আনৰ সুখ মুখ্য, নিজৰ সুখ গৌণ...

যিখন দেশত এজন লোকৰ হেৰুৱা মাণিবেগটো আনজনে উভতাই দিবলৈ ইচ্ছুক সেইখনেই হৈছে এখন সুখী দেশ। কিন্তু যিখন দেশত পকেট মাৰৰ সন্ত্ৰাসত আপুনি ত্ৰিভূৱণ দেখিবলগীয়া হয় সেইখন দেশ সুখৰ তালিকাত পাকিস্তানৰ পাছত ১১৮ স্থান পোৱাটোৱে স্বাভাৱিক। 

author-image
চয়নিকা শইকীয়া
আপডেট কৰা হৈছে
New Update
DFGDG

চয়নিকা শইকীয়া

Advertisment

সুখৰ সংজ্ঞা কি? এই সংজ্ঞা প্ৰত্যেকৰে বাবে বেলেগ বেলেগ। কোনোবাজনে যদি উৰুখা পঁজাতে স্বৰ্গীয় সুখ অনুভৱ কৰিছে কোনোবাজনে শীত তাপ নিয়ন্ত্ৰিত কোঠাত থাকিও সেই সুখ অনুভৱ কৰিব পৰা নাই। মুঠতে সুখৰ পিছত আমি সকলোবোৰ পাৰো মানে দৌৰি ফুৰো। জন্মগত অভ্যাস নহয়নে বাৰু ?

আচলতে সুখী হ’বৰ বাবে ঐশ্বৰ্য ধন-সম্পত্তি বা বহুত টকা-পইচা নালাগে। এসাজ ভাতকে আনৰ সৈতে ভাগ-বতৰা কৰা, সামাজিক সমৰ্থনৰ বাবে কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰা আৰু এটা আপোন পৰিয়ালো হ'ব পাৰে এজন মানুহৰ লগতে এখন দেশৰ সুখ কাৰক।

আন্তৰ্জাতিক সুখ দিৱসৰ প্ৰাকমুহূৰ্তত প্ৰতি বছৰে সুখী দেশসমূহৰ তালিকা প্ৰকাশ কৰে। এইবাৰ, ইয়াৰ ব্যতিক্ৰম হোৱা নাই। বিশ্ব সুখ প্ৰতিবেদন ২০২৫ ৰ ফলাফল অনুসৰি পুনৰ সুখী দেশৰ তালিকাত প্ৰথম স্থান দখল কৰিছে ফিনলেণ্ডে।

একেৰাহে অষ্টমবাৰৰ বাবে সুখী দেশৰ তালিকাৰ শীৰ্ষত ফিনলেণ্ড।অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ কল্যাণ গৱেষণা কেন্দ্ৰই প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদনত অন্যান্য উত্তৰ ইউৰোপৰ দেশসমূহো তালিকাৰ শীৰ্ষত আছে। ফিনলেণ্ডৰ উপৰিও ডেনমাৰ্ক, আইচলেণ্ড আৰু চুইডেন তালিকাৰ শীৰ্ষ ৪ত আছে ।

কিন্তু সুখী দেশৰ তালিকাত ভাৰতৰ স্থান শেষৰ পৰা শীৰ্ষত বুলি ক'লেও ভুল কোৱা নহ'ব। তালিকাখনত ১১৮ স্থানত আছে ভাৰত। আনহাতে, যুদ্ধবিধ্বস্ত আফগানিস্তানৰ নাম এই বছৰ সুখী দেশসমূহৰ তালিকাৰ একেবাৰে তলত আছে।

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৱেলবিয়িং ৰিচাৰ্চ চেণ্টাৰে প্ৰকাশ কৰা ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট ২০২৫ অনুসৰি সুখ কেৱল অৰ্থনৈতিক বিকাশৰ দ্বাৰা নিৰ্ধাৰিত নহয়, মানুহৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু সামাজিক বন্ধনেও ইয়াত ডাঙৰ ভূমিকা পালন কৰে। 

যিখন দেশত এজন লোকৰ হেৰুৱা মাণিবেগটো আনজনে উভতাই দিবলৈ ইচ্ছুক সেইখনেই হৈছে এখন সুখী দেশ। উল্লেখ কৰা প্ৰয়োজন যে, আটাইতকৈ সুস্থিৰ আৰু নিৰাপদ দেশ হিচাপে পৰিগণিত হোৱা ফিনলেণ্ডত ২০১৫ চনত ইয়াত হত্যাৰ হাৰ প্ৰতি লাখ জনসংখ্যাত মাত্ৰ ১.২৮ শতাংশ। ইয়াৰ মুঠ জনসংখ্যা ৫৫ লাখ। ২০১৫ চনত ইয়াত মাত্ৰ ৫০টা হত্যাকাণ্ড সংঘটিত হৈছিল। 

দেশখনৰ প্ৰশাসন তথা আৰক্ষী অতি নিৰ্ভৰযোগ্য আৰু দক্ষ। ইয়াৰ আৰক্ষী আৰু ইণ্টাৰনেট নিৰাপত্তাক বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে দেশখনত আইন কঠোৰভাৱে পালন কৰা হয়।

ইয়াৰোপৰি ফিনলেণ্ডত প্ৰতিগৰাকী নাগৰকিৰ আছে আৰ্থিক নিৰাপত্তা। দেশখনত জনসাধাৰণে চাকৰিৰ বাবে বা বৃদ্ধাৱস্থাৰ চিন্তাত দিন কটাবলগীয়া নহয়। দুৰ্ঘটনা বা কোনো লোক অসুস্থ হ'লে এই সকলোবোৰ দায়িত্ব চৰকাৰে লয়। যদিও ইয়াৰ মানুহৰ উপাৰ্জন যথেষ্ট বেছি।

ফিনলেণ্ড এখন দুৰ্নীতিমুক্ত আৰু অতি প্ৰগতিশীল দেশ। ইয়াৰ প্ৰশাসনক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। ইয়াত দুৰ্নীতি আটাইতকৈ কম। ফিনলেণ্ডৰ বেংকসমূহ বিশ্বৰ ভিতৰতে শক্তিশালী বেংকসমূহৰ ভিতৰত অন্যতম। যদিও ইয়াত জিডিপি কম। এইখনেই পৃথিৱীৰ একমাত্ৰ দেশ য’ত কোনো লোক গৃহহীন নহয়।

দেশখনত অনুপ্ৰৱেশকাৰীৰ সুখকো প্ৰাধান্য দিয়া হয়। ২০১৫ চনৰ পিছত বহু দেশৰ শৰণাৰ্থী ইয়ালৈ আহিছিল। ইয়াত সকলো সুখী। ফিনলেণ্ডৰ ৫৫ লাখ জনসংখ্যাৰ ভিতৰত প্ৰায় ৩ লাখ শৰণাৰ্থী। তেওঁলোকক চৰকাৰে অতি কম হাৰত ভাড়া ঘৰৰ ব্যৱস্থা কৰি দিয়ে।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি, বিশুদ্ধ বায়ুৰ ক্ষেত্ৰত এইখন তৃতীয় দেশ। পানীৰ ক্ষেত্ৰত ই বিশ্বৰ ভিতৰতে সৰ্বোত্তম স্থানত আছে। ইয়াত মুঠ ১,৮৭,৮৮৮ টা হ্ৰদ আছে যাৰ বাবে ইয়াক হ্ৰদৰ দেশ বুলিও কোৱা হয়। লগতে বৃহৎ পৰিমাণৰ অৰণ্যও আছে।

শিক্ষাৰ ফালৰ পৰা চালে গ্ল’বেল কম্পিটিটিভনেছ ৰিপ’ৰ্ট ২০১৬-১৭ অনুসৰি ফিনলেণ্ড বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ। উচ্চ শিক্ষাৰ স্তৰত এই দেশখন বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে। ইয়াৰ উপৰিও ই বিশ্বৰ আটাইতকৈ সাক্ষৰ দেশসমূহৰ ভিতৰত অন্যতম।

ইয়াত পুথিভঁৰাল ব্যৱহাৰ কৰা লোকৰ সংখ্যা ইউৰোপৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক। গ্ল’বেল ক্লিনটেক ইনোভেচন ইনডেক্সে তথ্য অনুসৰি স্বচ্ছ প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ফিনলেণ্ড বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ দেশ। ফিনলেণ্ড বহু দিশত বিশেষ যদিও তাত যাতায়তৰ জৰিমনা জনসাধাৰণৰ দৰমহা অনুসৰি জাৰি কৰা বিষয়টো অতি আমোদজনক আৰু এইবোৰেই হৈছে ফিনলেণ্ডৰ সুখৰ আধাৰ।

যিবোৰ পৰিমাপৰ ভিত্তিত ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ফিনলেণ্ডক বিশ্বৰ আটাইতকৈ সুখী দেশ বুলি ঘোষণা কৰা হৈছে সেই পৰিমাপ সূমহৰ ভিত্তিতে সুখৰ তালিকাত সৰ্বনিম্ন ভাৰত। দৰিদ্ৰতা, নিবনুৱা সমস্যা, বৈষম্য, দুৰ্নীতি, শিক্ষাৰ অভাৱ, লিংগ বৈষম্যকে ধৰি প্ৰতিদিনে নতুন নতুন বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে আমাৰ দেশখন। 

অইন নালাগে সুখৰ তালিকাত ভাৰতক চেৰ পেলাইছে নেপাল,পাকিস্তানে। সুখ কেৱল ধন-সম্পত্তিৰ পৰা নাহে। যিখন দেশত হেৰুৱা মাণিবেগ দিবলৈ ইচ্ছুক হোৱাৰ বিপৰীতে পকেট মাৰৰ সন্ত্ৰাসত আপুনি ত্ৰিভূৱণ দেখিবলগীয়া হয় সেইখন দেশ সুখৰ তালিকাত ১১৮ স্থান পোৱাটোৱে স্বাভাৱিক। 

যিখন দেশত প্ৰতিদিনে নিজ অধিকাৰৰ বাবে প্ৰতিগৰাকী নাগৰিকে যুঁজত নামিবলগীয়া হয়, বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ ঘৰ-সন্মান হেৰুৱালগীয়া হয়, ভোটাধিকাৰ সাব্যস্ত কৰিও আশানুৰূপ ফল পাবলৈ সক্ষম নহয় সেইখনেই ভাৰত।

‘সুখ’ শুনিলেই হৃদয় জুৰোৱা এটি শব্দ। যিদিনা নিজতকৈ আনৰ সুখৰ প্ৰতি জোখতকৈ বেচি সচেতন হ'ব, সেইদিনাই পৰাই আপুনিও সুখী হ'ব লগতে এটা সুখী পৰিয়াল,এখন সুখী সমাজ আৰু এখন সুখী দেশ গঢ়াত আপোনাৰো ভূমিকা থাকিব। গতিকে আনৰ সুখ মুখ্য, নিজৰ সুখ গৌণ বুলি সুখেৰে থাকক, সুখী হওঁক আপুনিও...

ফিনলেণ্ড