'২০০০' হ'ব '০০০০' !

'২০০০'  হ'ব '০০০০' !

মৃদুল কুমাৰ সন্দিকৈ

হাতত কিমান ধন আছে? হাতত থকা ধনবোৰৰ ভিতৰত কেনেবাকৈ ভৱিষ্যতৰ বাবে ২০০০ টকীয়া নোট কৰবাত সাঁচি থৈছে নেকি? যদি থৈছে, সেইবোৰ উলিয়াব হ'ল। আৰু মাত্ৰ ৪০ দিনহে আয়ুস আছে এই নোটবোৰৰ। তাৰপাছত সেইবোৰ হৈ পৰিব একোখন অচল কাগজ।

ধনে নদন-বদন লোকসকলৰ কথা বেলেগ। ক'ত, কিমান ধন আছে হিচাপ ৰাখিব নোৱাৰা দুৰ্নীতিগ্ৰস্ত নেতা-বিষয়াৰ এই নোটবোৰ ৰসাতলে গ'লেও কবলৈ একো নাই। কিন্তু গাঁৱৰ সহজ-সৰল সাধাৰণ মানুহবোৰৰ বাবে একোখন ২০০০ টকীয়া বিপদৰ সময়ৰ ডাঙৰ সম্বল।

দেওবাৰে প্ৰায়েই মানুহজনী বজাৰলৈ আহে। গাঁৱৰ শাক-পাচলি বকোৰ ফালৰ পৰা আনি গুৱাহাটীত বিক্ৰী কৰা মানুহজনী চিনাকী হৈ পৰিছে। বয়-বস্তু বিক্ৰী কৰি যি ধন পাই তাৰে কিছু অংশ তেওঁ ঘৰৰে হেনো এটা বাঁহৰ চুঙাত আজি দুবছৰ মানৰ পৰা সাঁচি ৰাখিছে।

কিমান ধন আছে তেওঁ নাজানে। কিন্তু ৬-৭ খনৰো বেছি ২০০০ টকীয়া নোট তেওঁ সেই বাঁহৰ চুঙাটোত ভৰাই থৈছে। এতিয়া তেওঁৰ চিন্তা, ক'ত বেংকত গৈ কেনেকৈ সেই ধন খিনি বদলি কৰিব। এই চিন্তাই তেওঁক নতুনকৈ লগ দিছে।

তেওঁৰ পৰা বস্তু কিনিবলৈ যোৱা চিনাকী আৰু বিশ্বাসী বুলি ভৱা মানুহক তেওঁ এই খবৰ প্ৰায়ে সুধি আছে। কেনেকৈ ২০০০ টকীয়া নোট বদলি কৰিব লাগে সেই খবৰ তেওঁক অতিকৈ প্ৰয়োজন।

মানুহগৰাকীয়ে একেই প্ৰশ্ন আমাকো কৰিলে। তেওঁক দিব পৰা খবৰখিনি দিলো যদিও তেওঁ যেন সেই খবৰত আশ্বস্ত হ'ব পৰা নাই। প্ৰচণ্ড ক্ষোভ মোডীৰ ওপৰত। সৰু তিতা কেৰেলা কেইটা জুখি পলিথিনত ভৰাই মানুহজনীয়ে খঙত কৈয়ে পেলালে এই মোডী চৰকাৰে কিনো ল'ৰা -ধেমালিখন কৰি থাকে। এবাৰ নোটবন্ধ কৰিব এবাৰ নতুন নোট ছপাব। হাৰাশাস্তি আমাৰ হয়।

ভাৰতীয় ৰিজাৰ্ভ বেংকে ১৯ মে' ২০২৩ ত এক নিৰ্দেশনা জাৰি কৰিছিল। হঠাৎ জাৰি কৰা এই নিৰ্দেশনাত কোৱা হৈছিল প্ৰচলিত ২০০০ টকীয়া নোট আৰু নচলে। ২৩ মে' ২০২৩ ৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২৩ লৈকে কোনো ব্যক্তিৰ হাতত থকা ২০০০ টকীয়া নোট সলনি কৰি ল'ব পাৰিব।

সমগ্ৰ দেশত ৰিজাৰ্ভ বেংকৰ ১৯ টা আঞ্চলিক কাৰ্যালয় আছে। এই কাৰ্যালয় সমূহৰ উপৰিও আন বেংকৰ শাখাসমূহত ২০০০ টকীয়া সলনি কৰিব পৰা ব্যৱস্থা ৰখা হৈছে। ৰিজাৰ্ভ বেংকৰ নিৰ্দেশটোত কোৱা হৈছে যে ক্লীন নোট পলিচিৰ অধীনত ২০০০ টকীয়া নোট ৰিজাৰ্ভ বেংকে ঘূৰাই ল'ব খুজিছে।

এয়া এক নিয়মমাফিক ৰিজাৰ্ভ বেংকৰ যুক্তি। বিমুদ্ৰাকৰণ ২০১৬ চনত চৰকাৰে পুৰণি ১০০০ টকীয়া আৰু ৫০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰিছিল। ক'লা ধনৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক, দুৰ্নীতিৰ বিৰুদ্ধে এক ডাঙৰ পদক্ষেপ আখ্যা দিয়া হৈছিল বিমুদ্ৰাকৰণক।

ইয়াৰ সমান্তৰালকৈ নতুন ২০০০ টকীয়া আৰু নতুন ৫০০ টকীয়া প্ৰচলনৰ বাবে মুকলি কৰি দিয়া হৈছিল। আৰ বি আই এক্ট ১৯৩৪ ধাৰা ২৪(১)ৰ অধীনত ২০০০ টকীয়া নোট ছপা কৰা হৈছিল আৰ বি আইৰ মহীশূৰত থকা ছপাশালত। সেয়া আছিল ২০১৬ চনৰ অক্টোবৰৰ কথা।

৬৬ মিলিমিটাৰ বহল,১৬৬ মিলিমিটাৰ দৈৰ্ঘ্যৰ এই ২০০০ টকীয়া নতুন নোট প্ৰচলনৰ বাবে মুকলি কৰি দিছিল ২০১৬ ৰ ৮ নৱেম্বৰত। ২০০০ টকীয়াৰ মুঠ ৬.৭৩ লাখ কোটি টকা মূল্যৰ ধন বজাৰত প্ৰচলন হৈছিল।

প্ৰথমবাৰ ২০১৬-১৭ বিত্তীয় বৰ্ষত ৩,২৮৫.৮৭ বিলিয়ন খন ২০০০ টকীয়া নোট ছপা কৰি প্ৰচলনৰ বাবে বেংকৰ জৰিয়তে ৰিজাৰ্ভ বেংকে মুকলি কৰি দিছিল। ২০১৮-১৯ বিত্তীয় বৰ্ষত ২০০০ টকীয়াৰ মুঠ প্ৰচলনৰ নোটৰ সংখ্যা আছিল ৩,৩৬৩.২৮ বিলিয়নখন।

এই নোটৰ ছপা পৰৱৰ্তী সময়ত বন্ধ কৰি দিয়াত তাৰ প্ৰচলনো হ্ৰাস পায়। ২০১৮ৰ বিত্তীয় বৰ্ষত ২০০০ টকীয়া নোটৰ প্ৰচলন ৩৭.৩ শতাংশলৈ হ্ৰাস হয়। সাধাৰণভাৱে ব্যৱহাৰ কৰোতে বজাৰত খুচুৰাৰ অভাৱ বা আন নিৰাপত্তাজনিত কাৰণত হয়তো এইধনৰ প্ৰচলন লাহে লাহে কমি অহা বুলি ভৱা হৈছিল।

যিসকলৰ হাতত বৰ্তমানো ২০০০ টকীয়া নোট আছে তেওঁলোকে এই নোটসমূহ সলনি কৰিবলৈ কোনো বেংকলৈ গৈ ২০০০ টকীয়া নোট দি সমমূল্যৰ আন নোট গ্ৰহণ কৰিব পাৰিব। কোনো এক চক্ৰই প্ৰচাৰ কৰাৰ দৰে এই নোট সমূহ সলনি কৰিবলৈ বেংকত একাউন্ট, কোনো প্ৰ-পত্ৰ পূৰণ, আধাৰ বা পানকাৰ্ড প্ৰদৰ্শন কৰিব নালাগে।

অৱশ্যে এজন লোকে এবাৰত সৰ্বাধিক ২০,০০০ টকা মূল্যহে অৰ্থাৎ ১০ খন ২০০০ টকীয়া সলনি কৰিব পাৰিব। আনহাতে ব্যৱসায়ীক লেনদেনৰ ক্ষেত্ৰত প্ৰতি দিনেই এটা লেনদেনক সৰ্বাধিক ৪০০০ টকা মূল্যৰ ২০০০ টকীয়া নোট ব্যৱহাৰ কৰিব পাৰিব বুলি এক নিৰ্দেশনা প্ৰকাশ কৰা হৈছে।

যিসকল লোকৰ হাতত বহু পৰিমাণৰ ২০০০ টকীয়া নোট আছে সেই সকলে অৱশ্যে এই নোটসমূহ সলনি কৰোতে আয়কৰ বা আন সংশ্লিষ্ট বিভাগৰ চকুত নপৰাকৈ নিশ্চয় নাথাকিব।

সেই সকলৰ যি হয় সেয়া হৈ থাকিব। কিন্তু সাধাৰণ লোকসকলৰ বাবে এই ২০০০ টকীয়া নোট সলনিৰ অভিজ্ঞতা বিমুদ্ৰাকৰণৰ সময়ৰ দৰে তিক্তদায়ক হ'ব নালাগে। বহুতে ইয়াক বিমুদ্ৰাকৰণৰ পাছত আন এক লঘূ বিমুদ্ৰাকৰণেই বুলি আখ্যা দিছে।

চৰকাৰৰ এনে নীতিক লৈ বিৰোধিও সৰৱ হৈছে।ইয়াৰ ফল কি হয়, কিহৰ বাবে ২০০০ টকীয়া নোটসমূহ অচল কাগজলৈ সলনি কৰিব লগা হৈছে তাৰ নিশ্চয় কাৰণ আছে। সন্মুখত ২০২৪ ৰ নিৰ্বাচন।এই সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এয়া এক আন এক ৰণকৌশল নহয় বুলিও ক'ব নোৱাৰি।

৩০ ছেপ্টেম্বৰ ২০২৩ ৰ পাছত অতীত হ'ব ২০০০ টকীয়া নোট। ইয়াৰ ভৱিষ্যৎ কি হয় সেয়া চৰকাৰ আৰু আৰ বি আইৰ হাতত। কোনে জানে ইয়াৰ পাছত ২০০০ ঠাইত কিজানিবা ৫০০০ টকীয়া নোটেই আহে বজাৰলৈ। এইখন দেশত এতিয়া অসম্ভৱ একো নাই।

'২০০০'  হ'ব '০০০০' !
খবৰৰ মাজত সঁচাকৈয়ে হেৰাই নে খবৰ ! জোনমণি, সংগীতা, বাবুল আৰু ক'ত যে কিমান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in