সাজু! অচিৰেই সলনি হ'ব বিধানসভাৰ ঠিকনা...

সচিবালয়ৰ কাষতে পূৰ্ণগতিত চলি আছে নিৰ্মাণ কাৰ্য। নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত।বহুতৰ বাবে উৎসুকতাৰ কাৰণ সচিবালয়ৰ কাষত এয়া কি বনাই আছে।
স্থায়ী বিধানসভা
স্থায়ী বিধানসভা

মৃদুল কুমাৰ সন্দিকৈ

সচিবালয়ৰ কাষতে এটা প্ৰকাণ্ড অট্টালিকা নিৰ্মাণ কৰি থকা হয়তো আপুনি দেখিছে। এই অট্টালিকাটোৰ কাষতে আৰু দুটা ঘৰৰ নিৰ্মাণ চলি আছে। অসম সচিবালয় চৌহদত নিৰ্মাণ হৈ থকা এই ঘৰকেইটাৰ নিৰ্মাণৰ গতি খৰতকীয়া কৰা হৈছে।

নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। দুখনকৈ নতুন প্ৰৱেশদ্বাৰ, সন্মুখৰ ভাগৰ কিছু কাম দিনে ৰাতিয়ে চলি আছে তাত। নিৰ্মাণস্থলীৰ সন্মুখৰ ভাগত কাপোৰ আঁৰি দিয়া হৈছে ইতিমধ্যে।

কোনো সাধাৰণ লোকক সেই নিৰ্মাণস্থলীলৈ বিনা কাৰণত যাবলৈ দিয়া নহয়। অসম সচিবালয়ৰ এক গুৰুত্বপূৰ্ণ অংশ হ'বলৈ গৈ আছে সেই ঠাই। এক অৰ্থত অসম সচিবালয়ৰ হৃদপিণ্ড হ'ব সেই চৌহদ।

অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱা সেই পৰিচিত ঘৰটো যাক আমি এচেম্বলী বুলি কও তাৰ এক ইতিহাস আছে। ১৯৭৩ চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী তুলি অনা হৈছিল দিছপুৰলৈ। ১৯৭২ চনৰ ৩১ জানুৱাৰীৰ পৰা ১৯৭৮ চনৰ ১২ মাৰ্চলৈ অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহ।

তেওঁৰ কাৰ্যকালতেই মেঘালয় পৃথক হৈ যোৱাৰ পাছত অসমৰ বাবে পৃথক সচিবালয় নিৰ্মাণৰ কাম খুব খৰতকীয়াকৈ কৰিবলগীয়া হৈছিল। তেতিয়াই সচিবালয়ক জনতা ভৱন নাম দি শৰৎ চন্দ্ৰ সিংহই সাধাৰণ লোকো যাতে বিনা দ্বিধাই প্ৰৱেশ কৰিব পাৰে সেই চিন্তা কৰিছিল।

বিধানসভা অনুষ্ঠিত কৰিবলৈ বৰ্তমান বিধানসভা অনুষ্ঠিত হৈ থকা ঘৰটো কিছু ব্যৱস্থা সংযোগ কৰি ব্যৱহাৰ উপযোগী কৰি লৈছিল। প্ৰকৃততে সেইটো আছিল এটা ৱেৰ হাউচ। ১৯৭২ চনৰ ছেপ্টেম্বৰত ইয়াক বিধানসভা ৰূপে সজাই পৰাই তোলাৰ কাম আৰম্ভ কৰিছিল।

জনতা ভৱন অতীত হ'ল। নতুন সচিবালয় নিৰ্মাণ হ'ল। কিন্তু নতুন আৰু স্থায়ী বিধানসভা নিৰ্মাণৰ বিষয়টো পিছ পৰি থাকিল। মাজতে স্থায়ী ৰাজধানী চন্দ্ৰপুৰত নিৰ্মাণ হ'ব বুলি তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আধাৰশিলা স্থাপন কৰিলে যদিও সেয়া কাৰ্যকৰী নহ'ল।

প্ৰফুল্ল মহন্তৰ কাৰ্যকালত স্থায়ী ৰাজধানী কলিয়াবৰলৈ স্থানান্তৰিত কৰাৰ বিষয়েও গুণা গঁথা চলিছিল। শেষত দিছপুৰতে স্থায়ী ৰাজধানী পতাৰ সিদ্ধান্ত হোৱাত সচিবালয়ৰ লগতে আন নিৰ্মাণকাৰ্য প্ৰয়োজন অনুসৰি চলিল যদিও স্থায়ী বিধানসভাৰ অভাৱ চলি থাকিল।

স্থায়ী বিধানসভা
স্থায়ী বিধানসভা
স্থায়ী বিধানসভা
স্থায়ী বিধানসভা

২০০৮ চনত অৰ্থাৎ আজিৰ পৰা ১৫ বছৰ পূৰ্বে সচিবালয়ৰ সমীপত থকা মুকলি খেলপথাৰ কাষৰ এই অঞ্চলটোত স্থায়ী বিধানসভা ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

কিন্তু যি পূৰ্ণগতিত কাম চলিব লাগিছিল সেই কাম চলা নাছিল। পৰ্যায়ক্ৰমে সেই কামবোৰ লেহেমীয়া গতিত চলি থাকিলে যদিও অতি শেহতীয়াকৈ পূৰ্ণ উদ্যমেৰে এই ভৱনটি নিৰ্মাণকাৰ্য প্ৰায় শেষ হও হও হৈছে।

সেই স্থানত থকা ১০ একৰ মাটিত মুঠ ৩ টা ভৱনৰ নিৰ্মাণ কাৰ্য চলি আছে। ৪৫৫৩৮.৯৬ বৰ্গমিটাৰ জোৰা এই নিৰ্মাণৰত ভৱন সমূহৰ মুঠ ফ্লৰ এৰিয়া হ'ব ৩,৬১০০ বৰ্গমিটাৰ। ২৩৪.৮৪ কোটি টকা এই প্ৰকল্পৰ বাবে চৰকাৰে আৱন্টন দিছিল।

চিমপ্লেক্স ষ্ট্ৰাকচাৰে ভৱনটো নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ লগতে জে ডি ক্ৰিয়েশ্যনে বিধানসভাৰ নতুন ভৱনৰ ইন্টেৰিঅ কামবোৰ কৰিছে। কলকাতাৰ ইন্টেৰিঅ' ডিজাইনাৰ দুলাল মুখাৰ্জীয়ে এই কামবোৰ চাইছে।

লোকনিৰ্মাণ বিভাগৰ তত্বাৱধানত নিৰ্মাণৰত নতুন বিধানসভা প্ৰকল্পস্থলীৰ মূল বিধানসভা ভৱনটো হ'ব দুমহলীয়া। ইয়াৰ কাষতে থাকিব দুটা সংযোগী ভৱন। তাৰে এটা হ'ব ১৬ মহলীয়া আৰু আনটো হ'ব ৩ মহলীয়া।

মূল বিধানসভা ভৱনটোৰ ১৮৪৫৯ বৰ্গমিটাৰ হ'ব। ইয়াৰ প্ৰথম মহলাত ১৭২ জন বিধায়ক বহিব পৰাকৈ আসন আৰু উচ্চ সদন গঠন হ'লে ৪৪ জন উচ্চ সদনৰ সদস্য বহিবলৈ আসনৰ ব্যৱস্থা থাকিব।

৭ খন লিফ্ট থাকিব এই বিধানসভাৰ মূল ভৱনত। সংযোগী ১ নং ভৱনটোৰ মুঠ কালি হ'ব ৮,০৫৬ বৰ্গমিটাৰ। ইয়াৰ উচ্চতা হ'ব ৭৮ মিটাৰ। তাত থাকিব বিভিন্ন কমিটী সমূহ বহিব পৰাকৈ চেম্বাৰ, কেফেটেৰিয়া, মন্ত্ৰীৰ চেম্বাৰ, প্ৰেছ লঞ্চ আদি।

স্থায়ী বিধানসভা
স্থায়ী বিধানসভা

আনহাতে সংযোগী দুই নম্বৰ ভৱনটো হ'ব ৯,৯৯১ বৰ্গ মিটাৰ।ইয়াত থাকিব ৰেকটেংগুলাৰ ব্লক, অডিটৰিয়াম, কনফাৰেন্স হল আদি। অডিটৰিয়ামত ৬০০ লোক বহিব পৰা ব্যৱস্থা আৰু ছেমিনাৰ হলত ২৫০ জন লোক বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে।

ইয়াৰোপৰি এটা এমহলীয়া ২০০০ বৰ্গমিটাৰ ঘৰ নিৰ্মাণ কৰা হৈছে য'ত ট্ৰেনফৰ্মাৰ, বিদ্যুতৰ চাব ষ্টেচন হ'ব। এটা মাল্টিলেভেল কাৰ পাৰ্কিং থাকি এই নতুন বিধানসভা চৌহদত।

সকলো ঠিকে ঠাকে থাকিলে চলিত বৰ্ষ অৰ্থাৎ ২০২৩ ৰ মাৰ্চৰ ভিতৰত ই ব্যৱহাৰ উপযোগী হৈ উঠিব। বহুতৰ বাবে উৎসুকতাৰ কাৰণ সচিবালয়ৰ কাষত এয়া কি বনাই আছে। ৰাজ্য বাসীৰ বাবে ভাল লগা খবৰতো এয়েই যে ৰাজধানী স্থানান্তৰ কৰা প্ৰায় ৫০ বছৰৰ পাছত অসমে লাভ কৰিব স্থায়ী বিধানসভা ভৱন।

আৰু পঢ়ক: এজন অসমীয়া : হাৰিয়ানাত কৰে খেতি, নাইনিতালত আছে ঘৰ-মাটি

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in