ৰাশিকা প্ৰথম হোৱাত আপত্তি কিয়?

ৰাশিকা প্ৰথম হোৱাত আপত্তি কিয়?

চিইই-২০২২ ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ওলাল। ১৭ জানুৱাৰী ২০২৪ ত অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা এই পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে। যিসকলে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ বন্ধু-বান্ধৱ, পৰিয়াল-স্বজনৰ মাজত আনন্দৰ বন্যা বৈছে।

প্ৰতিযোগিতামূলক এই পৰীক্ষাত উত্তীৰ্ণ হৈ নতুন কৰ্মজীৱনৰ বাবে নিৰ্বাচিত হোৱা সকলক সকলোৱে অভিনন্দনৰে উপচাই পেলাইছে। এপিএছপি এই সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাক লৈ বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে।

ৰাকেশ পাল, তাৰা প্ৰসাদ দাস বাহিনীয়ে এপিএছচিক মুকলি বজাৰ কৰি পেলাইছে। সেই জাবৰ-জোথৰ এতিয়াও অসমৰ আমোলাতন্ত্ৰৰ ব্যৱস্থাৰ পৰা আঁতৰ কৰাতো সম্ভৱ হোৱা নাই।

তেনে সময়তে যিমান পাৰি নিকাভাৱে উপযুক্ত প্ৰাৰ্থীক এপিএছচিকে নিৰ্বাচিত কৰাৰ প্ৰয়াসক সকলোৱে আদৰণি জনোৱাতোৱেই স্বাভাৱিক। টকা নহ'লে এচিএছ, এপিএছ নাপাই বুলি মানুহৰ মনত গঢ়া লৈ উঠা ধাৰণাৰ বহুখিনি এতিয়া আঁতৰিছে।

এইবাৰ মুঠ ৯১৩ গৰাকী প্ৰাৰ্থীক নিযুক্তিৰ বাবে বাচনি কৰা হৈছে। ঘোষণা কৰা ফলাফল অনুসৰি ৮৬ গৰাকীক এচিএছ, ৬৫ গৰাকীক এপিএছ, ২০ গৰাকীক অসম বিত্ত সেৱাৰ বাবে বাছনিত উঠিছে। ইয়াৰোপৰি অসম অডিট সেৱাৰ বাবে ৭৭ গৰাকীক, ১০৩ গৰাকী অসম নগৰ প্ৰশাসনিক বিষয়া, ৪১৫ গৰাকী সহকাৰী একাউন্টছ অফিচাৰৰ বাবে বাছনিভুক্ত হৈছে।

এই পৰীক্ষাত প্ৰথম হৈ উজলিল ৰাশিকা ইছলাম নামৰ এগৰাকী মেধাৱী ছাত্ৰী। এচিএছ ৰ বাবে নিৰ্বাচিত ৰাশিকাৰ ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ মাটিয়াবাগত। ২০২১ বৰ্ষতো সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৰাশিকা। সেইবাৰ অৱশ্যে কৰ পৰিদৰ্শক হিচাপে চাকৰিত যোগদান কৰিছিল তেওঁ।

ধুবুৰীতেই কৰ অধীক্ষকৰ কাৰ্যালয়ত বৰ্তমান কৰ্মৰত ৰাশিকা ইছলাম। দ্বিতীয়বাৰ পৰীক্ষা দি এই সফলতা অৰ্জন কৰা ৰাশিকাৰ পিতৃ ভাৰতীয় সেনা বাহিনীৰ কৰ্নেল আছিল। তেওঁৰ পিতৃ চাইদুল ইছলামে সেনাৰ চাকিৰৰ পৰা স্বেচ্ছাই অৱসৰ লৈ মাটিয়াবাগতে থাকে।

বহুতে ৰাশিকা ইছমালে প্ৰথম স্থান লাভ কৰাত বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিশেষকৈ সামাজিক মাধ্যমত ৰাশিকাৰ ধৰ্মক লৈ প্ৰশ্ন তুলিছে ৰাশিকাই কেনেদৰে প্ৰথমস্থান লাভ কৰিলে।

মেধাত ধৰ্মৰ স্থান নাথাকে। ধৰ্মীয় দৃষ্টিকোনেৰে মেধাক জোখা নহয়। ৰাশিকাৰ দৰে এগৰাকী মেধাৱী ছাত্ৰী কোন সম্প্ৰদায়ৰ তাক লৈ যিসকলে বিচাৰ বিশ্লেষণ কৰিছে তেওঁলোকে আচলতে অতি সাম্প্ৰদায়িক আৰু ধৰ্মীয় সংকীৰ্ণতাক লৈ ব্য়স্ত।

এনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লাগে। সেই মেধাক আকৌ কিছুমানে দৰিদ্ৰতাৰ সৈতে একাকাৰ কৰি পেলায়। কোন দৰিদ্ৰ ঘৰৰ কৃষকৰ সন্তানে এই ধৰণৰ সফলতা লাভ কৰিছে তাৰ ব্যাপক প্ৰচাৰ আজিৰ তাৰিখত এক সামাজিক ব্যাধিত পৰিণত হৈছে।

মুছলমান হ'লে কি প্ৰথমস্থান লাভ কৰাৰ অধিকাৰ নাথাকিব নেকি? কৃষকৰ সন্তান কি মেধা হ'ব নোৱাৰে নেকি? সেই মেধাত্বক অস্বীকাৰ কৰি এজন দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ উজলিছে বুলি সামাজিকভাৱে প্ৰচাৰ চলোৱা আঁৰত এক মানসিক পৰিতৃপ্তি লুকাই থাকে বহুতৰ মনত।

সেই সংকীৰ্ণতা আৰু মানসিকতাক যিসকলে এৰিব নোৱাৰে তেওঁলোকৰ বাবে ৰাশিকা ইছলামৰ এই সফলতা ইৰ্ষাৰ কাৰণ হ'ব পাৰে। এটা দৰিদ্ৰ কৃষকৰ পৰিয়ালৰ সন্তানৰ সফলতাক দৰিদ্ৰতাক অগ্ৰাধিকৰা দি প্ৰকাশ কৰা চেতনাত কোনো সামাজিক দায়বদ্ধ লুকাই নাথাকে।

যিসকলে এই সফলতা লাভ কৰিছে, পৰৱৰ্তী প্ৰশাসনীয় ব্যৱস্থাৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হৈছে তেখেতসকলৰ কৰ্মই এক স্বচ্ছ আৰু সবল প্ৰশাসনীয় বুনিয়াদ গঢ়ি তোলক।

মানৱ সেৱাৰ প্ৰতি তেওঁলোক দায়বদ্ধ হওক। কিছুদিনৰ পূৰ্বে অসম প্ৰশাসনিক মহাবিদ্যালয়ত এই সেৱাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক শিক্ষা প্ৰদান কৰা এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ সৈতে কথা হৈছিল। দক্ষ এইগৰাকী প্ৰাক্তন আইএছ বিষয়াক তেওঁৰ চাকৰিকাল আৰু বৰ্তমানৰ অভিজ্ঞতাৰ আধাৰত এক প্ৰশ্ন সোধা হৈছিল।

সোধা হৈছিল- পূৰ্বৰ প্ৰশাসনিক বিষয়া আৰু বৰ্তমানৰ প্ৰশাসনিক বিষয়াসকলৰ মাজত মূলত কি পাৰ্থক্য তেওঁ দেখা পায়। এই বিষয়াগৰাকীয়ে সেই দিনা দিয়া উত্তৰটো আজি মনত পৰিছে। তেওঁ কৈছিল- ''পূৰ্বৰ তুলনাত আজি প্ৰশাসনীয় বিষয়াসকল প্ৰায় সকলোফালৰ পৰা দক্ষ। তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ তেওঁলোকে খুব ভালদৰে কৰিব জানে।

এজন স্মাৰ্ট বিষয়া হিচাপে থাকিব লগা গুণবোৰ আছে। কিন্তু কিছু ব্যৱহাৰিক জ্ঞান আৰু থাওকতে ল'ব লগা সিদ্ধান্তৰ ক্ষেত্ৰত নতুন বিষয়াসকল বিমোৰত পৰে। যাৰ বাবে প্ৰেক্টিকেলী ল'ব লগা বহু সিদ্ধান্তৰ বাবে তলৰ কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হয়। কিন্তু আগৰ বিষয়াসকলে সীমিত সা-সুবিধা পাইছিল যদিও তেওঁলোকৰ ব্যৱহাৰিক জ্ঞান যথেষ্ঠ আছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ল'ব লগা সিদ্ধান্ত বিচক্ষণতাৰে ল'ব পাৰিছিল''।

বিষয়াজনে ইয়াকো কৈছিল ''তেতিয়া আজিৰ দৰে মেৰপাক নাছিল। ৰাজনৈতিক ক্ষমতাৰে বিষয়াজনৰ ক্ষমতাক গিলি পেলাব নোৱাৰিছিল। কিন্তু এতিয়া প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষাভাৱে হ'লেও বিষয়াসকল এনে এক অদৃশ্য হাতৰ পুতলা হৈ পৰিছে। ডিচি, এছপি এতিয়া হয় চাৰত পৰিণত হৈছে''।

এইবোৰ দিশত এক সংস্কাৰ হওক। নতুন উদ্যমতাৰে সেই প্ৰতিবন্ধকতা এই সকল আমোলাতান্ত্ৰিক বিষয়াৰ জৰিয়তে দূৰ কৰাৰ বাবে এক পৰিবেশ ৰচনা হওক। অভিনন্দন সকলোকে।

ৰাশিকা প্ৰথম হোৱাত আপত্তি কিয়?
আঁৰত কোন?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in