এইবাৰ উদ্যোগপতি...

এইবাৰ উদ্যোগপতি...

কৃষকৰ পাছত এইবাৰ ৰাজপথলৈ ওলাই আহিব পাৰে উদ্যোগপতসকল। ব্যৱসায়ী আৰু উদ্যোগপতিসকলৰ এই প্ৰতিবাদ কেন্দ্ৰীয় চৰকাৰৰ আইনৰ বিৰোধী। দৰাচলতে, কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ আয়কৰ আইনৰ ধাৰা ৪৩বি সংশোধন কৰিছিল। ইয়াক লৈ উদ্যোগপতি তথা ব্যৱসায়ীসকল ক্ষোভিত হৈ আছে।

দাবী অনুসৰি ৪৩বি(এইচ) ধাৰাত কেৱল উদ্যোগতপতি বা ব্যৱসায়ীসকলৰ বাবে নহয়। ই এমএমএমই ব্যৱসায়ীসকলৰ বাবেও বেয়া খবৰ।

আয়কৰ আইন, ১৯৬১-ৰ ধাৰা ৪৩বি-ত কোৱা হৈছে যে ব্যৱসায়ত উদ্ভৱ হোৱা কিছুমান ব্যয় কেৱল তেতিয়াহে অনুমোদিত হ'ব যেতিয়া সেইবোৰ সময়ৰ ভিতৰত পৰিশোধ কৰা হ'ব। ইয়াত অন্তৰ্ভুক্ত থাকে কৰ, উপকৰ, মাচুল, সূত, বোনাচ, কমিছন আদিৰ দৰে ব্যয়।

ধৰি লওঁক যদি আপুনি সামগ্ৰীত ২০২৩-২৪বৰ্ষত পেমেন্ট কৰিছে। তেন্তে আপুনি মূল্যায়ন বৰ্ষ ২০২৪-২৫ত সেইবোৰ ক্লেম কৰি কৰ ৰাহি কৰিব পাৰে।

যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে ৪৩বি(এইচ) যোগ দিছিল। এই ধাৰা মধ্যম, ক্ষুদ্ৰ উদ্যোগৰ (এমএছএমই) ক্ষেত্ৰত প্ৰযোজ্য। এই ধাৰাত কোৱা হৈছে যে যি এমএছএমইলৈ আহে, তেতিয়া তেওঁলোকে ধন পৰিশোধ ৪৫ দিনৰ ভিতৰত কৰিব লাগিব।

এম.এছ.এম.ই. যোগানকৰ্তাক কেন্দ্ৰীয় চৰকাৰৰ এণ্টাৰপ্ৰাইজ পৰ্টেলত পঞ্জীভুক্ত আৰু এজন নিৰ্মাতা বা সেৱা প্ৰদানকাৰী হিচাপে গণ্য কৰা হ'ব।

উদাহৰণ স্বৰূপে যদি কোনো এমএছএমই চাপ্লায়াৰে ২০২৩ চনৰ ১ মে'ত বস্তু ক্ৰয় কৰিছে কিন্তু ২০২৪ চনৰ ৩১ মাৰ্চ লৈ তেওঁ ধন পৰিশোধ কৰা নাই।তেন্তে এই ধনৰ ওপৰতো কৰ প্ৰয়োগ হ'ব।

উদাহৰণ স্বৰূপে, ১মে' ২০২৩ তাৰিখে, আপুনি যোগানকৰ্তাৰ পৰা ২ লাখ মূল্যৰ সামগ্ৰী ক্ৰয় কৰিছিল। ধাৰা ৪৩বি (এইচ)ৰ অধীনত, ইয়াক ৪৫দিনৰ ভিতৰত পৰিশোধ কৰিব লাগিব। যদি কৰা নাই তেন্তে ইয়াক ক্লেম কৰিব নোৱাৰিব।

আনহাতে, যদি আপুনি ১ মে' ২০২৩ তাৰিখে সামগ্ৰী ক্ৰয় কৰে আৰু ১৪ জুন ২০২৩-ৰ ভিতৰত পৰিশোধ কৰে, তেন্তে আপুনি কোনো কৰ পৰিশোধ কৰিব নালাগে।

দাবী অনুসৰি ইয়াৰ বাবে ক্ৰেতা-বিক্ৰেতা দুয়োৰে ওপৰত প্ৰভাৱ পৰিব। এনে কৰিলে এমএছএমই সকলে অৰ্ডাৰ লাভ নকৰিব।আৰু যদি কোনোৱে ৪৫ দিনৰ ভিতৰত ধন পৰিশোধ কৰিব নোৱাৰে তেন্তে সেয়া উপাৰ্জন বুলি বিবেচনা কৰা হ'ব, যাৰ ওপৰত কৰ পৰিশোধ কৰিব লাগিব।

ব্যৱসায়ী সংগঠনসমূহে এই নিয়মসমূহ শেষ কৰাৰ বাবে দাবী কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ সাল-সলনি কৰিব বুলি ধাৰণা কৰা হৈছে।

অন্যহাতে, কৃষকসকলে কেইবাদিনো ধৰি ৰাজপথত প্ৰতিবাদ কৰি আছে। তেওঁলোকৰ সমস্যা এতিয়াও সম্পূৰ্ণ সমাধান হোৱা নাই। কৃষকসকলে এইবাৰ ''ৰেল ৰ'কো'' যাত্ৰাৰ আহ্বান কৰিছে। ৬ মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া এই যাত্ৰা ১০ মাৰ্চত তদিল্লীত উপস্থিত হোৱাৰ লক্ষ্য। অৱশ্যে এই প্ৰতিবাদকাৰীসকলৰ বাধা দিবলৈ আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে সম্পূৰ্ণ চেষ্টা কৰিছে।

উল্লেখ্য যে, সমাগত লোকসভা নিৰ্বাচন। কেইটামান দিনৰ ভিতৰতে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱণা আছে। যদি এনেদৰে প্ৰতিবাদ হৈ থাকে তেন্তে শাসকীয় পক্ষৰ বাবে এয়া দুৰ্ভাগ্যজনক হ'ব পাৰে।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ লগত কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছে যদিও সমাধান ওলোৱা নাই। গতিকে আগন্তুক নিৰ্বাচনৰ পূৰ্বে শাসকীয় দলটোৱে কৃষকসকলৰ ক্ষোভৰ অগ্নি কেনেদৰে নুমুৱাব পাৰে সেয়া হ'ব লক্ষণীয়।

আশা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে মানি ল'ব পাৰে কৃষকৰ দাবী। গতিকে কৃষক, উদ্যোগপতিসকলৰ মনৰ আশা কেনেদৰে পূৰ্ণ কৰিব চৰকাৰে সেয়া সময়ে ক'ব...

এইবাৰ উদ্যোগপতি...
ৰাজপথ লৈ আকৌ আহিবনে ৰাইজ...!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in