আঁৰত কোন?

আঁৰত কোন?

যুদ্ধ কাৰো কাম্য নহয়! সকলোৱে সুখে শান্তিৰে জীয়াই থাকিব বিচাৰে। কিন্তু এতিয়া যেন ঘূনীয়া হৈ পৰিছে পৃথিৱী। প্ৰতিটো প্ৰান্তৰ পৰা কেৱল খবৰ আহে হিংসা, বিদ্বেষ, হত্যা, দুৰ্নীতি আদিৰ।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ চলিয়েই আছে। গাজা আৰু ইজৰাইলৰ মাজৰ বিবাদে আন এক পৰ্যায় পাইছেগৈ। এই যুদ্ধৰ ফলত কাৰো একো লাভ হোৱা নাই। কেৱল ক্ষতি হৈছে। এটা পৰিয়াল, এখন ৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বৰ।

ইয়াৰ মাজত যেন আমাৰে চুবুৰীয়া ৰাষ্ট্ৰত উকমুকনি চলিছে যুদ্ধৰ। মঙলবাৰে মিছাইল আৰু ড্ৰোনেৰে পাকিস্তানত আক্ৰমণ চলাই ইৰানে। লক্ষ্য পাকিস্তান নহয়, লক্ষ্য আছিল সন্ত্ৰাসবাদ।

সন্ত্ৰাসবাদৰ কথা ক'লে পাকিস্তানৰ যেন নাম আহিবই। সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থল পাকিস্তান বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে। ৰাষ্ট্ৰখনে বিভিন্ন সময়ত বহু অপৰাধমূলক কাম কৰি আহিছে যাৰ বাবে বহু ৰাষ্ট্ৰৰ লগত সম্পৰ্ক ভাল নহয়।

পাকিস্তানত কেইবাটাও সন্ত্ৰাসবাদী সংগঠনে নিজৰ ঘাটী স্থাপন কৰা বুলি অভিযোগ আহিছে। বহু সন্ত্ৰাসবাদী পাকিস্তানৰ মাটিত হত্যাৰ বলিও হৈছে। এই সকলোবোৰৰ মাজতে পাকিস্তানৰ সকলোতকৈ ডাঙৰ প্ৰদেশ বেলুচিস্তানত থকা জৈছ-আল-আদলৰ ঘাটি ধ্বংস কৰে ইৰানৰ ইলিট ৰিভলিউচনেৰী গাৰ্ডে।

এই আক্ৰমণৰ পাছতেই সন্ত্ৰাসবাদী সংগঠনটোৱে এক বিবৃতি জাৰি কৰি কৈছে যে ইৰানে বলুচিস্তানত থকা তেওঁলোকৰ ঘাটীত আক্ৰমণ চলাইছে। যাৰ ফলত দুটা শিশু নিহত হোৱাৰ লগতে আন ৩ জন আহত হৈছে।

আনহাতে এই ক্ষেত্ৰত পাকিস্তানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ইৰানৰ আক্ৰমণত সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। আকাশ মাৰ্গৰ পৰিসৰৰ সীমা উলংঘন কৰা গ্ৰহণযোগ্য নহয়। লগতে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব বুলি পাকিস্তানে ইজৰাইলক সকীয়াই দিয়ে।

সন্ত্ৰাসবাদী সংগঠনটোৰ বিবৃতিয়ে যেন বহু কথা উন্মোচন কৰিছে। যদিহে ইৰানৰ আক্ৰমণত তেওঁলোকৰ মানুহৰ মৃত্যু হৈছে তেন্তে পাকিস্তানত জেইচ-আল-অদলৰ ঘাটী থকা সঁচা? যদিহে এনে ঘাটী আছে ইয়াত সমৰ্থন আছে পাকিস্তানৰ?

সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থললৈ পৰ্যবসিত হৈছে পাকিস্তান। ৰাষ্ট্ৰখনত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ ট্ৰেইনিং কেম্প আছে। জানিব পৰা মতে জেইচ-অল-অদলৰ ঘাটী বেলুচিস্তানৰ পৰা ১২২ কিলোমিটাৰ দূৰত পাকিস্তানৰ সীমাত আছে।

এই সন্ত্ৰাসবাদী সংগঠনটোৱে ইৰানৰ ওপৰত বিভিন্ন সময়ত আক্ৰমণ চলাই আহিছে।ইয়াৰ উত্তৰ শেহতীয়াকৈ ইৰানে দিলে। এই আক্ৰমণৰ পাছত পাকিস্তানৰ আন এক ৰূপো ওলাই পৰিছে। পাকিস্তানে নিজকে বিশ্বৰ শক্তিশালী দেশসমূহৰ ভিতৰত এখন বুলি গৌৰৱ কৰে। কিন্তু ইৰাণৰ শেহতীয়া বিমান আক্ৰমণে পুনৰ প্ৰমাণ কৰি দিলে যে নিৰাপত্তাৰ দিশত পাকিস্তানৰ ভূমিকা শূণ্য।

কেৱল ইৰানেই নহয়। বিশ্বৰ বহু দেশে পাকিস্তানৰ সীমাত প্ৰৱেশ কৰি সন্ত্ৰসবাদীৰ ওপৰত আক্ৰমণ চলাইছিল। ২০১১ চনৰ ১ মে'ত আমেৰিকাই পাকিস্তানৰ সীমাত প্ৰৱেশ কৰি ওচামা বিন লাডেনক হত্যা কৰিছিল। ভাৰতীয় বায়ু সেনাই সেনাক কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দি কৰিছিল চাৰ্জিকেল ষ্ট্ৰাইক। মুঠতে পাকিস্তানৰ নিৰাপত্তাৰ দিশটো যে ইমান শক্তিশালী নহয় সেয়া প্ৰমাণ হৈ আহিছে বহু সময়ত।

আনহাতে পাকিস্তানত চলা এই আক্ৰমণত পুনৰ নাম আহিছে ভাৰতৰ। কাৰণ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰ। দুদিনীয়া ভ্ৰমণ সূচীৰে ইৰাণত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে সোমবাৰে সাক্ষাৎ কৰিছিল ইৰানৰ ৰাষ্ট্ৰপতি ডা০ ইব্ৰাহিন ৰচইৰক। ইয়াৰ প্ৰায় ২৪ ঘন্টাৰ ভিতৰতে পাকিস্তানত আক্ৰমণ চলাই ইৰানে। এয়া কোনো কাকতলীয়া সংযোগ নে আন কিবা সেয়া ৰহস্যৰ আঁৰত।

সম্ভৱত এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিব পাকিস্তানে।ইতিমধ্যে পাকিস্তানে ইৰানৰ পৰা ৰাষ্ট্ৰদূতক মাতি আনিছে। আনহাতে পাকিস্তানত থকা ইৰানৰ ৰাষ্ট্ৰদূতকো তলব কৰি ঘটনাৰ বিষয়ে ক্ষোভ ব্যক্ত কৰিছে। গতিকে পাকিস্তানে এই ঘটনাৰ প্ৰত্যুত্তৰ কেনেকৈ দিয়ে সেয়া সময়ত হ'ব লক্ষণীয়।

আঁৰত কোন?
অভিনেতা-গায়কৰ 'ৰাজনীতি' চিনেমা উদ্যোগৰ বিপদঘণ্টা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in