অহা নাই আলহী, নিকিনো বিলাহী

অহা নাই আলহী, নিকিনো বিলাহী

-মৃদুল কুমাৰ সন্দিকৈ

বজাৰখনত গ্ৰাহকৰ অভাৱ নাই। বেলতলাৰ এই বজাৰখন সপ্তাহত দুদিনকৈ বহে। প্ৰতি দেওবাৰ আৰু বৃহস্পতিবাৰে বহা এই বজাৰখনলৈ বহু দূৰ-দূৰণিৰ পৰা গ্ৰাহক আহে। তাৰ কাৰণ দুটা। জনজাতীয় মহিলাসকলে থলুৱাভাৱে উৎপাদিত বহু সামগ্ৰী বজাৰলৈ আনে। যিবোৰ সামগ্ৰী মহানগৰীৰ আন বজাৰত পোৱা নাযায়। দ্বিতীয়তে বয়-বস্তুৰ দাম আন বজাৰতকৈ কম বুলি থকা মানুহৰ ধাৰণা।

ঔ-টেঙা,কচু,কেকোঁৰা,লেটা,বেতগাছৰ পৰা আৰম্ভ কৰি শামুকলৈকে সকলো বস্তু ওলাই বজাৰখনত। পথৰ কাষতে বহা বজাৰখন সেয়েহে বহু খাদ্যৰসিকৰ অন্যতম আকৰ্ষণৰ কাৰণ।

সেই বজাৰখনৰে কথা। বয়সীয়া গ্ৰাহক এজনে হাতত এটা মোনালৈ পাচলি দোকান এখনৰ কাষত ৰ’ল। আন পাচলিৰ দাম সোধাৰ পিচত ব্যক্তিজনে পাচলি বেপাৰীজনক সুধিলে-‘হেৰা, বিলাহী কেনেকৈ দিছা ?’

পাচলি বেপাৰীজনে লগে লগে তেওঁক উত্তৰটো নিদিলে। কিছু সময় ৰৈ ক’লে- ‘৪০ টকা।’ মানুহজনৰ মুখত হাঁহি এটা বিৰিঙি উঠিল। এটা মিঠা হাঁহি। তেওঁৰ মুখৰ সেই হাঁহিটোৰ সাক্ষী নিজেও হ’লো।

‘ইমান দাম কমি গ’লনে বিলাহীৰ ?’- মানুহজনে কথাষাৰ কৈয়েই হাউলি বিলাহী এটা হাতত তুলি ল’বলৈ গৈ ৰৈ গ’ল। পাচলি দোকানীজনে মানুহজক উদ্দেশ্যেই কোৱা কথা এটা তেওঁৰ লগতে আমিয়ো শুনিছিলো।

‘কেজি নহয় পোৱা ৪০ টকা।’ এই কথাষাৰ কৈ বেপেৰীজনে আন এজন গ্ৰাহকক কচু জুখি দিয়াত ব্যস্ত হৈ পৰিল। কচু প্ৰতি কেজিত ৮০ টকা।

সেই সময়তে আন এজন মানুহে ভাতকেৰেলাৰ দাম কিমান সুধিলে। পাচলি বেপাৰীজনৰ উত্তৰ আছিল-‘৩০ টকা।’ এইজন গ্ৰাহকে ঠিকেই বুজি পালে ভাতকেৰেলাৰ কেজি যে ১২০ টকা। ভাতকেৰেলা নিকিনাকৈ তেওঁ আঁতৰি গ’ল।

সেই পাচলি দোকানখনৰ কাষতে বহিছিল শাক বিক্ৰী কৰা আন এজন বেপাৰী। শাকৰ লগতে তেওঁৰ তাত আছিল-কুমলীয়া ঔ-টেঙা কেইটামান। ঔ-টেঙা বিচাৰিয়ো গ্ৰাহক আহিল। এটা ঔ-টেঙাত ২০ টকা। গ্ৰাহকে ১০ টকাত দিয়ক বুলি কওঁতে শাক বেপাৰীৰ উত্তৰ আছিল-’১০ টকাত এতিয়া বজাৰত কি পাই ? ভাল এমুঠি ঢেঁকীয়াৰ দামো ২০ টকা!’

২০ টকা দিয়েই ঔ-টেঙা এটা কিনি ঔ-টেঙাৰ গ্ৰাহকো আন ঠাইলৈ আঁতৰি গ’ল। বিলাহী কিনিবলৈ লোৱা মানুহজনে সূক্ষ্ম পৰ্যবেক্ষণৰে ডাঙৰ ডাঙৰ ৫টা বিলাহী খৰাহিটোত বাচি দিলে। বিলাহীৰ খৰাহিটো পাচলি বেপাৰীজনৰ ফালে আগবঢ়াই তেওঁ ক’লে- ‘পোৱা ৩০ টকা ল’বা।’

মানুহজনৰ পৰা বিলাহীৰ খৰাহিটো লৈ বেপাৰীজনে বিলাহীকেইটা জুখিলে। ৫টা নহয় ৪টা বিলাহীয়েই এপোৱাতকৈ বেছি হয়। অতিৰিক্ত বিলাহীটো তেওঁ নিজৰ বিলাহীৰ দ’মটোত থৈ দিলে। মানুহজে জেপত হাত সুমুৱাই পাচলি বেপাৰীজনক দিব লগা টকাকেইটা উলিয়ালে।

পলিথিনত বিলাহী ৪টা ভৰাই মানুজনলৈ আগবঢ়াই দি মানুহজনে দিয়া টকাকেইটা বেপাৰীজনে হাত পাতি ল’লে। দুখন নোট দেখা পাই পাচলি বেপাৰীজনে মূৰ জোকাৰিলে। ২০টকা আৰু ১০ টকীয়া নোট দুখন মানুহজনৰ ফালে আগবঢ়াই ধৰি থাকি তেওঁ ক’লে-‘আপোনাক ৩০০ গ্ৰামেই দি দিছোঁ। ৪০ৰ কম নহ’ব।‘

‘হ’ব দিয়াহে!’- পাচলি বেপাৰীজনক মানুহজনে জোৰ কৰিলে। বেপাৰীজনে নেৰিলে। ৩০টকাটো ঘূৰাই লৈ ৫০ টকীয়া নোট এখন মানুহজনে জেপৰ পৰা উলিয়াই বেপাৰীজনক দি সুধিলে-‘ইমান দাম কিয় বাঢ়িছেহে বিলাহীৰ ? ক’ৰবাতচোন ১০০ টকাতো পায়।’ ৫০ টকাটো লৈ বেপাৰীজনে উত্তৰ দিলে- ‘বিলাহীয়েই নহয় সবৰে দাম বাঢ়িছে বানপানীৰ বাবে। আমাৰ এই পাচলি কিনিবলৈ গ’লে মূৰ ঘূৰাই যোৱাৰ অৱস্থা হৈছে। জলকীয়া দামৰ বাবে অনাই নাই আজি।‘

উত্তৰ কাৰো হাততেই নাই। সুযোগ এচাম লোকৰ বাবে আহিছে। সাধাৰণ গ্ৰাহকৰ মূৰত সেইসকলে পাৰে মানে ৰামটাঙোন শোধাইছে। টকা ভৰোৱা মোনাটোৰ পৰা পাচলি বেপাৰীজনে মানুহজনক ১০ টকীয়া মুদ্ৰা এটা ঘূৰাই দিলে।

বিলাহীখিনি ইতিমধ্যে বেগত ভৰাই লৈছিল। ঘূৰাই দিয়া ১০ টকাটো পেনৰ জেপত ভৰাই যাবলৈ বুলি হাতত পাচলিৰ বেগটো তুলি ল’লে। কেজি ১৬০ টকা দৰত বিলাহী কিনিব লগা হ’ল তেওঁ। মানুহজনে কৈ গ’ল-‘১৬০ টকা দি কেনেকৈ খাব বিলাহী ? মন্ত্ৰী,দুই নম্বৰী টকা থকা মানুহেহে বিলাহী খোৱাৰ দিন। বজাৰলৈ আহিব মন নোযোৱা হৈ গৈছে বুজিছেনে।’

সম্ভৱতঃ সেই সময়ত কাষত থিয় হৈ থকা বাবে মানুহজনে মোক বা পাচলি বেপাৰীজনক উদ্দেশ্যে কথাষাৰ কৈ গৈছিল। তেওঁ সেই ঠাই এৰাৰ আগতে বিলাহী কিনাৰ কাৰণো কৈছিল। তেওঁ কৈছিল-‘ আলহী আহিব কাৰণেহে বিলাহী ল’লো।‘

বজাৰখনত লাভ কৰা সৰু এই অভিজ্ঞতাটোৱে বহু কথা বুজাই থৈ গ’ল। তাৰপাছত বজাৰখনৰ বহু পাচলিৰ দোকানত বিলাহী দেখিলো। কিন্তু এখনতো দাম কিমান নুসুধিলো। আমাৰ দৰে বহু মানুহৰ বিলাহী নহ’লেও চলি যায়।

কিমান দিন আৰু বঢ়াব বিলাহীৰ দাম ? দাম কমিলে আমি খাম। সেয়াই আমাৰ সাধাৰণ লোকৰ আত্মসন্তুষ্টি। তাতে আৰু এটা কথা,ইমান দাম দি বিলাহী কিনিবলৈ আমাৰ ঘৰলৈতো আজি অহা নাই আলহী।

অহা নাই আলহী, নিকিনো বিলাহী
হীৰুদা আৰু নীলমণি ফুকনৰ নামতেই হওঁক...
অহা নাই আলহী, নিকিনো বিলাহী
'ভাল' নে 'বেয়া' বুলি কওঁ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in