অবাক...

এতিয়া প্ৰায়েই অবাক হওঁ। কেতিয়াবা ভাল কথাত, কেতিয়াবা হ'ব নলগা বিলাক হোৱা দেখি। অবাক হৈ ৰৈ যোৱাৰ বাদেই কিনো কৰিব পৰা পৰিৱেশ আছে আজি।
অবাক...

মৃদুল কুমাৰ সন্দিকৈ

এতিয়া প্ৰায়েই অবাক হওঁ। কেতিয়াবা ভাল কথাত, কেতিয়াবা হ'ব নলগা বিলাক হোৱা দেখি। অবাক হৈ ৰৈ যোৱাৰ বাদেই কিনো কৰিব পৰা পৰিৱেশ আছে আজি। এই যে অবাক বুলি অসমীয়াত এটা শব্দ আছে তাৰ অৰ্থ হোমকোষ অভিধানত লিখা আছে এইদৰে- অবাক মানে বাক্যহীন, আচৰিত হৈ মনে মনে থকা।

হিণ্ডেনবাৰ্গে দুবছৰ অনুসন্ধান(গৱেষণা কৰি) আদানীৰ জালিয়াতি ফাদিল কৰিলে। গৌতম আদানীৰ কোম্পানীবোৰে এই প্ৰতিবেদন ফাদিল হোৱা প্ৰথম দুটা দিনতেই ৪.১৩ লাখ কোটি টকা পৰোক্ষ-প্ৰত্যক্ষভাৱে হেৰুৱালে।

মানুহ অবাক হ'ল। সাহিত্য, ৰাজনীতিত সকলোতে এনে কিছু ঘটনা ঘটে যিবোৰ দেখি শুনি এতিয়া অবাক হোৱা দিন। ৩০ জানুৱাৰী ২০২৩, সোমবাৰে মানুহক আকৌ অবাক কৰিলে ভাস্কৰ বৰ্মনে। ইয়াৰ পূৰ্বে একেদিনাই এটা প্ৰকাশন গোষ্ঠী আৰম্ভ কৰি ২০ জন লেখকৰ গ্ৰন্থ একেলগে উন্মোচন কৰাই অবাক কৰিছিল তেওঁ।

পূৰ্বতে সংবাদ ক্ষেত্ৰ, সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে প্ৰত্যক্ষ ভাৱে জড়িত আছিল ভাস্কৰ বৰ্মন। নিখুত কাম আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা শক্তিৰ অধিকাৰী তেওঁ। সেইবাবে তেওঁ ইবাৰৰ পাছত সিবাৰ পাঠকক অবাক কৰি গৈছে।

লগ লাগিল দুজন বলিয়া মানুহ। কৰিম বুলি কাম এটা আৰম্ভ কৰি কৰি পেলোৱা মানুহ দুয়ো। এটা ফোন কৰিছিল ভাস্কৰ বৰ্মনে। সিটো মূৰত চিকিৎসক, সু লেখক শুভ্ৰকিংকৰ গোস্বামী। টেলিফোনতেই ভাস্কৰ বৰ্মনে প্ৰস্তাৱ দিলে এখন আলোচনী উলিয়াব।

শুভ্ৰকিংকৰ গোস্বামীৰ অকপট স্বীকাৰোক্তি তেওঁ এনে এটা প্ৰস্তাৱ পাব বুলি ভৱা নাছিল। চিকিৎসক হোৱাৰ পৰিৱৰ্তে নিৰোদ চৌধুৰীৰৰ আগত সাংবাদিক হোৱাৰ অভিপ্ৰায় ব্যক্ত কৰিছিল এদিন।

অসম বাণীৰ তেতিয়া সম্পাদক গৰাকীয়ে তেওঁক বুজনি দিছিল প্ৰথমে চিকিৎসকে হৈ লোৱা চোন। তাৰ পাছত সাংবাদিক হ'বা। এইবোৰ ঘটনা পুৰণি যদিও নতুন কথাবোৰৰ সৈতে যোগসূত্ৰ আছে।

ভাস্কৰ বৰ্মনে উলিয়াব খোজা আলোচনী খনৰ মুখ্য় সম্পাদকৰ দায়িত্ব ল'ব লাগে ডা০ শুভ্ৰ কিংকৰ গোস্বামীয়ে। তেওঁ নোৱাৰো বুলি ক'লে। ভাস্কৰ বৰ্মনে নেৰিলে। এনেকৈয়ে চলিল প্ৰস্তুতি। আত্মপ্ৰকাশ ঘটিল 'অবাক'ৰ। প্ৰস্তাৱণা সংখ্যা উন্মোচন হ'ল ৩০ জানুৱাৰী ২০২৩ ত।

সাহিত্য, সংস্কৃতি , ৰাজনীতি সামৰি এখন নতুন আলোচনী এই মহঙা দিনত প্ৰকাশ কৰিব লোৱাতো কম মৰসাহ নে। অবাকক দেখি অবাক নহৈ পাৰে কোন। তাতে এই আলোচনী খনৰ সৈতে জড়িত হৈ আছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, সুলেখক আৰু নতুনত্বৰ চিন্তাৰে হাতত কলম তুলি লোৱা সাংবাদিক প্ৰাঞ্জল মজুমদাৰ।

'অবাক' আলোচনী উন্মোচন কৰি সকলোৱে ক'লে অবাক হোৱাৰ কথা। আলোচনীখনৰ পাতে পাতে নতুনত্বৰ সন্ধান। ব্যতিক্ৰম, সৃজনশীল সাহিত্য আৰু বিনোদনৰ পয়োভৰ। বেটুপাতত প্ৰস্তুতি পৰাশৰ।হাতত এখন কিতাপ।

অৰূপা পটঙ্গীয়া কলিতাৰ জছনাৰ ঝিটাছ। যি অৰূপা পটঙ্গীয়াৰ এই কিতাপখন পঢ়িছে তেওঁ জানে তাৰ কাহিনীৰ আধাৰ। ইংৰাজ চাহাবৰ সৈতে হোৱা প্ৰেমৰ পৰিণতিত চাহবাগানৰ এগৰাকী শ্ৰমিকে জন্ম দিছিল সন্তান। সেই উত্তৰাধিকাৰী এতিয়াও আছে।

তেনে এখন গ্ৰন্থ হাতত দি পুনৰবাৰ 'অবাক'ৰ বেটুপাতে কৈ গ'ল ব্যতিক্ৰম হ'ব এই আলোচনী। দামোদৰী সাহিত্যৰ পৰা চলচ্ছিত্ৰ বিষয়ক গ্ৰন্থ, গল্প, কবিতা, চিত্ৰশিল্প, খেল সকলো আছে ইয়াত।

বাৰথৰীয়া ডাঙৰি কঢ়িওৱা ভোলাদাৰ স্বাভিমানৰ কথাও লিখা হৈছে গল্পৰ দৰেই। লাচিত বৰফুকনৰ চৰ্চা হৈছে এই আলোচনীৰ পাতত। চলচ্চিত্ৰত কেনেদৰে লাচিত বৰফুকন আছে তাৰ আলোকপাত কৰা হৈছে। আছে নতুন গ্ৰন্থৰ খবৰ। ৰাজ্যৰ কেইবাটাও প্ৰতিষ্ঠানৰ বিনামূল্যেই কিতাপৰ বিজ্ঞাপন।

এয়া প্ৰস্তাৱণা সংখ্যাহে। ভূপেন হাজৰিকাৰ গ্ৰন্থ প্ৰেমৰ কথা লিখিবলৈ গৈ অবাক হৈ পৰিছে এই অবাকৰ পাতত লিখক। নিয়মীয়াভাৱে অবাকৰ পাতত আৰু বহু শিতান সংযোজন হ'ব। প্ৰস্তাৱণা সংখ্যাতে নিৰ্বাচিত লেখাবোৰে সেই ইংগিত দি গৈছে।

সম্পাদক হিচাপে সকলো ধৰণৰ যতন লৈছে ভাস্কৰ বৰ্মনে আলোচনী খনৰ বাবে। অবাকৰ প্ৰাসংগিকতাৰ কথা তেওঁ সম্পাদকীয়ৰ পৰিৱৰ্তে শিতানত লিখিছে এইখন হ'ব ভিন্ন ৰসৰ আলোচনী।

ভৱিষ্যতৰ পৰিকল্পনাৰ কথা, সপোনবোৰৰ কথা লিখি এই শিতানতে তেওঁ কৈছে ভাষা, গ্ৰন্থৰ ক্ষেত্ৰখনত অবাক হৈ থাকিব জাগ্ৰতৰ প্ৰহৰী। লেখক প্ৰকাশক সকলৰ স্বচ্ছতা তেওঁ বিচাৰিছে ।

মুখ্য সম্পাদক ডা০ শুভ্ৰকিংকৰ গোস্বামীয়ে নিজস্ব ষ্টাইলত অবাকৰ বিষয়ে লিখিছে বুনিয়াদ। অসমীয়া গ্ৰন্থৰ ভৱিষ্যতক লৈ এটা চুটি অথচ গভীৰ অন্তৰকৰণেৰে লিখা এই লেখাটো পঢ়ি উপলব্ধি হ'ব বহু কথা।

কিতাপবোৰে কেনেকৈ নিসংগতাত ভোগে সেই কথা ক'বলৈ তেওঁ কৃপনালী কৰা নাই। ফটো তুলিবলৈকে বহুতে কিতাপ কিনে। কিন্তু সেইবোৰ পঢ়ে নে নপঢ়ে। ডিজিটেল মাধ্যমৰ অগ্ৰাসনৰ পাছত গ্ৰন্থৰ চাহিদা থাকিবনে সেই কথা তেওঁৰ বুনিয়াদ পঢ়াৰ পাছত ধুনীয়াকৈ বুজিব পৰা যাব।

কাৰ্যবাদী সম্পাদক হিচাপে প্ৰাঞ্জল মজুমদাৰে প্ৰাক্-কথনক অবাকৰ প্ৰয়োজনীয়তা ক'ত সেই কথা বাখ্যা কৰিছে। অবাকক আকোঁৱালী ল'ব লাগিব পাঠকে। মাতৃভাষা ৰক্ষা কৰিবলৈ হ'লে এইবোৰ কামত আমি হাত উজান দিব লাগিব। অবাকে সোঁতৰ বিপৰীতে সাতুৰিব খুজিছে। বয়স হৈ অহাৰ লগে লগে অবাকে পৰিপক্ক হৈ উঠিব।

প্ৰস্তুতি পৰাশৰে অবাকৰ পাতত প্ৰাসংগিক পাণ্ডুলিপি শিতানত উল্লেখ কৰিছে অবাক এক বিৰামহীন যাত্ৰাৰ আৰাম্ভণী।

অবাকক যতন ল'লে আৰু অবাক কৰিব অবাকে পাঠকক। ভিন্ন ৰুচি আৰু নতুনত্বৰ সন্ধান দিব পাঠকে। অবাকৰ এই যাত্ৰা আৰম্ভ হ'ল । সহযোগী হ'ব লাগিব এতিয়া পাঠক। ৰামধেনু, বাঁহী আদি আলোচনীৰ দৰে অবাকে সৃষ্টি কৰক অবাক যুগৰ, সৃষ্টি কৰক নতুন লেখক। সাহিত্য, সংস্কৃতি, ৰাজনীতিৰ দৰে সম্পাদকে কোৱাৰ দৰে অবাক হওক সীমাহীন দুৰ্নীতি ম্লান পেলাব পৰা এক মঞ্চ।

আৰু পঢ়ক: শান্তি ‍আলোচনা : ভ্ৰম নে সত্য ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in