‘প্ৰান্তিক’ৰ লে-আউট আৰ্টিষ্টজন এতিয়া অইলৰ সঞ্চালক...

‘প্ৰান্তিক’ৰ লে-আউট আৰ্টিষ্টজন এতিয়া অইলৰ সঞ্চালক...

দেশৰে এটা প্ৰতিষ্ঠিত তৈল কোম্পানী অইল ইণ্ডিয়া লিমিটেড চমুকৈ অইল।  ২০২২-২৩বৰ্ষত অইলে সকলো ব্যয় কৰি ৬,৮১০.৪০কোটি টকা লাভৰ মুখ দেখিছিল। বৰ্তমান এই কোম্পানীটোৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩১, ৬০১.৪১কোটি টকা।

সেই কোম্পানীটোতে কৰ্মৰত এজন অসমীয়া বিষয়া কথা এয়া। নাম তেওঁৰ অশোক দাস। অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা মানুহজনৰ কাম-কাজ কিন্তু অতি অসাধাৰণ। কিয়নো তেওঁ কেৱল দক্ষই নহয়, এজন স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰ বিষয়াও।

অইলত শীৰ্ষ পদত অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ পাছতেই আছে চাৰিজন ফাংচনেল ডাৰেক্টৰ। সেই চাৰিজন সঞ্চালকৰ ভিতৰত অন্যতম অশোক দাস। কোম্পানীটোৰ প্ৰায় ১০হাজাৰমান স্থায়ী আৰু প্ৰত্যক্ষ বিষয়া-কৰ্মচাৰী আছে। ইয়াৰ উপৰিও আছে ঠিকাভিত্তিক কৰ্মৰত কৰ্মচাৰী। ইমান বৃহৎ সংখ্যক কৰ্মচাৰী সুখ-দুখৰ লগতে তেওঁলোকৰ সা-সুবিধাৰ সন্দৰ্ভত চকু দিয়াৰ দায়িত্ব তেওঁৰ ওপৰত।

অইলৰ মানৱ সম্পদ বিভাগৰ সঞ্চালক তেওঁ। ২০২২চনৰ ২ছেপ্তেম্বৰত এই পদত নিযুক্তি লাভ কৰা দাসে সলাই পেলালে বিভিন্ন সময়ত উত্থাপন হোৱা নিযুক্তি বিষয়ত থকা বিসংগতিসমূহ। অইলৰ নিযুক্তিত যাতে উপযুক্ত মেধা প্ৰাৰ্থী বঞ্চিত নহয়, তাৰ প্ৰতি তেওঁ অতি সৰ্তক আৰু সচেতন।

 ইয়াৰ বাবে তেওঁ কোনো তলতীয়া বিষয়া-কৰ্মচাৰীৰ ওপৰতো যাতে নিৰ্ভৰশীল হ’ব নালাগে তাৰ বাবে কম্পিউটাৰত সাক্ষাৎকাৰৰ ডাটা এন্ট্ৰি, মূল্যায়ন, তালিকা প্ৰস্তুত আদি কাম নিজেই কৰে। ৰসিক মানুহজনে নিযুক্তিৰ সময়ত বিভিন্ন লোকৰ হেচাঁ অতি কৌশলেৰে মোকাবিলা কৰে। ৰাজনৈতিক হস্তক্ষেপ, দল-সংগঠনৰ হেচাঁ, দালালৰূপী লোকৰ প্ৰভাৱৰ পৰা মুক্ত কৰি এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ লৈছে বহু কঠোৰ পদক্ষেপ।

অসমীয়াত্ব তেওঁৰ তেজত আছে। জাতীয়তাবাদ তেওঁৰ খোজে খোজে লৈ আগবাঢ়ে। কিন্তু কাৰো ওচৰত অনীতিগত কাৰণত আপোচ নকৰে। কৈছিল তেওঁ তেনে এক অভিজ্ঞতাৰ কথা। অইলৰ এক নিযুক্তিত এজন বিশেষ প্ৰাৰ্থীক নিযুক্তি দিবলৈ ক’ব বাবে আহিছিল সশস্ত্ৰ সংগঠনৰ এজন শীৰ্ষ নেতা। কঁকালত পিষ্টল লৈ তেওঁক সাক্ষাৎ কৰি কৈছিল- সেই ল’ৰাজন খুব ভাল। উপযুক্ত সেই চাকৰিৰ বাবে।

সশস্ত্ৰ সংগ্ৰাম এৰি আলোচনাৰ টেবুলত বহা সেই শীৰ্ষ নেতাজনৰ উদ্দেশ্য তেওঁ বুজি পাইছিল। তেওঁক কৰা এই অনুৰোধৰ পাছতে শীৰ্ষ নেতাজনৰ ফালে হাত আগবঢ়াই তেওঁ কৈছিল- কংগ্ৰেছুলেশ্যন! শীৰ্ষ নেতাজনে ভাবি লৈছিল তেওঁৰ কাম হৈ গৈছে। তথাপিও সুধিছিল- কিহৰ বাবে এই কংগ্ৰেছুলেশ্যন?  কৰমৰ্দন কৰি অশোক দাসে সেই শীৰ্ষ নেতাজনক উত্তৰ দিছিল- আপুনিয়েই কৈছে আপোনাৰ প্ৰাৰ্থীগৰাকী দক্ষ আৰু অভিজ্ঞ। তেনে এজন উপযুক্ত প্ৰাৰ্থীয়ে আপুনি অনুৰোধ নকৰিলেও নিজৰ যোগ্যতাৰ বলত চাকৰিটো পাই যাব। ‘

এনে উত্তৰ পাই শীৰ্ষ নেতাজন নিৰ্বাক হৈ উভতি গৈছিল। তেওঁ ফৰমাইচ কৰা প্ৰাৰ্থীজনে চাকৰিটো নাপালে। কিন্তু দ্বিতীয়বাৰ তেওঁক সেই সশস্ত্ৰ সংগঠনৰ শীৰ্ষ নেতাজনে অনুৰোধ কৰাৰ সাহস গোটাব নোৱাৰিছিল।  এইবোৰ কথা তেওঁ নিজ মুখে কোৱা। এনে অভিজ্ঞতা তেওঁৰ আছে। স্থানীয় দল-সংগঠনসমুহৰ হেচাঁ থাকে নিযুক্তিৰ সময়ত। তাৰ বাবেও তেওঁ সবল যুক্তি দাঙি ধৰে।

পেগু, দলে, ৰাভা, শইকীয়া, গগৈ উপাধিৰ সকলে চাকৰি পালে স্থানীয় লোকক উপেক্ষিত কৰা বুলি প্ৰশ্ন তুলিলে তেওঁ উত্তৰ দিয়ে- এইসকল কি অসমৰ নহয় নেকি? কেনেকৈ আপোনালোকে ক’ব পাৰে তেওঁলোক স্থানীয় নহয় বুলি।

তেওঁ ভাল ফুটবল খেলিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ ফুটবল দলকো তেওঁ প্ৰতিনিধিত্ব কৰিছিল। নাটক বলীয়া আছিল তেওঁ। কটনত অধ্যয়ন কৰি থাকোতে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল। আন্তঃবিশ্ববিদ্যালয় প্ৰতিযোগিতাত তেওঁৰ নেতৃত্বত যোৱা দল দেশৰ ভিতৰতে শ্ৰেষ্ঠ হৈছিল।

সেইবাৰ বহিঃৰাজ্যত এই প্ৰতিযোগিতা হৈছিল। নাটকৰ কোনো স্ক্ৰীপ্ট নাছিল। নাটকৰ এখন চিনপচিছ(Synopsis) তৈয়াৰ কৰি যোগ দিছিল সেই প্ৰতিযোগিতাত। তালৈ গৈ স্থানীয় সংগীত সংযোজন কৰি নাটক সংলাপ ঠিক কৰিছিল। নিলিখাকৈয়ে মঞ্চস্থ কৰিছিল সেই নাটক।

পুৰস্কাৰ লাভ কৰাৰ পাছত যেতিয়া অসমলৈ ঘূৰি আহি বহুলোকে সেই নাটকখন অসমত মঞ্চস্থ কৰিবলৈ কৈছিল, তেতিয়াহে নাটকৰ এই আঁৰৰ কাহিনী পোহৰলৈ আহিছিল। এনে প্ৰতিভাধাৰী এই শীৰ্ষ বিষয়াগৰাকীৰ জীৱনৰ গতি নাটকীয়ভাৱে সলনি হৈছিল।

কটনৰ পৰা গ্ৰেজুৱেশ্যন লৈছিল তেওঁ ৰাজনীতি বিজ্ঞানত। কি কৰিম নকৰিমকৈ থাকোতে লগৰ এজন বন্ধুৱে তেওঁক অনুৰোধ কৰিছিল এটা প্ৰৱেশ পৰীক্ষাত বহিবলৈ। সংগী হিচাপে তেওঁৰ লগত এই পৰীক্ষাত অৱৰ্তীণ হোৱাটো বিচাৰিছিল বন্ধুজনে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা নতুন পাঠ্যক্ৰম আছিল এম বি এ। অশোক দাসেও নিজে নাজানিছিল এই পাঠ্যক্ৰমৰ বিষয়ে। বন্ধুৰ অনুৰোধ ৰক্ষা কৰি প্ৰৱেশ পৰীক্ষাত বহিছিল। পৰীক্ষাৰ ফলাফল ওলাল। প্ৰস্তুতি চলাই যোৱা বন্ধুজন ফেইল যদিও তেওঁ উত্তীৰ্ণ হ’ল।

গ্ৰুপ ডিচকাশ্যনত দিয়া বিষয়টো সবল যুক্তিৰে তেওঁ তুলি ধৰিছিল। স্থান পাইছিল গুৱাহাটী বিশ্ববিদ্যালয় এম বি এৰ পাঠ্যক্ৰমত। পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাই নাছিল, প্ৰথম বছৰত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে অনুষ্ঠিত হৈছিল কেম্পাছ ইন্টাৰভিউ। সেই ইন্টাৰভিউতে তেওঁ নিৰ্বাচিত হৈছিল অইলৰ এক্সুকিটিভ পদৰ বাবে।  ১৯৮৯চনৰ কথা আছিল এয়া।

এম বি এৰ মূল পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ যোগ দিছিল অইলত। তাৰ পাছত আজি এই শীৰ্ষ পদত অশোক দাস। ৩১ডিচেম্বৰ ২০২৪ৰ লৈকে তেওঁ থাকিব এই পদবীত। তেওঁৰ ৰাপ আছিল আন কিছু কামত। পঢ়ি থাকোতেই তেওঁ সেই অসমৰ অসমৰ এজন জনপ্ৰিয় আলোচনী প্ৰান্তিকত কাম কৰিছিল। তেতিয়া আজিৰ দৰে কম্পিউটাৰত কাকত-আলোচনী লে-আউট কৰা নহৈছিল। হাতেৰে সেই কাম কৰিব লাগিছিল কেচিঁ, টেপ লৈ।

প্ৰান্তিকৰ মূখ্য লে-আউট আৰ্টিষ্টজনক সহায় কৰিবলৈ প্ৰয়োজন হৈছিল এজন সহকাৰীৰ। সেই কামতে তেওঁ নিয়োজিত হৈছিল। লে-আউট কৰোতে পৃষ্ঠাবোৰৰ চুকত খালী ঠাই থাকিলে সেয়া ভৰ্তি কৰিবলৈ প্ৰয়োজন হোৱা লেখা, টোকা আদি ভৱেন্দ্ৰ নাথ শইকীয়া, হীৰেন ভট্টই প্ৰস্তুত কৰি দিছিল।

মুখ্য লে-আউট আৰ্টিষ্টজন গুচি যোৱাত এই কামৰ দায়িত্ব তেওঁ অকলেই ল’ব লগা হৈছিল। বুজাই দিছিল সকলো কথা তেতিয়াৰ প্ৰান্তিক মুখ্য সম্পাদক ভৱেন্দ্ৰ নাথ শইকীয়াই। প্ৰায় তিনিবছৰ এই কাম তেওঁ কৰিছিল।  এই কথা বহুতে নাজানে এতিয়া। অশোক দাসে সেই অভিজ্ঞতা বৰ্ণনা দি নষ্টাল’জিক হৈ পৰিছিল।  মনত পেলাইছিল সেই পুৰণি সময়বোৰৰ কথা।

এজন সাংবাদিকৰ বাইক লৈ গৈছিল দুলীয়াজানত চাকৰিত যোগদান কৰিবলৈ। বহু কথা ব্যস্ততাৰ বাবে তেওঁৰ নহ’ল কোৱা। কিন্তু যিখিনি কথা তেওঁ হিয়া উজাৰি ক’লে, তাতেই আছিল তেওঁৰ বিচিত্ৰ জীৱনৰ বহু মুহূৰ্তৰ সমাহাৰ।

মূৰ দাঙি থিয় হৈ থাকিব খোজে তেওঁ। বৰ্তমান নিয়োজিত কোম্পানীটোত পাৰৰ্ফমেন্স মেনেজমেন্ট, কমপেনছেনন মেনেজমেন্ট, এমপ্ল’ই ৰিলেশ্যন আদিত তেওঁ বহু পৰিৱৰ্তন আনিছে। দক্ষতা আৰু সততাৰে অইলৰ বিষয়া-কৰ্মচাৰীৰ হৃদয় জিনিছে। পাহৰি যোৱা নাই সোণালী অতীত। ফুটবল, নাটক, প্ৰান্তিক আদি এতিয়া তেওঁৰ বাবে ভাল লগা স্মৃতি...

‘প্ৰান্তিক’ৰ লে-আউট আৰ্টিষ্টজন এতিয়া অইলৰ সঞ্চালক...
গোৱাৰ পৰা জিতু, নন্দিনীৰ কাহিনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in