কোভিডৰ পাছত 'কোভিশ্বিল্ড'ৰ আতংক !

কোভিডৰ পাছত 'কোভিশ্বিল্ড'ৰ আতংক !
কোভিডৰ পাছত 'কোভিশ্বিল্ড'ৰ আতংক !

চৌদিশে এক ৰুদ্ধশ্বাস পৰিৱেশ। কোনো, ক’তো ওলাব নোৱাৰা এক অৱস্থা। জানোচা কেনেবাকৈ কাৰোবাৰ দেহত প্ৰৱেশ কৰে সেই মাৰাত্মক(!) ভাইৰাছ। জানোচা এজনৰ পৰা আন ১০ জনলৈ বিয়পি পৰে সেই ব্যাধি।

অদৃশ্য এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰ, প্ৰশাসন কোনো থমকি ৰোৱা নাই। ঘৰৰ বাহিৰত প্ৰশাসনে য'তেই, যাকেই পাইছে তাকেই এফালৰ পৰা বেত্ৰাঘাত কৰি গৈছে আৰক্ষীয়ে। কোনোবাই যদি এপাক এনেয়ে ঘূৰি আহোঁ বুলি গৈ আৰক্ষীৰ লাঠিৰ কোব খাইছে আন কোনোবাই আকৌ প্ৰয়োজনীয় ঔষধ ক্ৰয় কৰিবলৈ, খাদ্য সামগ্ৰী আনিবলৈ গৈয়ো খাবলগীয়া হৈছে আৰক্ষীৰ লাঠিৰ কোব।

তাৰ মাজতেই খবৰ আহিছিল প্ৰস্তুত হৈ উঠিছে ভেকচিন। কোভিড ভাইৰাছৰ ভেকচিন। সেয়া আছিল ২০২০ চনৰ কথা। লাহে লাহে বজাৰতো উপলব্ধ হ’বলৈ আৰম্ভ হৈছিল এই ভেকচিন। ভেকচিনসমূহৰ ভিতৰৰ এক অন্যতম ভেকচিন আছিল কোভিশ্বিল্ড। দেশৰ হাজাৰ হাজাৰ লোকে এই কোভিশ্বিল্ডৰ তিনিটাকৈ ডোজ গ্ৰহণ কৰিছিল।

বহু লোকেই এই ভেকচিন ইচ্ছাকৃতভাৱে গ্ৰহণ কৰিছিল যদিও অনিচ্ছাকৃতভাৱেও বহুতেই এই ভেকচিন ল’বলৈ বাধ্য হৈছিল। আচলতে তেওঁলোকক ভেকচিন গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হৈছিল।

ভেকচিন নোলোৱা লোকসকলক জনসমাগম হোৱা স্থানলৈ ওলাই অহাত বাধা প্ৰদান কৰা হৈছিল। বাছ, ৰে’ল, বিমান যাত্ৰাত ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছিল। শ্বপিং মল, বজাৰ-সমাৰলৈ যোৱাৰ সময়ত লগত লৈ যাবলগীয়া হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো সম্বলিত ভেকচিন গ্ৰহণ কৰা প্ৰমাণপত্ৰ।

একেদৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহেও তেওঁলোকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত লগাই থ’বলগীয়া হৈছিল এই প্ৰমাণপত্ৰ। কৰ্মচাৰীৰ দৰমহা, কাৰ্যালয়ত নিয়মিত উপস্থিতি আদিৰ বাবেও বাধ্যতামূলক কৰা হৈছিল এই প্ৰমাণপত্ৰ। ইয়াৰ বাবে ভেকচিন গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল সকলো।

এইদৰেই এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজেৰে ৰাজ্যৰ লাখ লাখ নাগৰিকে গ্ৰহণ কৰিছিল এই ভেকচিন। কিন্তু এতিয়া যেন এই লোকসকলৰ বাবে সেয়াই কাল হৈ পৰিছে। এই ভেকচিনৰ বাবেই বিপদত পৰিছে লাখ লাখ লোক।

এষ্ট্ৰাজেনেকাৰ- ব্ৰিটিছ-ছুইডেনৰ এটা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটোৰ এক ভেকচিন পৰীক্ষাৰ সময়তে এগৰাকী মহিলা স্বেচ্ছাসেৱী অসুস্থ হৈ পৰিছিল। ভেকচনি লোৱাৰ পাছতেই তেওঁ আক্ৰান্ত হৈছিল অচিন ৰোগত। কিন্তু তেওঁ কেনেধৰণ ৰোগত আক্ৰান্ত হৈছিল সেয়া জনোৱা হোৱা নাছিল।

অৱশ্যে পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ শৰীৰত স্নায়ু জনিত ৰোগ ধৰা পৰে। সম্ভৱতঃ তেওঁ আক্ৰান্ত হৈছিল ট্ৰেঞ্চভাৰ্ছ মাইলাইটিছত। ফলত তেওঁ মেৰুদণ্ড আৰু পেশীত বিষ অনুভৱ কৰিছিল।  

ইয়াৰ পিছত ব্ৰাজিলতো এই প্ৰতিষ্ঠানটোৱে অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগত ভেকচিন পৰীক্ষাৰ সময়তে এজন স্বেচ্ছাসেৱকৰো মৃত্যু হয়। লগে লগে সৃষ্টি হয় হুলস্থুল। বাতৰি অনুসৰি ভেকচিন গ্ৰহণ কৰাৰ পাছতে এই লোকজনৰ দেহৰ তেজবোৰ জমা হ’বলৈ আৰম্ভ কৰিছিল। এনেদৰেই তেওঁৰ দেহৰ শিৰাত তেজ জমা হৈ পৰৱৰ্তী সময়ত মৃত্যু হয়।

এই ঘটনাৰ পাছতেই অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগত এষ্ট্ৰাজেনেকাই প্ৰস্তুত কৰা ভেকচিনৰ পৰীক্ষা বন্ধ কৰি দিয়া হয়। দুয়ো প্ৰতিষ্ঠানে পৰীক্ষা চলাই থকা ডি এন এ ভেকচিনৰো পৰীক্ষা বন্ধ কৰা হয়। তথাপিও এষ্ট্ৰাজেনেকাই তেওঁলোকৰ ভুল স্বীকাৰ কৰা নাছিল। এয়াই এষ্ট্ৰাজেনাকাৰ ইতিহাস।

মানৱ শৰীৰ সৈতে খেলা কৰিবলৈ কুণ্ঠাবোধ নকৰা এই প্ৰতিষ্ঠানটোৱেই প্ৰস্তুত কৰিছিল ভাৰতৰ লাখ লাখ নাগৰিকে গ্ৰহণ কৰা কোভিশ্বিল্ড নামৰ ভেকচিনবিধ। এই ভেকচিনবিধো এতিয়া মাৰাত্মক বুলি চিহ্নীত হৈছে। এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত বিভিন্ন ৰোগে মানুহক ঘেৰি ধৰাৰ সম্ভাৱনাই অধিক।

কোভিশ্বিল্ড গ্ৰহণ কৰা লোকৰ দেহত দেখা দিছে তেজ জমা হোৱা ৰোগৰ লক্ষ্যণ। আক্ৰান্ত হৈছে বিভিন্ন ৰক্তজনিত ৰোগত। প্ৰথমে এই ধৰণৰ অভিযোগেৰে অভিযুক্ত এই প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ ভুল স্বীকাৰ কৰা নাছিল যদিও শেহতীয়াকৈ ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ত ৰুজু হোৱা এক গোচৰৰ পাছত ন্যায়ালয়ত স্বীকাৰ কৰিছে কোভিশ্বিল্ড ভেকচিন গ্ৰহণ কৰাৰ বাবেই বহু লোকৰ দেহত এইধৰণৰ ৰোগে দেখা দিছে।

কোভিডৰ পৰা ৰক্ষা পাবলৈ যিসময়তে একাংশ লোকে অন্ধভাৱে এই ভেকচিন গ্ৰহণ কৰিছিল সেই সময়তে আকৌ এই ভেকচিনৰ বিশ্বাসযোগ্যতাক লৈয়ো প্ৰশ্ন উঠিছিল। সেই প্ৰশ্নৰ কোনো যুক্তিযুক্ত উত্তৰ নাছিল যদিও বৃহত্তৰ সমাজৰ স্বাৰ্থত অনিশ্চাস্বত্বেও ভেকচিন গ্ৰহণ কৰিছিল এই লোকসকলে। অসম চৰকাৰেও এই ভেকচিন ল’বলৈ বাধ্য কৰিছিল নাগৰিকক। কিন্তু এতিয়া যেন সেয়াই কাল হৈ পৰিছে।

বহুতেই দাবী কৰি আহিছে কোভিড ভেকচিন লোৱাৰ পাছতেই তেওঁলোকে নিজৰ শৰীৰত বিভিন্ন পৰিৱৰ্তন লক্ষ্য কৰিছে। সকলো সময়তে দুৰ্বল দুৰ্বল অনুভৱ হৈ থকাৰ লগতে মূৰৰ বিষ, জ্বৰ আদিৰ দৰে ৰোগবোৰে সহজতে আসৈ পাইছে। কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতেই অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে হৃদযন্ত্ৰজনিত ৰোগ। শিশুৰ পৰা বৃদ্ধলৈ বহু লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে।

কোনো প্ৰামাণিক তথ্য নাই যদিও বহু চিকিৎসকে অনানুষ্ঠানিকভাৱে আৰু বহু বিশেষজ্ঞই কোভিড ভেকচিনকেই এই ৰোগৰ বাবে দোষাৰোপ কৰিছিল, কৰি আহিছে। এই সন্দৰ্ভত ন্যায়ালয়ৰো কাষ চাপিছে বহুজন। আনহে নালাগে এনে অভিযোগৰ সংখ্যা সাৰ্বজনিন হৈ পৰাত আই চি এম আৰেও ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ লোকৰ মাজত কিয় হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সংখ্যা বৃদ্ধি হৈছে সেই বিষয়েও অধ্যয়ন কৰিবলৈ বাধ্য হৈছিল।

মন কৰিবলগীয়া যে, ভেকচিন গ্ৰহণৰ পাছত এজন লোকৰ দেহত দেখা দিয়া স্বাস্থ্য সম্পৰ্কীয় জটিলতাক কোৱা হয় এডভাৰ্ছ ইভেণ্ট ফ’ল'ইং ইমুনাইজেচন। ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীলৈকে ভাৰত চৰকাৰৰ স্বাস্থ্য সম্পৰ্কীয় ২০ খন প্ৰতিবেদনত মুঠ ২৫৮১ টা এনে ঘটনা উল্লেখ কৰিছে।

ইয়াৰ ভিতৰত ৭৩৫ টা ঘটনাই  ধাৰাবাহিকভাৱে ভেকচিন গ্ৰহণৰ লগত সম্পর্কিত ৷ এই ৭৩৫ টা ঘটনাৰ ভিতৰত আকৌ ৩৮৯ টা  ঘটনা আছিল কোভিড ভেকচিনত ব্যৱহৃত সামগ্ৰী সম্পর্কীয় প্ৰতিক্ৰিয়াৰ সৈতে জড়িত। এই প্ৰতিবেদনতে উল্লেখ আছে কোভিড ভেকচিনত ব্যৱহৃত সামগ্ৰী সম্পর্কীয় প্ৰতিক্ৰিয়াত ভোগাসকলৰ ২২ গৰাকীৰ মৃত্যুও হৈছে৷ অসমতো এনে ঘটনাৰ সংখ্যা একাধিক।

এনে পৰিস্থিতিত কোভিশ্বিল্ড গ্ৰহণ কৰা লোকৰ দেহত ইয়াৰ পাৰ্শ্বক্ৰিয়াই দেখা দিয়া বুলি স্পষ্ট হোৱাত স্বাভাৱিকতে পুনৰ এক জটিলতাৰ সৃষ্টি হৈছে। আতংকিত হৈ পৰিছে এই ভেকচিন গ্ৰহণ কৰা লোকসকল।

কোভিড ভেকচিনে সেই সময়ত সৃষ্টি কৰা আতংকত কৈ এতিয়া সৃষ্টি হোৱা আতংকই অধিক জটিলতাৰ সৃষ্টি কৰিব পাৰে। সেয়ে অধিক আতংকিত নহৈ এতিয়া সাম্ভাব্য পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ লোৱাহে উচিত।

নিয়মিতভাৱে যোগ, শাৰীৰিক কচৰৎ কৰি দেহৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰাহে উচিত। হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ নিয়মিতভাৱে ফল-মূল, সেউজীয়া শাক-পাচলি, প্ৰটিন যুক্ত খাদ্য, চৰ্বি যুক্ত সুষম আহাৰ গ্ৰহণ কৰক।

খাদ্যত অত্যাধিক নিমখ সেৱন পৰিহাৰ কৰক। মেদবহুলতা, ওজন হ্ৰাস কৰিবলৈ নিয়মিত শৰীৰ চৰ্চাৰ লগতে খোজ কাঢ়াৰ অভ্যাস গঢ়ি তুলিব পাৰে। এই মেদবহুলতাও হৃদযন্ত্ৰ জনিত ৰোগৰ এক কাৰণ।

স্বাস্থ্য জনিত যিকোনো সমস্যাৰ সন্মুখীন হ'লেই চিকিৎসকৰ পৰামৰ্শ লোৱাত হেলা নকৰিব। এইদৰেই নিজকে যিমান পাৰি সুস্থ কৰি ৰাখি ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ বিকল্প এতিয়া আন একো নাই।

কোভিডৰ পাছত 'কোভিশ্বিল্ড'ৰ আতংক !
অংকত কেঁচা ৰজা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in