যোগগুৰু বাবা শিৱানন্দ স্বামী...

স্বামী শিৱানন্দই কুষ্ঠ ৰোগত আক্ৰান্ত ৪০০ৰ পৰা ৬০০ ভিক্ষাৰীক নিজ বাসগৃহত ৰাখি তেওঁলোকৰ চিকিৎসা কৰাৰ লগতে তেওঁলোকক যোগশিক্ষাও প্ৰদান কৰিছিল।

New Update
াূুীু

চয়নিকা শইকীয়া

২০২২ চনত ৰাষ্ট্ৰপতি ভৱনৰ এটা ভিডিঅ'ই খুব চৰ্চা লাভ কৰিছিল। পিন্ধনত এখন বগা চুৰিয়া আৰু এটা বগা কামিজ,পদ্মশ্ৰীৰ বাবে মনোনীত এগৰাকী যোগা গুৰুৱে বঁটা গ্ৰহণৰ সময়ত আঠু কাঢ়ি সেৱা জনাইছিল প্ৰধানমন্ত্ৰী ক্ৰমে ৰাষ্ট্ৰপতি গৰাকীক। প্ৰতি সম্ভাষণ জনাবলৈ নিজ আসনৰ পৰা উঠি যোগ গুৰু গৰাকীক সেৱা জনাইছিল প্ৰধানমন্ত্ৰী মোডী আৰু তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও।

Advertisment

১২৫ বছৰ বয়সীয়া যোগ গুৰু শিৱানন্দ বাবাৰ সেই সৰলতাই ৰাইজৰ হৃদয় জয় কৰিছিল। তেনেই সাধাৰণ জীৱন-যাপনৰ লগতে প্ৰচাৰ বিমুখ এইগৰাকী শিৱানন্দ বাবাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তিৰ বিকাশত যোগাভ্যাসে প্ৰভূত বৰঙণি আগবঢ়াইছে। কাৰণ জীৱনৰ ১০০ তকৈ অধিক বছৰ তেওঁ যোগ সাধানা কৰিছে।

নিয়ন্ত্ৰণহীন হৈ পৰা দেশৰ একাংশ বিখ্যাত যোগগুৰুই যোগাক যিদৰে ব্যৱসায়ৰ থল লৈ নিজ স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে ৰাইজক আভুৱা ভৰি আহিছে তাৰ সম্পূৰ্ণ বিপৰীত এক সত্বা বাবা শিৱানন্দ। বিগত বহু বছৰে কাশীৰ ঘাটত যোগ সাধনাৰ শিক্ষা প্ৰদান কৰিছিল যোগগুৰুগৰাকীয়ে। সেয়ে ২০২২ চনৰ ২১ মাৰ্চত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে প্ৰদান কৰিছিল। 

শিৱানন্দ বাবাৰ ঘৰ বাৰাণসীৰ দুৰ্গাকুণ্ডত অৱস্থিত কবীৰ নগৰত। ১৮৯৬ চনৰ ৮ আগষ্টত শ্ৰীহত্ত জিলাৰ হৰিপুৰ গাঁৱৰ (বৰ্তমান বাংলাদেশত) ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল শিৱানন্দে। পিতৃ-মাতৃ ভগ্নীৰে সৈতে তেওঁলোক আছিল ৪জন সদস্য। পিতৃ-মাতৃয়ে ভিক্ষা কৰি পৰিয়ালটোক পোহপাল দি আছিল যদিও সময়ৰ লগে লগে তেওঁলোকৰ আৰ্থিক সমস্যাও বাঢ়ি গৈছিল। 

সেয়ে ৪ বছৰ বয়সত শিৱনান্দক অভিভাৱকে বাবা শ্ৰী ওমকাৰানন্দ গোস্বামীৰ হাতত গতাই দিছিল। শৈশৱৰ পৰাই শিৱানন্দই গুৰু ওমকাৰানন্দৰ লগত থাকি তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। সময়ৰ লগে লগে তেওঁ যোগা শিক্ষাৰ পণ্ডিত হৈ পৰিছিল।

গুৰুৰ পৰা দীক্ষা লৈ শিৱানন্দে সকলোকে যোগ শিক্ষা দিছিল লগতে নিজেও যোগ সাধনা কৰিছিল। তেওঁ সাধাৰণ খাদ্য খাই যোগী সদৃশ জীৱনশৈলী পালন কৰিছিল। বয়সৰ সত্ত্বেও তেওঁ অতি কঠিন যোগাসনৰ ভংগীমা সহজেই কৰিব পাৰিছিল। 

গুৰুজনাৰ মৃত্যুৰ পিছত বাবা শিৱানন্দই জনসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰিছিল। তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল । ১৯২৫ চনত গুৰুৰ নিৰ্দেশত তেওঁ বিশ্ব ভ্ৰমণৰ বাবে ৰাওনা হয় আৰু প্ৰায় ৩৪ বছৰ ধৰি দেশ-বিদেশ ভ্ৰমণ কৰিছিল।

ইয়াৰ ভিতৰত গ্ৰীচ, ফ্ৰান্স, স্পেইন, অষ্ট্ৰিয়া, ইটালী, হাংগেৰী, ৰাছিয়া, পোলেণ্ড, আয়াৰলেণ্ড, নেদাৰলেণ্ড, ছুইজাৰলেণ্ড, জাৰ্মানী, বুলগেৰিয়া, ব্ৰিটেইন আদি দেশ অন্তৰ্ভুক্ত আছিল। তেওঁ য’তেই গৈছিল তাতেই যোগৰ প্ৰচাৰ কৰিছিল। তেওঁ শেষবাৰৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিছিল ২০১১ চনত। তেওঁৰ অনুগামীসকলৰ মাজত উত্তৰ-পূবৰ পৰা অহা লোকৰ সংখ্যা বেছি বুলি তেওঁ জনাইছিল।

বাবা শিৱানন্দে বিশ্বাস কৰিছিল যে, মানুহ সুস্থ হৈ থাকিলেহে ধৰ্ম,জাতি,সমাজৰ গুৰুত্ব আছে। সেয়ে তেওঁ সমস্ত পৃথিৱীখনক সুস্থ হৈ থকাৰ মন্ত্ৰ দিব বিচাৰিছিল। আজিৰ যুগত যোগাসন সকলোৰে বাবে গুৰুত্বপূৰ্ণ। যেতিয়া যোগাসন কৰি প্ৰতিটো ধৰ্ম আৰু পন্থাৰ লোক সুস্থ হৈ থাকিব তেতিয়া দেশখন সুস্থ হৈ থাকিব আৰু দেশৰ অগ্ৰগতি হ’ব বুলি তেওঁ বিশ্বাস কৰিছিল।

স্বামী শিৱানন্দই কুষ্ঠ ৰোগত আক্ৰান্ত ৪০০ৰ পৰা ৬০০ ভিক্ষাৰীক নিজ বাসগৃহত ৰাখি তেওঁলোকৰ চিকিৎসা কৰাৰ লগতে তেওঁলোকক যোগশিক্ষাও প্ৰদান কৰিছিল। এই মহানতাৰ বাবে তেওঁক ২০১৯ চনত বেংগালুৰুত তেওঁক যোগৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। শিৱানন্দে মহাকুম্ভ মেলাতো অংশ লৈ তাত থকা মানুহবোৰক যোগৰ শিক্ষা দিছিল।

বয়সক পৰাস্ত কৰি ১২৭ বছৰ বয়সলৈ সুস্থ জীৱন যাপন কৰা এই যোগগুৰু বাবা শিৱানন্দই আছিল আটাইতকৈ বয়সীয়াল পদ্মশ্ৰী বঁটাপ্ৰাপক। অৱশেষত শনিবাৰে নিশা ৮.৪৫ বজাত বাৰাণসীৰ বি এইচ ইউ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বাবা শিৱানন্দে। স্বাস্থ্যৰ কিছু অৱনতি হোৱা ফলত বিগত ৩দিনে তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। 

১২৮ বছৰ বয়সত দেহাৱসান ঘটা বাবা শিৱানন্দৰ মৃত্যুত ম্ৰিয়মান সমগ্ৰ দেশ। আজি দেশবাসীয়ে হেৰুৱালে নিঃস্বাৰ্থভাৱে ৰাইজক সেৱা আগবঢ়োৱা এগৰাকী পুৰোধাক। ইতিমধ্যে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে ৰাষ্ট্ৰপতি- প্ৰধানমন্ত্ৰীয়ে । তেওঁৰ মৃত্যুৰ পিছত অন্তিম দৰ্শনৰ বাবে বি এইচ ইউৰ বাহিৰত ভিৰ কৰিছে অগণন গুণমুগ্ধই আৰু এয়াই তেওঁৰ জীৱনৰ প্ৰাপ্তি...

শিৱানন্দ বাবা