লাচিতৰ বন্দনাৰে বিশ্ব অভিলেখ...

লাচিতৰ বন্দনাৰে বিশ্ব অভিলেখ...
লাচিতৰ বন্দনাৰে বিশ্ব অভিলেখ...

মৃদুল কুমাৰ সন্দিকৈ

অসমীয়া জাতিৰ বাবে এক আৱেগৰ নাম লাচিত বৰফুকন। বীৰ গৰাকীক যিদৰে আমি তুলি ধৰিব লাগিছিল সেয়া সম্ভৱ হোৱা নাছিল বিভিন্ন কাৰণত। সেই পৃষ্ঠপোষকতাৰ অভাৱৰ বাবেই বিশ্বজনীন হোৱা নাছিল বীৰ লাচিত বৰফুকন।

তেওঁৰ বীৰত্বৰ কাহিনী অসমতেই ৰৈ গৈছে। শেহতীয়াকৈ গীনিজ ৱৰ্ল্ড বুকত লাচিত বৰফুকনৰ নাম অন্তৰ্ভুক্ত হ'ল। লাৰ্জেষ্ট অনলাইন ফটো এলবাম অফ হেণ্ড ৰিটেন নোটছ শিতানত লাচিত বৰফুকনৰ সন্দৰ্ভত লিখা ৰচনাই স্থান লাভ কৰিলে।

এই কাৰ্যত পৃষ্ঠপোষকৰ ভূমিকা গ্ৰহণ কৰিছিল অসম চৰকাৰে। আনুষ্ঠানিক ভাৱে ইয়াৰ স্বীকৃতি আৰু প্ৰমাণ পত্ৰ গীনিজ ৱৰ্ল্ড ৰেকডৰ্ছৰ কৰ্তৃপক্ষই ৯ মাৰ্চ ২০২৩ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিলে।

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে এই উদ্যোগ লৈছিল অসম চৰকাৰে। গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে উল্লেখ কৰা মতে লাচিত বৰফুকনৰ সন্দৰ্ভত ৪২,৯৪৩৫০ খন হাতে লিখা ৰচনাৰ প্ৰতিচ্ছবি আপলোড কৰা হৈছিল। এই কাৰ্য ১ ফেব্ৰুৱাৰী ২০২৩ ত সম্পন্ন কৰা বুলি উল্লেখ কৰা হৈছে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ৱেব চাইটত।

এই সন্দৰ্ভত গীনিজ কৰ্তৃপক্ষই লিখিছে- The largest online photo album of handwritten notes is 4,294,350 photos and was organised by Govt of Assam (India) to celebrate Lachit Barphukan’s 400th birth anniversary on 1 February 2023. The album was created to celebrate 400th birth anniversary of the legendary General Lachit Barphukan who was an Assamese military General.

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল চীনৰ বেইজিংস্থিত গৌগানছিদাই টেকনলজি ক’ৰ্পোৰেচন লিমিটেডৰ নামত। ২০১৮ চনৰ ১৫ এপ্ৰিলত সেই অভিলেখ গঢ়িছিল প্ৰতিষ্ঠানটোৱে। মুঠ ৩,১৬,৮২৮ খন অনলাইন ফটো এলবাম আছিল সেয়া।

লাচিত বৰফুকনৰ সন্দৰ্ভত হাতেৰে লিখা লিখনিৰে বিশ্ব অভিলেখ গঢ়াটো অসমবাসীৰ বাবেই এক গৌৰৱৰ বিষয়। তাতোকৈ ডাঙৰ কথাটো হ'ল অসম চৰকাৰে লোৱা এই উদ্যোগৰ প্ৰতি সহাৰি জনাই ৫৭ লাখ লোকে লাচিত বৰফুকনৰ সন্দৰ্ভত তেওঁলোকৰ অনুভৱ লিখিছিল।

যিবোৰ প'ৰ্টেলত আপলোড কৰা হৈছিল যদিও টাইপ কৰি লিখা লেখাবোৰ বাদ দিয়াত হাতে লিখা ৰচনাৰ সংখ্যা ৪২ লাখৰো অধিক হৈছিল। বড়ো, নেপালী, হিন্দী, বাংলা, গাৰো আদি বিভিন্ন ভাষাত লাচিত বৰফুকনৰ বিষয়ে মানুহে লিখিছিল।

এই চিন্তা আছিল এক যুগান্তকাৰী চিন্তা। কিয়নো ৫৭ লাখ মানুহৰ মনত লাচিত বৰফুকন কিধৰণে ৰেখাপাত কৰি আছে সেই কথা উপলব্ধি কৰাৰ আমাক এক সুযোগ প্ৰদান কৰিলে। লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে।

বঙাইগাঁৱত অনুষ্ঠিত হোৱা কেবিনেটত লোৱা সিদ্ধান্ত মৰ্মেই এলানি কাৰ্যসূচী যুগুত কৰা হৈছিল। ২০২২ চনৰ ২৫ ফেব্ৰুৱাৰীত তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাচিত বৰফুকনৰ যোৰহাটত থকা মৈদামত ১৫০ ফুট উচ্চতাৰ লাচিতৰ ব্ৰঞ্জৰ মূৰ্তি স্থাপন, আলাবৈৰ ৰণৰ স্মৃতিত সমাধি স্থাপন আদি বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ কথা ইতিমধ্যে কৈছে।

সেই কামবোৰ পৰ্যায়ক্ৰমে চলি আছে। নতুন দিল্লীতো অসম চৰকাৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ অনুষ্ঠানো অনুষ্ঠিত কৰিছিল। ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ এই কাৰ্যসূচী অনুষ্ঠিত হৈছিল। য’ত প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতিলৈকে অংশগ্ৰহণ কৰিছিল।

এটা চিন্তাই কেনেকৈ কোনো এক বিষয়ক পৃথক মাত্ৰা দিব পাৰে তাৰ প্ৰমাণ এয়া। ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাক ধন্যবাদ দিবই লাগিব। এই কাম পূৰ্বৰ চৰকাৰেও কৰিব পাৰিলে হয় যদিও তেনে চিন্তা হয়তো তেওঁলোকৰ মন, মগজুলৈ নাহিল।

মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে, লাচিত বৰফুকনৰ সন্দৰ্ভত লেখা বহু ৰচনা অতি উচ্চ মানৰ হৈছে। সেই ৰচনাবোৰ লাচিত বৰফুকন কেন্দ্ৰিক বা আহোম ৰাজত্ব কালৰ অধ্যয়নৰ এক বহুমূলীয়া সমল হ'ব। এনে ৰচনাতেই উল্লেখ আছে, লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধ আৰু তেওঁৰ সময়ৰ কথা লিখি থ'বলৈ তেওঁৰ লগত থকা ৰূপৰামক কৈ গৈছিল।

ইতিহাস যাতে বিকৃত নহয়, তাৰ বাবে লাচিত বৰফুকনে আগতিয়াকৈ চিন্তা কৰিছিল। অৱশ্যে এইটোও ঠিক যে, চৰকাৰৰ এই সৎ প্ৰয়াসক বহুতে ভেঙুচালি কৰি লাচিত বৰফুকনৰ সন্দৰ্ভত কিছু বাৰে ভচহু কথা লিখি আপলোড কৰিছে।

তেনে ৰচনা সামাজিক মাধ্যমত চৰ্চা কৰি বীৰ পুৰুষগৰাকীক অপমানিত কৰিছিল। সদায় নেতিবাচক দৃষ্টি ভংগীৰে কথাবোৰ গ্ৰহণ কৰাতকৈ ইতিবাচক দৃষ্টিৰে ভাল কথাবোৰ চৰ্চা কৰাৰ প্ৰয়োজন।

এই কামত বহুজনৰ পৰিশ্ৰম জড়িত হৈ আছে। সেই সকলো আজি এই সফল প্ৰয়াসৰ বাবে ধন্যবাদৰ পাত্ৰ। লাচিত বৰফুকনৰ জনমুখী কৰা নতুন প্ৰজন্মৰ মাজত লাচিত বৰফুকনৰ চৰ্চা এয়া কিন্তু এক ক্ষুদ্ৰ প্ৰয়াস নহয়।

লাচিতৰ বন্দনাৰে বিশ্ব অভিলেখ...
বানত উদ্ধাৰ হোৱা দুটা মাতৃহাৰা গঁড় পোৱালিৰ নয়নাভিৰাম দৃশ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in