দিকচৌ বনত মনৰ মানুহ...

দিকচৌ বনত মনৰ মানুহ...

তোমালোকে মোক সেৱা নকৰিবা। তোমালোক সাহসী হোৱা। আজি প্ৰজন্মৰ ল'ৰা-ছোৱালী তোমালোক। যিটো কাম কৰিছা, সততাৰে কৰিবলৈ শিকা। প্ৰত্যাহ্বান আজি বহু আছে। নিজৰ কামতো ভালদৰে শিকি বুজি লৈ তাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে তোমালোকক মাতি নিব আনে।

নিবুনৱা সমস্যা দেখিছাই নহয়, কি দৰে গা কৰি উঠিছে। চৰকাৰে চাকৰি দিয়াৰ নামত কি কৰে সেয়াও দেখিছা। এতিয়া প্ৰত্যাহ্বান বহু আছে। মোৰ জন্ম ভাৰত স্বাধীন হোৱাৰ ৮ টা বছৰৰ পূৰ্বে । মহাত্মা গান্ধীক মই স্ব চক্ষ্যে দেখিছিলো। তেওঁৰ হাহিটো বৰ ভাল লাগে।

আমি চোলাত সুভাস চন্দ্ৰ বসুৰ ফটো পিন মাৰি তেওঁক চাবলৈ গৈছিলো। সেই পুৰণি দিনৰ স্মৃতি তেওঁ আজিও পাহৰা নাই। নিজৰাপাৰৰ ঘৰৰ চৰা ঘৰত বহি তেওঁ অনৰ্গল কৈ গৈছিল কিছু কথা। যেন শৈশৱৰ মাজলৈ তেওঁ ঘূৰি গৈছে আমাক পায়।

''অসমীয়া প্ৰতিদিন ডিজিটেল''ৰ হৈ এই বিশেষ দিনটোত আমি তেওঁৰ কাষলৈ গৈছিলো। বিস্মিতাৰ হাতত এখন গামোচা, বৰষাৰ হাতত ফুলৰ এটা থোপা আৰু ডিম্পুলে বন্দী কৰি গৈছিল সেই সময়ৰ দৃশ্যবোৰ। সংগী হৈছিল আমাৰ সৈতে কাব্যশ্ৰী।

আগদিনাই তেখেতৰ ঘৰলৈ আমি যে যাব লাগিব সেই কথা সোঁৱৰাই থৈছিল অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই। এক উপলক্ষ্যে আমি তেওঁৰ কাষলৈ গৈছিলো এইদৰে।

পহিলা ব'হাগৰ দিনা সেই সান্নিধ্যই আমাক ধন্য কৰিছিল। তেওঁৰ সংগী হৈ পৰা চিনাকী লাখুটি ডালৰ ওপৰত ভৰ দি তেওঁ সাধাৰণভাৱে কৈ দিছিল এটা কথা। ফুলৰ থোপা আৰু গামোচাখন পিন্ধাই দিয়াৰ অন্তত আমি এজন এজনকৈ তেওঁৰ সৈতে ফটো তুলিবলৈ অনুমতি বিচাৰিছিলো।

সেই অনুমতি দি তেওঁ কৈছিল- ছেলফি তোলাটো আজিকালি বিপদজনক। বহুতৰ ছেলি ফি তোলোতেই প্ৰাণ যায়। মোৰ সৈতে তোমালোকে ছেলফি তুলিলে প্ৰাণ নগলেও পুলিচে ধৰা কিন্তু ভয় আছে। হাঁহি-হাঁহিয়েই তেওঁ কৈ দিছিল এইষাৰ কথা। যিষাৰ কথাত আছে বহু অৰ্থ।

ভিতৰৰ পৰা সহায়কাৰী মহিলাগৰাকীয়ে আহি চাহ-জলপান দি গৈছিল। আমাক সন্মুখত লৈ প্ৰথমে তেওঁ নিজৰ শৈশৱৰ কথা আৰু লাহে লাহে সাংবাদিকতাৰ বৃ্ত্তিৰ সৈতে জড়িত হোৱা লোকসকল কেনে হ'ব লাগে সেই সন্দৰ্ভত স্বতস্ফূৰ্তভাৱে কথাবোৰ কৈ গৈছিল।

এয়া যেন আমাৰ বাবে জীৱনৰ এক মহাপাঠ আছিল। ঠিক ককা আৰু নাতিৰ আত্মীয়তাৰে যেন আমি সেই পাঠ তেওঁৰ দৰে এক ব্যক্তিত্বৰ পৰা গ্ৰহণ কৰিছিলো। কথাৰ মাজে মাজে চলিছিল জলপানৰ পৰ্ব।

জীৱনৰ পাৰ হৈ যোৱা সময়বোৰ সম্ভৱত তেওঁৰ মনত পাক ঘূৰণি খাই উজাই আহিছিল। ভাৰতে স্বাধীনতা লাভ কৰা দিনা স্কুলত কি হৈছিল , চাহাববোৰ আহিলে পৰাধীন ভাৰতীয়ই কি কৰিছিল অনেক কথাই তেওঁৰ মুখৰ পৰা আমি সেই মুহুৰ্তত শুনিছিলো।

ওলাইছিল ক'লাখাৰৰ কথা। কৈছিল কোনে কেনেকৈ তেওঁক এইখন বিক্ৰী কৰিবলৈ যাঁওতে কি কৰিছিল। সেই সময়ত তেওঁ কেনেকৈ সাহস কৰিছিল সোঁতৰ বিপৰীতে গৈ এইবোৰ কৰিবলৈ। সেই কথাৰো শ্ৰোতা হৈছিলো আমি।

যি কথা তেওঁ ভাৱে, সেই কথা নিজক লৈ নাভাৱে। জাতি আৰু সমাজৰ প্ৰতি তেওঁ ইমান দায়িত্বশীল যে বহুতে এইবোৰ কথা হজম কৰিব নোৱাৰে। কিয়নো মানুহজনৰ এই কথাবোৰ বৰ চোকা আৰু সেই সকলৰ স্বাৰ্থ সিদ্ধিত বিভিন্ন প্ৰকাৰে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।

ৰাজনৈতিক, সামাজিক, সাহিত্য আৰু বৌদ্ধিক জীৱনত তেওঁ ইমান স্বচ্ছ যে তেওঁৰ তুলনা বিশ্বৰ প্ৰসিদ্ধ দাৰ্শনিকসকলৰ সৈতে হয়। তেওঁৰ বিজ্ঞানমনস্কতা তুলনাবিহীন। চিন্তাৰ মৌলিকতাই এনে এক বিস্তৃতি লাভ কৰি আছে যে সেই গতিশীলতা বিশ্বজনীন, বস্তুনিষ্ঠ আৰু তুলনামূলক অধ্যয়ন তথা গৱেষণাৰে পুষ্ট।

তেওঁ নাজানে কি। কোনোবাই তেওঁক মাৰ্ক্সবাদী বুলি সীমাবদ্ধ কৰি থব খুজিলেও তেওঁ প্ৰকৃততে মানৱতাবাদী। খ্যাতিৰ পাছত কোনো দিনেই দৌৰিব নোখোজা মানুহজন সদায় পিড়ীত আৰু শোষিতৰ পক্ষতেই থাকে।

কাৰোবাৰ অপ্ৰিয় ভাজন হ'বলৈ তেওঁ কুণ্ঠাবোধ নকৰে। মনন আৰু গৱেষণাৰে এক সংস্কাৰবাদী তত্বৰে নিজস্ব মতামত সাহসেৰে ব্যক্ত কৰোতে কেতিয়াও নাভাৱে কাৰ লাভ হ'ব, কাৰ লোকচান হ'ব।

তেওঁ চতুৰ নহয়। তেওঁ পৰম্পৰাৰ মাজেৰেই আধুনিকতাৰ সন্ধান কৰা মানুহ। সোঁতৰ বিপৰীতে সাহসেৰে অকলেই থিয় হ'ব পৰাকৈ শক্তি তেওঁ আহৰণ কৰিছে। ভণ্ডামি, দুৰ্নীতি, অন্যায়, শোষণ, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে অৱস্থান লওতেই তেওঁ বহুতৰ অপ্ৰিয় হয়।

ইমান দিন এটা আদৰ্শক ধৰি ৰাখিব পৰাতো তেওঁ এক বৌদ্ধিক বৈশিষ্ট। তেওঁৰ দৃষ্টিৰ বিশালতা তথাকথিত পণ্ডিতসকলৰ দৰেই নহয়। তেওঁ গনবিচ্ছিন্ন হৈ নথকাকৈ সমাজৰ কোনো কথা আওকান নকৰাকৈ সকলোৰে উৰ্দ্ধত ৰৈ বিষয়বোৰ বিশ্লেষণ কৰিব বিচাৰে।

তেওঁ সমাজৰ খনিকৰ। তেওঁ এক বিপ্লৱী কন্ঠ। যশস্যাই যেনেকৈ তেওঁক চুব নোৱাৰে, সমালোচনাৰ জুইয়েও তেওঁক স্তব্ধ কৰিব নোৱাৰে। কোনোবাই সমালোচনা কৰিলে তেওঁ উজ্বলি উঠে ব্যক্তিত্বৰ সত্ত্বাৰে।

এতিয়া তেওঁ অভিভাৱক। ৰাজনীতি, জাতীয় সমস্যা,জাতীয় সংকতৰ সময়ত ভৱিষ্যতৰ দিক নিৰ্ণয় কৰিব পৰাকৈ তেওঁ অভিজ্ঞ। জাতিটোৰ উত্তৰণ আৰু মানৱ সমাজৰ প্ৰতি থকা তীব্ৰ প্ৰেমে তেওঁক এই বয়সতো কলমটো ধৰি থাকিবলৈ প্ৰেৰণা দিয়ে।

গভীৰ জীৱনবোধ আৰু উপলব্ধিৰ মাজেৰে পৰিচালিত মানুহজনৰ চিন্তাৰ বিশালতাৰ আকাশখন আমাৰ বাবে আশীৰ্বাদ। তেওঁৰ তীক্ষ্ণ কলম ভয়ৰ কাৰণ হয় বহুতৰ। ১৯৩৯ চনত তেওঁ জন্ম। ৮৫ বছৰ বয়সতো তেওঁ তৰুণ।

সপোনৰ দিকচৌ বনত ক'লা চাইকেল চলাই ভালপোৱা সেই আৰোহীজনে জানে কিমান তিতা সাগৰৰ পানী। ইংলেণ্ডৰ কেম্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লোৱা মানুহজনে বিদেশতে প্ৰতিষ্ঠিত হৈ থাকিব পাৰিলেহেতেন। কিন্তু তেনে নকৰি ঘৰৰ মানুহ ঘৰলৈ ঘূৰি আহি চকুৰ সন্মুখৰ সমাজখনক নিকাৰ কৰাৰ সাধনাত তেওঁ আজিও ব্ৰতী।

এইগৰাকী ব্যক্তি সত্ত্বাৰ সৈতে পাৰ হৈছিল ৪০ মিনিটৰো অধিক সময়। অহাৰ আগত তেওঁ সুধিছিল আৰু কিবা জানিব খোজা নেকি? যদি নাই মই ভিতৰলৈ যাব পাৰোনে? আমাৰ সহমত লৈ তেওঁ বহা কোঠাটোৰ পৰা লাখুটিত ভৰ দি গুচি গৈছিল ভিতৰলৈ।

৮৫ টা বসন্তৰ ভৰ তেওঁৰ দেহত। এজন অ-সাধাৰণ মানুহ হৈও সাধাৰণ ভাৱেই প্ৰজ্ঞা আৰু সাধনাৰ মাজত সহবাস কৰা এক নক্ষত্ৰ। উভতনিৰ বাটত আমাৰ অনুভৱ হৈছিল তেওঁৰ দৰে এজন বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিয়ে ইমান আন্তৰিকতাৰে আমাক এই সময় দিলে। দিলে তেওঁ সকলোকে আশীৰ্বাদ আৰু জীৱনৰ শিক্ষা। সেই বাবেইতো তেওঁ পৃথক।

আজি ১৪ এপ্ৰিল, পহিলা ব'হাগ। আজি তেওঁৰ জন্মদিন। জন্মদিনৰ কোনো আনুষ্ঠানিকতা নাথাকে তেওঁৰ বাবে। আমাৰ দৰে বহুজন আহিছে তেওঁৰ কাষলৈ। সেই সান্নিধ্যই তেওঁক সন্তুষ্টি দিছে। হাতযোৰ কৰি তেওঁ ক'বলৈ কুন্ঠাবোধ নকৰে ৰাইজৰ আশীৰ্বাদে মোক আজি এই স্থানত ৰাখিছে। তেওঁৰ দৰে ব্যক্তি আমি পাইছো, সেয়াই আমাৰ বিশাল প্ৰাপ্তি। শুভ জন্মদিন ড০ হীৰেন গোঁহাই ছাৰ।

দিকচৌ বনত মনৰ মানুহ...
পৰম্পৰা, ঐতিহ্য ৰক্ষাৰে ৰাজ্যজুৰি পালন গৰু বিহু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in