চকী কাৰ?

চকী কাৰ?

পৰিবৰ্তন সকলোৱে বিচাৰে। সেয়া লাগিলেই ব্যক্তিগত ক্ষেত্ৰতেই হওক বা ৰাজনীতিতেই হওক। সেই পৰিবৰ্তনৰ বাবে ৫ বছৰৰ মূৰত অনুষ্ঠিত হয় নিৰ্বাচন। জনতাই ভোট দিয়ে, চৰকাৰ পাতে। তাৰপাছত জনতাৰ দায়িত্ব চৰকাৰৰ ওপৰত আহি পৰে।

এখন ভাল চৰকাৰ সকলোৰে কাম্য। যাৰ বাবে লাখ লাখ মানুহ ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ১৯ এপ্ৰিলত দেশত অনুষ্ঠিত হয় লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ।  ২১ খন ৰাজ্যৰ মুঠ ১০২ টা সমষ্টিত ১৬২৫ গৰাকী প্ৰাৰ্থিয়ে বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে আজিৰ নিৰ্বাচনত। 

অসমৰ ৫ টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, শোনিতপুৰ আৰু লখিমপুৰত বৃহৎ সংখ্যক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে।

পূৰ্বতকৈ কিছু পৃথক দেখা গৈছে এইবাৰ নিৰ্বাচনৰ পৰিস্থিতি। এইবাৰ যেন অনুমান লগোৱা কঠিন হৈ পৰিছে কোন দলে চৰকাৰ গঠন কৰিব। শাসকীয় দলে কৈ যোৱাৰ তেওঁলোকৰ প্ৰতিদ্বন্দ্বী নাই বুলি কোৱা কথাষাৰ যেন কেৱল ফেটেকাৰ ফেনৰ লেখীয়া।

নিৰ্বাচনী প্ৰচাৰলৈ লক্ষ্য কৰিলে দেখা যায় যে এইবাৰ শাসকীয় পক্ষই লক্ষ্য কৰি লৈছে হিতাধিকাৰী মহিলাখিনিক। যাৰ বাবে বিজেপিৰ প্ৰতিখন সভাতেই পুৰুষতকৈ মহিলাৰ উপস্থিতি বেছি।

লাখপতি বাইদেউ, আত্মসহায়ক গোটলৈ টকা, ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ খৰছ আদি বিভিন্ন ধৰণৰ ললিপপ দি গৈছে শাসকীয় পক্ষই। প্ৰতিখন নিৰ্বাচনী সভাত দেখা হৈছে বিৰোধীক কৰা আক্ৰমণ, হিতাধিকাৰী সৃষ্টিৰ কথা।

সেইবাবে এই কথা অনুমান ল'ব পাৰি যে এইবাৰ নিৰ্বাচনত যথেষ্ঠ সংখ্যক মহিলাই ভোটদান কৰিব। বিজেপিয়ে অতি চতুৰালীৰে এই বিশেষ চামটোক লক্ষ্য কৰি গৈছে।

আনহাতে যুৱচামৰ প্ৰভাৱো এই নিৰ্বাচনত মন কৰিবলগীয়া হ'ব। ছ'চিয়েল মিডিয়াত দেখিলে গ'ম পোৱা যায় যুৱচামৰ মাজত শাসকীয় দলৰ প্ৰতি থকা ক্ষোভ। প্ৰায় সংখ্যকে বিচাৰিছে পৰিবৰ্তন, সু-শাসন।

হয়তো যুৱচামে দেখা পাইছে হিতাধিকাৰীৰ আঁৰত থকা ঋণৰ বোজা, বুজি পাইছে মৃল্যবৃদ্ধি, আন জলন্ত সমস্যা সমূহৰ বিষয়ে।

যি দলেই শাসন নকৰক কিয়, এখন সুস্থ সমাজ সকলোৰ কাম্য। এখন সুস্থ সমাজ আশা কৰাৰ আগতে সমাজৰ মুখ্য সমস্যাসমূহৰ ওপৰত আলোচনা কৰাতো অতিকে প্ৰয়োজন।

কিন্তু কিছুমান তুলুঙা মন্তব্যৰ বাহিৰে এইবাৰৰ নিৰ্বাচনত জনপ্ৰতিনিধিৰ মুখৰ পৰা শুনা নগ'ল এটাও মূল সমস্যাৰ বিষয়ে। বছৰ বছৰ ধৰি অসমক বানপানীয়ে জুৰুলা কৰি আহিছে। বানপানীয়ে মানুহ মাৰি নিছে, মাটি নিছে, এচামৰ সকলো শেষ কৰি লৈ গৈছে। বানপানীত ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰাৰ বাবে বহু আন্দোলনো হৈ গ'ল। কিন্তু পৰিতাপৰ বিষয় যে ভোট খুজিবলৈ অহা সকলৰ মনত নপৰিল অসমৰ মূল সমস্যাটোৰ বিষয়ে।

জনজাতিকৰণৰ সমস্যা আজিৰ নহয়। কিন্তু এই সমস্যাৰ ওপৰতো আহিবলগীয়া চৰকাৰখনে কি ব্যৱস্থা ল'ব তাৰ কোনো বিস্তৃত বিৱৰণ নাই। নিৰ্বাচনী ইস্তাহাৰত কেৱল চৰকাৰী আঁচনিৰ ফুলজাৰি।

কা-, নিবনুৱা আদিও অসমৰ বাবে জলন্ত সমস্যা। আশা কৰা হৈছিল কা-ৰ ওপৰত গুৰুত্ব দি এইবাৰ বিৰোধীয়ে প্ৰচাৰ চলাব। কিন্তু অসমীয়া ৰাইজৰ আবেগ, অসমীয়া ৰাইজৰ ত্যাগক প্ৰাধন্য দি এই কা-ৰ ওপৰত বিৰোধীয়ে বৰ বিশেষ প্ৰচাৰ কৰা দেখা নগ'ল।

নিবনুৱা সমস্যা বৃদ্ধি হৈয়ে আছে। চৰকাৰৰ তথ্য মতে হয়তো বহু লাখ নিবনুৱাই চাকৰি পালে। সেয়া জনতাইও দেখিছে। কিন্তু চাকৰি কৰাৰ পাছৰ পৰিস্থিতি কেৱল তেওঁলোকে বুজি পাইছে যিয়ে কেতিয়াবা দুই-তিনি মাহলৈ দৰমহাৰ পৰা বিৰত হৈ থাকিবলগীয়া হৈছে। এয়া এক প্ৰকাৰ ৰাম ঠগন নহয়নে? চৰকাৰী চাকৰি বুলি ৮০০০-৯০০০ টকাৰ চাকৰি এটা দিয়াটোও কম লাজৰ বিষয় নহয়নে? এনেকৈ জানো দেশৰ আৰ্থিক উন্নয়ন সম্ভৱ?

এইবাৰ নিৰ্বাচনত গৌৰৱ গগৈৰ ঢৌ দেখা গৈছে। সৰু ল'ৰা, অসমীয়া ভালকৈ ক'ব নাজানে বুলি কিছুমানে ইতিকিং কৰাৰ পাছতো ৰাইজে কিন্তু মনত ৰাখিছে গৌৰৱৰ ভাল কথাখিনিহে। সদনত গৌৰৱ গগৈয়ে বুকু ফিন্দাই অসমীয়াৰ হৈ দি যোৱা ভাষণ মনত ৰাখিছে ভোটাৰে। তেওঁলোকৰ মতে, গৌৰৱ জয়ৰ যোগ্য। তেওঁলোকৰ মতে, সদনত গৌৰৱৰ দৰে অসমীয়া থকা প্ৰয়োজন। ইতিমধ্যে গৌৰৱৰ হৈছে নৈতিক জয়।

সেয়া হয়তো বিজেপিয়েও বুজি পাইছে। যাৰ বাবে এইবাৰ গৌৰৱ গগৈৰ সমষ্টিত দেখা গৈছিল বিজেপিৰ এজনৰ পাছত আন এজন ষ্টাৰ কেম্পেইনাৰ। গতিকে সৰু ল'ৰা বুলি ভাবিলেও বিজেপিয়ে যে গৌৰৱক লৈ বিপাঙত পৰিছে সেয়া নিশ্চিত।

অৱশ্যে ৰাইজৰ মাজক গৌৰৱৰ এই জনপ্ৰিয়তাৰ কৃতিত্ব কংগ্ৰেছলৈ নাযায়। নিৰ্বাচনৰ পূৰ্বেই যেন ,কংগ্ৰেছে মানি লৈছিল পৰাজয়। সম্ভাৱণা থকাৰ পাছতো কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ নুঠিল। বহু কংগ্ৰেছী নেতাই নিৰ্বাচনী প্ৰচাৰৰ পৰা নিজকে দূৰত ৰখায়েই পৰিলক্ষিত হয়। এতিয়ালৈকে বিৰোধীয়ে ঘোষণা নকৰিলে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী।

এইবাৰ লোকসভা নিৰ্বাচনত আন এখন যুঁজ দেখা যাব ডিব্ৰুগড়ত। এই যুঁজ হ'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণ জ্যোতি গগৈৰ মাজত। বিজেপিয়ে ভবাৰ দৰে জয়ৰ ক্ষেত্ৰত তেওঁলোকৰ হিচাপ কিছু খেলি মেলি হ'বও পাৰে।

ইয়াতে আন এটা মন কৰিবলগীয়া কথা যে, বিজেপিয়ে ক্ৰমান্বয়ে যেন দূৰলৈ ঠেলি দিছে সৰ্বানন্দ সোনোৱালক। এইবাৰ সৰ্বানন্দ সোনোৱালৰ প্ৰচাৰ কেৱল কেইটামান ঠাইতে সীমাবদ্ধ হৈ থাকিল। আনকি নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাত সৰ্বানন্দ সোনোৱালৰ অনুপস্থিতিয়ে বহু প্ৰশ্নৰ অৱকাশ আনিছে।

এইবাৰ অসমত লোকসভা নিৰ্বাচন কিছু দেখনিয়াৰ হৈ পৰিছে। কিন্তু এটা কথা মনত ৰখা উচিত যে মৰচিকা খেদি ফুৰা আৰু অনিশ্চিয়তাৰ পিঠিত উঠি লক্ষ্যৰ চৰম সীমাত উপনীত হোৱা বুলি কৰা আশা একেই। বিভ্ৰান্তিত কোনো নিশ্চিয়তা নাথাকে। বিভ্ৰান্তিয়ে কেতিয়াও দিব নোৱাৰে পৰম তৃপ্তি।

এতিয়া যেন বিজেপি, বিৰোধী প্ৰায় একেই স্থানতে অৱস্থান কৰি আছে। শাসকীয় পক্ষই জানে তেওঁলোক আগৰ দৰে শক্তিশালী হৈ থকা নাই। বিৰোধীয়েও জানে তেওঁলোকৰ পৰিস্থিত। হয়তো এই সময় বিৰোধীৰ নহ'লেও আহিবলগীয়া সময় তেওঁলোকৰ হ'ব। হয়তো শেষ হৈ যাব বুলি ভবা বিৰোধীক আকৌ জীয়াই তুলিব জনতাই।

যিয়েই নহওক, এইবাৰ নিৰ্বাচনী যুঁজ সম্ভৱত হৈ উঠিব হিতাধিকাৰী আৰু যুৱ ভোটাৰৰ মাজত। হয়তো এই নিৰ্বাচনী যুঁজ হ'ব ভোটাৰ আৰু নেতাৰ মাজত। কোন জিকে, কোন হাৰে সেয়া পিছৰ কথা, কিন্তু ৰাৱনক ৰোধিবলৈ ৰাম এদিন আহিবই...

চকী কাৰ?
এয়া জনতাৰ জনাদেশ দিয়াৰ সময়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in