গোৱাৰ পৰা জিতু, নন্দিনীৰ কাহিনী...

গোৱাৰ পৰা জিতু, নন্দিনীৰ কাহিনী...
গোৱাৰ পৰা জিতু, নন্দিনীৰ কাহিনী...

আজিৰ পৰা চাৰি বছৰ আগৰ কথা। পুৱা- আবেলি ওলাই গৈছিল তেওঁ। চাইকেলখনত আছিল মাছ থোৱা এটা বাচন আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ। মাছৰ ব্যৱসায় তেওঁৰ বেয়া চলা নাছিল। নিয়মীয়া গ্ৰাহকো আছিল বহুকেইজন।

স্থানীয় দিখৌ নৈৰ মিঠা মাছবোৰ গ্ৰাহকৰ হাতত তুলি দি পোৱা টকা কেইটাৰে তেওঁৰ সংসাৰখন ঠিকেই চলি আছিল। কৰোনাই বিধ্বস্ত কৰা জীৱনে আন বহুতৰ লগতে তেওঁৰ ব্যৱসায়কো বিধ্বস্ত কৰি পেলালে।

ঘৰ চলাবলৈ টান হ'ল। ভাত মুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হ'ল। ডিঙিলৈকে ধাৰত পোত গ'ল। কৰোনা আহিল, গ'ল। সময়বোৰহে স্বাভাৱিক নহ'ল। কি কৰিম, নকৰিম কৈ তেওঁ গুছি গ'ল গোৱাত কৰ্ম সূত্ৰে থকা ভাতৃৰ কাষলৈ।

প্ৰায় ৩ মাহ। গোৱাৰ বহু ঠাই ঘূৰিলে, চালে। কিন্তু জীৱনৰ আওল লগা অংকৰ উত্তৰহে নাপালে। ঘৰলৈ ঘূৰি আহিব লৈছিল তেওঁ। ভায়েকে ক'লে ঘৰত গৈনো তই কি কৰিবি? চাচোন ইয়াতে কাম এটা যদি ক'ৰবাত পাৱ!

আকৌ কামৰ সন্ধানত গোৱাৰ অলিয়ে-গলিয়ে ঘূৰিলে তেওঁ। পৰ্যটনৰ বিপুল সম্ভাৱনাই ভৰি থকা গোৱাত বিচাৰিলে কামৰ অভাৱ নাই। স্থানীয় মানুহবোৰ বৰ মৰমিয়াল। দেশ-বিদেশৰ পৰা অহা পৰ্যটকসকলে সেই মৰম আৰু বিশ্বাসকলৈয়ে প্ৰাণ খুলি অৱসৰ বিনোদনৰ বাবে আহে।

গোৱাৰ সাগাৰৰ পাৰত বহি উপভোগ কৰে নিজৰ সময়। কোনে, কি কৰিছে চাবলৈ কাৰ আহৰি? যাৰ যি ইচ্ছা, সেয়া কৰাত কোনো বাধা নাই। মাজ নিশালৈকে জীৱনৰ ছন্দ বিচাৰি পাই এই গোৱাতেই।

শিৱসাগৰৰ লাকুৱা লাখমণি ঘাটৰ পৰা যোৱা জিতু দাসে এটা চাকৰি পাই গ'ল। ব্যক্তিগত নিৰাপত্তা প্ৰতিষ্ঠান এটাত নাম পঞ্জিয়ন কৰিছিল। সেই প্ৰতিষ্ঠানটোৱেই তেওঁক নিয়োজিত কৰিলে নিৰাপত্তাৰক্ষী হিচাপে গোৱাৰ এখন বিখ্যাত ৰেষ্টুৰেণ্টত।

ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আহিলে তাতেই খাই আহাৰ। বলিউডৰ বহু তাৰকাই গোৱালৈ বুলি বাট বুলিলে অন্যতম ঠিকনা হয় সেই ৰেষ্টুৰেণ্ট। জিতু দাসৰ দায়িত্ব পৰিলে সেই ৰেষ্টুৰেণ্টৰ পাৰ্কিঙত।

দৰমহা বৰ বেছি নাছিল। মাত্ৰ ৮ হাজাৰ টকা। কিন্তু মাহেকত গৈ উপাৰ্জন ৩০ ৰ পৰা ৩৫ হাজাৰৰ কম নহয়গৈ। দামী ৰেষ্টুৰেণ্টৰ গ্ৰাহক হোৱা বিলাসী মানুহবোৰে আহাৰ খাই উভতোঁতে মৰমতে তাক 'টিপছ' দি যায়।

দিনটোত কেতিয়াবা সেই টিপছেই হাজাৰ, বাৰশ হয়গৈ। সময় তেতিয়া পুৱা ৫ বাজিছিল। জিতু দাসে কৈ গৈছিল জীৱনৰ কাহিনী। সেই ৰেষ্টুৰেণ্টখনৰ চাকৰি এৰি গোৱাৰ সাগাৰৰ পাৰত থকা লঙ্গীৱা ব্ৰীজ ৰিজ'ৰ্টত এতিয়া কৰ্মৰত জিতু। কলোৱাত থকা চাৰি তাৰকা যুক্ত এই ব্ৰীজ ৰিজ'ৰ্টৰ আলহী হোৱাৰ সুযোগ পাইছিলো বিশেষ এক অনুষ্ঠানৰ বাবে গোৱালৈ যোৱাৰ সূত্ৰে।

শক্তিখণ্ডৰ ভৱিষ্যত আৰু সামগ্ৰীক বিকাশক লৈ ভাৰত চৰকাৰৰ শক্তিমন্ত্ৰণালয়ে আয়োজন কৰা 'ইণ্ডিয়া এনাৰ্জী উইক'ৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছিল গোৱাত। ৬ ফেব্ৰুৱাৰী ২০২৪ ৰ পৰা ৯ ফেব্ৰুৱাৰী ২০২৪ লৈ অনুষ্ঠিত হোৱা এই শক্তি সপ্তাহলৈ আহিছিল দেশ, বিদেশৰ অতিথি।

সেই ব্ৰীজ ৰিজ'ৰ্টখনতো বিভিন্ন প্ৰান্তৰ পৰা যোৱা অতিথিক থাকিবলৈ দিয়া হৈছিল। শক্তি সপ্তাহৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ পৰা আহি ৰিজ'ৰ্টখনৰ মূল গে'টলৈ যাওঁতে গে'টখনৰ ৰখীয়া হৈ থকা নিৰাপত্তাৰক্ষীজনক সুধিছিলো- ৰিজ'ৰ্টখনৰ কাষতে থকা সাগৰৰ পাৰলৈ কোন বাটে যাব পাৰি?

হিন্দীতে উত্তৰ দিছিল নিৰাপত্তাৰক্ষী জনে। তাৰ পাছতে হঠাৎ সুধা হৈছিল তেওঁৰ ঘৰ ক'ত? কৈছিল অসমত। আগ্ৰহ বাঢ়িছিল নিৰাপত্তাৰক্ষীজনৰ প্ৰতি। সেইদিনা সেই তাতেই সমাপ্ত পৰিছিল আমাৰ কথা-পৰ্ব।

পিছদিনা পুৱা এন্ধাৰ হৈ থাঁকোতেই উঠি লবীৰ চকী এখনত বহি থাঁকোতে তেওঁ হাতত এটা পানীৰ বটল লৈ কাষ চাপি আহিছিল। সুধিছিলহি- ''ইমান সোনকালে উঠিলে যে? অসমৰ দৰে ইয়াত নহয় ইমান সোনকালে পুৱা। মই আপুনি খোজ কাঢ়ি আহি থাঁকোতেই অনুমান কৰিছিলো আমাৰ তাৰেই কোনোবা উঠিছে ইমান সোনকালে।''

এনেকৈয়ে সেই লবীতেই বহি কথা পাতিছিলো জিতু দাসৰ সৈতে। কৈ গৈছিল গোৱা গমনৰ কাহিনী। এই ৰিজ'ৰ্টখনত কাম কৰি তেওঁৰ বেয়া লগা নাই। সপ্তাহত এদিন 'অফ' দৰমহাও যথেষ্ট ভাল। খালী ১২ ঘণ্টা ডিউটি কৰিব লাগে।

পৰিয়ালকো লৈ আহিল এদিন গোৱালৈ। একমাত্ৰ সন্তানক এতিয়া গোৱাতে ৰাখি পঢ়ুৱাইছে। এইবাৰ মাঘৰ বিহুত ঘৰলৈ যাব নোৱাৰিলে। গোৱাৰ পৰাই পৰিয়াল, স্বজন, মাক, দেউতাকলৈ বিহুৰ উপহাৰ পঠিয়াইছে।

গোৱা এতিয়া তেওঁৰ নখ দৰ্পনত। কলে সেই ৰিজ'ৰ্টখনতেই আছে আমাৰ তাৰেই নন্দিনী। কৈছিল নন্দিনীৰ কাহিনীও। ৰিজ'ৰ্টখনৰ সেউজীয়া লনখন পাৰহৈ এখন সৰু গে'ট আছে। সেই গে'টেৰেই যাব পাৰি সাগৰৰ পাৰলৈ।

গে'টখনতে থাকে নন্দিনী। পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ তাতেই তাইৰ ডিউটি। প্ৰথমে নন্দিনীয়ে গোৱাৰে চকলেট বনোৱা কোম্পানী এটাত পেকেজিঙৰ কাম কৰিছিল। লগ পাইছিলো নন্দিনীকো।

মৰম লগা ধুনীয়া ছোৱালীজনীৰ ব্যৱহাৰ আৰু ব্যক্তিত্ব উমান পাব পাৰি। নন্দিনীৰ কাহিনীও তাইৰ মুখৰ পৰা লগতে জিতুৰ পৰাও শুনিছিলো। গোৱাৰ স্থানীয় এক ধনী পৰিয়ালৰ বিশ্বাসী লোক নন্দিনীৰ স্বামী।

সম্ভৱতঃ ১৩ নে ১৪ বছৰ হ'ল গোৱাত তেওঁৰ। ধনী ব্যক্তিজন থাকে বিদেশত। সেই বিশাল ঘৰ, দুৱাৰৰ ৰখিয়া বিশ্বাসী এজন অসমীয়া। তেওঁলোকৰ ঘৰৰ এটা অংশতে থাকে নন্দিনী আৰু তেওঁৰ স্বামী।

ঘৰ-দুৱাৰৰ ভাড়া সংগ্ৰহ কৰি পঠাই দিয়ে মানুহজনলৈ। অসমৰ পৰা গৈ গোৱাত সেই বিশ্বাস অৰ্জন কৰাটো কম কথা নহয়। জিতুক সুধিছিলো কিমান অসমীয়া ল'ৰা-ছোৱালী আছে ইয়াত?

জিতুৱে কৈছিল কিমান আছে হিচাপ নাই। গোৱা 'কেচিনো'ৰ বাবে বিখ্যাত। সেই কেচিনোবোৰতো হেনো নিয়োজিত হৈ আছে বহু অসমীয়া যুৱক-যুৱতী। তথাপিও হিচাপ এটা বিচাৰিছিলো জিতুৰ পৰা।

সুধিছিলো অনুমানত কোৱাচোন কিমান অসমীয়া যুৱক-যুৱতী থাকিব পাৰে গোৱাত? জিতুৱৈ কৈছিল ছাউথ গোৱাত বহুত আছে। নৰ্থ গোৱাত খোজে প্ৰতি পাব অসমীয়া ল'ৰা-ছোৱালী।

জিতুৰ প্ৰমাণ পাইছিলো আন এক অভিজ্ঞতাত। আমাক ৰিজ'ৰ্টখনৰ পৰা এনাৰ্জী উইকৰ স্থানলৈ লৈ যোৱা ইন'ভাখনৰ চালকজনৰ নাম চুলতান। বন্ধুত্বসুলভ ব্যৱহাৰেৰে চুলতানৰ পৰা জানিবলৈ বিচাৰিছিলো গোৱাৰ কথাবোৰ।

চুলতানে কৈছিল গোৱাৰ সৰু সৰু কাহিনীবোৰ। তেওঁক এবাৰ অসমলৈ আহিবলৈ কওঁতে চুলতানে কৈ পেলাইছিল মোৰ এজন বন্ধু আছে। তেওঁৰ লগতেই যাম এবাৰ অসমলৈ। কৈছিল সেই বন্ধুজনৰ ঘৰ কোকৰাঝাৰত।

১০ বছৰ ধৰি গোৱাত গাড়ী চলাই আছে। তেওঁতকৈ বেছি গোৱাৰ কথা জানে হেনো সেই অসমীয়া চালকজনে। মানুহে বহু ভাল পাই তেওঁক। ইমান সৎ আৰু অমায়িক ল'ৰা মই দেখা নাই। সুৰা, চিগাৰেট একোৱেই নাখায়।এবাৰ তেওঁৰ সৈতে গোৱা ফুৰা মানুহে দ্বিতীয়বাৰ তেওঁকেই বিচাৰে।

ভাল লাগি গৈছিল এই কথাবোৰ। জিতুৱে অনুমানিক হিচাপ এটাও দিছিল। তাৰ মতে ১৪-১৫ হাজাৰৰ কম নহ'ব গোৱাত কৰ্মসূত্ৰে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানত থকা অসমীয়াৰ সংখ্যা।

বহুতক এতিয়া অসমীয়া বুলি ধৰিবই নোৱাৰি। ইমান সুন্দৰকৈ স্থানীয় ভাষা ক'ব পাৰে ভাবি আচৰিত লাগে। তেওঁ হেনো শিকিছে স্থানীয় গোৱাৰ ভাষা। গোৱাৰ পৰ্যটন খণ্ডলৈ এইসকল অসমীয়াৰ আছে বহু অৱদান।

অসমত পৰ্যটন খণ্ডৰ এনে বিকাশ হোৱা হ'লে সেইসকল অভিজ্ঞ অসমীয়াই কাম বিচাৰি যাব নালাগিল হয় গোৱালৈ। জীৱনে বহু শিকালে জিতুক। মোহ এৰিব পৰা নাই অসমীয়া আহাৰৰ জুঁতি।

মনত পৰে গাঁৱৰ সেই মধুৰ সময়বোৰলৈ। কৈছিল- ''কৰোনাই মোক শেষ কৰি গ'ল। সেই ধাৰ মই আজিও মাৰি আছো। হাতত কেইটমান টকা হলে মই ঘূৰি যাম ঘৰলৈ। আৰম্ভ কৰিম আকৌ তাতেই কিবা এটা ব্যৱসায়। মা-দেউতাৰো বয়স হৈ আহিছে। তেওঁলোককো লাগে এজন সাৰথি।'' এইয়া গোৱাত থকা এজন অসমীয়াৰ কাহিনী। গোৱা ভ্ৰমণত বহু অভিজ্ঞতা হ'ল। কিন্তু জিতু, নন্দিনীহতৰ এই অভিজ্ঞতা এক প্ৰাপ্তি হৈ ৰ'ল।

গোৱাৰ পৰা জিতু, নন্দিনীৰ কাহিনী...
চৰকাৰৰ হাতত আপোনাৰ 'ব্যক্তিগত অধিকাৰ' !

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in