উজনিৰ ৫টা সমষ্টি...

উজনিৰ ৫টা সমষ্টি...

সমগ্ৰ দেশত এতিয়া লোকসভা নিৰ্বাচনৰ বতাহ। মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এই সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অসমতো ৫টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ১৯ এপ্ৰিল,২০২৪ত।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনত বহুবোৰ কাৰকেই নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলাব। ডিব্ৰুগড় লোকসভা সমষ্টি পূৰ্বতে ৯টা বিধানসভাৰ সমষ্টি আছিল। সেই সমষ্টি কেইটা আছিল মৰান, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ আৰু মাৰ্ঘেৰিটা।

বৰ্তমান ডিব্ৰুগড় লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে মুঠ ১০ টা বিধানসভা সমষ্টি। সেই সমষ্টি কেইটা হ'ল-মাকুম, ডিব্ৰুগড়, চাবুৱা-লাহোৱাল, দুলীয়াজান,টিংখং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা আৰু খোৱাং।

লাহোৱাল সমষ্টিটোত চাবুৱা বিধানসভা সমষ্টিৰ সৈতে সংযুক্ত কৰা হৈছে। মাকুম নামৰ এটা সমষ্টি গঠন কৰাৰ লগতে পূৰ্বৰ মৰান সমষ্টিক খোৱাং নামেৰে নামাকৰণ কৰিছে। মনকৰিবলগীয়া যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা বিধানসভাই বিজেপিৰ দখলত। এই সমষ্টিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰণিজ্যোতি গগৈ মুখ্য প্ৰতিদ্বন্দ্বী।

২০১৯ চনত এই সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০২৪ত এই সমষ্টিৰ পৰা বিজেপিয়ে সৰ্বানন্দ সোনোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১০,১২,১৪৮ গৰাকী। এই সমষ্টিটোত বিভিন্ন সম্প্ৰদায়ৰ ভোটাৰ আছে যদিও চাহ বাগানৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰা দেখা যায়।

প্ৰথম পৰ্যায়ত অসমত ভোট গ্ৰহণ অনুষ্ঠিত হ'বলগীয়া আন এটা সমষ্টি হ'ল কাজিৰঙা সমষ্টি। সমষ্টিটোৰ পূৰ্বৰ নাম আছিল কলিয়াবৰ। কাজিৰঙা নতুন নামেৰে নামাকৰণ কৰা এই লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাৰ সমষ্টি কেইটা হ'ল-কলিয়াবৰ, বঢ়মপুৰ, বিনাকান্দী, হোজাই, লামডিং, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰু পথাৰ।

গৌৰৱ গগৈ এই সমষ্টিৰ পৰা নিৰ্বাচিত অন্তিমজন সাংসদ আছিল। বৰ্তমান কাজিৰঙা লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২০,৩৩,৫৬৭ গৰাকী। এইবাৰ এই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে কামাখ্যা প্ৰসাদ তাছাই আৰু কংগ্ৰেছ প্ৰাৰ্থী হিচাপে ৰ'জলীনা তিৰ্কীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

উজনি অসমৰ আন এটা গুৰুত্বপূৰ্ণ সমষ্টি লখিমপুৰ। প্ৰথম পৰ্যায়তে এই সমষ্টিটোত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। পূৰ্বৰ লখিমপুৰ সাংসদীয় সমষ্টিত ৯ টা বিধানসভা সমষ্টি আছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত বিধানসভাৰ সমষ্টিৰ সংখ্যা একেই থাকিলেও দুটা সমষ্টি বিলুপ্ত কৰি ৰঙানদী আৰু চিচিবৰগাঁও সমষ্টি দুটা নতুনকৈ এই সাংসদীয় সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে।

লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হ'ল- ৰঙানদী, নাওবৈছা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, চিচিবৰগাঁও, জোনাই,শদিয়া আৰু ডুমডুমা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত লখিমপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৫,৬৬,২৪১ গৰাকী। বৰ্তমান এই সমষ্টি বিজেপিৰ দখলত আছে।

২০১৯ চনত লখিমপুৰৰ পৰা প্ৰদান বৰুৱা লোকসভালৈ নিৰ্বাচিত হৈছিল। এইবাৰ বিজেপিয়ে প্ৰদান বৰুৱাকেই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব উদয় শংকৰ হাজৰিকা।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত তেজপুৰ সমষ্টিৰ নাম শোণিতপুৰ কৰা হ'ল। এই লোকসভা সমষ্টিত মুঠ ৯ টা বিধানসভা সমষ্টি আছে। সেই কেইটা হ'ল- ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা, ন-দুৱাৰ, বিশ্বনাথ, বিহালী, গহপুৰ আৰু বিহপুৰীয়া। পূৰ্বৰ চতিয়া বিধানসভা সমষ্টিৰ নাম ন-দুৱাৰ কৰা হয়।

এই লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৬,২৫,৩৬৪ গৰাকী। এই সমষ্টিটোত ২০১৯ চনত বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাস নিৰ্বাচিত হৈছিল। ২০২৪ ত এই সমষ্টিটোৰ পৰা বিজেপিয়ে ৰঞ্জিত দত্তক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জু। আনহাতে আপৰ প্ৰাৰ্থী হিচাপে ঋষিৰাজ কৌণ্ডিন্যই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হ'ল যোৰহাট লোকসভা সমষ্টি। পূৰ্বতে ১০ টা বিধানসভা সমষ্টিৰে এই লোকসভা সমষ্টিটো গঠিত আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত কেইবাটাও সমষ্টি সলনি হৈছে।

যোৰহাট লোকসভা সমষ্টিত পূৰ্বতে যোৰহাট, তিতাবৰ, মৰিয়নি, টিয়ক, আমগুৰি, নাজিৰা, সোণাৰী, থাওৰা আৰু শিৱসাগৰ বিধানসভা সমষ্টি অন্তৰ্ভত আছিল। বৰ্তমান এই লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হ'ল সোণাৰী, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, মাজুলী, টিয়ক, যোৰহাট, মৰিয়নি আৰু তিতাবৰ।

যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমান মুঠ ভোটাৰৰ সংখ্যা ১৭,২২,৩৭২গৰাকী। এইবাৰ এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ। বিজেপিয়ে সমষ্টিটোত বৰ্তমানৰ সাংসদ তপন গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

প্ৰথম পৰ্যায়ত মুঠ ১০২টা সাংসদীয় সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। ২০ মাৰ্চ, ২০২৪ চনত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছে এই সমষ্টি কেইটাৰ বাবে।

২৮ মাৰ্চ ২০২৪ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ। ৩০ মাৰ্চ ২০২৪ ত মনোনয়নসমূহ পৰীক্ষা আৰু ২ এপ্ৰিল ২০২৪ত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১৯ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হ'বলগীয়া অসমৰ এই ৫ টা সমষ্টিৰ বাবে ইতিমধ্যে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

উজনিৰ ৫টা সমষ্টি...
বলিউডী ডিজেৰ তালত হেৰাল আমাৰ সংস্কৃতি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in