/asomiyapratidin/media/media_files/2025/03/31/ghHkTaghOOJFWTdqg1cR.jpg)
চয়নিকা শইকীয়া
আমি সকলোৱে ট্ৰেণ্ডৰ পিছত দৌৰি ফুৰো। সেই ট্ৰেণ্ড নাইট ক্লাৱৰ হওঁক,সাজ-পোচাকৰে হওঁক,এআইৰ হওঁক বা শেহতীয়াকৈ সামাজিক মাধ্যমত আলোড়ন সৃষ্টি কৰা ঘিবলীয়ে হওঁক, মুঠতে ট্ৰেণ্ড কিমান সুৰক্ষিত সেই বিষয়ে জনাৰ বিপৰীতে ট্ৰেণ্ড ফ'লো কৰাত আমি আগ্ৰহী।
এসময়ত ৪ ছেকেণ্ডৰ এটা দৃশ্য বনাবলৈ এবছৰতকৈয়ো অধিক সময় লৈছিল ষ্টুডিঅ' ঘিবলীয়ে। বৰ্তমান মাত্ৰ ৩ মিনিটত চেটজিপিত সম্পূৰ্ণ হৈ যায় এটা ভিডিঅ'। গতিকে এনে ধৰণৰ প্ৰযুক্তি বা আহিলাৰ প্ৰতি আকৰ্ষিত হোৱাতো স্বাভাৱিক। কিন্তু ব্যৱহাৰৰ পূৰ্বে সেই প্ৰযুক্তিৰ ইতিবাচক আৰু নেতিবাচক সকলোখিনি চালি-জাৰি চোৱাতো উচিত।
আজিকালি সৰ্বত্ৰে ঘিবলী ষ্টাইলত ছবি নিৰ্মাণৰ প্ৰতিযোগিতা। জাপানীজ এনিমেচনৰ এটা বিখ্যাত এনিমেচন ষ্টুডিঅ’ ঘিবলীয়ে সুন্দৰ আৰু কলাত্মক এনিমেচন ছবি বনাই ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে ৷ ১৯৯৮ চনত বিখ্যাত জাপানীজ এনিমেচন পৰিচালক হায়াও মিয়াজাকি আৰু তেওঁৰ সংগী ইছাও তাকাহাতাই প্ৰতিষ্ঠা কৰিছিল ষ্টুডিঅ’ ঘিবলী ৷
ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি চেলিব্ৰেটিলৈ সকলোৱে ফ'লো কৰিছে এই ঘিবলী ট্ৰেণ্ড। সকলোৱে ফটো বনাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। তাৰকা সকলৰ সমৰ্থনে এই ট্ৰেণ্ডৰ প্ৰতি আমাক অধিক উৎসাহী কৰি তুলিছে। মুঠতে সামাজিক মাধ্যমত 'Studio Ghibli on ChatGPT' ৰ ধাৰাই খলকনি তুলিছে ৷
এই প্ৰতিযোগিতাৰ মাজত আপুনি এবাৰ ভাৱিছেনে, নিজৰ ফটো AI প্লেটফৰ্মত শ্বেয়াৰ কৰাটো কিমান নিৰাপদ? আপুনি কেৱল মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰি থকা এই আহিলাবিধ কিমান সুৰক্ষিত? আপুনি শ্বেয়াৰ কৰা ফ'টোবোৰ ক’ত সংৰক্ষণ কৰা হৈছে?
আপোনাৰ ফটোসমূহ এআইৰ দ্বাৰা সৃষ্টি কৰাটো যিমান আমোদদায়ক সিমানে বিপদজনকো হ'ব পাৰে। মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে ষ্টুডিঅ’ ঘিবলীৰ যাদুকৰী জগতখনে আপোনাৰ ফ'টোখনক এক নতুন ৰূপ দিয়ে, সেই ৰূপান্তৰে আপোনাৰ জীৱনত লগাব পাৰে অথন্তৰ। দৰাচলতে, এই এআই কোম্পানীৰ বিৰুদ্ধে উত্থাপন হৈছে মানুহৰ তথ্য বিক্ৰী কৰাৰ অভিযোগ।
আচলতে আমি ফোনটো আনলক কৰিবলৈ হওঁক, ছ’চিয়েল মিডিয়াত টেগ কৰিবলৈ হওঁক বা যিকোনো সেৱা ব্যৱহাৰ কৰিবলৈ হওঁক, প্ৰতিদিনে আমাৰ ফটো এআইত আপলোড কৰো। আমি যেতিয়া ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰো বা এপসমূহত কেমেৰা এলাও কৰো, তেতিয়া প্ৰায়ে ইয়াৰ বিপদক আওকাণ কৰো।
ফলস্বৰূপে এআই কোম্পানীয়ে আমাৰ মুখৰ অনন্য মাত্ৰাসমূহ স্কেন কৰি সংৰক্ষণ কৰে। এই প্ৰক্ৰিয়া ডাটা পাছৱৰ্ড বা ক্ৰেডিট কাৰ্ড নম্বৰতকৈ অধিক বিপজ্জনক কাৰণ পাছৱৰ্ড সলনি কৰিব পাৰি কিন্তু মুখমণ্ডল আপুনি কোনো কাৰণতে সলনি কৰিব নোৱাৰে। যাৰফলত বহু যুৱতী,তাৰকা দিপফেকৰ স্বীকৰ হৈ আহিছে।
ক্লিয়াৰভিউ এআই বিতৰ্কও তেনেকুৱা এটা কাণ্ড। দৰাচলতে ক্লিয়াৰভিউ এআইয়ে অনুমতি অবিহনে ছ’চিয়েল মিডিয়া, নিউজ চাইট আৰু ৰাজহুৱা ৰেকৰ্ডৰ পৰা ৩ বিলিয়ন ফটো চুৰি কৰি আৰক্ষী আৰু ব্যক্তিগত কোম্পানীক বিক্ৰী কৰি ডাটাবেছ তৈয়াৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
গতিকে এআই প্ৰযুক্তিক সহজভাৱে নল’ব। চিন্তা নকৰাকৈ যিকোনো এআই প্লেটফৰ্মত ফটো আপলোড কৰিলে বিপদত পৰিব পাৰে আপুনিও। মেটা (ফেচবুক) আৰু গুগলৰ দৰে বৃহৎ কোম্পানীয়ে ইউজাৰৰ ফটো ব্যৱহাৰ কৰি নিজৰ এআই মডেল প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে।
PimEyes ৰ দৰে ৱেবছাইটে যিকোনো ব্যক্তিৰ ফটো আপলোড কৰি তেওঁৰ সম্পূৰ্ণ ডিজিটেল ফুটপ্ৰিণ্ট উলিয়াব পাৰে। ইয়াৰ অৰ্থ হ’ল এআইৰ বাবে ষ্টকিং, ব্লেকমেইলিং আৰু চাইবাৰ অপৰাধৰ গোচৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
কেৱল এয়াই নহয়, ২০২৪ চনৰ মে’ মাহত অষ্ট্ৰেলিয়াৰ আউটবক্স কোম্পানীটোৰ তথ্য ফাদিল হৈছিল, য’ত ১০ লাখৰো অধিক লোকৰ ফেচিয়েল স্কেন, ড্ৰাইভিং লাইচেন্স আৰু ঠিকনা চুৰি হৈছিল। এই তথ্য এটা ৱেবছাইটত আপলোড কৰা হৈছিল। ফলত হাজাৰ হাজাৰ লোক পৰিচয় চুৰি আৰু চাইবাৰ জালিয়াতিৰ বলি হৈছিল।
ষ্টেটিষ্টাৰ এক প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ ভিতৰত ফেচিয়েল ৰিকগনিচন টেকন’লজিৰ বজাৰ ৫.৭৩ বিলিয়ন ডলাৰৰ পৰা ২০৩১ চনৰ ভিতৰত ১৪.৫৫ বিলিয়ন ডলাৰত উপনিত হ'ব। গতিকে আপুনি যদি ভাৱিছে আপোনাৰ ছবিসমূহ এআইৰ দ্বাৰা সৃষ্টি কৰাটো কেৱল এক মনোৰঞ্জন, তেন্তে আপুনি পুনৰ চিন্তা কৰাৰ প্ৰয়োজন আছে।
এআইয়ে আমাৰ জীৱনটো সহজ কৰি তুলিছে যদিও ই আমাক অজানিতে ডাঙৰ বিপদতো পেলাব পাৰে। ডাটা লিক, পৰিচয় চুৰি আৰু চাইবাৰ জালিয়াতিৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ আমি নিজেই সজাগ হ’ব লাগিব।
প্ৰশ্নটো এইটো নহয় যে এআই আপোনাৰ বাবে কিমান উপকাৰী, কিন্তু আপুনি ইয়াক কিমান বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিছে সেয়াহে আচল কথা। গতিকে পৰৱৰ্তী সময়ত এআই ত ফ'টো আপলোড কৰাৰ পূৰ্বে আপুনি আকৌ এবাৰ ভাৱি চাব যাতে এই আনন্দ আপোনাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈ নপৰে।
যদিহে আপুনি পৰিচয়ৰ অপব্যৱহাৰ হোৱাটো নিবিচাৰে, তেন্তে কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে-
- প্ৰথমে আপোনাৰ ফটো এআই এপত আপলোড কৰাটো বন্ধ কৰক।
- ছ’চিয়েল মিডিয়াত হাই ৰিজ’লিউচনৰ ফ'টো আপলোড কৰাৰ পৰা বিৰত থাকক।
- ফেচ আনলকৰ পৰিৱৰ্তে এটা শক্তিশালী পাছৱৰ্ড বা পিন ব্যৱহাৰ কৰক।
- কোনো অজ্ঞাত এপত কেমেৰা এলাও নকৰিব।
- চৰকাৰ আৰু টেক কোম্পানীক এআই আৰু ফেচিয়েল ৰিকগনেচন প্ৰযুক্তিৰ অবৈধ ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ দাবী জনাওঁক
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰা ঘিবলীয়ে আপোনাৰ লগতে টোপনি হৰিছে খোদ মালিকপক্ষৰো। ঘিবলী ব্যৱহাৰকাৰীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা ফলত Open AI ৰ চাৰ্ভাৰত লোড যথেষ্ট বৃদ্ধি পাইছে। এনে পৰিস্থিতিত কোম্পানীটোৰ চিইঅ’য়ে নিজ এক্স হেণ্ডেলযোগে লিখিছে যে, "অনুগ্ৰহ কৰি আমাৰ দলটোক কিছু জিৰণি ল’বলৈ সময় দিয়ক।" গতিকে ভাৱক আমি কি পৰ্যায়ত ঘিবলীৰ কবলত পৰিছো।