বন্দনাঃ মাইকী নে ডাইনী...

মানুহ কিমান নৃশংস হ'লে হত্যা কৰিব পাৰে আপোনজনক। শ্ৰদ্ধা হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই গুৱাহাটীত সংঘটিত এক হত্যাকাণ্ডই জোকাৰি গৈছে দেশ। হত্যা কৰিলে নিজ স্বামী, শাহুৱেকক।
বন্দনাঃ মাইকী নে ডাইনী...

মৃদুল কুমাৰ সন্দিকৈ

১৬ আগষ্ট ২০২২। স্থান-গুৱাহাটীৰ নাৰেংগীৰ এটা ফ্লেট। সংগী আছিল ধনজিৎ নামৰ এজন যুৱক। অতি সন্তৰ্পনে এজন লোকক মূৰত মৰিয়াই হত্যাৰ চেষ্টা চলাইছিল এগৰাকী মহিলাই। নাম তেওঁৰ বন্দনা কলিতা।

যিজন লোকক হত্যাৰ চেষ্টা কৰিছিল তেওঁৰ নাম অমৰজ্যোতি দে'। মহিলা গৰাকীৰ সৈতে সম্বন্ধত স্বামী-স্ত্ৰী। মূৰৰ আঘাটত অমৰজ্যোতিৰ প্ৰাণ নগ'ল। নিষ্ঠুৰ মহিলা গৰাকীয়ে ধনজিৎ কলিতাৰ সহযোগত এক প্ৰকাৰৰ জীৱন্তেই কাটিলে অমৰিজ্যোতিক। হাত-মূৰ কাটি ভৰাই থ'লে ঘৰটোৰ ফ্ৰীজত।

কোনোৱেই একো গ'মেই নাপালে। স্বাভাৱিকভাৱেই দিন পাৰ কৰিলে বন্দনা আৰু ধনজিতে।তাৰ দূদিনৰ পাছত শংকৰী দে' নামৰ মহিলা গৰাকীক ডিঙি চেপি হত্যা কৰিলে আন এক স্থানত।

তৃতীয় দিনা অৰূপ ডেকা নামৰ বন্ধু জনৰ সহযোগত তেওঁ এ এছ ০১ জে চি ৫৭৯৫ নম্বৰৰ একচেন্ট গাড়ীৰে তিনিও ফুৰিবলৈ ওলাই গ'ল শ্বিলং চেৰাপুঞ্জীৰ দিশে। লগত লৈ গ'ল দুটা টোপোলা। এটাত স্বামী অমৰজ্যোতিৰ টুকুৰা কৰা মৃতদেহ আনটোত অমৰজ্যোতিৰ মাতৃ শংকৰী দেৰ নশ্বৰ দেহ।

এবাৰো অনুশোচনা নহ'ল। এটা মৃতদেহ পেলাই দিলে চেৰাপুঞ্জীলৈ যোৱাৰ পথত আনটো মৃতদেহ পেলালে ডাউকী সমীপৰ দ' খাৱৈত। তথ্য প্ৰমাণ নষ্ট কৰিবলৈ ফ্লেটৰ ওপৰৰ ছাদত বহু সামগ্ৰী জ্বলাই দিলে।

প্ৰায় ৭ মাহৰ পূৰ্বে সংঘটিত এই কাণ্ড। কোনোৱে একো ধৰিব নোৱাৰিলে। তাৰ পাছত এই বন্দনা কলিতা নামৰ মহিলা গৰাকী কাষ পালেগৈ আৰক্ষীৰ। হেৰাইছে হেনো তেওঁৰ স্বামী আৰু শাহুৱেক। নুনমাটি থানাত দাখিল কৰিলে নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ।

আৰক্ষীয়ে ক'ত বিচাৰি পাব দুয়োকে। মানুহক দেখুৱাই পূজা পাতিলে বন্দনাই। কিমান নাটক। দিল্লীৰ শ্ৰদ্ধাকাণ্ড এই তুলনাত বহু তলত। ১০ বছৰ পূৰ্বে বন্দনা বিবাহ পাশত আৱদ্ধ হৈছিল অমৰজ্যোতিৰ সৈতে। পৰিয়ালটোত মাক, অমৰজ্যোতি আৰু পত্নী বন্দনা।

সংসাৰ তেওঁলোকৰ সুখৰ আছিল। অমৰজ্যোতিৰ মাকৰ নামত ৫ টা ফ্লেট আছিল। এটা শংকৰী দে অকলে থাকে আন ৪ টা ভাড়াত দি থৈছিল। অৱশ্যে সেই ভাড়া শংকৰী দেৰ ভাতৃ অৰ্থাৎ অমৰজ্যোতিৰ মোমায়েকে লাভ কৰিছিল।

ধনজিৎ নামৰ যুৱকজনৰ সৈতে সু সম্পৰ্ক আছিল বন্দনাৰ। স্বামীৰ সৈতে সম্পত্তিক লৈ আৰু আন পাৰিবাৰিক কাৰণত দুয়োৰে মাজত সংঘাত চলিছিল। বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল দুয়োৰে।

সন্ধান নোলাল বন্দনাৰ স্বামী আৰু শাহুৱেকৰ। তদন্ত চলি আছিল আৰক্ষীৰ। কিন্তু নিজকে বহু চতুৰ বুলি ভৱা বন্দনাই কৰি পেলাইছিল এটা ভুল। দ্বিতীয়খন এজাহাৰ লৈ নুনমাটি থানা আৰক্ষীৰ কাষ চাপিছিল বন্দনা। এইবাৰ অভিযোগ আছিল তেওঁৰ শাহুৱেকৰ নামত থকা ৫ টা বেংক একাউন্টৰ পৰা মোমায়েকে প্ৰায় ৫ লাখ টকা উলিয়াই নিছে।

আৰক্ষীয়ে বেংক একাউন্টৰ লেন দেনৰ তথ্য পৰীক্ষা কৰিলে। এটা একাউন্টৰ পৰা মোমায়েক নহয়, বন্দনাইহে ৫ লাখ টকা উলিয়াইছিল। ১৭ ফেব্ৰুৱাৰী ২০২৩। নুনমাটি আৰক্ষীয়ে আটক কৰিলে বন্দনাক। জেৰা চলিল বন্দনাৰ। প্ৰথমে বন্দনাই মুখ খোলা নাছিল।

তাৰ পাছত আৰক্ষীৰ সন্মুখত মুখ নোখোলাকৈ থাকিব পৰা নাছিল। জেৰা কৰা আৰক্ষীৰে মূৰ ঘূৰাই গৈছিল। বন্দনাই কৈ গৈছিল কাহিনী। চানমাৰী ফ্লেটত শাহু আৰু নাৰেংগী ফ্লেটক শাহুৱেকক হত্যা কৰা সেই কাহিনী শুনি থাকোতে আৰক্ষীৰ এনে লাগিছিল এইজনী মহিলা নে ডাইনী!

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ধনজিৎ আৰু অৰূপক। লৈ গৈছিল তিনিওকে মেঘালয়লৈ। দেখুৱাই দিছিল সেই স্থান যৰ পৰা তেওঁলোকে মৃতদেহ দুটা তললৈ পেলাই দিছিল। মেঘালয় চহৰা আৰক্ষীৰ সহযোগত উদ্ধাৰ হ'ল মৃতদেহৰ কিছু অৱশিষ্ট অংগ।

মানুহ কেনেকৈ অসুৰতকৈ অধম হ'ব পাৰে তাৰ কাহিনী এয়া। ফ্ৰীজত মৃতদেহ থৈ কিমান অভিনয় কৰি পূজা পাতিব পাৰে খোদ পত্নীয়ে। কিহৰ বাবে এই হত্যাকাণ্ড সংঘটিত হ'ল সেয়া আৰক্ষীৰ তদন্তত ওলাব।

সম্ভৱত দেশৰ ভিতৰতে এক লোমহৰ্ষক কাণ্ড এয়া। গুৱাহাটীত এতিয়া এনে কাণ্ড ইটোৰ পাছত সিটো সংঘটিত হ'বলৈ ধৰিছে। হত্যাৰ নগৰী হৈ পৰিছে যেন মহানগৰী। বিশ্বজিৎ হাজৰিকাৰ অপহৰণ আৰু হত্যাকাণ্ডৰ ৰহস্যৰ মেৰপাক ওৰ পৰিছিল হে মাত্ৰ।

সহজ ধনৰ লোভত একেলগে পঢ়া স্কুলীয়া বন্ধু অজয় কলিতাই অপহৰণ কৰি নিছিল বিশ্বজিতক। ৭ জনে মিলি অপহৰণ কৰিছিল বিশ্বজিতক। আৰক্ষীয়ে প্ৰথন তদন্তত কোনো কথা গ'মেই পোৱা নাছিল। পিতৃ-মাতৃয়ে নতুনকৈ যোগদান কৰা আৰক্ষী আয়ুক্ত দিগন্ত বৰাক সন্ধানহীন পুত্ৰৰ গোচৰটো পুনৰ খুলিবলৈ অনুৰোধ কৰাত নতুন গতি লাভ কৰিছিল অনুসন্ধানে।

১ নৱেম্বৰ ২০২২ত উদ্ধাৰ হৈছিল কিলিং নৈত এটা মৃতদেহ। সেই মৃতদেহৰ গইনা লৈ আৰক্ষীয়ে ফাদিল কৰিব পাৰিছিল গোপাল কৃষ্ণ চাহবাগিচাত প্ৰণৱ ৰংহাঙৰ নিৰ্মীয়মান এটা বাথৰুমত কেনেকৈ অপহৰণ কৰি নি আৱদ্ধ কৰিছিল বিশ্বজিতক। দাবী কৰা ধন নাপাই ৰচীৰে মেৰিয়াই হত্যা কৰি কিলিং নদীত পেলাই দিয়া হৈছিল।

ঘটনাবোৰ শেষ হোৱা নাই। ৰঞ্জিত বৰা হত্যাকাৰী শ্বাহ আলম তালুকদাৰো এজন মুখা পিন্ধা ভদ্ৰলোকেই আছিল। স্কুলৰ মালিক হিচাপে তেওঁ পৰিচয় থাকিলেও প্ৰকৃততে তেওঁ আছিল ডকাইত।কেইটামান টকাৰ বাবে পাঞ্জাবাৰীত ২০ নৱেম্বৰ ২০২২ ত গুলীয়াই মাৰিছিল ব্যৱসায়ী জনক।

১৩ ফেব্ৰুৱাৰী ২০২৩। নিচামুক্তি কেন্দ্ৰ এটাত সংঘটিত হৈছিল হত্যাকাণ্ড। মহানগৰীৰ হাতীগাঁৱত থকা সেই নিচামুক্তি কেন্দ্ৰটোত একেলগেই আছিল আমিনুল হুচেইনৰ সৈতে অৰিন্দম খাউণ্ড। দিনৰ পোহৰতেই হানি খুচি হত্যা কৰা হ'ল অৰিন্দমক।

গুৱাহাটী বামুনীমৈদামৰ এটা ভাড়া ঘৰ। এগৰাকী ইউটিউবাৰ আত্মহননৰ ঘটনা। ৩ মাহৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা স্বামী পংকজ নাথৰ সৈতে একেলগেই আছিল ভাড়াঘৰত। পিয়লিনা নামৰ ইউটিউবাৰ গৰাকীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে স্বামী পংকজ নাথক।

হত্যাকাৰীৰ প্ৰতি আৰক্ষী কঠোৰ হৈছে।কিন্তু অপৰাধ কমা নাই। ৰঞ্জিত বৰা হত্যাৰে জড়িত শ্বাহ আলম তালুকদাৰ পলাই গৈছিল আৰক্ষীৰ ভাষ্য অনুসৰি। ১৭ ফেব্ৰুৱাৰীত সোণাপুৰৰ আমচিঙৰ পৰা পলাই যোৱা শ্বাহ আলম ১৮ ফেব্ৰুৱাৰী ২০২৩ ত আৰক্ষীৰ গুলীত থকা সৰকা হ'ল।

কোনোৱে ক'লে এটা হত্যাকাৰী নিশেষ হ'ল ভালেই হ'ল। আৰক্ষীৰ প্ৰতিও বহু প্ৰশ্ন ৰৈ গ'ল। এনেদৰে অপৰাধীক নিয়ন্ত্ৰণ কৰা সম্ভৱনে? ইমান কঠোৰ হোৱাৰ পাছতো কিয় আৰক্ষীলৈ অপৰাধীৰ ভয় কমা নাই?

এতিয়া অপৰাধীয়ে মুখা পিন্ধি থাকে। কাষতে থকা আপোনজন কেতিয়া ঘাটক হৈ পৰে ক'ব নোৱাৰি। ভদ্ৰ বুলি ভৱা মানুহজনৰ মনৰ অপৰাধ প্ৰৱণতাৰ উমান অপৰাধী হিচাপে ধৰা পৰাৰ আগলৈকে গ'ম পোৱা নাযায়।

এতিয়া যেন চৌপাশে অপৰাধীৰে ভৰি পৰিছে। নিৰপৰাধী জনকো অপৰাধী অপৰাধী লগা পৰিৱেশ এটা গঢ় লৈ উঠিছে। কেৱল ধন-সম্পত্তিৰ বাবেই মানুহে ইমান ডাঙৰ অপৰাধ কৰিব পাৰেনে। ধৰা পৰাৰ পাছত সেইবোৰ ভোগ কৰিবলৈতো কেতিয়াও নাপায়, বৰঞ্চ থকা খিনিও হেৰুৱাই আৰু আজিৰ তাৰিখত এনে অপৰাধীবোৰে দুৰ্বল আৰক্ষীৰ হাতৰ পৰা পলাব খোজা সেই পৰিস্থিতিত উপহাৰ পাই এটা বা দুটা বন্দুকৰ গুলী।

বহু অপৰাধী তেনে গুলীৰেই যোগ্য বুলি ক'বলৈ মন নাযায়। কিন্তু নকৈ কেতিয়াবা উপায় নাইকীয়া হয়। অপৰাধীৰ প্ৰতি কোনো অনুকম্পা নথকাকৈ কেৱল ক'বলৈ মন যায় এনকাউন্টাৰে অপৰাধ নিয়ন্ত্ৰণৰ উপাই নহয়, আইন আদালতৰ ওপৰত থকা আস্থা অটুট ৰাখিবলৈকে আইনী প্ৰক্ৰিয়াৰে বিচাৰ চলাই প্ৰয়োজনত বন্দনাৰ দৰে অপৰাধীক ফাচী দিয়ক।

আৰু পঢ়ক: একেদিনাই ভাল লগা দুখন খেল: এখন টেষ্ট,আনখন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in