তেওঁলোক আছে মানে দেশ কুশলে আছেঃ থমকি নৰয় মূৰত পাহাৰ খহিলেও !

তেওঁলোক আছে মানে দেশ কুশলে আছেঃ  থমকি নৰয় মূৰত পাহাৰ খহিলেও !
তেওঁলোক আছে মানে দেশ কুশলে আছেঃ থমকি নৰয় মূৰত পাহাৰ খহিলেও !

''দেশ,/তোমাক এৰি যোৱাৰ কথা নাছিল/ ভোকৰ জুই আছিল জেঠৰ ৰ'দতকৈ চোকা/চিন্তাৰ কোনো কাৰণ নাই/ সেই জুই আমি জ্বলাই ৰাখিম/ অৰ্ধনিৰ্মিত দলং আৰু ইমাৰত বনাবলৈ আমি আকৌ আহিম/ দেশ তুমি কুশলে থাকিবা/ ৰে'লৰ চেপাকলৈ নাকান্দিবা/ তিল তিল মৃত্যুতকৈ যি সহজহে আছিল/দেশ/ ভোকৰ জুইক তুমি জ্বলাই ৰাখিবা/সেই জুই আছে মানে দেশ তুমিও থাকিবা...''

পংকজ কুমাৰ নাথৰ কবিতা 'দেশ তুমি কুশলে থাকিবা'ৰ কেইটামান শাৰী এয়া। এই কবিতাৰ পটভূমি আছিল কোভিডৰ লকডাউনৰ সময়ত প্ৰবাসী শ্ৰমিকৰ সৈতে হোৱা সেই ভয়ংকৰ পৰিস্থিতি। খোজেৰে হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ চেষ্টা কৰা শ্ৰমিকৰ কিদৰে ৰে'লৰ চেপাত মৃত্যু হৈছিল সেই কথা কোনে পাহৰে?

শ্ৰমিকৰ অবিহনে দেশে প্ৰগতি নকৰে। প্ৰগতিৰ শিখৰত আৰোহণ কৰিবলৈ শ্ৰমিকৰ অৱদান কল্পনাৰো অধিক। কিন্তু প্ৰগতিৰ পথেৰে গতি কৰা দেশত সেই শ্ৰমিকৰ গুৰুত্বই বা কিমান? সুউচ্চ অট্টালিকাত আছেনে তেনে শ্ৰমিকৰ স্থান?

নিজে গঢ়া অট্টালিকাত নিজৰেই স্থান নাই বুলি জানিও শ্ৰমিকে অট্টালিকা নিৰ্মাণ কৰে। বিলাসী বাহন এখন চলাই ধুমুহাৰ গতিৰে মন গ'লেই ক'ৰবালৈ গুছি যাব পৰাকৈ শক্তি নাথাকিলেও শ্ৰমিকে পথ নিৰ্মাণ কৰে, উৰণীয়া সেতু নিৰ্মাণ কৰে। নৈৰ ওপৰত দলং গঢ়ে। পাহাৰ কাটি সুৰংগ নিৰ্মাণ কৰে। সেই পথেৰে, দলঙেৰে দেশে প্ৰগতিৰ দিশে আগবাঢ়ে।

শ্ৰমিকৰ হাত, ভৰি অচল হৈ পৰিলেই আধৰুৱা হৈ ৰ'ব সুবিশাল নিৰ্মিয়মাণ অট্টালিকা, ফ্লাই অ'ভাৰ, দলং কিম্বা সুৰংগ পথ। দেশে জানে পেটত ভোক থাকে মানে চলি থাকিব শ্ৰমিকৰ হাত-ভৰি। সেই ভোকৰ বাবেই হাত চিঙি পৰিলেও, ভৰি টুকুৰা হৈ গ'লেও অথবা মূৰৰ ওপৰত পাহাৰ খহি পৰিলেও স্তব্ধ নহয় কাম।

পাহাৰ তলিত সুৰংগ পথত উশাহ বন্ধ হৈ গ'লেও নিগনিৰ দৰে খান্দি থাকে মাটি। সেয়াই তেওঁৰ কাম। জীৱনক তুচ্ছ কৰিলেই নিবাৰণ হ'ব পেটৰ ভোক, আগবাঢ়িব দেশ। সেয়ে মৃত্যু জিনি অহা মানিক তালুকদাৰ আকৌ ওলাইছে দেশৰ প্ৰগতিত কপালৰ ঘাম, দেহৰ তেজ ঢালিবলৈ !

২০২৩ চনৰ ১২ নৱেম্বৰ। বহুতেই হয়তো পাহৰিলে। মনত ৰাখিবলৈও সেইদিনা কোনো নেতাই দল বাগৰি নতুন দলত যোগদান কৰা নাছিল, কোনো ৰাজ্যত মিত্ৰতা সলনি কৰি নতুন চৰকাৰ গঠন হোৱা নাছিল অথবা মন্দিৰ, মছজিদ, গীৰ্জা স্থাপন হোৱা নাছিল। মুক্তি পোৱা নাছিল বলিউডৰ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰা চিনেমা।

সেইদিনাই খহি পৰিছিল এটা পাহাৰ। ৪১ জন শ্ৰমিকৰ মূৰত ওপৰত পাহাৰ খহি পৰা সেই ঘটনা বহুতৰে বাবে অতীত হ'লেও অতীত হোৱা নাই ৪১ জন শ্ৰমিকৰ বাবে। সেইদিনা পাহাৰ খান্দি সুৰংগ নিৰ্মাণ কৰি থকাৰ সময়তে হঠাৎ খহি পৰিছিল শিল-বালি-চিমেণ্টৰ আৱৰণৰ সৈতে পাহাৰৰ মাটি। এদিন এদিনকৈ ১৭ দিনলৈ সেই শিল, বালি, চিমেন্ট মাটিৰ মাজত আৱদ্ধ হৈ আছিল ৪১ জনকৈ শ্ৰমিক।

উত্তৰাখণ্ডৰ চিল্কিয়াৰা সুৰংগৰ সেই ভয়াৱহ ঘটনাৰ দুমাহ অতিক্ৰম কৰিলে। মানুহেও সেই কথা পাহৰিলে। অতীত হৈ পৰা সেই ঘটনা মনত ৰাখিলে দেশ আগনাবাঢ়ে। সুৰংগ পথ সম্পূৰ্ণ হৈ নুঠে। সেয়ে আকৌ এদল শ্ৰমিক সোমাই পৰিছে সুৰংগত। খান্দিছে মাটি, শিল-বালি-চিমেণ্টৰে নামি পৰিছে নিৰ্মাণ কাৰ্যত।

১২ নৱেম্বৰত চিল্কিয়াৰা সুৰংগত আৱদ্ধ হৈ পৰিছিল মানিক তালুকদাৰ নামৰ শ্ৰমিকজনো। দীৰ্ঘদিনীয়া এক ৰুদ্ধশ্বাস অভিযানৰ পাছত ২৮ নৱেম্বৰত তেওঁলোকক উদ্ধাৰ কৰা হৈছিল। ১৭ দিনৰ মূৰত দেখিছিল বেলিৰ পোহৰ। মৃত্যুৰ মুখৰ পৰা উভতি অহা সেই মানিক তালুকদাৰে আকৌ গৈ চিল্কিয়াৰা সুৰংগ নিৰ্মাণৰ কামত নামি পৰিছে। এয়াই হেনো তেওঁৰ কাম।

ইতিমধ্যে ভয়, ভীতি আদি শব্দবোৰ তেওঁ পাহৰি গৈছে। বিপদ নিশ্চিত বুলি জানিও তেওঁ আকৌ গৈছে সেই নিৰ্মাণ কাৰ্যত কাম কৰিবলৈ। ১২ নৱেম্বৰৰ সেই দিনটোত আৱদ্ধ হৈ পৰা ৪১ জন শ্ৰমিকেই আছিল মানিক তালুকদাৰৰ দৰে প্ৰবাসী শ্ৰমিক।

দূৰ-দূৰণিৰ পৰা তেওঁলোক চিল্কিয়াৰা সুৰংগলৈ গৈছিল কাম কৰিবলৈ। মানিক তালুকদাৰৰ মতে কেৱল তেওঁৱেই নহয়, সকলো শ্ৰমিকেই জানে সুৰংগৰ ভিতৰত কাম কৰিবলৈ যোৱাটো কিমান বিপদজনক কথা। তথাপিও তেওঁলোকে কাম কৰিবলৈ গৈছিল। সেই দুৰ্ঘটনায়ো তেওঁৰ মনোবল ভাঙিব পৰা নাই।

তেওঁলোকক উদ্ধাৰ কৰিবলৈ সেই ১৭ টা দিনত সকলো আধুনিক প্ৰযুক্তি ব্যৰ্থ হৈ পৰিছিল। কোটি কোটি টকাৰ যন্ত্ৰপাতি বিকল হৈ পৰিছিল। ৪১ জন শ্ৰমিকক উদ্ধাৰৰ ক্ষেত্ৰত সকলো আধুনিক যন্ত্ৰ কেৱল পৰি ৰৈছিল অপ্ৰয়োজনীয় লোহাৰ দৰে।

তেওঁলোকক উদ্ধাৰ কৰিছিল আন এদল শ্ৰমিকে। নিগনিৰ পদ্ধতিৰে সুৰংগ খান্দি তেওঁলোকক বাহিৰলৈ ওলিয়াই আনিছিল। শ্ৰমিকেই বচাইছিল শ্ৰমিকৰ প্ৰাণ। নৱজীৱন লাভ কৰা সেই ৪১ শ্ৰমিকৰ বাকী ৪০ জন শ্ৰমিকে পুনৰ চিল্কিয়াৰাত কাম কৰিবলৈ আহিবনে নাই সেয়া মানিকে নাজানে।

জানে তেওঁলোক নাহিলেও আন শ্ৰমিকে আহি সেই তেওঁলোকৰ স্থান পূৰণ কৰিব। কাম ৰৈ নাথাকে। কাম চলিবই। সেই কাম হয়তো তেওঁলোকে নকৰিলেও তেওঁলোকৰ দৰে আন হাজাৰ জনে কৰিব।

কাম ৰৈ যোৱা মানেই দেশ ৰৈ যোৱা। কাম বন্ধ কৰা মানেই পেটৰ জুইকুৰা দাওঁদাওঁকৈ জ্বলি উঠা। মানিকহঁতৰ দৰে মানুহখিনিয়ে জানে পাহাৰ খহি পৰাৰ ভৰ সিহঁতে খহিব পাৰে, খহিব নোৱাৰে পেটৰ জ্বালা।

তেওঁলোক আছে মানে দেশ কুশলে আছেঃ  থমকি নৰয় মূৰত পাহাৰ খহিলেও !
ছদ্মবেশী নেতাৰ খোল খাইছে মুখাঃ জনতাৰ হুমুনিয়াহ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in