মৃদুল কুমাৰ সন্দিকৈ
অভিজ্ঞতাই মানুহক সমৃদ্ধ কৰে। সঠিক, শুদ্ধ আৰু সত্য অন্বেষনৰ বাবে এক আধাৰৰ প্ৰয়োজন হয়। পৰিৱৰ্তনশীল সময়ত পৰিৱৰ্তনৰ আখৰা সকলোৱে কৰিব লাগে। কিন্তু শিপা পৰিহাৰ কৰি চাঞ্চল্যৰ সৃষ্টিৰে, ভিউজৰ আশাত দৌৰাসকলে দিয়া নীতি শিক্ষাত তেওঁলোকৰ পক্ষে যুক্তি থাকিলেও মানুহৰ উপলব্ধিত তেওঁলোকৰ দুৰ্বলতাবোৰ ধৰা পৰি যায়।
সংবাদ মাধ্যমৰ আত্মবিশ্লেষণৰ দিন আহি পৰিছে। সততা আৰু নিষ্ঠাৰ প্ৰতি প্ৰশ্ন উঠিছে। কিন্তু সেই প্ৰশ্নকে সাৰথি কৰি একাংশই মূলসূঁতিৰ সংবাদমাধ্যমক তাচ্ছিল্য কৰাৰ প্ৰৱণতাও আজিৰ প্ৰেক্ষাপটত গ্ৰহণযোগ্য নহয়।
ককা মেডিয়া বুলি কটাক্ষ্য কৰা নাতিসকলৰ নাতি মেডিয়াৰ কাৰবাৰ বোৰো বহুৱা সদৃশ হৈছে। ককা মেডিয়াক মামৰে ধৰা বুলি উপহাস কৰা নাতি সাংবাদিকৰ পডকাষ্টবোৰত আছেনে সামজিক দায়বদ্ধতা।
সত্যৰ প্লেটফৰ্মত তেওঁলোকেই এনে কিছুলোকক বহুৱাই এদিন এইসকলৰ পক্ষত মানুহক যিবোৰ কথা শুনাইছিল সেইবোৰ যে সঁচা নাছিল সেয়া প্ৰমাণিত হৈছে। কাৰোবাৰ বিয়াত কিমান খৰচ হ'ল তাক লৈ মানুহে কিয় খুচৰি থাকে বুলি প্ৰশ্ন শুধি ইয়াৰ চাফাই গাবলৈ সেইসকলক এই নাতি সাংবাদিকে নাতি সংবাদ মাধ্যমলৈ মাতি অনা নাছিল নে?
পৰৱৰ্তী সময়ত চল চাই কঠিয়া পাৰি সেই পডকাষ্টৰ দৃশ্যাংশ ভিউজৰ আশাত সামাজিক মাধ্যমত ভাইৰেল কৰিবলৈ তেওঁলোকেই চেষ্টা কৰিছিল। তাৰ পাছত ইয়াক লৈ সৰ্বসাধাৰণ মানুহে প্ৰতিক্ৰিয়া ব্যক্ত কৰাত তেওঁলোকে লাজ পোৱাৰ সলনি বাক্ স্বাধীনতাৰ দোহাই দি নতুন কাহিনী লিখিলে এইবোৰত।
বাতৰিটো সেইবোৰ নহয়েই, এইবোৰৰ বেছিভাগেই তেওঁলোকৰ মন মগজু লৈ অহা কল্পিত কাহিনী। এই মছলা মৰা নতুনত্ব ৰূপেৰে সজোৱা খবৰবোৰ মানুহে গালি পাৰি পাৰি চাই থকা মানেই নাতি মেডিয়াক গ্ৰহণ কৰি লোৱাটো নুবুজায়।
তেওঁলোকেই দিয়া হিচাবত প্ৰথম ১৬কোটি মান খৰচ হৈছিল এখন বিয়াত। তাৰ পাছত যেনিবা ৩কোটি লৈ কমিল সেই বিয়াৰ ব্যয়। কিমান যে তেওঁলোকৰ উৎস? কিম জং উনৰ বেডৰূমৰ খবৰো কিজানি তেওঁলোকে দি দিব পাৰিব এনে মনে সজা তথ্যৰে।
ককা আৰু নাতি সম্পৰ্ক আৰু আত্মীয়তা মধুৰ। কেতিয়াবা ককাকে নাতিৰ ভূল দেখিলে আঙুলিয়াই দিলে তই বুঢ়া কি জান বুলি উভতি ধৰি তোৰ মূৰত মামৰ লাগিছে বুলি কোৱা জনৰ সংস্কাৰ হয়তো নাই।
ট্ৰেডিং অবৈধ নহয়। কিন্তু ইয়াক যিধৰণেৰে মানুহৰ মাজলৈ লৈ গৈ চূড়ান্ত প্ৰৱঞ্চনাৰে মানুহক ঠগা কাৰ্য অবৈধ আৰু বেআইনী। সেই অবৈধ কাৰ্যক বৈধতা দিবলৈ যিসকলে প্ৰসাৰ আৰু প্ৰচাৰত হাত উজান দিছিল তেওঁলোকক মানুহে ধৰিছে। সেয়া লাগিলে কোনোবা পডকাষ্টাৰে হওক, ইউটিউবাৰ বা ইনফ্লুয়েঞ্চাৰ হওক।
নৈতিক প্ৰশ্নত এতিয়া পাভলুটি মৰা নাতি সাংবাদিকসকলৰ বয়স হ'লে হয়তো বিচাৰ ধাৰাৰ পৈনত হ'ব। প্ৰশ্নবোধক আৰু ভাৱবোধক চিনৰ ব্যৱহাৰে সত্য-অসত্যৰ মাজত অৱস্থান লোৱা এই নাতি ৰূপী তথাকথিত মাধ্যমটোৱে কিন্তু পাহৰি যাব নালাগে তেওঁলোক কাৰোৰে নিয়ন্ত্ৰণাধীন নহয় বুলি।
তেওঁলোকক নিয়ন্ত্ৰণ কৰিব সাধাৰণ মানুহেই। অৱশ্যে এইটো ঠিক এই নব্য অত্যাধুনিক মাধ্যমটোৰ দায়বদ্ধতা নথকা বাবেই বহু সময়ত নাতিসকলে উভত গোৰে নাচিবলৈ সুবিধা পাইছে। এনেকুৱা বহু নাতি আহিছে, গৈছে। এইবোৰৰ স্থায়িত্ব আৰু দায়িত্ব নথকাৰ বাবেই উদ্ধ বাহু দি কিছুসময়ৰ বাবে এক পৰিৱেশ ৰচনা কৰাতে তেওঁলোকৰ কৰ্তব্য শেষ হয়।
ককা আৰু নাতি মাজত বিতৰ্ক হব লাগে। ককা সংবাদ মাধ্যমে তেওঁলোকৰ বেয়াখিনি এৰিব আৰু ভালখিনিক ধৰি ৰাখিবলৈ চেষ্টা কৰিলেহে এক সুস্থ বাতাবৰণৰ সৃষ্টি হ'ব। নাতি সংবাদ মাধ্যমেও ভিউজ আৰু সহজ ধনৰ লালসাৰ পৰা মুক্ত হৈ এক সেৱা মনোবৃত্তিৰে এই মাধ্যমটোক আগুৱাই নিনিলে নাতিৰো অৱস্থা কিন্তু মানুহে কাঢ়িল কৰি পেলাব। ইতিমধ্যে বহুতৰে অৱস্থা কাপোৰ কানি খুলি হাত ঢাকি কোনোমতে লজ্জা নিবাৰণ কৰিব লগা পৰিস্থিতি পাইছে।
এতিয়া কোনো কাৰোলৈ ভয় নকৰে। কাকো আগৰ দৰে বিশেষ মাধ্যমৰ প্ৰয়োজন নহয়। সকলোৰে হাতত আছে এক শক্তিশালী মঞ্চ। ভাল-বেয়া মূল্যায়ণৰ বাবে ছেকেণ্ডৰো সময় প্ৰয়োজন নহয় মানুহক।
ককাই নাতিক, নাতিয়ে ককাক হাঁহি লাভ নাই। সকলোৰে দাড়ি-চুলি পকা। কোনে কি কৰি আছে মানুহে চকুৰ আগত দেখি আছে। ভালত সময় ভালে যায়। কাল আৰম্ভ হ'লে এই অহংকাৰ ৰূপী বাৰ্তাই মহাকালৰ ৰূপ ধাৰণ কৰে। তেতিয়া ককা-নাতি কোনো ৰক্ষা নপৰে।