এজন অসমীয়া : হাৰিয়ানাত কৰে খেতি, নাইনিতালত আছে ঘৰ-মাটি

এজন অসমীয়া : হাৰিয়ানাত কৰে খেতি, নাইনিতালত আছে ঘৰ-মাটি

- মৃদুল কুমাৰ সন্দিকৈ

২০২৩ বৰ্ষৰ ২৬ জানুৱাৰী । দিল্লীত বাস কৰা সৰু পুত্ৰৰ ত্ৰিশংকু নন্দনৰ ঘৰলৈ গুৱাহাটীৰ পৰা গৈছিল কেইদিনমানৰ আগতে সুন্দৰিশাল সত্ৰৰ সত্ৰাধিকাৰ ভাৰ্গৱ চন্দ্ৰ মহন্ত আৰু তেওঁৰ সহধৰ্মিণী কবিতা মহন্ত । দিল্লীৰ ব্যস্ততাপূৰ্ণ পৰিৱেশৰ মাজৰ পৰা আতৰি সেই দিনটোতেই অৰ্থাৎ সৰস্বতী পূজাৰ দিনা সৰুপুত্ৰৰ পৰিয়ালৰ সৈতে দুয়ো ওলাই গৈছিল সমীপৱৰ্তী এক স্থানলৈ ।

অভিভূত হৈ পৰিছিল সত্ৰাধিকাৰ ভাৰ্গৱ চন্দ্ৰ মহন্ত আৰু কবিতা মহন্ত । এটা বাহঁৰ ঘৰৰ ভিতৰত এক পাত্ৰত জ্বলাই থোৱা জুইৰ উম লৈছিল সত্ৰাধিকাৰ গৰাকীয়ে । নিজৰ পছন্দ অনুসৰি জুইত খাদ্য প্ৰস্তুত কৰিছিল কবিতা মহন্তই । অসমৰ কোনোবা গাৱতহে যেন তেওঁলোক আছে । দেখিলে তেনে একেই পৰিৱেশ হ'ব ।

সেইদিনা পৰিয়ালটোৱে দিল্লীত থাকিও সেই ঠাণ্ডাৰ বতৰত অসমত থকাৰ দৰেই আমেজ লাভ কৰিছিল । মাটি-বালিত বহি সৰু সৰু ল'ৰা ছোৱালী কেইটাই মুকলি আকাশৰ তলত উমলিছিল । অভিভূত হৈ পৰিছিল পৰিয়ালটো । দিনটো উপভোগ কৰি তেওঁলোক ঘৰলৈ উভতাৰ সময়ত এক আত্মীক তাড়নাৰে গৌৰৱবোধ কৰিছিল যে দিল্লীত অসমৰ সেই সুবাস এজন অসমৰ যুৱকেই তেওঁলোকক দিলে ।

দিল্লীৰ দৰে এখন ব্যয়বহুল চহৰত কোন এইজন অসমীয়া যুৱক ? কেনেকৈ সেইয়া সম্ভৱ হ'ল । দিল্লীত থকা অসমীয়া পৰিয়ালৰ বাবে এটা আকৰ্ষণৰ নাম ভূঞা ফাৰ্ম । সুযোগ পালেই তেওঁলোকে তালৈ আহে । দূৰৈত থাকিও অসমত থকাৰ দৰে লাগে তাত তেওঁলোকৰ ।

দিল্লীৰ সমীপৰে এই ঠাই । মাটি প্ৰায় ডেৰ একৰ । সেই পৰিয়ালটোৰ সূত্ৰে দিল্লীৰ এই ফ‍াৰ্মখনৰ বিষয়ে জানি সেই ফাৰ্মখনৰ গৰাকীজনৰ যোগাযোগ নম্বৰ বিচাৰিছিলো । পৰিয়ালটোৰ হাতত আছিল তেওঁৰ মোবাইল নম্বৰ । তাৰ পাছত যোগাযোগ হৈছিল এজন উদ্যমী প্ৰতিষ্ঠিত উদ্যোগীৰ সৈতে । বয়স তেওঁৰ বৰ বেছি নহয় । কিন্তু তেওঁৰ উত্তৰণৰ এই কাহিনী অসমীয়া যুৱক যুৱতীৰ বাবে এক মাইলৰ খুটিঁ ।

তেওঁৰ সৈতে যোগাযোগ কৰা হ'ল । জানিব বিচাৰিলো তেওঁৰ বিষয়ে । কোনো বিৰক্তিকৰ ভাৱ প্ৰকাশ নকৰাকৈ বৰ আগ্ৰহেৰে কৈ গ'ল এই কথাবোৰ । সেইবোৰ শুনি এনে লাগিল এইয়া হে আচল অসমীয়াগিৰি ।

১৯৯৮ চনৰ কথা । তেতিয়াই আহিছিল এটা দু খবৰ । কটনত সেই সময়ত অধ্যয়ণ কৰি থকা ভাৰ্গৱ ভূষণ ভূঞা নামৰ যোৰহাটৰ বনাই গাৱঁৰ মেধাৱী ছাত্ৰজনে পিতৃক হেৰুৱাইছিল । টিয়কৰ পৰা ৫ কিলোমিটাৰ ভিতৰত এক গাৱঁলীয়া পৰিৱেশত জন্ম ভাৰ্গৱ ভূষণৰ । পিতৃ-মাতৃ দুয়ো আছিল শিক্ষক । বনাই গাওঁ হাইস্কুলতে হাইস্কুলীয়া শিক্ষা সাং কৰি উচ্চতৰ মাধ্যমিক শ্ৰেণী পঢ়িবলৈ আহিছিল কটনলৈ । দেউতাকৰ ইচ্ছা আছিল স্নাতক মহলা দিল্লীত পঢ়িব । পিতৃক হেৰুৱাই দেউতাকৰ ইচ্ছা অনুসৰিয়েই তেওঁ ঢাপলি মেলিছিল দিল্লীলৈ । দিল্লী বিশ্ববিদ্যালয়ত ১৯৯৯ চনত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল তেওঁ ।

আই পি বিশ্ববিদ্যালয়ৰ পৰা এম বি এ কৰি দিল্লীতেই চাকৰি বিচাৰিছিল । টাইমছ্ অৱ ইণ্ডিয়া নামৰ কাকত খনত এটা চাকৰি পালে । স্পেছ চেলিং কৰিব লাগে তেওঁ । অৰ্থাৎ বিজ্ঞাপন বিভাগত চাকৰি । কিন্তু ভাল নালাগিল কামটো । নিজাকৈ কিবা এটা কৰাৰ চিন্তা কৰি এক অগতানুগতিক ধাৰাৰে আৰম্ভ কৰিলে এখন এড মেগাজিন । ব্যৱসায়ী প্ৰতিষ্ঠানবোৰৰ পৰা বিজ্ঞাপন সংগ্ৰহ কৰি ১০-১২ পৃষ্ঠাৰ এই মেগাজিন খন পুৱায়েই গৈ কাকত বিলোৱা মানুহৰ সহযোগত কাকতবোৰৰ মাজত ভৰাই পঠাই দিলে পাঠকলৈ ।ভাল সহাৰিয়ে পাইছিল কিন্তু আকৌ চাকৰি কৰাৰ ইচ্ছা জন্মিল ।

ভাৰ্গৱ ভূষণ ভূঞাই কৈ গৈছিল তেওঁৰ জীৱন কাহিনী । ইণ্ডিয়ান চেম্বাৰ অৱ কৰ্মাছত এক্সিকিউটিভ অফিচাৰৰ চাকৰি । ক'ৰ্পৰেটবোৰৰ লীগেল কনফাৰেন্সৰ বাবে ফোন কৰি তেওঁ মানুহ মাতিব লাগে । তেওঁ কিন্তু জড়িত হৈ পৰিল লীগেল কনফাৰেন্স আয়োজনৰ কামত । কামৰ ফলাফল ভাল । ৰেভিনিউ আৰ্ণিং হ'ল । কিন্তু চাকৰিৰ দৰমহা নাবাঢ়িল । তেওঁ দৰমহা ৫ হেজাৰ টকা বঢ়াবলৈ ক'লে । কিন্তু বঢ়ালে ২ হেজাৰ । পুনৰ চাকৰি বাদ দি দিলে । এই ক্ষেত্ৰখনৰে জড়িত বহু লোক তেওঁৰ চিনাকী আছিল । ৰিলায়েন্স, অ'এনজিছি, এয়াৰটেল আদি তেওঁৰ চিনাকী লোকসকলৰ সহযোগত স্বাধীনকৈ গঠন কৰিলে ইণ্ডিয়ান কো-অপাৰেট কাউন্সিল এছোচিয়েশ্বন ।

আৰম্ভ কৰিলে নিজা স্বাধীন কাম । এইবাৰ বাধা হৈ থিয় দিলে ক'ৰনাই । ২০২০ চনৰ কথা । ৮ খনকৈ বিদেশী ৰাষ্ট্ৰত চেমিনাৰ আয়োজন কৰা অভিজ্ঞতা থকা ভাৰ্গৱ ভূষণ ভূঞাই আবু ধাবিত এখন কনফাৰেন্সৰ সকলো ব্যৱস্থা কৰিছিল ।

কিন্তু ক'ৰণাৰ বাবে সেইয়া সম্ভৱ নহ'ল । ঘৰৰ ভিতৰতে সোমাই থাকিব লগা পৰিৱেশে তেওঁৰ চিন্তাক নতুন মাত্ৰা দিলে । নাইনিতাললৈ এবাৰ ফুৰিবলৈ গৈছিল । সেই পৰিৱেশে তেওঁক হাত বাউল দি মাতিছিল । তাতেই আৰম্ভ কৰিলে আন কেইজন মান তেওঁৰ চিনাকী লীগেল ক'ৰ্পৰেট চেক্টৰৰ সৈতে জড়িত ব্যক্তিৰ সহযোগত ৰিয়েল ইষ্টেট ব্যৱসায় ।

এতিয়া ৩ টা কাম চলি আছে । মাটি কিনি তাতেই নিৰ্মাণ কৰিলে ভিলা । বহু লোকে অৱসৰ বিনোদন কৰিবলৈ এনেবোৰ স্থানত ঘৰ বা ভিলা বা ফ্লেট বিচাৰে । মুক্তেশ্বৰত তেওঁ দুটা ৰেচিডেন্সিয়েল প্ৰজে'ক্ট চলি থকাৰ লগতে নতুনকৈ নিৰ্মাণ কৰিলে নিজাকৈ এখন ৰিজ'ৰ্ট । দুই এমাহৰ ভিতৰতে সেই ৰিজ'ৰ্টৰ কাম আৰম্ভ হ'ব । তাৰ পাছত আকৌ এক নতুন চিন্তাৰে হাৰিয়ানা ফাৰিদাবাদৰ সমীপৰ মাংগাৰ ভিলেজত ডেৰ একৰ মাটি লীজত লৈ নিৰ্মাণ কৰিলে এখন ফাৰ্ম হাউছ । নাম দিলে ভূঞা ফাৰ্ম ।

ইমান ভিতৰত মাটিখিনি লীজত লোৱা দেখি বহুতে আশংকা কৰিছিলে । কিন্তু তেওঁৰ এক লক্ষ্য আৰু সপোন আছিল । সেই ফাৰ্ম হাউছৰ ভিতৰত এখন যেন মিনি অসম, অসম অসম লগা এক পৰিৱেশ গঢ়ি তুলিলে তেওঁ । দিল্লীত বাস কৰা অসমীয়া সকলৰ বাবে এতিয়া এই ফাৰ্ম আকৰ্ষণৰ কেন্দ্ৰবিন্দু । ভাৰ্গৱ ভূষণ ভূঞাই বৰ্ননা দিছিল তেওঁৰ ফাৰ্মখনৰ । তাতে সকলো খেতি কৰে তেওঁ ।

দিল্লীত বিচাৰি নোপোৱা সকলো বস্তু তেওঁৰ ফাৰ্মত পাব । এশ মান হাঁহো পুহিছে এতিয়া ।লোকেল কুকুৰা, বেঙেনা, জলকীয়া, পিয়াজ, নেমু, নহৰু, মাটিমাহ, ফুলকবি, সৰিয়হ কি খেতি কৰা নাই তাত । সকলোৱে তাৰ আলহী হ'ব নোৱাৰে । সকলো গমি পিতি চাইহে তাত দিনটোৰ অৱসৰ বিনোদনৰ সুযোগ দিয়ে তেওঁ । বাহঁৰ ঘৰটোত, মাটিৰ প্ৰলেপ দিয়া ঘৰখন, কেচাঁ মাটিৰ সুবাসেৰে উজ্জীৱীত শস্যৰ খেতিবোৰ দেখি মানুহ উৎফুল্লিত হৈ পৰে ।

কেৱল খাবলৈ নহয় বৰং এক অভিজ্ঞতা লাভৰো বুনিয়াদ গঢ়িছ এনেকৈয়ে তাত । নিজে বনাই খোৱা সকলে তাত থকা শাক পাছলি চিঙি খাব পাৰে । যিয়ে যিধৰণে বিচাৰে সেই ধৰণে খাদ্য যোগান ধৰে । পত্নীৰ সৈতে মিলি সেই খাদ্য নিজেই ৰান্ধে । খেতিবোৰ চাবলৈ আৰু তেওঁলোকক সহায় কৰিবলৈ স্থানীয় ৫ জন লোকক ৰাখিছে । খেতি পথাৰত পানী দিবলৈ এক বিশেষ ব্যৱস্থা কৰিছে যাতে খেতিৰ পানীও হয় আৰু তালৈ যোৱা সৰু ল'ৰা ছোৱালীবোৰে পানীত খেলি শৈশৱৰ সেই বোকা পানীৰ ধেমালি বোৰৰ সোৱাদ ল'ব পাৰে ।

একোজন লোকৰ বাবদ তেওঁলোকে লয় ১০০০ ৰ পৰা ১২০০ টকা । ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি সকলো খিনিয়েই দিয়া হয় । তাতেই সৰিয়হৰ খেতি কৰি তেল পেৰি ব্যৱহাৰ কৰে তেওঁলোকে । যিফালে চাই সেইফালে বিনন্দীয়া পৰিৱেশ । সমীপতে আছে পাহাৰ । শস্য শ্যামলা সেই ফাৰ্ম হাউছ খনৰ জৰিয়তে তেওঁ প্ৰমাণ কৰি দিছে ইচ্ছা কৰিলে সকলো সম্ভৱ । ৰিয়েল ইষ্টেটত আৰু এই ফাৰ্ম হাউছখন মিলাই তেওঁৰ সম্পত্তিৰ পৰিমাণ এতিয়া ৮-৯ কোটিৰ বেছি হ'ব ।

দিল্লীলৈ গৈছিল আই এ এছ, আই পি এছ হোৱাৰ লক্ষ্যেৰে । ভাৰতীয় অসামৰিক সেৱাৰ বাবে প্ৰস্তুত হৈয়ো বুজি উঠিছিল ইয়াৰ বাবে তেওঁ যোগ্য নহয় । পৰিস্থিতিয়ে দিয়া শিক্ষাৰ পৰা অভিজ্ঞতা অৰ্জন কৰি সলাই লৈছিল নিজক । ভাৰ্গৱ ভূষণ ভূঞা এতিয়া সুখী । সুখী দিল্লীত থকা অসমীয়া মানুহবোৰো ।কোনোৱেই ভবাই নাছিল এনেকৈ হাৰিয়ানাত অসমৰ কোনোবাই গৈ খেতি কৰি দেখুৱাই দিব - আমিও অসমীয়া, আমিও কম নহয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in