সকলো মানুহৰে ব্যক্তিগত জীৱন থাকে। সামাজিকভাৱে দায়ৱদ্ধ এই লোকবোৰে কোনো এক জাতীয় সংগঠনক নেতৃত্ব প্ৰদান কৰোতে সেই ব্যক্তিগত জীৱনত উত্থাপিত অভিযোগৰ বাবে সমাজৰ ওচৰত জবাবদিহি হ’ব লগা হয়। 'সদৌ অসম ছাত্ৰ সন্থা' অসমৰ সমাজ জীৱনৰ সৈতে সংপৃক্ত হৈ থকা এক জাতীয় তথা ছাত্ৰ সংগঠন।
এই সংগঠনটোৰ নেতৃত্বৰ পৰা অসমৰ দৰে সমস্যাবহুল ৰাজ্যৰ জনতাই বহু আশা কৰে। জাতীয় জীৱনৰ সৈতে জড়িত বিষয়বোৰত মাত মাতিব বুলি গভীৰ আস্থা ৰাখে। সেই আস্থা এতিয়া ম্নান পৰিছে। কিয়নো ৰাইজৰ পক্ষত থকাতকৈ এনে সংগঠনক নেতৃত্ব দিয়া সকলে ভিতৰি ৰাজনৈতিক আশীৰ্বাদ পুষ্ট হৈ মেকুৰীৰ হৈ পৰিছে।
তেঁওলোকৰ মুখত পূৰ্বৰ সিংহ গৰ্জনৰ সলনি এতিয়া মেকুৰীৰ মেও, মেও শব্দহে শুনিবলৈ পোৱা যায়। অৱশ্যে কিয় তেঁওলোকৰ এনে অৱস্থা হৈছে সেয়া ৰাইজৰো বুজিবলৈ অসুবিধা হোৱা নাই। পূৰ্বৰ দৰে এই সংগঠনসমূহৰ নেতৃত্বক দায়িত্ব আৰু কৰ্তব্য সম্পাদন কৰা দেখিবলৈ পোৱা নাযায়।
তেঁওলোকৰ বাবে এই সংগঠনসমূহৰ পদবীবোৰ এক গ্লেমাৰ। ইন’ভা, ফৰচুনাৰ গাড়ীত উঠি তেঁওলোকে কাঢ়া ইস্ত্ৰীৰ ব্ৰেণ্ডেড বগা চাৰ্ট, ক’লা পেণ্ট, ৰঙীণ চচমা আৰু হাতত দামী 'আই' মোবাইল লৈ ঘূৰা-ফুৰা কৰাতে দায়িত্ব শেষ বুলি ভাবে। তেঁওলোকে বুজিব নোৱাৰে এটা জাতীয় অনুষ্ঠানৰ নেতা হিচাপে ৰাইজে তেঁওলোকৰ কান্ধত তুলি দিয়া ভাৰখনৰ ওজন কিমান ?
বৰ্তমানৰ 'সদৌ অসম ছাত্ৰ সন্থা'ৰ সাধাৰণ সম্পাদক শংৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হ’ল এক গুৰুতৰ অভিযোগ। এগৰাকী যুৱতীয়ে উত্থাপন কৰা এই অভিযোগৰ সত্যাতাও তেঁও ৰাজহুৱাকৈ স্বীকাৰ কৰি ল’লে। প্ৰথমাৱস্থাত যুৱতীগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰা নাছিল।
ৰহস্যজনকভাৱে কোনো এক শক্তিশালী চক্ৰই আছুৰ এই নেতাজনক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলাইছিল। তীব্ৰ প্ৰতিক্ৰিয়াৰ অন্তত শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে দিশপুৰ থানাত এক গোচৰ ৰুজু হ’ল। যিটো গোচৰৰ নম্বৰ ৯৫৩/২০২৪। এই গোচৰত আৰক্ষীয়ে লগাব লগা ধাৰাৰ ভিতৰত ৬৯ বি এন এছ অন্যতম হ'ব। কিন্তু আৰক্ষীয়ে কি ধাৰা লগাইছে সেয়াও লক্ষ্যণীয় হৈ পৰিব।
৬৯ বি এন এছ ধাৰাত কোনো লোকে যদি কোনো যুৱতীক বিবাহ বা আন প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে তেনে ইয়াকো বলৎকাৰ বুলিয়েই গন্য কৰা হয়। এই ধাৰাত অভিযুক্ত হোৱাৰ অপৰাধীৰ ১০ বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে। অভিযোগ উত্থাপন হোৱাৰ পাছত 'আছু'ৰ নেতা শংকৰজ্যোতিয়ে কামৰূপ মহানগৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়ালয়ত আবেদন কৰি অগ্ৰিন জামিনো লাভ কৰিলে।
এই অগ্ৰিম জামিনৰ চি এন আৰ নম্বৰ ASKM 01003257204। এই গোচৰৰ পৰৱৰ্তী শুনানি দিন ধাৰ্য কৰে আদালতে ২১ ছেপ্তেম্বৰ ২০২৪। এয়া এক আইনগত বিষয়। আদালতৰ মজিয়াত উত্থাপিত অভিযোগৰ সঁচা-মিছা নিৰূপণ হ’ব।
এই বিষয়টো বাদ দিলেও আছুৰ দৰে এটা সংগঠনক নেতৃত্ব দিয়া এজন বিষয়ববীয়াৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগটো কিন্তু অতি গুৰুত্বপূৰ্ণ। ইয়াক লৈ যথেষ্ট ক্ৰিয়া-প্ৰতিক্ৰিয়া ইতিমধ্যে হৈছে। নাৰী নিৰাপত্তাৰ প্ৰসংগটো সাঙোৰ খাই পৰিছে।
'সদৌ অসম ছাত্ৰ সন্থা'ৰে জড়িত এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰা অভিযোগ 'আছু' নেতৃত্বই কিয় গুৰুত্বসহকাৰে লোৱা নাই তাকলৈ প্ৰশ্ন উঠিছে। কিয়নো 'সদৌ অসম ছাত্ৰ সন্থা'ৰ সংবিধানত এনে অভিযোগ উত্থাপন হোৱা সকলৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব লাগে তাৰ সবিশেষ উল্লেখ আছে।
সংগঠনটোৰ সংবিধানৰ ৩১ নং পৃষ্ঠাত ‘অনুশাসন’ শীৰ্ষক অনুচ্ছেদ ১৯ত এই বিষয়ে ব্যাখ্যা আছে। এই অনুচ্ছেদৰ ধাৰা ‘খ’ অভিযোগ, মহাভিযোগৰ ধাৰা ‘গ’ত উল্লেখ আছে যে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ কোনো সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হ’লে কাৰ্যনিৰ্বাহকৰ ২/৩ অংশৰ সদস্যৰ অনুমোদন সাপাক্ষে অভিযোগৰ বিচাৰ হ’ব।
ছাত্ৰ সন্থাই অভিযোগ পোৱাৰ ২৫ দিনৰ ভিতৰত কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিব লাগে। অৱশ্যে ৭দিন সময় দি অভিযুক্তক কৈফিয়ৎ তলব কৰিব লাগে আৰু ইয়াৰ শাস্তি হ’ব ৩প্ৰকাৰৰ। সেই শাস্তিসূহ হ’ল- প্ৰতিনিন্দন, অপসাৰণ বা পদবী হৰণ আৰু অৱ্যাহতি, প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ।
শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ হ’ল- সন্থাৰ ভাবমুৰ্তি ম্লান কৰিব পৰা কামত লিপ্ত হোৱা। কিন্তু 'আছু' নেতৃত্বই যেন এই বিষয়টোৰ গুৰুত্বৰ উপলব্ধি কৰিও ইয়াক লঘু হিচাপে লৈছে। শংকৰজ্যোতি বৰুৱাৰ কৰ্মকাণ্ডই 'আছু'ক লজ্জানত কৰিছে। সেই কথা সাধাৰণ মানুহেও বুজি পাইছে।
৯ ছেপ্তেম্বৰ ২০২৪ত 'সদৌ অসম ছাত্ৰ সন্থা'ৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু অভিযুক্ত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা নিশাৰ ভাগত পাণবজাৰৰ এখন হোটেলত আলোচনাত বহিছিল। এই আলোচনাত সমুজ্জ্বল ভট্টাচাৰ্যই বৰুৱাক পদবীৰ পৰা মৰ্যাদা সহকাৰে পদত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল যদিও বৰুৱাই কোনো কাৰণতে এই পৰামৰ্শ মানি নলঁও বুলি জানিবলৈ দিয়ে।
ইফালে বাহু আৰু ক্ষমতাৰ বলেৰে নিজক ৰক্ষা কৰাৰ চেষ্টা অৱ্যাহত ৰাখিছে শংকৰজ্যোতিয়ে। উজনি অসমৰ কেইবাখনো জিলাৰ কৰ্মকৰ্তাক তেঁওৰ পক্ষে মাত মাতিবলৈ সাজু কৰি গুৱাহাটীলৈ মাতি আনিছে। গুৱাহাটীৰ হোটেলত বাহৰ পাতি আছে এই ২০/২৫ জনীয়া 'আছু'ৰ দলটো। শংকৰক উদ্ধাৰ কৰিবলৈ অহা এই দলটোত আছে- ডিব্ৰুগড় জিলাৰ বিতোপন গগৈ, সমৰ গোহাঁই, অনুপজ্যোতি ভূঞা, অৰ্জুন ছেত্ৰী, প্ৰশান্ত দত্ত আদি।
শংকৰজ্যোতি বৰুৱাক ৰক্ষণাবেক্ষণ দিবলৈ গুৱাহাটীত এজন বিশেষ ব্যক্তিও ব্যস্ত হৈ পৰিছে। কিয়নো শংকৰজ্যোতিৰ সৈতে আছে তেঁওৰ ব্যৱসায়িক সম্পৰ্ক। শেহতীয়াকৈ এই ব্যক্তিজনে ক্ৰয় কৰা এখন হোটেলৰ ভিতৰত থকা বাৰখন চলোৱাৰ দায়িত্বও ঘনিষ্ঠ ছাত্ৰ নেতাৰ হাততে অৰ্পণ কৰিছে।
'সদৌ অসম ছাত্ৰ সন্থা'ৰ ভিতৰচ’ৰাত থাকি ছাত্ৰ সংগঠনটোক ধন ঘটাৰ মেচিনৰূপে ব্যৱহাৰ কৰা তথাকথিত ছাত্ৰ নেতাসকলৰ ভিতৰত শংকৰজ্যোতি শেহতীয়া সংস্কৰণ। কেইবাটাও পেট্ৰ’ল ডিপোৰ মালিক তেঁও বুলি অভিযোগ আছে। ইয়াৰোপৰি কোনোবা আব্দুলৰ নামত চলাই থকা ইটাভাটাৰ আঁৰৰ মানুহ বগা চাৰ্ট, ক’লা পেণ্ট পিন্ধা এজন বেলেগ লোকহে।
সম্পত্তিৰ তালিকাৰ সবিশেষ, অইলকে ধৰি বিভিন্ন প্ৰতিষ্ঠানত কৰা ঠিকাৰ সবিস্তাৰ আন এক অধ্যায় হ’ব। তাৰ মাজতে ডিব্ৰুগড়ৰ এটা বিশেষ প্ৰতিষ্ঠানক ৮লাখ টকা দিবলৈ বাকী থকা খবৰো নতুন নহয়। একেদৰে গুৱাহাটীত বিলাসী জীৱন কটাবলৈ দামী দামী আচবাব ক্ৰয় কৰা দুখন ফাৰ্নিচাৰ প্ৰতিষ্ঠানক আজিও দিবলৈ আছে ধন। এজন ছাত্ৰ নেতাৰ এইবোৰ নমুনাহে।
শংকজ্যোতি বৰুৱাৰ বিৰুদ্ধে 'সদৌ অসম ছাত্ৰ সন্থা'ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ গৰিষ্ঠসংখ্যক সদস্যই নাৰাজ। এই সকল জাতীয় দায়িত্ব লোৱা নেতাই অধিবেশন পতাৰ নামত মঞ্চৰ পেণ্ডেল নিৰ্মাণৰ বাবে আৱণ্টন দিয়া কামৰ ধনো আদায় নিদিয়াৰ অভিযোগ আছে।
এনেকৈয়ে চলি আছে 'আছু'। জনবিৰোধী চৰকাৰৰ বিৰুদ্ধে এষাৰ মাত মাতিব পৰাকৈ সাহস আৰু কণ্ঠ হেৰুৱালে এই জাতীয় সংগঠনটোৱে। কেৱল পদবী দখলেৰে নিজৰ কথা চিন্তা কৰাৰ যেন সময় তেঁওলোকৰ এয়া। আত্মীয়ৰ নামতো ফাৰ্ম খুলি অইলৰ কোটি কোটি টকা ঠিকা লোৱা সকলে জাতিৰ স্বাৰ্থ কি ৰক্ষা কৰিব?
'আছু'ৰ নেতৃত্বই, আছুৰ সমৰ্থক তথা অনুগামীসকলে অনুধাৱন কৰাৰ সময় ইতিমধ্যে আহি পৰিছে। 'আছু' কাৰো পৈতৃক সম্পত্তি নহয়। শংকৰজ্যোতি বৰুৱাৰ দৰে নেতাবোৰ 'আছু'ক সন্মুখত ৰাখি জাতিক লুণ্ঠন চলোৱা একো একোজন বিশাল ফুকনেই।