কি আছে কপালত?

কি আছে কপালত?

বিশ্বাস কৰো- নিজৰ ভাগ্য নিজেই লিখিব পাৰি। কিন্তু এতিয়া ভগৱানেহে বা নেদেখাজনে ভাগ্য লিখে বুলি বিশ্বাস কৰা লোকৰ সংখ্যায়েই অধিক। বহু উচ্চ শিক্ষিত, সংস্কাৰবাদী আৰু আধুনিক মনস্কতাত বিশ্বাসী লোক এই ৰোগত আক্ৰান্ত।

এতিয়া বিহুৰ বতৰ। আৰম্ভ হৈছে অসমীয়া নৱবৰ্ষ। সমান্তৰালভাৱে এয়া নিৰ্বাচনী বতৰ হোৱাৰ বাবে এনে বিশ্বাসৰ ওপৰত বিশ্বাস ৰখা লোকৰ কুচ-কাৱাজ বৃদ্ধি পাইছে। পৰম্পৰাগতভাৱে অসমীয়া সমাজত বহাগ বিহুৰ বতৰত কড়ি খেলা নিয়ম আছে।

এই কড়ি খেলৰ জৰিয়তে ভাগ্য নিৰূপন কৰা অসমীয়া পাৰম্পৰিক চেতনাত অন্ধবিশ্বাসৰ ছাঁ পৰিলেও ইয়াক পৰম্পৰা বুলি মানি লোৱা যায়। আনহাতে নতুন বছৰৰ এই সময়খিনিত মন্দিৰ, নামঘৰলৈ গৈ আশীষ গ্ৰহণ কৰা প্ৰক্ৰিয়াটোক সংস্কাৰৰ এক অংশ। ই মানুহক বিনয়ী, শ্ৰদ্ধাশীল আৰু আত্মবিশ্বাসী কৰি তোলে।

এই সময়খিনি নিৰ্বাচনী বতৰ হোৱাৰ বাবে মন্দিৰ, মছজিদ বা ৰাইজৰ আগত আঁঠু লৈ আশীৰ্বাদ বিচৰা নেতাৰ সংখ্যাও বৃদ্ধি পাইছে। তেওঁলোকৰ বিশ্বাসত এই চৈতন্যবাদে বিৰাজ কৰাৰ আঁৰত স্বাৰ্থ সিদ্ধিৰ আকাংক্ষা লুকাই থাকে।

ভগৱান বা অদৃশ্যজনে কোনোবা এজনক হয়তো তেওঁলোকৰ বিশ্বাস মতে নিৰ্বাচনী যুঁজত জয়ী কৰাব। কিন্তু ভগৱানৰ ওচৰত আৰ্জি সকলোৱে কৰিব পৰা অধিকাৰ থাকে। বলিউডৰ কোনোবা হিন্দী ছবিত ভগৱান বিশ্বাসীলোকক ভ্ৰুকৃটি কৰাৰ দৰে এনে নেতাক সমালোচনা কোনোৱে কৰিব নোৱাৰে কিয়নো এয়া তেওঁলোকৰ স্বাভাৱিক জীৱনৰ বিশ্বাসৰ আধাৰত গঢ়ি উঠা অন্ধবিশ্বাসৰ গ্ৰহণযোগ্য ৰূপ।

লোকসভা নিৰ্বাচনৰ এজন হেভীৱেট প্ৰাৰ্থীৰ সন্দৰ্ভত আন এজন অন্য দলৰ প্ৰাৰ্থীয়ে আড্ডাত এক বিশেষ কথা কৈ পেলাইছিল। ওপৰত বাখ্যা কৰা কথাবোৰৰ সৈতে সেই কথাখিনিৰ প্ৰাসংগিকতা থকাৰ বাবে কিছুদিনৰ পূৰ্বে কোৱা কথাবোৰ মনত আগাভেটা কৰি আছে।

এই হেভীৱেট প্ৰাৰ্থীজনে এজন সাধকৰ ওচৰত প্ৰায় প্ৰতিদিনেই পূজা-অৰ্চনা কৰি আছে। নিজেই উপস্থিত থাকিব নোৱাৰিলেও তেওঁৰ হৈ তেওঁৰ প্ৰতিনিধিয়ে সেই পূজা-অৰ্চনাত ভাগ লৈছে।

যিজন প্ৰাৰ্থীয়ে এই পূজা আগবঢ়াইছে তেওঁ সেই শক্তিৰ ওচৰত প্ৰাৰ্থনা বা কামনা কৰিছে এইবাৰ যেন অসমত শাসকীয় দলৰ ক্লীন শ্বুইপ নহয়। ৮ ৰ পৰা ১০ ৰ ভিতৰত তেওঁ আসন বিচাৰে। নহ'লে হেনো তেওঁৰ ৰাজনৈতিক সমীকৰণ খেলি-মেলি হৈ পৰিব।

নিজ মুখে শুনা কথা আছিল এয়া। এই পূজা বা সাধনাৰ বাবে দৈনিত ব্যয় কৰিছে লাখ টকা। সেয়াই বিশ্বাস আমি বিশ্বাস ৰখা, আস্থা ৰখা নেতা। এই নেদেখা শক্তিৰ কৃপা তেওঁলোকক লাগে বাবেই তেওঁলোকৰ দুই হাতৰ আঙুলিত ওলমি থাকে ভাৰ ব'ব নোৱাৰা আঙুঠিৰ বোজা।

বছৰটো কেনে যাব সেয়া আগতীয়াকৈ জানিব খোজে সাধাৰণ লোকে। বৰপেটা সত্ৰত পহিলা বহাগৰ দিনা গণনা হয় বছৰৰ। এই গননাই বাৰ্ষিক ৰাশি চক্ৰৰ লগতে সামৰি লয় এতিয়া ৰাজনীতিৰ বহুবোৰ কথা।

যেনে- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ২০২৬ লৈ শুভ কাৰক। চলি আছে তেওঁৰ শুক্ৰৰ দশা। ২০২৪-২৫ বৰ্ষৰ কৰ্মত তেওঁৰ শুভ। অৱশ্যে বন্ধুৰ পৰা সাৱধান হ'ব লাগিব। কথা কওতেই সাৱধান হোৱাৰ প্ৰয়োজন। অপমানিত হ'ব পাৰে কোনোবা মুহুৰ্তত। পাব পাৰে তেওঁ মানসিক কষ্ট।

বৰপেটা সত্ৰৰ বাৰ্ষিক গণনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কোৱা কথাবোৰ অৱশ্যে সাধাৰণ লোকেও অনুমান কৰিব পাৰে। বৰ্তমানৰ ওপৰত ভিত্তি কৰিয়েই ভৱিষ্যতৰ কথাকৈ দিব পাৰি। যিবোৰ আপেক্ষিক আৰু সত্য়ৰ সমানুপাতিক।

ৰাজ্যৰ এজন প্ৰতিষ্ঠিত জ্যোতিষীৰ সৈতে সু- সম্পৰ্ক আছে। জ্যোতিষ সম্পৰ্কীয় জটিল কথাবোৰ তেওঁ সুন্দৰভাৱে বুজাই দিয়ে। সেয়া অৱশ্যে বিশ্বাস কৰিব লাগিবই বুলি কোনো কথা নাই।

কেনে যাব এইটো অসমীয়া বছৰ। তেওঁৰ পৰা কথাবোৰ জানিব বিচাৰি ফোন কৰোতে তেওঁ ক'লে- এইবাৰ ৰজা চন্দ্ৰ, মন্ত্ৰী-বৃহস্পতি, জলধিপতি-ৰবি, শস্যাধিপতি-বুধ। জ্যোতষীগৰাকীৰ মতে ৰজা চন্দ্ৰ হোৱাৰ বাবে বেমাৰ আজাৰ কম হ'ব। ৰাজ্যৰ ৰাজনীতিত অস্থিৰতা বৃদ্ধি পাব। খাদ্য কৃষি শস্যৰ উৎপাদন বৃদ্ধি হ'ব।

বৃহস্পতি মন্ত্ৰী হোৱাৰ ফলত উচ্চ লোকসকল আৰু উচ্চ হৈ গৈ থাকিব। নিম্ন লোকসকলৰ জীৱন ধাৰণ আৰু নিম্মগামী হ'ব। মধ্যবিত্তসকল আৰু অধিক সমস্যাত পৰিব।

ৰবি জলাধিপতি হোৱা বাবে কিছু কিছু ঠাইত অতি খৰাং, কিছু কিছু ঠাইত অতিপাত বানপানী হোৱাৰ যোগ আছে।এয়া বাৰ্ষিক চক্ৰৰ ফলাফলৰ বাখ্যা। এনে গণনাত মানুহে আৰু অধিক গুৰুত্ব দিয়া বিষয় হ'ল- আয়-ব্যয়ৰ হিচাপ।

জ্যোতিষ শাস্ত্ৰৰ গণনাই কয়, মেঘ ৰাশিৰ আয় ৮, ব্যয় ১, স্থিতি-৭। সেই ধৰণে আয়, ব্যয় আৰু স্থিতিৰ আন ৰাশিৰ হিচাপবোৰ এনে ধৰণৰ- বৃষঃ ৫-২-৩, মিথুনঃ ১১-১-১০, কৰ্কটঃ৫-১-৪, সিংহঃ ২-১-১, কন্যাঃ ১১-১-১০, তুলাঃ ৫-৩-২, বৃশ্চিকঃ ৮-১-৭, ধনুঃ ২-২-০, মকৰঃ৮-২-৬, কুম্ভঃ৮-২-৬, মীনঃ ২-২-০।

আয়-ব্যয়ৰ এই খতিয়ান কিমান মানুহে যে বিশ্বাস কৰে ভাবিব নোৱাৰি। নতুন অসমীয়া কেলেণ্ডাৰ, পঞ্জিকা মেলি সৰহ সংখ্যকলোকে নিজৰ ৰাশিৰ আয়-ব্যয় চায়। কিন্তু সেই আয়-ব্যয়ৰ খতিয়ানে তেওঁলোকৰ জীৱন সমৃদ্ধ কৰাৰ উদাহৰণ নাই।

বছৰ বাগৰি যায়, পুৰণি কথাবোৰ পাহৰি আকৌ সেই আয়-ব্য়য় বা ৰাশিফল চাই মানুহবোৰ আশাবাদী হৈ পৰে। এনেকৈয়ে চলি আছে আমাৰ বিশ্বাস, পৰম্পৰা। সেই বিশ্বাসৰ নামত চলি আছে আন এক ব্যৱসায়।

জ্যোতিষ শাস্ত্ৰ গণনাই হেনো কয় বছৰৰ শেষৰ ফালে মন্ত্ৰীসভাৰ সাল-সলনিৰ যোগ ৰাজ্যত। ক্ষমতাবানসকল আৰু অধিক ক্ষমতাশালী হ'ব। ক্ষমতাত নথকা সকল দুৰ্বলী হৈ পৰিব। নিৰ্দোষী, সৎ গুণী মানুহবোৰ বিপাঙত পৰি ৰ'ব। বুদ্ধিবান আৰু বিদ্বানসকলে মৌনতা অৱলম্বন কৰিব, নতুবা স্থিতি বুজি সাপৰ দৰে মোট সলাব।

মুঠতে বিচিত্ৰ হ'ব এই বছৰটো। সাধাৰণ লোকে যি দেখে জ্যোতিষ শাস্ত্ৰই বাৰু তাকেই ঢুকি পাই নেকি? মানুহে সম্ভাৱণা ব্যক্ত কৰা কথাবোৰেই জ্যোতিষ শাস্ত্ৰৰ গণনাত কেনেকৈ ওলাই পৰে? বৰ বিচিত্ৰ নহয়নে এই গণনাবোৰ?

কাৰোবাৰ বিশ্বাসত আমাৰ প্ৰশ্ন নাই। সেই বিশ্বাস নিজস্ব আৰু ব্য়ক্তিগত। ৭য়ে ৫য়ে ১২ নহৈ কেতিয়াবা ৬য়ে ৬য়ে, ৫য়ে ৭য়ে , ১য়ে ১১ই, ৯য়ে ৩য়েও ১২ হয়। মিলি যায় হয়তো জ্যেতিষীয়েও কোৱা কথাবোৰ এনেদৰে।

এবাৰ মিলি গলে বিশ্বাস বাঢ়ে। সেই বিশ্বাসে আত্মবিশ্বাস গঢ়ে। জ্যোতিষীৰ প্ৰতি আস্থা বাঢ়ে। কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখা যায় আনৰ ভাগ্য লিখিব পৰা জ্য়োতিষীয়ে নিজৰ কুণ্ডলীয়েই লিখিব নোৱাৰে।

পাৰিব জানো কোনোবা জ্যেতিষীয়ে কৈ দিব অসমৰ ১৪ টা লোকসভা সমষ্টিত কোন, ক'ত জিকিব? নিশ্চিতভাৱে এই কথা চিধাকৈ কৈ দিব নোৱাৰে তেওঁলোকে। সম্ভাৱণাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এনে কিছু কথা কয় যিবোৰ সঁচাও নহয়, মিছাও নহয়।

কি আছে কপালত?
দিকচৌ বনত মনৰ মানুহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in