইলটো খুঁচৰি তাত থকা ভিডিঅ’বোৰ ডিলিট কৰিহে মোক ঘৰলৈ আহিবলৈ দিছিল।

আৰক্ষীৰ সৈতে মোৰ কোনো শত্ৰুভাৱ নাই। তিনিচুকীয়া জিলাত কৰ্মৰত বহু উচ্চ পদস্থ বিষয়া মোক ফাৰ্মখনলৈ আহিছে। আলহী হৈছে, কোনোৱাই এসাঁজ খাইয়ো গৈছে। সেই সম্পৰ্ক থকাৰ পিচতো আৰক্ষীৰ পৰা মই লাভ কৰা অভিজ্ঞতা বহুক্ষেত্ৰত তিক্তদায়ক।

২০১৪ চনৰ কথা। ভোটজলকীয়া লৈ মই বজাৰলৈ গৈ আছিলোঁ। পানেৰীৰ পৰা তিনিচুকীয়ালৈ মোৰ ভেনখনতে ভোটজলকীয়াবোৰ নিছিলোঁ। তিনিচুকীয়াত ট্ৰেফিকৰ দায়িত্বত থকা আৰক্ষীয়ে গাড়ীখন ৰখালে। মানুহ বহা চিটত ভোটজলকীয়া কিয় কঢ়িয়াইছো ? সেয়াই মোৰ অপৰাধ। ১৫০০ টকা ল'লে আৰক্ষীজনে।

কুঁহিয়াৰ তিনিচুকীয়ালৈ লৈ গৈছিলো এবাৰ। পুৱা ৪-৩০ মান বজাতে কুঁহিয়াৰলৈ ৰাওনা হৈছিলো। ইমান পুৱাই কিয় কুঁহিয়াৰ লৈ আহিছ বুলি পুলিচে ধৰি মোৰ পৰা কিছু ধন ল'লে।

এনেকৈয়ে আৰক্ষীৰ মুখামুখি হোৱা যায়। ২০২১ চনত মাছৰ পোনা আনোতে পুনৰ একেই অভিজ্ঞতাৰ সন্মুখীন হ’লো। মোৰ পৰা ৩০০০ টকা লৈছিল সেইবাৰ। মহকুমা আৰক্ষী বিষয়াগৰাকী মোৰ চিনাকী আছিল। তেখেতক সেই অভিজ্ঞতাৰ কথা কোৱাত টকা ৩০০০ মোক ঘূৰাই দি থৈ গৈছিল।

এই কথাখিনি কৈছিল ধনীৰাম চেতিয়াই। বৃত্তিত তেওঁ এজন খেতিয়ক। আৰক্ষীকেন্দ্ৰিক খবৰবোৰৰ মাজতে তেওঁৰ সৈতে সংঘটিত হোৱা এক ঘটনাৰ আলামত এই অভিজ্ঞতাবোৰ তেখেতে কৈছিল যদিও আৰক্ষীৰ প্ৰতি কোনো বেয়াভাৱ পোষণ নকৰাকৈয়ে এজন খেতিয়কে সন্মুখীন হোৱা এক সমস্যা দাঙি ধৰিছিল।

যিসকলে ধনীৰাম চেতিয়াক জানে, তেওঁলোকে উপলব্ধি কৰে কিমান সততাৰে কৃষিক্ষেত্ৰখনৰ সৈতে তেওঁ জড়িত হৈ আছে। হেলমেট নিপিন্ধাকৈ আহোতে তেওঁক টকা বিচৰা আৰক্ষীকেইজনক চকুৰ সন্মুখৰে পাৰ হৈ যোৱা অবাধ গতিত চলা ডাম্পাৰবোৰ ৰখাই ফাইন ভৰাবলৈ প্ৰত্যাহ্বান জনাইছিল।

এটা দৰিদ্ৰ পৰিয়ালৰ পৰা আহি আজি তেওঁ ২৫ বিঘা মাটিত উদ্যান শস্য আৰু শাক-পাচলিৰ খেতি কৰি আছে। সেই প্ৰতিষ্ঠা এদিনতে সম্ভৱ হোৱা নাছিল।কঠোৰ পৰিশ্ৰম আৰু চেষ্টাৰ অন্তত খেতিয়ক হিচাপে তেওঁ এক অন্য পৰিচয় লাভ কৰিছিল।

তেওঁৰ বাৰীত থকা আমগছবোৰ দেখিলে মানুহ আচৰিত হয়। কেনেকৈ লাগে এনেকৈ আম? অমিতা লাগিবলৈ আৰম্ভ কৰিছে। প্ৰায় দুবিঘা মাটিত অমিতাৰ খেতি কৰিছে এইবাৰ। তাৰ মাজে মাজে ৰুইছিল ভোটজলকীয়া গছ।

গাঁৱৰে কেইবাজনো আগ্ৰহী যুৱকক তেওঁ সংগী কৰি লৈছিল যাতে তেওঁৰ অভিজ্ঞতাৰ পৰা সেই যুৱকসকলেও কিছু শিক্ষা ল’ব পাৰে। এতিয়ালৈকে প্ৰায় ৩ লাখ মান টকা আয় কৰিছে ভোটজলকীয়া বিক্ৰী কৰি।

ঋতুকালীন আন শাক-পাচলিৰ খেতিয়ো তেওঁ কৰে।কৃষি তেওঁৰ বাবে সকলো। জৈৱিক পদ্ধতিৰে কৃষিকৰ্মত মনোনিৱেশ কৰিবলৈ নিজাকৈ পোহে গৰু।

সামাজিক মাধ্যমতো তেওঁ সক্ৰিয়। ব্যৱহাৰিকভাৱে তেওঁ কৃষিকৰ্ম কৰোতে লাভ কৰা সুফলসমূহ এই মাধ্যমৰে তেওঁ ভাগ-বতৰা কৰি লয় আন সকলৰ সৈতে।

মীন পালনো কৰিছে ধনীৰাম চেতিয়াই। তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত টেকেৰী গাঁৱত তেওঁৰ ঘৰ। দৰিদ্ৰতাৰ বাবে উচ্চ শিক্ষা লোৱা নহ’ল যদিও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈয়েই কৃষিকৰ্মত মনোনিৱেশ কৰিছিল।

যত্ন কৰিলে ৰত্ন পায়। তাৰ উদাহৰণ ধনীৰাম চেতিয়া। যিয়ে তেওঁৰ কৃষিক্ষেত্ৰলৈ গৈছে তেঁৱেই অপাৰ বিস্ময়েৰে ভাৱিবলৈ বাধ্য হয়- এই সৃষ্টি অনন্য।

উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ উৎপাদনস্থলীৰ পৰা বজাৰলৈ নিওতে প্ৰায়েই কৃষকসকলে সন্মুখীন হোৱা এটা সমস্যা পুলিচ। এয়া সকলোৱে জানে,কিন্তু কোনোও বিষয়টো আলোচনা নকৰে,গুৰুত্ব নিদিয়ে। কিন্তু কৃষকসকলৰ আৰক্ষী দেখিলেই কিবা এটা দি যাব লাগে বুলি এক ধাৰণ গঢ়লৈ উঠিছে। সেই ধাৰাবাহিকতাক ভংগ কৰি এচাম আৰক্ষীৰো এই প্ৰৱণতাৰ নাইকীয়া কৰাৰ সময় অহা নাইনে এতিয়াও ?

ঘোঁচ নিদিওঁ, ভুল হৈছে ফাইন দিম...
''দীঘলীপুখুৰী'' এতিয়া গুজৰাটৰ !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in