নাহিলে ভোটাৰ, কেনেকৈ ৪০০পাৰ ?

নাহিলে ভোটাৰ, কেনেকৈ ৪০০পাৰ ?

ডিম্পুল বৰগোহাঁই

বিজেপিৰ ‘৪০০পাৰ’, কংগ্ৰেছৰ ‘মোডীৰ মাধমাৰ’ শ্লোগানেৰে দেশৰ ইতিমধ্যে সম্পন্ন হ’ল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। অসমৰ ৫টা সমষ্টিকে ধৰি দেশৰ ১০২টা সমষ্টিক লৈ দুই-এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে অনুষ্ঠিত হ’ল ভোটগ্ৰহণ।

প্ৰথম পৰ্যায়ত অসমত ভোটদানৰ হাৰে অভিলেখ সৃষ্টি কৰিলেও দেশৰ সামগ্ৰিক ভোটদানৰ হাৰ এইবাৰ যথেষ্ট হ্ৰাস পাইছে। যদিও কোৱা হয় যে, ভোটদানৰ হাৰ কমিলে শাসকীয় পক্ষৰ বাবে শুভ তথাপি ইতিহাসে প্ৰমাণ কৰি আহিছে যে যেতিয়াই ভোটদানৰ হাৰ হ্ৰাস পায় তেতিয়াই শাসকীয় দল বিপদত পৰে।

অসমৰ ৫টা সমষ্টিত প্ৰায় ৮০শতাংশ ভোটদান সাব্যস্ত হোৱাৰ বিপৰীতে দেশৰ ১০২টা সমষ্টিত মুঠ ভোটদানৰ হাৰ প্ৰায় ৬০শতাংশ। লক্ষ্যণীয়ভাৱে বিজেপিৰ মজবুত স্থিতি থকা উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত ভোটদানৰ হাৰ পূৰ্বতকৈ যথেষ্ট কম। বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশত পূৰ্বতকৈ ভোটাৰৰ অংশগ্ৰহণ এইবাৰ যথেষ্ট কমিল।

বিহাৰত প্ৰথম পৰ্যায়ত ৪টা সমষ্টিত ভোটদান অনুষ্ঠিত হৈছিল। যোৱা নিৰ্বাচনত এই লোকসভা সমষ্টিকেইটাত ৫৩শতাংশ ভোটদান সাব্যস্ত হৈছিল যদিও এইবাৰ ৪৭শতাংশ ভোটদানহে হয়।

ইয়াৰ বিপৰীতে বিজেপিৰ মজবুত স্থিতি থকা উত্তৰ প্ৰদেশতো দেখা গ'ল ভোটদানৰ ক্ষেত্ৰত এক নিৰাশাজনক পৰিৱেশ। উত্তৰ প্ৰদেশত নিৰ্বাচন অনুষ্ঠিত হোৱা ৮টা লোকসভা সমষ্টিত ইয়াৰ আগৰটো নিৰ্বাচনত ৬৭শতাংশ ভোটদান সাব্যস্ত হৈছিল যদিও এইবাৰ ৫৭শতাংশলৈ ভোটদানৰ হাৰ অৱনমিত হোৱা দেখা গ’ল।

মধ্যপ্ৰদেশতো যোৱা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৭৫শতাংশ ভোটদান সাব্যস্ত হৈছিল যদিও এইবাৰ ৬৩শতাংশ ভোটদানহে সাব্যস্ত হ'ল। ৰাজস্থানতো ২০১৯ত ৬৪শতাংশ ভোটদান হৈছিল যদিও এইবাৰ ৫৭শতাংশ ভোটদান সাব্যস্ত কৰিলে ভোটাৰে। সামগ্ৰিকভাৱেও এইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২০১৯তকৈ প্ৰায় ৯শতাংশ ভোটৰ শতাংশ কমিল। ২০১৯ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৬৯.৪৩শতাংশ।

ভোটদান হাৰ কমিলে শাসকীয় পক্ষৰ বাবে কি সূচায় তাৰ কিছু প্ৰমাণ এতিয়া উল্লেখ কৰিব বিচাৰিছো। বিগত প্ৰায় ১২টা নিৰ্বাচনৰ ভিতৰত ৫টা নিৰ্বাচনত ভোটদানৰ হাৰ তুলনামূলকভাৱে পূৰ্বতকৈ হ্ৰাস পাইছিল। এই ৫টা নিৰ্বাচনৰ ভিতৰত ৪বাৰেই দেশত সলনি হৈছে চৰকাৰ। মাত্ৰ এবাৰহে শাসকীয় দলে পুনৰ ঘূৰাই পাইছিল শাসনভাৰ।

১৯৮০চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ হাৰ যথেষ্ট হ্ৰাস পাইছিল। সেইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে শাসনভাৰ হেৰুৱাইছিল। ঠিক তেনেদৰে, ১৯৮৯চনত ভোটদানৰ হাৰ যথেষ্ট পৰিমাণে কমি যোৱাৰ ফলত কংগ্ৰেছে শাসনৰ গাদী অইনক চমজাই দিব লগা হৈছিল। বিশ্ব প্ৰতাপ সিঙৰ নেতৃত্বত সেইবাৰ চৰকাৰ গঠন হৈছিল।

ইয়াৰ ঠিক পিছতে ১৯৯১চনত পুনৰ ভোটদানৰ হাৰ দেশত হ্ৰাস পাইছিল। সেইবাৰ পুনৰ কংগ্ৰেছে ঘূৰাই পাইছিল শাসনৰ বাঘজৰী। ১৯৯৯চনত ভোটদাৰ হাৰ হ্ৰাস পালেও শাসনপক্ষ পৰিৱৰ্তন হোৱা নাছিল। কিন্তু লক্ষ্যণীয়ভাৱে ২০০৪চনত ভোটদানৰ হ্ৰাস পোৱাৰ ফল লাভ কৰিছিল দেশৰ বিৰোধী দলসমূহে। অটল বিহাৰী বাজপেয়ীৰ দৰে শক্তিশালী নেতাই হেৰুৱাইছিল প্ৰধানমন্ত্ৰীৰ আসন।

এইদৰেই ইতিহাসে প্ৰমাণ কৰি আহিছে যে, দেশত ভোটদানৰ হাৰ হ্ৰাস পোৱা প্ৰক্ৰিয়া শাসকীয় পক্ষৰ বাবে বৰ সুখজনক নহয়। অৱশ্যে দেশত এতিয়াও ৬টা পৰ্যায়ৰ নিৰ্বাচন বাকী আছে যদিও ভোটাৰে প্ৰথম পৰ্যায়তে কিছু আভাস দিছে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।

কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, দেশৰ বহু ৰাজ্যৰ বিধানসভা, বিধান পৰিষদৰ নিৰ্বাচনত ভোটৰ শতাংশ হ্ৰাস পালে লাভৱান হয় শাসকীয় পক্ষ। ইয়াৰ অলেখ উদাহৰণ আছে। বহু বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ হ্ৰাস পোৱোতো জনতাই পৰিৱৰ্তন নিবিচাৰে বুলিও গণ্য কৰা হয়। কিন্তু ইতিহাসৰ পৃষ্ঠা লুটিয়ালে লোকসভা নিৰ্বাচনত ইয়াৰ ওলোটা এখন ছবিহে দেখা পোৱা যায়।

এইখিনিতে আৰু এটা কথা বিশেষভাৱে লক্ষ্য কৰিবলগীয়া। দেশত যেতিয়াৰে পৰা মোডীৰ ঢৌ বলিছে ধাৰাবাহিকভাৱে দুটা নিৰ্বাচনত ইটোতকৈ সিটো নিৰ্বাচনত ভোটদানৰ শতাংশ বৃদ্ধি পাইছিল। ২০১৪চনৰ লোকসভা নিৰ্বাচনতকৈ ২০১৯ৰ নিৰ্বাচন ভোটদানৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছিল। আৰু ইয়াৰ ফলত লাভ হৈছিল শাসকীয় বিজেপিৰ। ২০১৪চনত ২৮২খন আসন দখল কৰা বিজেপিয়ে ২০১৯ত ৩০৩খন আসন দখল কৰিবলৈ সক্ষম হৈছিল।

পূৰ্বৰ এনে সমূহ তথ্যৰ পৰা কিছু কথা উমান পালেও ৰাজনীতিত সকলোবোৰ সঠিক পূৰ্বানুমান কৰাটো সহজ নহয়। বহুসময়ত বহু বিখ্যাত ৰাজনৈতিক বিশ্লেষক তথা এজেঞ্চীয়ে কৰা অংকটো আউল লগা দেখা যায়। কিন্তু ভোটাৰৰ এনে নিৰাশজনক অংশগ্ৰহণলৈ চাই ২৪ত ৪০০পাৰ কৰিম বুলি দৃঢ় বিশ্বাসী বিজেপি কিমান সফল হয় সেয়াও এতিয়া বহুতৰে মনত ডাঙৰ প্ৰশ্ন হৈ ধৰা দিছে।

যিসময়ত বিজেপিয়ে ৪০০ৰ ঘৰ পাৰ কৰিবলৈ জনতাক ওলাই আহিবলৈ আহ্বান জনাইছে তেনে সময়ত জনতাই কিয় ভোটদান প্ৰক্ৰিয়া অংশ লোৱা নাই তাক লৈও বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। আনকি বিজেপিৰ বৰঘৰ বুলি জনাজাত নাগপুৰৰ নীতিন গাডকাৰীৰ সমষ্টিটো এইবাৰ ভোটদানৰ হাৰ ২০১৯তকৈ বহুগুণে হ্ৰাস পালে।

অসমৰ প্ৰেক্ষাপটত কিন্তু এই সূত্ৰ সম্পূৰ্ণ ওলোটা। অসমত ভোটদানৰ হাৰ কমিলে শাসকীয় পক্ষৰ ভাল আৰু বৃদ্ধি হ'লে শাসকীয় পক্ষৰ বাবে বৰ এটা শুভ নহয় বুলি প্ৰমাণিত হৈ আহিছে। অসমত ২০০৯চনৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৬৯.৫শতাংশ কিন্তু ২০১৪চনত বিজেপিয়ে চৰকাৰ গঠন কৰা বৰ্ষত ভোটদানৰ হাৰ হৈছিলগৈ ৮০শতাংশ। সেইবাৰ অৰ্থাত ২০১৪তে কংগ্ৰেছে হেৰুৱাইছিল অসমৰ কেইবাটাও সমষ্টি।

গতিকে ৰাষ্ট্ৰীয় ৰাজনীতি আৰু অসমৰ ৰাজনীতিৰ মাজত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয়। ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটলৈ চাই অসমৰ ৰাজনীতিৰ ভৱিষ্যত কোৱাটো ইমান সহজ নহয়। সেয়া যি কি নহ'লেও, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভোটাৰৰ নিৰাশাজনক অংশগ্ৰহণেৰে কিহৰ ইংগিত দিব বিচাৰিছে সেয়া ৪জুনতহে স্পষ্ট হ’ব। তেতিয়ালৈকে অপেক্ষাৰ বাহিৰে গত্যন্তৰ নাই...

নাহিলে ভোটাৰ, কেনেকৈ ৪০০পাৰ ?
চকী কাৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in